আত্মহত্যা ৰোধ কেনেকৈ কৰিব?

1501
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সুশান্ত সিং ৰাজপুতৰ দৰে প্ৰতিভাশালী অভিনেতা এজনৰ আত্মহত্যাৰ আগতেও বহুতে নিজেই নিজৰ জীৱন কাঢ়ি লৈছিল । এইটো আত্মহত্যা কিন্তু শেষ আত্মহত্যাও নহয় । কাৰণ সুশান্ত সিংৰ মৃত্যুৰ কিছুদিন পিছতেই নলবাৰী চহৰত এজনী ছোৱালীয়ে এই একে পথেই বাচি লৈছিল । মৃত্যুৰ আগমুহুৰ্তলৈ কৰ’নাৰ পৰা বাচিবলৈ মুখত মাক্স পৰ্যন্ত পিন্ধি আছিল ছোৱালী জনীয়ে । আচৰিত আৰু উত্তৰবিহীন কাৰণবোৰ ।  সমগ্ৰ বিশ্বৰ হিচাপ মতে প্ৰতি ৪০ চেকেণ্ডত গড়ে এটাকৈ আত্মহত্যাৰ ঘটনা ঘটি আছে । সংখ্যাৰ হিচাপেৰে আঠ লাখ প্ৰতি বছৰে।
   আত্মহত্যাৰ পথ বাচি লোৱা ব্যক্তি এজনক সুখী বুলি ক’ব নোৱাৰো । যদি সুখী নহয় তেন্তে মানুহ জন দুখী আছিল , যদি দুখী আছিল তেন্তে প্ৰতিটো দুখৰ গন্তব্য স্থানটো আত্মহত্যা নহয় । তেন্তে দুখৰ উৎপত্তি প্ৰবঞ্চনা হ’লে মানুহে আত্মহত্যা কৰে নেকি ? বৰ্তমান সমাজত চোন বিশ্বাসেই নোহোৱা হৈ গৈছে বা অবিশ্বাসীক নীতি বিৰুদ্ধ ঘটনা বুলিও মানুহে নধৰা হৈছে । নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিধায়ক সকলক গৰু ছাগলীৰ দৰে গাড়ীত তুলি হোটেলত ভৰাই দিয়া হয় , ৰাজ্যসভাত নিজেই হুইপ জাৰী কৰি নিজেই পদত্যাগ কৰা হৈছে সাংসদে , বিধায়কক চাৰটাৰ্ড এৰোপ্লেনত এখন ঠাইৰ আন এখন ঠাইলৈ সামগ্ৰীৰ দৰে কঢ়িয়াই অনা হৈছে , পতি-পত্নীৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ প্ৰবেশকো ন্যায্যতা প্ৰদান কৰিছে ন্যায়ালয়ে , তেন্তে প্ৰবঞ্চনা জানো আত্মহত্যাৰ কাৰণ ?
প্ৰতিজন  মানুহে  নিজকে আনৰ লগত তুলনা কৰাৰ স্বভাৱটো জৈৱিক বিষয় ।  প্ৰতিজন মানুহৰ মানসিক,শাৰীৰিক বৈশিষ্ট ভিন্ন ।আৰু লগতে কি ঘৰত জন্ম হৈছে আৰু কেনেকুৱা পৰিস্থিতিৰ ফলত জন্ম লাভ কৰে সেইটো মানুহ এজনৰ নিজস্ব ক্ষমতাৰ আওতাত নপৰে । যিহেতু জন্মৰ সিদ্ধান্ত ক্ষমতাৰ বাহিৰত  তেন্তে মৃত্যুৰ সিদ্ধান্ত মানুহে  কেনেকৈ ল’ব পৰা হ’ল ?
বিভিন্ন মাধ্যমত খৱৰ আহিছে সুশান্ত সিং ৰাজপুতৰ বিৰুদ্ধে চলমান খান বা কৰণ জোহৰে তেওঁলোকৰ ক্ষমতা ব্যৱহাৰ কৰিছে , চিনেমা ৰিলিজ হ’ব দিয়া নাই.. ইত্যাদি ইত্যাদি । নতুন শব্দ এটাই গ্লেমাৰ পাইছে নেপোটিজিম । ক’ত নাই এই শব্দটোৰ প্ৰয়োগ ? নিজৰ ঘৰ , পৰিয়াল , বিদ্যালয় , চাকৰি , ব্যৱসায় , ৰাজনীতি , অভিনয় আদি সকলোতে এই নেপোটিজিমৰ প্ৰভাব থাকে । এইটো বাস্তৱ । যদিহে প্ৰতাৰণাৰ স্বীকাৰ হৈ সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছে তেন্তে মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পিছত কৌৰৱৰ মাতৃ গান্ধাৰীয়ে এই পথ বাচি ল’লে হেঁতেন , পঞ্চ পাণ্ডৱ বুলি যাৰ কথা  আমি জানো সেই পঞ্চ পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ আছিল কৰ্ণ । যদিহে কৰ্ণ প্ৰতাৰণাৰ স্বীকাৰ নহ’লেহেঁতেন তেন্তে যুধিস্থিৰৰ সলনি কৰ্ণ হ’লহেঁতেন হস্তিনাপুৰৰ ৰজা ।  কৰ্ণই জানো এই সকলো বিলাক সহ্য কৰি আত্মহত্যা কৰিছিল ? নাই কৰা , বৰঞ্চ অৰ্জুনক জীৱন দানহে দিছিল আৰু ইন্দ্ৰ দেৱতাক নিজৰ কবচ- কুণ্ডল ( আজিৰ বুলেট প্ৰুফ জেকেটৰ দৰে ) দান কৰি দিছিল ।  পুৰুষুত্তোম ৰামে যেতিয়া নিজৰ ৰাজ ধৰ্ম পালন কৰি সীতাক বনবাস দিছিল তেতিয়া জানো সীতাই নিজকে প্ৰতাৰণাৰ স্বীকাৰ বুলি ভাবিছিল ? নাই ভবা কাৰণ সীতাই জানিছিল অযোধ্যা ( এতিয়াৰ উত্তৰ প্ৰদেশ) ৰ পৰা শ্ৰীলংকালৈ সাগৰ পাৰ হৈ তেওঁক শত্ৰুৰ  হাতৰ পৰা উদ্ধাৰ কৰা ব্যক্তি জন প্ৰভু শ্ৰীৰাম । সীতা বা প্ৰভু শ্ৰীৰাম সকলোকে গুৰুৱে  জ্ঞান দিছিল মানুহৰ  জীৱন পালন কৰিব লগীয়া  কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে ।  ভাৰতীয় সংস্কৃতিত প্ৰভু ৰাম আৰু শ্ৰীকৃষ্ণক আদৰ্শ পুৰুষ বুলি জ্ঞন্য কৰা হয় । কিন্তু এই দুজন পুৰুষৰ জীৱন কাহিনী জনাৰ পিছত আজিৰ প্ৰজন্মৰ কিমান জন ব্যক্তি ক’ব যে মোৰ জীৱনটো ৰামৰ  বা কৃষ্ণৰ দৰে হওঁক ? হয়টো এজনো নোলাব । প্ৰভু ৰামে গুৰু গৃহত শিক্ষা গ্ৰহণ সমাপ্ত কৰি ঘৰলৈ ওভোতাৰ পিছত অভিসন্ধিৰ স্বীকাৰ হৈ তেৰ বছৰ বনবাস খাতিব লগা হয় । ৰাজপুত্ৰ হৈ বনত বনবাসী জীৱন কটাব লগা হয় । বনত থাকোতে পিতৃ বিয়োগ হয় , পত্নীক ৰাৱণে হৰণ কৰি লৈ যায় । ৰাৱনৰ পৰা নিজৰ পত্নীক উদ্ধাৰ কৰিবলৈ হাজাৰ মাইল দুৰত শ্ৰীলংকা লৈ যুদ্ধ কৰিব লগা হয় ।  যুদ্ধ জয় কৰি সীতাক উদ্ধাৰ কৰাৰ পিছত আকৌ প্ৰজাৰ ইচ্ছা পুৰণ কৰিবলৈ নিজৰ পত্নী আৰু পুত্ৰক ত্যাগ কৰিব লগা হয় । নিজৰ পুত্ৰক চিনি নেপায় পুনৰ পুত্ৰৰ লগতেই যুদ্ধত  লিপ্ত  হয় । আনহাতে কৃষ্ণৰ কি হৈছিল ? জন্মৰ পিছতেই নিজৰ মাতৃ- পিতৃক এৰি বেলেগৰ ঘৰত ডাঙৰ হৈছিল । নিজৰ জন্মস্থল মঠুৰা ত্যাগ কৰি গুজৰাটলৈ গুছি যাব লগা হৈছিল ।  নিজৰ ব্যক্তিগত লাভ – লোকচান নথকা যুদ্ধ ( কুৰুক্ষেত্ৰ – পাণ্ডৱ বনান কৌৰৱ) এখনত সন্মুখৰ পৰা নেতৃত্ব দি পাণ্ডৱক জয়ী কৰাইছিল । যুদ্ধৰ শেষত কৌৰৱ মাতৃ গান্ধাৰীৰ অভিশাপত নিজৰ কুল – বংশ ধ্বংস হৈ গ’ল । জীৱন অন্তিম মুহুৰ্তত গছত উঠি বাহী বজায় থাকোতে  সাধাৰণ চিকাৰী ব্যাধৰ হাতত  জীৱন ত্যাগ কৰে ।  প্ৰতাৰণা , প্ৰবঞ্চনা , দুখ , কষ্ট মানুহৰ জীৱনৰ অংগ আৰু মানব জীৱন এক যাত্ৰা বুলি শিকাই গৈছিল ভাৰতীয় সংস্কৃতিৰ আধাৰ গীতা , মহাভাৰত আৰু ৰামায়নে । আজিৰ সময়ত নেদাৰলেণ্ডত স্কুলৰ পাঠ্যক্ৰমৰ গীতা পুথি খন শিকোৱা হয় কিন্তু ভাৰতত কূটিল ৰাজনীতিৰ বাবে গীতা বা মহাভাৰতৰ শিক্ষা স্কুলত দিয়া নহয় ।