প্ৰভাবশালী নেতাঃ হিমন্ত বিশ্ব শৰ্মাই পালে ৫৩.৪% ভোট

4906

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ অক্টোবৰ ২০১৮ ৰ অ’পিনিয়ন প’লত আমি ৰাইজৰ পৰা অসমৰ সকলোতকৈ প্ৰভাবশালী নেতা কোন , সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো।
১ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ চলা আমাৰ অ’পিনিয়ন প’ললৈ ৰাইজৰ সহাৰি আছিল অভূতপুৰ্ব। বিভিন্ন জিলাৰ , বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজে ভাগ লোৱা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনে ধৰণৰ:
৫৩.৪% ভোট লাভ কৰি অসমৰ সকলোতকৈ প্ৰভাবশালী নেতাৰ খিতাপ দখল কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্হ্য ইত্যাদি বিভাগৰ মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মাক কোনেও প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখা পোৱা নগ’ল। মুঠ ১১টা বিকল্পৰ পৰা ডঃ হিমন্ত বিশ্ব শৰ্মাই অকলে ৫৩.৪%  আৰু বাকী সকলোৱে মিলি ৪৬.৬% ভোট লাভ কৰে।
  • অসমৰ সকলোতকৈ প্ৰভাবশালী নেতাৰ দৌৰত দ্বিতীয় স্হানত থাকে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল। সোনোৱাল ডাঙৰীয়াই লাভ কৰে ১৩.৫% ভোট।
  • অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ দেবে ১২.৯% ভোট লাভ কৰি তৃতীয় স্হান অধিকাৰ কৰে।
  • কৃষক নেতা অখিল গগৈ ৭.৪% ৰাইজৰ মতে অসমৰ সকলোতকৈ প্ৰভাবশালী নেতা।
  • অগপ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত আছে পঞ্চম স্হানত। ৫.২% ৰাইজে ভোট দিছে মহন্ত ডাঙৰীয়াক।
২ৰ পৰা ১১ নম্বৰ স্হান অধিকাৰ কৰা সকলৰ ভোট লাভৰ পৰিমান তলৰ দণ্ড চিত্রৰ জৰিয়তে দেখুওৱা হৈছে।