প্ৰভু ঈশ্বৰ চৰকাৰ , বিলাসীতা এৰক : আভিজিৎ শর্মা

1773
  • আভিজিৎ শর্মা, সভাপতি এ পি ডব্লিউ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ষ্ট্ৰীট লাইট লাগিব ৰাইজক , কিন্তু ষ্ট্ৰীট লাইটৰ খুঁটাত লেচু লাইট মেৰাই থোৱা আভিজাত্য আমাক নেলাগে ।ছমাহ আগৰ অসম প্রদেশ ;   ক’তো একো আকাল নাই গিজগিজাই আছে   দেশৰ প্ৰজা,  দেশৰ ৰজা।   তাৰ পৰা আৰু চাৰিমাহ আগুৱাই যাওঁ,  মানে জুলাই ,আগষ্ট মাহলৈ।   বানপানীত হাহাকাৰ, ককবকাইছে সমগ্ৰ ৰাজ্য । ৰাইজৰ পৰা টকা উঠাই বানক ভেটাৰ পৰিকল্পনা , বানাক্রান্তক সকাহ দিয়াৰ পৰিকল্পনা দিচপুৰীয়া প্রভূসকলৰ। ৰজাৰ আহ্বানত গণ্ডাই গণ্ডাই মানুহ দিচপুৰ‌লৈ আহিছে,  চেক দিছে প্ৰদান কাৰ্য্যক্ৰম  , মূখ্যমন্ত্ৰীৰ সতে পজ দিছে,  পিচদিনা বাতৰি কাকতত ফটো আহিছে, চ’চিয়েল মিডিয়াত হিট । তাৰ মাজত বহু কুখ্যাত দুৰ্বৃত্ত ও আছে,  আচলতে চল চাই কঠীয়া পাৰিছে,  কোৰোণাৰে চপাই চামুচেৰে দান কৰি ভাল ল’ৰা হোৱাৰ প্রতিযোগিতাত ভাগ লৈছে। কথাবোৰ  দেখিছো, দেখি ভাবিছো -আচলতে স্বাধীনতাৰ পাছত চৰকাৰ বোৰ আহিছে আৰু গৈছে, পুঁজি বুলিবলৈ একো নাই,  জমাঘৰ খালী,  হিচাপৰ অংকটো পাকে প্রকাৰে এনেকৈ বুজোৱা হয় যেন নদন বদন বিশাল ভড়াল , কিন্তু   বিপদৰ দিনত ওলায় এটা মস্ত শুন্য ।
 বানপানী গ’ল ,  বতৰ ফৰকাল হ’ল।  মনবোৰো ফৰকাল।  তেনে সময়তে জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ।  আৰু কি ‌লাগে,  লগে লগেই উত্তাপ উঠি গল।  ‘ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী ‘ বুলি ক’ত কয়?  অসম প্ৰদেশত।  কিয় ক’য়?  ইয়াত সেইবোৰ নিত্য নৈমিত্তিক পৰিঘটনা,  প্ৰজাইও কৰে,  ৰজাইও কৰে।  গতিকে জাপান সম্রাটৰ বাবে বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী নাটখনিৰ আখৰা ঠিক শেষ পৰ্যায়ত থাকোতেই আহিল নহয় আন্দোলনটো ‘কা ‘ নে ‘খা’ । আন্দোলনৰ নামত টেণ্ডাৰবিহীন ভাবে গুড বয় ঠিকাদাৰ সকলে জেপৰ ধন ভাগি দেশৰ বাবে গঢ়ি দিয়া বাট পথকেইটাৰ ওপৰত অত্যাচাৰ বেচিকৈ চলিল। অত্যাচাৰৰ কোব ইমানেই বেছি আছিল যে বিনা টেণ্ডাৰত যুদ্ধৰ গড় সাজি পিচত ৰাজকোষত ‘ হামলা’ দিবলৈ সাজু কৰি ৰখা ন – লাচিত গ্রুপৰ ঠিকাদাৰ কেইজনৰ কিছু শিক্ষা  নিশ্চয়কৈ হ’ল।  তথাপি  একো নাই,  টকাবোৰ পিচে সৰকায় । এই বিলবোৰ কেনেকৈ উলিয়াই(? )জনা নাযায়।  অৱশ্যে আন্দোলনটোৰ ফলত অসমৰ পৰ্যটন উদ্যোগটো বাৰুকৈয়ে জহন্নামে গ’ল।  সেই জহন্নামে যোৱাৰ পৰা টনকিয়াল কৰিবলৈ হলিউডৰ কোনো বিখ্যাত অভিনেত্ৰীক শকত ধনৰ বিনিময়ত চুক্তিবদ্ধ কৰিব বিচৰা হৈছে নেকি সেই বিষয়ে আমি অজ্ঞ,  কিন্তু?  তাৰ পাচতেই আকৌ উত্তাপ বাঢ়িল,  দেশৰ- মাটিৰ -জাতিৰ । নাবাঢ়িবই বা কিয় ___ আহি গ’ল অসম মুলুকলৈ ফিল্মফেয়াৰ । ইয়াতো দেখা পোৱা গ’ল বা আমাৰ নিচিনা মুর্খবোৰক দেখুওৱা হ’ল শুনোৱা হল- ফিল্মফেয়াৰৰ যোগেদি লুইতৰ কিৰিতি দেশে বিদেশে চহৰে নগৰে বিয়পাই নিয়াৰ বিশাল প্রস্পেক্টিভ।  বিপদত এটকা এটকা কাউণ্ট কৰাসকলে একে কোবে ত্ৰিশ নে কিমান কৌটি উৰাই দিলে।  এয়া অৱশ্যে দেখুওৱা হিচাপহে,  সাতেই সোতৰই প্ৰশাসনীয় লাভ লোকচান হিচাপ কৰিলে এশকৌটিমান হব চাগে,  খৰচৰ সংখ্যাটো।  একো নাই বাৰু ,  তথাপি দুই এজন চকুচৰহাই কোৱা কুই কৰিছিল তেতিয়াও,  বোলে ইমান নদন বদন ৰাজকোষৰ অধিপতিজনে বানপানীৰ সময়ত বা অইন বিপদত আকৌ দুহাত জপাই নমস্কাৰ মুদ্ৰাত ৰাইজৰ মূখলৈ চাই  দান খোজে কেনেকৈ?  হয়ো একপ্রকাৰ , সময়বোৰৰ মাজত দহ বাৰ বছৰৰ ব্যৱধান থাকিলেও বেলেগ আছিল।  আঠ- ন মাহতেই একেজন ৰজাৰ বিবিধ অবতাৰ, থিক মাটি বেছি খাই থকা মানুহৰ দৰেই আমাৰ মুলুকৰ অর্থনীতিৰ উত্থান পতন।  ভাবি আচৰিত লাগে,  কথাবোৰ !
ইয়াৰ মাজতেই  সৌ সিদিনা ‘বাজেট’ আহিল! আজিকালি বাজেট পাঠ শুনিলে শাস্ত্ৰ পাঠ বা অখণ্ড পালনাম শুনা যেন লাগে।  সপোনত বৰষুণ, দিঠকত শুন্যতা । আশা আছে,  ৰাস্তাও আছে,  পিচে ৰাস্তাটো পকী নে  কেঁচা নে বোকাময় ৰজাঘৰীয়াৰো বহুতেই নেজানে? তেওঁলোকে মাথো জানে চৰকাৰ আছে,  গাড়ী আছে,  এচি আছে,  চার্টার্ড ফ্লাইট হেলিকপ্টাৰ আছে গতিকে আৰু বেলেগ জনাৰ কি প্রয়োজন।  ভাল দিনত উদৰ পুৰাই খাইছো,  বেয়া দিনত জনতাক খুজিম,  কোনোবাই যুক্তি তৰ্ক কৰিলে ভেল্কীবাজী আছে,  তাতোকৈ আৰু বহু কিবাকিবি আছে, জাষ্ট ইগন’ৰ!
এতিয়া আহো কৰ’নাক লৈ।  দেশ এনেও প্রগতিৰ পথত।  অৰ্থনৈতিক অৱস্হাৰ যে জয়জয় ময়ময়  চলি আছে ৰিজার্ভ বেংকৰ ওপৰত শেহতীয়াভাবে চলি থকা অত্যাচাৰ বোৰেই কয়। কিন্তু কৰনাই বাটৰ কাইট আঁতৰালে।  দেশৰো,  ৰাজ্যৰো।  কথাবোৰ বুজাসকলে বুজি আছিল,  কোৱা নাছিল।  কিন্ত ভেল্কীবাজীৰে অৰ্থনীতি বুজোৱা জনৰ মুখেৰেই জ্ঞাতে বা অজ্ঞাতে যেতিয়া ওলাই গ’ল যে ঘৰৰ অৱস্হা বৰ ভাল নহয়,  মাত্ৰ এমাহ পাচত পৰবর্তী মাহত চৰকাৰী কর্মচাৰীক দৰমহা দিব পাৰিব নে নাই তাৰেই নিশ্চয়তা নাই,  এনে সময়ত হাত তালি দি মাথো ক’ব মন গৈছে ৱাহ ভাই ৱাহ। নমামীক নমো কৰি ব্রহ্মপুত্ৰত পুস্কৰম কৰি টুইন টাৱাৰত মুৰ দোৱাই আজি প্ৰভু আপোনাকেই সুধিছো,  এয়াই নেকি বিকশিত অসম,  প্ৰগতিশীল অসম?
এতিয়া আহো অলপ বেলেগ কথালৈ,  জীৱনত প্রথমবাৰ ‘লকডাউন’ দেখিলো।  সকলোতে ঋণাত্মক দেখিলেই নহব,  ধনাত্মকো দেখিব লাগিব।  অৰ্থনীতিত এতিয়া পিচে ধনাত্মক অবান্তৰ, প্ৰকৃতিত অৱশ্যেই আছে।  পৰিবেশে প্ৰাণ পাইছে,  প্ৰদূষণ হেৰাই গৈছে,  সকলো স্হবিৰ হোৱাত গছ বন চৰাই চিৰিকটিয়ে নতুনকৈ পৃথিৱীখন দেখিছে ।
কিন্তু জীৱন,  জীৱনৰ ‘বেক গিয়েৰ’ লাগি গৈছে।  মিলিজুলি আগবঢ়াৰ দিন যেন শেষ।  সাতেই সোতৰই তথাপি ঠিক,  কিন্তু ৰজাঘৰৰ কথাবোৰ বৰ জটিল,  বুজিবলৈ,  শুনিবলৈ,  জীয়াই থাকিবলৈ।  কি পলিচি,  কি অংক।  এফালে চীন বেয়া আনফালে চীন সহোদৰ। চীনেই বচাব জীবন,  চীনেই জীবনদায়িনী।  তেন্তে দিপাৱলীত চীনৰ ফটকা ষ্টক কৰা বাবে ভাগি পেলোৱা দোকানখনৰ দোকানীজন এতিয়া মৰে ক’ত, জীয়ে ক’ত??
কথাবোৰ জানি নোকোৱাকৈ থকালৈ ভাল,  ক’লেই লেঠা।  আমিও কৈ দিয়েই মৰো নেকি এতিয়া? কিন্তু মীলর্ড, আমাৰ কথাবোৰ একদম সহজ,  সচা অৰ্থত।  আমাক সপোনৰ পৃথিৱীত জীয়াই নাৰাখিব।  কাবৌ কৰি কৈছো,  আপোনালোকৰ নাচ গানৰ থিয়ৰীবোৰ ভুল,  এশ শতাংশই ভুল,  ইচ্ছাকৃত ভূল নে অনিশ্চাকৃত ভূল সেয়া অৱশ্যে চিধাকৈ নকও, পিচৰটো যেন বুলি ভাবো। এয়া ৰাজকোষৰ ধন অপচয়ৰ নমুনা।  ভাল সন্তানে পিতৃ মাতৃৰ ধন অপচয় নকৰে। হে প্ৰভু ইশ্বৰসকল – এইখন ৰাজ্যক যদি মোৰ ঘৰ বুলি ভাবো, আপোনালোক যদি মোৰ পিতৃ আৰু মাতৃ বা অভিভাৱক তেন্তে সুখে দূখে,  বেমাৰে আজাৰে, ৰদে বৰষুণে আমাক সঁচা কথাটো জনাব,  আচলতে আমাৰ আছে কি, নাই কি,  কিমান আছে,  কেইদিন যাব! অন্যথা মূর্খৰ সৰগত বাস কৰি কৰি কোনোবাদিনা কি হয় আমি নিজেই গম নাপাম, আমাৰো ঘৰ বাৰী সতি সন্ততি আছেতো!  আতচবাজী আৰু ভেল্কীবাজীৰ মোহ এৰক।  দেশ গঢ়ক,  আপোনালোকক ক্ষমতা দিছে দেশৰ প্রগতিৰ বাবে,  উৎসৱ পালনার্থে নহয়।  ধাৰ কৰি কিমানদিনলৈ বার্থডে পাতিব,  চিন্তা কৰিব প্ৰভু ইশ্বৰসকল!
গৰীবৰ দূখ পৰিত্রাণায়ার্থে পাচ বছৰীয়া যি পৰিক্রমা লৈ আপোনালোক শাসনলৈ আহে সেই পৰিক্রমাত গৰীব যেতিয়া পদে পদে সংঘাতৰ সন্মুখীন হয় তেতিয়া সুধিবৰ মন যায়,  যদি সচা অর্থৎ গৰিবৰ অৱস্হা উর্ধমূখী কৰিব পৰা কোনো আচনি আপোনাসবৰ নায়েই তেন্তে গৰীবক পাচ বছৰতেই উন্নতিৰ শিখৰত আৰোহণ কৰোৱাৰ সপোনবোৰ আপোনালোকে কেনেকৈ দেখুৱাব পাৰে,  কেনেকৈ?  কংগ্ৰেছে তিনি টকীয়া চাউল দিছিল আপোনাসবে এটকীয়া দিছে,  বুজিবলৈ অসুবিধা হয় মহোদয়,  আচলতে গৰীবৰ অৱস্হা উর্ধমূখী নে নিম্নমূখী?  যদি ইয়াৰ দ্বাৰা গৰীবৰ অৱস্হা উর্ধমূখী সুচাইচে তেন্তে পৰবর্তী চৰকাৰে পচিশ  পইচাত চাউল দিব। তাৰ পাচত চাউলৰ লগত টকা দিব।  ইশ্বৰে কুশলে ৰাখিলে এনে দিনো দেখিম যিদিনা বিনামূলীয়া চাউলৰ লগত ত্ৰিশ চল্লিছ টকাও দিব,  মাথো মই নাজানিম যে সিদিনাও তেওঁলোকক গৰীব বুলিয়েই ক’ব নে তাতোকৈ তলৰ কিবা শ্ৰেণীৰ বিশেষণেৰে বিভূষিত কৰিব?