প্ৰধানমন্ত্ৰীৰ দৌৰত ৰাহুল গান্ধী

2481

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


পাপ্পু ‘ নামটো আমাৰ অসমীয়া মানুহে মৰমত বা আদৰত ব্যৱহাৰ কৰা এটা নাম  । কিন্তু হিন্দবলয়ী মানুহখিনিয়ে পাপ্পু শব্দটো ঠাট্টা সুচঁক অৰ্থত ব্যৱহাৰ কৰা যেন অনুভব হয় । পাপ্পু এতিয়া  ৰাহুলক সমালোচনা কৰা এটা শব্দলৈ ৰূপান্তৰ হৈছে । কিন্তু ৰাহুল জানো পাপ্পু  ?
১/ ৰাহুলে দেশত জিগনেচ , হাৰ্দিক , অলপেশ আদি অসংখ্য জাতিবাদী নেতাৰ সৃষ্টি কৰিলে । আগতে ভবা হৈছিল যে মায়াবতীয়েই হয়টো শেষৰজন জাতিবাদী ৰাজনৈতিক ব্যক্তি হ’ব ।
২/ ওমৰ  , কানাইয়া আদি  পাকিস্তান প্ৰেমী নেতাৰ ‘ লিবাৰেল ‘ ৰ মুখাখন অধিক সুদৃঢ় কৰিবলৈ সমৰ্থ হৈছে ।
দেশৰ কিছুমান সংবাদ মাধ্যমক হাতত ৰাখি এইসকল বিচ্ছিন্নতাবাদী আদৰ্শৰ ছাত্ৰ নেতাক মোদীৰ বিপক্ষে অৰাজনৈতিক যুঁজ এখন চলাই ৰাখিবলৈ সহায় কৰিছে ।
৩/ ৰাজস্থান , উত্তৰপ্ৰদেশ,  মধ্যপ্ৰেদেশত উচ্চজাতৰ বুলি গণ্য হোৱা একাংশ ৰাইজে ন্যায়ালয়ে গ্ৰহণ কৰা  অনুসুচিত জাতিৰ নীতিৰ বিপক্ষে প্ৰতিবাদ কৰিছে । মুলত: জাতিবাদ তুংগত উঠিছে ।ৰাজস্থানত ৰাজপুত সকলক বিজেপিৰ পৰা আতঁৰাই নিবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত সঞ্জয় লীলা ভানচালিৰ ‘ পদমাবত ‘ চিনেমাখনক দিব লাগিব মুল কৃতিত্ব । কাৰণ এই চিনেমা খনৰ বিৰুদ্ধে বসুন্ধৰা ৰাজে চৰকাৰে দৃঢ় পদক্ষেপ নোলোৱা বুলি ৰাজপুত সমাজে দাবী কৰিছে । ৰাজস্থানৰ নিৰ্বাচনৰ ফলাফলৰ পিছত এইটো স্পষ্ট হৈছে যে সঞ্জয় লীলা ভানচালিৰ ‘ পদ্মাবত ‘ অকল এখন চিনেমা নাছিল আছিল এটা পৰিকল্পিত ৰাজনৈতিক পৰিকল্পনা ।
৪/  এফালে আৰ এছ এছক গান্ধী হত্যাৰ লগত সাঙুৰি ভাষন দিছে আৰু আনফালে ১৯৮৪ ত দিল্লীত শিখৰ ওপৰত কৰা অত্যাচাৰকলৈ মৌনতা অবলম্বন কৰিছে । আৰ এছ এছ ক সমালোচনা কৰি মুছলমানৰ আবেগিক সমৰ্থন পাবলৈ সক্ষম
হৈছে ,আনহাতে বৰ্ণবাদ নিৰ্মুল কৰাত হিন্দু সংগঠনৰ ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি মায়াবতীক প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ আগবাঢ়িছে ৰাহুলে , যি মায়াবতীয়ে ২০‍১৪ লোকসভাত এখনো আসন পোৱা নাছিল ।
অসহিষ্ণু ; INTOLERANCE এটা সুপৰিকল্পিত শব্দ । কংগ্ৰেছৰ নেতা শশী থাৰুৰে আৰম্ভ কৰা এই শব্দটোৰ দ্বাৰা অকল এখন চৰকাৰকেই নহয় সমগ্ৰ দেশক বদনাম কৰিলে । এই শব্দটো ব্যৱহাৰ কৰাৰ দায়িত্ব ল’লে দেশৰ একাংশ সাহিত্যিক আৰু চিনেমা জগতৰ অভিনেতাই ।  সাহিত্যিক সকলে বঁটা ঘুৰাই দিলে আৰু  বলিউদৰ কিছুমান অভিনেতাই গোটেই ভাৰতৰ মানুহক বদনাম কৰিলে । আমিৰ খান , শ্বাহৰুখ খান আৰু এইকেইদিনত পুনৰ জুইকুৰা নতুনকৈ জ্বলালে  নাচিৰুদ্দিন শ্বাহে । কোন এইসকল ব্যক্তি ? টিভিত সত্যমেৱ জয়তে অনুষ্ঠান কৰে , পৰ্দাত সৈনিক হয় আৰু শেষৰজনে চিনেমাত সাধাৰণ নাগৰিক হৈ উগ্ৰপন্থীক হত্যা কৰে  কিন্তু চিনেমাৰ বাহিৰত তেওঁলোকে ত্ৰিপল তালাকৰ ওপৰত মন্তব্য নিদিয়ে বা য়াকুব মেমনৰ দ্বৰে সন্ত্ৰাসবাদীৰ মুক্তিৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন কৰে ।
নাচিৰুদ্দিন শ্বাহে হিন্দু বিৰোধী মন্তব্য দিয়া মাত্ৰকে কংগ্ৰেছ দলে নাচিৰুদ্দিন শ্বাহৰ মন্তব্যৰ উদ্ধৃতি দি মোদী চৰকাৰক কাঠঘৰাত উঠালে ; এনেকুৱা ঘটনাই সহায় কৰিব ৰাহুল গান্ধীক। কাৰণ স্বদেশী মুছলমানৰ ভোট বিজেপি বা আন দললৈ স্থানান্তৰ হোৱাৰ পৰা কংগ্ৰেছক সহায় কৰিব। আমিৰ খান , শ্বাহৰুখ খানৰ লাইফ ষ্টাইল সাধাৰণ ৰাইজৰ দৰে নহয়  ; সাধাৰণ ৰাইজ হিন্দুৱে হওঁক বা মুছলমানেই হওঁক গাওঁত থকা কোনো মানুহেই অসহিষ্ণু শব্দ বুজি নেপায় । কিন্তু ভোটদানৰ সময়ত এইসকল ফিল্ম ষ্টাৰৰ কথাই অলপ হ’লেও প্ৰভাব পেলাব , সেয়া খাতাং ।
নৰেন্দ্ৰ মোদী বা অমিত শ্বাহে জনসভাবোৰত কৈ থকা ‘ পাপ্পু ‘ ই আগন্তুক ২০১৯ নিৰ্বাচনত বিজেপিক যে খেলা দেখুৱাব সেয়া নিশ্চিত ।