অগপ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক ভবিষ্যত ?

7574

■ প্ৰফুল্ল কলিতা


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


[ এক ]

অসম আন্দোলনৰ এগৰাকী শক্তিশালী তথা উল্লেখযোগ্য নেতা , অসম চুক্তিৰ প্ৰধান হোতা আৰু অসম গণ পৰিষদ (অগপ)ৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকী হৈছে- প্ৰফুল্ল কুমাৰ মহন্ত । দীৰ্ঘকাল ছাত্ৰ আন্দোলনৰ গুৰি ধৰি অহাৰ পিছত ৰাজনৈতিক পথাৰত ভৰি থৈয়ে ১৯৮৫ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয় । ইয়াৰ পিছত ১৯৯৬ চনত দ্বিতীয়বাৰৰ বাবে তেওঁ নিৰ্বাচিত হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল । পৰিতাপৰ বিষয় ২০০৫ চনত প্ৰফুল্ল কুমাৰ মহন্তক অসম গণ পৰিষদ (অগপ) দলৰ পৰা বহিষ্কাৰ কৰা হয় । ইয়াৰ পিছত ২০০৫ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে তেওঁ অসম গণ পৰিষদ (প্ৰগতিশীল) নামৰ নতুন ৰাজনৈতিক দল এটা গঠন কৰে । ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ অসম গণ পৰিষদত যোগদান কৰে। বৰ্তমানে তেওঁ লোৱা স্থিতিৰ বাবে ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপিত হৈছে – দল বিৰোধী নীতিত অভিযুক্তকৰি মহন্তক পুনৰাই দলৰ পৰা বহিস্কাৰ কৰিব নেকি অতুল- কেশৱ – ফণী বাহিনীয়ে ? যিহেতু অগপ দলে বিজেপিৰ সতে কৰা শেহতীয়া মিত্ৰতাৰ ঘোৰ বিৰোধিতা কৰি আহিছে প্ৰফুল্ল কুমাৰ মহন্তই । আনকি দুটাকৈ কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰচাৰ অভিযানত ভাগ লোৱা নাই । তাৰোপৰি তেওঁ আৰু তেওঁৰ পত্নী ড° জয়শ্ৰী মহন্তই ভোট বৰ্জনেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে- বিজেপি , এজিপিৰ মিত্ৰতাৰ । মহন্তই সদম্ভে ইয়াকো ঘোষণা কৰিছে যে – ভোট বৰ্জন কৰাটো তেওঁৰ গণতান্ত্ৰিক অধিকাৰ । এইখিনিতে প্ৰশ্ন উঠিছে একমাত্ৰ মহন্তই কিয় ? প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী অগপত সুৰক্ষিতনে ? মহন্ত অগপত অকলশৰীয়া হৈ পৰিছে নেকি ? নে ‘শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল’ বোলা কথাষাৰ প্ৰতিপন্ন হ’ব ? এই কথা সূৰ্যৰ পোহৰৰ দৰে পৰিষ্কাৰ যে –অগপৰ বৰ্তমানৰ সভাপতি অতুল বৰা আৰু তেওঁৰে দুই সহযোগী মন্ত্ৰীৰ নেতৃত্বত আঞ্চলিক দলটো , ৰাষ্ট্ৰীয় দল বিজেপিৰ বুকুত জাহ গৈছে । লোকসভা নিৰ্বাচনত বিজেপি সতে মিত্ৰতাৰে আঞ্চলিকতাবাদী অগপৰ ভৱিষ্যতৰ ৰাজনীতিৰ কফিনটোত শেষ গজালটো মৰাত সফল হৈছে । কিয়নো কিছুদিন আগেয়ে ‘নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬’ বিৰোধীতাৰে অগপই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ পৰা যিখিনি সম্ভ্ৰম আদায় কৰিবলৈ সক্ষম হৈছিল , সেয়া এতিয়া সৰ্বত্ৰে ঘৃণালৈ পৰ্যবসিত হৈছে । তেওঁলোকৰ লুভীয়া ( মন্ত্ৰীত্ব ) চৰিত্ৰ জনতা জনৰ্দনৰ মাজত পৰিষ্ফুট হৈ পৰিছে পৰিষ্কাৰ ৰূপত । ৰাজনৈতিক পৰ্যবেক্ষক মহলে ধাৰণা কৰা মতে এইবাৰৰ নিৰ্বাচনী ফলাফলে অগপ দলক ঠেলি পঠিয়াব পাহৰণিৰ অন্ধকূপলৈ । অন্যহাতে পূৰ্বৰ সকলো অপৰাধ , অপবাদ ( পাপ ) মোচন কৰাৰ বাবে এক সুবৰ্ণ ( শেষ ) সুযোগ – ‘নাগৰিকত্ব সংশোধনী বিধায়কে’ হয়টো প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে কঢ়িয়াই আনিছে । মাথো ছাত্ৰাৱস্থা কিম্বা ৮৫ৰ প্ৰফুল্ল কুমাৰ মহন্ত গৰাকীৰ দৰে তীব্ৰ আগ্ৰাসী ৰূপত প্ৰাণ পাই উঠিলেই হয় ! যি সময়ত তেওঁৰ ভাষণ অথবা কণ্ঠস্বৰ শুনিবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহৰ সোঁত বৈছিল । স্বচক্ষুৱে দেখিব নোপোৱাসকলে তেওঁৰ বাণীবদ্ধ ভাষণকে শুনি আপ্লুত হৈছিল । আমি ভাবো তেনে চৰিত্ৰৰে উজলি উঠি বিৰোধীক তচনচ কৰিব পাৰিলেহে বৰ্তমানৰ নিস্তেজ প্ৰফুল্ল কুমাৰ মহন্ত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত উজলি উঠিব । কিয়নো কথা এষাৰ আছে – ‘প্ৰতি আক্ৰমনেই আত্মৰক্ষাৰ মূল উপায়’ । অন্যথা আত্মৰক্ষাৰ বাবে পিছুৱাই গৈ থাকিলে নিঃচিহ্ন হোৱাটো নিশ্চিত । পাৰিবনে মহন্তই জাতীয়তাবাদী আঞ্চলিক দলটোক ধৰি ৰাখিব নতুন ৰূপত ! পাৰিবনে দলৰ হেৰোৱা ভাবমূৰ্তি উজ্জ্বল কৰি ৰাখিব ? সেয়াই হৈছে বৰ্তমান সময়ত কোটি টকীয়া প্ৰশ্ন । যি প্ৰশ্নই অসমৰ আকাশ বতাহ আলোড়িত কৰি আজি প্ৰতিগৰাকী হৃদয়বান ব্যক্তিৰ হৃদয়ত খুন্দিয়াই আছে । জাতিৰ সংকট কালত নৱপ্ৰজন্মই আশাৰে বাটচাই আছে – কিবা এটা ভাল হোৱাৰ আশাত । জাতীয়তাবাদী আঞ্চলিক দলটোৰ ভাব ভাষা , আনকি শ্লোগান পৰ্যন্ত হাইজেক কৰি- কি কংগ্ৰেছ , কি ভাৰতীয় জনতা পাৰ্টি, সকলো ৰাষ্টীয় দলেই ৰাজপাটত বহিল । কামৰ মূৰকত অসমৰ জনগণ সদায় ঠগখাই থাকিবলগীয়াত পৰিল । বিশেষতঃ বিদেশী সমস্যাৰ দোকানখন সকলো দলেই খোলা ৰাখি ৰাইজক পাঁচবছৰীয়া ৰেকাৰিং গ্ৰাহকত পৰিণত কৰিলে আৰু সৰ্বাধিক হাৰত ৰাজনীতিৰ লাভাংশ খাই বৈ সকলো লোদোৰ- পোদোৰ হৈ পৰিল । ইফালে অসমীয়া জনগণ দিনে দিনে শুকাই- ক্ষিণে হাড়ে চালে লাগিল ।

[ দুই ]

এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত ১৯৮৫ চনৰ নিৰ্বাচনত ‘অসম গণ পৰিষদে’ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰাৰ সুযোগ পাইছিল । ১৯৯১ চনৰ নিৰ্বাচনত এই দলে পৰাজয়বৰণ কৰি বিৰোধী দলৰ ভুমিকা গ্ৰহণ কৰিছিল। ১৯৯৬ চনৰ নিৰ্বাচনত ‘অসম গণ পৰিষদ’ দলে আন দলৰ সহায়তহে চৰকাৰ গঠন কৰিব পাৰিছিল । পুনঃশ্চ ২০০১ চনৰ নিৰ্বাচনত এই দলৰ মন্ত্ৰীপৰ্যায়ৰ ৰথী মহাৰথী পৰাজয়বৰণ কৰিছিল আৰু দলে বিৰোধী পক্ষৰ স্থানত বহিব লগীয়াত পৰিছিল । ইয়াৰ পিছৰবোৰ ইতিহাস । উল্লেখিত চাৰিটা সাধাৰণ নিৰ্বাচনৰ বিষয়ে বিশ্লষণ কৰিলে দেখা যায় যে ‘অসম গণ পৰিষদৰ’ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি আহিছিল । ইয়াৰ মূলতে আছিল –
#◆ ‘অসম গণ পৰিষদ’ দলৰ বেছিভাগ নেতাই ছাত্ৰ আছিল আৰু ‘বিদেশী বহিস্কাৰ আন্দোলনত’ অংশ গ্ৰহণ কৰি ‘গণ পৰিষদ’ দলৰ সদস্যভুক্ত হৈছিল যদিও দেশ শাসন কৰাৰ অভিজ্ঞতা তেওঁলোকৰ সমূলি নাছিল । এনে অনভিজ্ঞ অৱস্থাত, নিজৰ নিজৰ দায়িত্ব দক্ষতাৰে সম্পাদন কৰিব নোৱাৰাতো আছিল অগপ’ৰ ব্যৰ্থতাৰ অন্য এক কাৰণ ।
#◆ দেশ শাসন একপ্ৰকাৰ বিশেষ বিদ্যাৰ নিচিনা । ৰাজনীতি আৰু ছাত্ৰ আন্দোলন একে নহয় । যদিওবা তেওঁবিলাকে ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিব পাৰিছিল । অভাব আছিল চাণক্য নীতিৰ । কিয়নো ৰাজনীতি কৰা সহজ যদিও ৰাজনীতিবিদ হোৱা সহজ নহয় । প্ৰকৃত ৰাজনীতিবিদ সকলে বৰ্তমানৰ উপৰিও ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে । ৰাজনীতিবিদ হ’বলৈ হ’লে দূৰদৰ্শিতাৰ প্ৰয়োজন । প্ৰয়োজন দীৰ্ঘসূত্ৰিতা আৰু প্ৰত্যুৎপন্নমতি স্বভাৱৰ । কোনো এটা নীতিয়ে জনসাধাৰণৰ মনৰ ওপৰত কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে সতৰ্ক দৃষ্টি ৰাখিয়ে সিদ্ধান্ত গ্ৰহণ কৰা উচিত । অন্যথাই, ভোটাৰ ৰাইজৰ আস্থা হেৰুওৱাৰ সম্ভাৱনাই অধিক । ‘গণ পৰিষদ’ দলে এই দিশৰ ওপৰত গুৰুত্ব দিয়া নাছিল । বৰ্তমানেও নাই । মাথো প্ৰফুল্ল কুমাৰ মহন্তই অতি শেহতীয়াকৈ একক ভাবে ভৱিষ্যতৰ বাবে বুজি উঠিছে যদিও , সেয়াও এপাচি শাকত এটা জালুক সদৃশ ।
#◆ শোষণ , দুৰ্নীতিয়েও এই দলৰ জনপ্ৰিয়তা কমাই অনাত বৰঙণি যোগাইছিল । ‘পানীত সাঁতুৰি থকা মাছে কেতিয়া কিমান পানী খায় সেই বিষয়ে প্ৰমাণ কৰা সহজ নহয়’ । সেইদৰে কোনো এজন ব্যক্তি শোষণত লিপ্ত হোৱাটো প্ৰমাণ কৰাও কঠিন । তথাপিও, এই দলৰ শাসনকালত স্বজন তোষণ , শোষণ-দুৰ্নীতিয়ে যে ঠাই পাইছিল সেই বিষয়ে সন্দেহ নাই । সিয়ে কালক্ৰমত গলগ্ৰহ হৈ পৰিছিল অগপ’ৰ ।
#◆ দলৰ কৃৰ্তকাৰ্যতা বা ব্যৰ্থতা ভালেখিনি নিৰ্ভৰ কৰে তৃণমূল কৰ্মীৰ সংগঠনৰ ওপৰত । এই সংগঠনে নিজৰ নিজৰ অঞ্চলৰ লোকৰ ওপৰত দলীয় প্ৰভাৱৰ সৃষ্টি কৰাৰ উপৰিও, চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ যোগসুত্ৰ হিচাবেও কাৰ্যনিৰ্বাহ কৰে । কিন্তু, ‘অসম গণ পৰিষদ’ দলৰ গাঁও ভিত্তিত স্থায়ী আৰু শক্তিশালী সংগঠনৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষীত হয় । আজিও ।
#◆ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে – ৰাজ্যবাসীয়ে সম্মুখীন হোৱা জৰুৰী সমস্যা সমূহ সমাধানত ব্যৰ্থতা । তেনে হোৱাৰ ফলতো দলৰ প্ৰতি জনসাধাৰণৰ আস্থা নোহোৱা হয় । অগপই উগ্ৰপন্থী সমস্যা সমাধানৰ বিষয়ত উপযুক্ত ৰাজনৈতিক পদ্ধতি অৱলম্বন নকৰি সৈন্যবাহিনী নিয়োগ কৰা কাৰ্য সৰ্বসাধাৰণে সমৰ্থন কৰিব পৰা নাছিল । সমৰ্থন কৰিব পৰা নাছিল গুপ্তহত্যাৰ বিষয়টো । সেইদৰে, বড়ো , কাৰ্বি , ৰাভা আদি জনগোষ্ঠী সকলৰ সমস্যা সমাধান কৰাতো এই দলে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল । ছাত্ৰ আন্দোলনৰ গইনালৈ অহা অগপই মাথো আন্দোলন কৰিবলৈহে শিক্ষা দিছিল ! এইবোৰৰ উপৰিও অৰ্থনৈতিক অনগ্ৰসৰতা, নিৱনুৱা সমস্যা, বিদেশী প্ৰবজনৰ সমস্যা সমাধান কৰাত ব্যৰ্থতা প্রমাণিত হোৱাৰ ফলতো এই দলৰ প্ৰতি ৰাইজৰ আশা ভংগ হৈছে বুলিব পাৰি । দলৰ সদস্য সকলৰ মাজত সৃষ্টি হোৱা মতভেদেও এই দলৰ জনপ্ৰিয়তা হেৰুওৱাৰ অন্য এক কাৰণ । উল্লেখ্য এই সকলো বিষয়তে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ দলৰ সভাপতি হিচাবে প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ জনগণৰ ওচৰত দায়বদ্ধ । যাৰ বাবে আজিও ৰাইজে আশাকৰে মহন্তই তেওঁৰ দিনত হোৱা ভুল ত্ৰুতিৰ বাবে অসমবাসীৰ ওচৰত মাৰ্জনা বিচাৰি নৱ প্ৰজন্মক অগ্ৰাধিকাৰেৰে জাতীয়তাবাদী আঞ্চলিক দলটোক নতুন মাত্ৰা প্ৰদান কৰাত আগভাগ লওক । লক্ষণীয় হ’ব যাতে মহন্তই তেনে প্ৰচেষ্টাৰে তেওঁৰ সতি- সন্ততিক ৰাজনৈতিক ভাবে সংস্থাপিত কৰাত আগভাগ নলয় । অথবা তেওঁৰ উত্তৰাধিকাৰী বনোৱাৰ স্বাৰ্থত বংশানুক্ৰমিক ৰাজনীতিত ভাগ নলয় । তেওঁৰ উদ্দেশ্য হ’ব লাগিব – অসমীয়া জাতি , ভাষা , মাটি সুৰক্ষাৰ স্বাৰ্থত ছাত্ৰাৱস্থাৰ প্ৰফুল্ল মহন্তৰ দৰে আগ্ৰাসী ৰূপ ধাৰণ কৰা এক আঞ্চলিকতাবাদী নেতাৰ । যাৰ হাতৰ আঙুলিত ধৰি, ৰাজনীতিৰ অ আ ক খ শিকি আজি হিমন্ত বিশ্বৰ দৰে মহা প্ৰতাপী ৰাজনৈতিক নেতাৰ উত্থান হৈছে । উত্থান হৈছে আৰু অনেক গৰাকী ৰাজনৈতিক নেতা-নেত্ৰীৰ । যিসকল আজিও অসম গণ পৰিষদ দল ত্যাগকৰি কংগ্ৰেজ কিম্বা বিজেপিত দপদপাই আছে । অথচ মহন্ত নিজে নিষ্প্ৰভ ?

[ তিনি ]

সময়ে সময়ে ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চলিক দলৰ সৃষ্টি হৈ আহিছে । দেখা যায় তামিলনাডুৰ বাহিৰে অইন ৰাজ্যসমূহত এই দলসমুহৰ কৃতকাৰ্যতা কম । তেলেগু দেশমে বৰ্তমানো শাসনৰ বাঘজৰি বহন কৰি আছে যদিও তেওঁলোকৰ শাসনো চিৰদিনীয়া নাছিল । তথাপি ভাৰত বৰ্ষৰ ৰাজনীতিত বহু কেইখন ৰাজ্যৰ আঞ্চলিক ৰাজনীতিয়ে হেন্দোলদোপ লগাই আছে আজিও । কংগ্ৰেছ , বিজেপি আদি ৰাষ্ট্ৰীয় দলসমূহে ভালদৰে বুজে যে – এই আঞ্চলিক দলসমূহ নহ’লে তেওঁবিলাকৰ খান্দহখোৱা বালি তল পৰিব । তাৰ বাবেই প্ৰতিবাৰে গঢ়ি তোলে জোটবন্ধন । উল্লেখ্য অসমত পূৰ্বে দুবাৰ চৰকাৰ গঠন কৰা অসম গণ পৰিষদ দলেও যোৱা তিনিটা সাধাৰণ নিৰ্বাচনত একাদিক্ৰমে চৰকাৰ গঠনৰ সুবিধা পোৱা নাই । তত্ৰাচ অগপ’ৰ সতে জোটবন্ধত আগ্ৰহী সকলো । কিয় ? কিন্তু তেনে জোটবন্ধনৰ সুফল আদায়ত অগপ সফল হৈছেনে ?
ভাৰতৰ কেন্দ্ৰীকৰণ ব্যৱস্থাত ৰাজ্যচৰকাৰ সমুহে সদায় কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে । সেয়েহে উন্নয়ন মুলক কামৰ কাৰণে কেন্দ্ৰৰ সহায়ৰ আৱশ্যক । কেন্দ্ৰৰ পৰা দৰকাৰ মতে সহায়-সহযোগিতা নোপোৱা আঞ্চলিক দলৰ চৰকাৰে উন্নয়নমুলক কাম সমাধা কৰাত অসুবিধা পায় । তাৰোপৰি সৰ্বভাৰতীয় দল সমুহৰ লগত প্ৰতিযোগিতাত তিষ্ঠি থকাও আঞ্চলিক দলসমুহৰ আন এক বৃহৎ সমস্যা । সৰ্বভাৰতীয় দলসমুহে কেন্দ্ৰৰ উপৰিও ৰাজ্যসমুহতো তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখে । যিটো আজিও অসমত বিদ্যমান । ইফালে সৰ্বভাৰতীয় দলৰ লগত প্ৰতিযোগিতা কৰি নিৰ্বাচনত জয়যুক্ত হোৱা সহজ সাধ্য নহয় । চৰকাৰ গঠনৰ জোখাৰে আসন লাভ কৰিব নোৱাৰিলে আঞ্চলিক দলে ৰাজ্যৰ প্ৰশাসনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে । কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থকা প্ৰচাৰমাধ্যম সমুহেও আঞ্চলিক দলতকৈ কেন্দ্ৰীয় চৰকাৰৰ আদৰ্শ আৰু নীতি প্ৰচাৰৰ ওপৰতহে গুৰুত্ব দিয়ে । এতেকে এনেবোৰ অসুবিধাৰ মাজত কোনো অঞ্চলত আঞ্চলিক দলে চৰকাৰ গঠন কৰাৰ সুবিধা লাভ কৰিলেও আঞ্চলিকতাবাদ বৰ্তাই ৰখা অথবা তাক কাৰ্যকৰী কৰা সহজ নহয় । যিটো বিষয়ত অসম গণ পৰিষদ ভুক্তভূগী । তাৰবাবে প্ৰয়োজন প্ৰচুৰ ৰাজনৈতিক জ্ঞান আৰু কৰ্মোদ্যম তথা সাহসৰ । যিটো মহাৰাষ্ট্ৰ , পশ্চিমবংগ , উৰিষ্যা , তামিলনাডু , মণিপুৰ আদি প্ৰদেশত ঘটি আহিছে ।
উল্লেখ্য অগপৰ শ্মশান যাত্ৰাৰ মূলতে হৈছে – নেতৃত্বৰ প্ৰতি প্ৰতিযোগিতা, দলৰ প্ৰতি আনুগত্যৰ অভাৱ, শোষণ দুৰ্নীতিত লিপ্ততা, ভোটাৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি অনিহা আদি । আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলৰ মাজত একতা আৰু সংহতিৰ অতিব প্ৰয়োজন । দলৰ ভিতৰত যাতে উপদলৰ সৃষ্টি নহয় তাৰ প্ৰতি দলৰ সদস্য সকলে দৃষ্টি ৰখা প্ৰয়োজন । নেতৃত্বৰ প্ৰতি হাবিয়াসৰ ফলত দলৰ মাজত ভাঙোনৰ সৃষ্টি হয় । ইতিমধ্যে ক্ষমতাৰ লালসাৰ বাবেই যে অগপ’ৰ অধিক সংখ্যক নেতা- নেত্ৰীৰ বহিঃৰ্গমণ ঘটিছে , সেয়া তাহানিৰ পৰাই প্ৰমাণিত হৈ আহিছে । সেয়েহে নেতৃত্বৰ প্ৰতি আশা নকৰি সেৱাৰ মনোবৃত্তিৰে দলৰ কাৰ্য সম্পাদন কৰিব পাৰিলে দলে উদ্দেশ্যে সাধনত কৃতকাৰ্য হ’ব পাৰে । এনে মনোবৃত্তিৰে মহন্তই আজি আগবাঢ়ি আহিব পাৰিবনে ? দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সিদ্ধান্ত আৰু দলীয় নেতাৰ প্ৰতি আনুগত্য থাকিলেহে দলৰ মাজত একতা আৰু সংহতি ৰক্ষা হয় । আৰু ঐক্যবদ্ধ দলীয় প্ৰচেষ্টাইহে দলৰ ভৱিষৎ উজ্জ্বল কৰিব পাৰে ।
সবাটোকৈ গুৰুত্বপূৰ্ণ বিয়টো হৈছে – দলৰ ভৱিষৎ নিৰ্ভৰ কৰে জনগণৰ সন্মতিৰ ওপৰত । আঞ্চলিক দলো ইয়াৰ ব্যতিক্ৰম নহয় । কোন দলে চৰকাৰ গঠন কৰিব সেই কথা ভোটাৰ ৰাইজেহে সিদ্ধান্ত ল’ব । গতিকে দলৰ ভৱিষ্যতৰ কাৰণে আঞ্চলিক দলৰ সদস্য সকলে সদায় জনসাধাৰণৰ সন্তুষ্টিৰ বিষয়ত তীক্ষ্ণ নজৰ ৰখা উচিত । সৰ্বতোপৰি অগপত প্ৰয়োজন হৈছে মাতৃভূমিক ভালপোৱা নতুন মুখৰ সূৰ্যসম তৰুণ তৰুণীৰ । নতুন প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি মোহগ্ৰস্ত কৰিব পাৰিব লাগিব প্ৰফুল্ল কুমাৰ মহন্ত দৰে প্ৰাক্তন নেতাসবে । দায়িত্বও দিব লাগিব মুক্ত মনে । ক্ষমতা লাভ আৰু ক্ষমতা প্ৰয়োগৰ হাবিয়াসৰ পৰিৱৰ্তে সেৱাৰ মনোবৃত্তিৰে দলৰ সদস্য সকলে নিজৰ নিজৰ দায়িত্ব পালন কৰা উচিত । সদস্য সকলে দলৰ ভাৱমুৰ্তি উজ্জ্বল কৰাৰ কাৰণে আৰু জনসাধাৰণৰ সন্তুষ্টিৰ কাৰণে যথোচিত নীতি আৰু আদৰ্শ গ্ৰহণ কৰা উচিত । তেতিয়াহে অগপ দল আৰু অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তহঁতৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত হ’ব । অন্যথা এসময়ৰ অসমৰ জনগণৰ হিয়াৰ আমঠু আঞ্চলিক দল অগপ পাহৰণিৰ গৰ্ভত জীণ যাবলৈ তিলমানো সময় নালাগিব । আমি ভাবো আগন্তুক দুবছৰে ( বিধানসভা নিৰ্বাচন হেতু ) হয়তো মহন্ত বাহিনীৰ ৰাজনৈতিক কেৰিয়াৰ পুনৰূত্থানৰ শেষ সুযোগ । ■■ ◆ ■■