প্ৰফুল্ল মহন্তক পৰাজিত কৰা সম্ভবনে?

1674

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমত প্ৰায় দহবছৰ কাল ৰাজত্ব  কৰা প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত ২০২১ত বঢ়মপুৰৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব। ১৯৯১ চনৰ পৰা একেৰাহে ছয়বাৰ বিজয়ী হোৱা এই সমষ্টিৰ ৰাইজে মহন্তৰ ওপৰত সহায় আস্থা ৰাখিছে। ২০০১ চনৰ পৰা লাহে লাহে অগপ দলটোৰ জনভিত্তি কমি আহিছে। দুবাৰ দিছপুৰৰ গাদী দখল কৰা দলটোৰ যোৱা দুটা বিধানসভা নিৰ্বাচনত বিধায়কৰ সংখ্যা দহকৰ ঘৰত। এনে কঠিন পৰিস্তিতিৰ মাজতো কিন্তু মহন্তই নিজৰ আসনখন সুৰক্ষিত ৰাখিছে। ২০১৬ত বিজেপিৰ চুনামিত মহন্তৰ জয়ৰ ব্যবধান আছিল যঠেষ্ট কম। প্ৰফুল্ল কুমাৰ মহন্তই পোৱা ৬৫,৭৬৮ টা ভোটৰ বিপৰিতে কংগ্ৰেছৰ সুৰেশ বৰাই পাইছিল ৬০,৫৯৯ টা ভোট। এইবাৰ অগপৰ ভিতৰতে মহন্তৰ অবস্থা থৰক-বৰক। যদিও মহন্তই দলৰ ভিতৰতে থাকি দলৰ বিৰুদ্ধে মাত মাতি আহিছে তথাপিও অতুল বৰাই মহন্তৰ বিৰুদ্ধে ব্যবস্থা লবলৈ সাহস কৰা নাই। এতিয়া প্ৰশ্ন হৈছে অতুল বৰা আৰু কোম্পানীয়ে মহন্তৰ টিকট কাটিব নেকি? ইয়াৰ সম্ভাবনা কম কাৰণ বৰাহতে নিবিচাৰে যে দলটোৰ পুণৰ বিভাজন ঘটক। তাৰ বিপৰিতে যদি বিজেপিৰ লগ লাগি মহন্তক পৰাজিত কৰিব পৰা যায় তেন্তে তেওঁ এনেও অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিব। টিকট কাটি সহানুভূতি আদায়ৰ সুযোগ দিয়াতকৈ তলে তলে যদি মহন্তক পৰাজিত কৰিব পৰা যায় তাতকৈ ভাল উপায় নাই। বিজেপিয়ে অবশ্যে এইবাৰ সমষ্টিটো অগপক এৰি দিয়াতকৈ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাতহে বেছি আগ্ৰহী। সেয়েহে বিভূতি ভূষণৰ নাম সম্ভাব্য প্ৰাৰ্থী ৰূপে ওলাইছে। যিয়ে নহওক বঢ়মপুৰ এইবাৰ মহন্তৰ বাবে কিছু কঠিন হ’ব। যদি কংগ্ৰেছৰ পৰা গোপন সহায় পায় তেন্তে কথা সুকীয়া। সকলো গোপন ভাবে চলিবলগীয়া এই সমষ্টিক লৈ ৰাইজো কিছু বিমোৰত পৰিছে। ৰাজনীতি অসমৰ জানুৱাৰী মাহৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো “২০২১ত প্ৰফুল্ল কুমাৰ মহন্ত পৰাজিত হ’ব নেকি ?” ৫০% ৰাইজৰ মতে মহন্ত পৰাজিত হ’ব আন ৫০% ৰ মতে মহন্ত জয়ী হ’ব। বঢ়মপুৰৰ প্ৰকৃত ফলাফলকলৈ সকলোৰে চকু থাকিব।