বাল্মীকি হব নোৱাৰা প্ৰাক্তন আছু একমাত্ৰ প্ৰফুল্ল মহন্ত

1364
  • ৰমেন হালৈ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অগপত থাকি প্ৰফুল্ল মহন্ত ৰত্নাকৰ আৰু অগপ ত্যাগ কৰি বিজেপি হোৱা সকল বাল্মীকি হ’ল । অতুল বৰা , কেশব মহন্ত , ফনীভুষণ এওঁলোক  কি আচলতে সমষ্টিৰ মানুহেও হয়টো বুজি নাপায় । কংগ্ৰেছৰ কাৰণে এওঁলোক মিনি বিজেপি আৰু কৰ্মীৰ কাৰণে সোনৰ কনী পৰা হাঁহ । বিজেপিয়ে অগপৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিছে । সৰহ সংখ্যক সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু অগপক এৰি দিয়া ৮০ শতাংশ সমষ্টি হৈছে হিমন্ত বিশ্ব শৰ্মাই ভাষণত কৈ থকা মোগল অধ্যুষিত সমষ্টি ।  বিজেপিৰ ধনবল , জনবলৰ পিঠিত উঠি অগপই নিৰ্বাচন খেলিছে আৰু যিকেইটা সমষ্টিত বিজেপি আছে সেই কেইটাত অগপৰ বহু নেতাৰ হাতত গিফ্টৰ টোপোলা গুজি  দি নিৰ্বাচনী সভাত ফুলদানি কৰি থৈছে । বিশেষ সুত্ৰৰ খৱৰে দাবী কৰা মতে বিজেপিৰ প্ৰায় ভাগ প্ৰাৰ্থীয়ে নিৰ্বাচনত অগপ লিডাৰ  মেনেজমেন্ট কমিটি এখন গঠন কৰি দিছে । এই কমিটিৰ প্ৰধান কাম হৈছে অগপৰ নেতাসকলক সন্তুষ্ট কৰা । অগপৰ নেতা বহুতেই ৰাতিৰ ভাগত কংগ্ৰেছ কৰ্মীক লগত লৈ আহি বিজেপি প্ৰাৰ্থীৰ লগত চিনাকী কৰাই দি গিফ্ট আহৰণ কৰে ।  নিৰ্বাচনৰ সময়ত বিজেপিৰ আন প্ৰভাৰীতকৈ অগপ মেনেজমেন্ট প্ৰভাৰীৰ ব্যস্ততাও বেছি আৰু পকেটৰ গৰমো অধিক ।  অগপৰ ৬৫ বছৰীয়া নেতা সকলক নিৰ্বাচনে মাইকত কথা কবলৈ  সুযোগ প্ৰদান কৰিছে । পাঁচ বছৰত তিনিটা নিৰ্বাচনে তেওঁলোকক ৰাইজৰ আগত আহিবলৈ সুযোগ দিয়ে । নিৰ্বাচনী সভাবোৰত সম্বৰ্ধনা পৰ্বত তেওঁলোকক নাম লোৱাৰ লগে লগেই থিয় দিয়ে , কাৰণ গামোচা লৈ ৰৈ থকা লৰাজনে নেতাজনক চিনি নাপাই মঞ্চত থিয় হৈ থকা ছবিখন বহুতেই প্ৰত্যক্ষ কৰিছে ।  মুঠৰ ওপৰত  অগপৰ নেতাসকল ভীষণ সুখী ।  বাকী বিজেপিত গৈ মন্ত্ৰী বিধায়ক হোৱা প্ৰাক্তন আছু – অগপ যিসকলে আশীৰ দশকত শিক্ষক , আৰক্ষী, বিষয়া কাকোৱেই গুৰুত্ব দিয়া নাছিল , গুপ্তহত্যাৰ সময়ত মৌন আছিল  চন্দ্ৰ মোহন পাটোৱাৰী , হিতেন্দ্ৰ গোস্বামী , নব কুমাৰ দলে প্ৰমুখ্যে নেতাসকল এতিয়া একো একোজন যোগীলৈ ৰূপান্তৰ হৈছে ।