প্ৰমোদ মাহাজনৰ হত্যাৰ ৰহস্য

539
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


২০০৬ চন। সেইবাৰ বিজেপিয়ে অসমৰ বিধানসভাৰ নিৰ্বাচনত দায়িত্ব দিছিল প্ৰমোদ মাহাজনক। অসমৰ ওপৰত বিজেপিৰ বহু দিনৰ পৰা চকু আছিল। তুলনামূলক ভাবে লোকসভাৰ নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰা বিজেপিয়ে ‍অসমৰ বিধানসভাৰ নিৰ্বাচন বিলাকত কোনো ধৰণৰ প্ৰভাব পেলাব পৰা নাছিল। দলটোৰ ক্ষমতা অকল বৰাক উপত্যকাতে সীমাবদ্ধ আছিল। ২০০৬ চনত প্ৰমোদ মাহাজনৰ একক প্ৰচেষ্টাত দলটোৱে যঠেষ্ট উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। কোনো স্থানীয় নেতা অবিহনে দলটোৱে ১০ খন আসন দখল কৰে, ১২% ভোট লাভ কৰে। ১২ খন আসনত দ্বিতীয় স্থানত থাকে। বিজেপিয়ে ৰঙাপাৰা, বিহালীৰ দৰে আসনত জয়ী হয়। কমলপুৰ, পূৱ গুৱাহাটী আদিত অগপক পিছ পেলাই দ্বিতীয় স্থান দখল কৰে। মাহাজনে অবশ্যে অসমৰ ফলাফল নজনাকৈয়ে এই সংসাৰৰ পৰা বিদায় মাগিলে। অসমৰ নিৰ্বাচনী দায়িত্ব শেষ কৰি প্ৰমোদ মাহাজন মুম্বাইৰ নিজা ফ্লেটত আছিল। তাৰিখ আছিল ২২ এপ্ৰিল ২০০৬ চন। ৰাতিপুৱা ৭:৩০ বজাত কলিংবেলৰ শব্দ শুনি প্ৰমোদ মাহাজনৰ পত্নী ৰেখা মাহাজনে দুৱাৰ খুলি দিলে। সন্মুখত দেওৰ প্ৰবীণ মাহাজনক দেখি ড্ৰইং ৰূমতে বহিবলৈ দি পাকঘৰত তেওঁ চাহ বনাবলৈ যায়। প্ৰায় ১০ মিনিট পিছত ৰেখাই গুলীৰ শব্দ শুনি ড্ৰইং ৰূমলৈ দৌৰি যায়। নিজৰ ভাতৃৰ হাতত গুলিবৃদ্ধ হৈ চোফাত ঢলি পৰিছিল প্ৰমোদ মাহাজন। প্ৰবীনে পইন্ট ব্লেংকৰ পৰা ভাতৃৰ বুকুলৈ লক্ষ্য কৰি তিনিটা গুলি মাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল পিষ্টলত থকা ৬টা গুলী ফুটোৱা। কিন্তু চতুৰ্থ গুলীটো মেগাজীনত জাম হৈ হ’ল। নিজৰ ককায়েকক হত্যা কৰি আৰামত ১২ মহলাৰ পৰা নামি গৈ ওচৰৰ পুলিচ থানাত তেওঁ আত্মসমৰ্পন কৰে। এইফালে একে ফ্লেটতে থকা ভনীজোৱাঁই গোপীনাথ মুণ্ডে মাহাজনক ওচৰৰ হিন্দুজা হস্পাতাললৈ লৈ যায়। মাহাজনৰ লিভাৰ বহু পৰিমানে ক্ষতিগ্ৰস্থ হৈছিল। সেইকেইদিন মাহাজনৰ চিকিৎসাৰ লাইভ কভাৰেজ সকলো নিউজ চেনেলে দেখাই আছিল। লিভাৰ ট্ৰান্সপ্লেন্টৰ বাবে আনকি লণ্ডনৰ পৰা চিকিৎসকো মতা হৈছিল। কিন্তু ১৩ দিন হাস্পতালত থকাৰ পিছত বিজেপিৰ প্ৰভাবশালী নেতাজনে এই সংসাৰৰ পৰা বিদায় লয়?

প্ৰমোদ মাহাজনক কিয় হত্যা কৰা হৈছিল?

প্ৰবীন মাহাজনে হত্যাৰ কাৰণ বিভিন্ন সময়ত বেলেগ বলেগ কথা কৈ আহিছে। প্ৰথম অৱস্থাত কৈছিল যে তেওঁ ক্ৰোধৰ বশবৰ্তী হৈ হত্যা সংঘটিত কৰিছিল। ২২ এপ্ৰিলৰ দিনা প্ৰমোদ মাহাজনক লগ ধৰিবলৈ যোৱাৰ সময়ত জ্যেষ্ঠ ভাতৃয়ে তেওঁক ভবিষ্যতে এপইন্টমেন্ট লৈ আহিবলৈ পৰামৰ্শ দিছিল। ইয়াতে ক্ষুণ্ণ হৈ তেওঁ হত্যাকাণ্ড সংঘটিত কৰা বুলি ব্যক্ত কৰিছিল। পিছত তেওঁ নিজৰ বক্তব্য সলনি কৰে। প্ৰমোদ মাহাজনৰ আশে-পাশে থকা ব্যক্তিসকলে বহু সুবিধা কৰি লয়। কিন্তু নিজৰ ভায়েককে তেওঁ কোনো সুবিধা কৰি দিব নোৱাৰিলে বুলি প্ৰবীনে অভিযোগ কৰে। ইয়াতে অসন্ত্তষ্ট হৈ হেনো তেওঁ প্ৰমোদ মাহাজনক হত্যা কৰে। প্ৰবীন মাহাজন জেলত থকা সময়ত এখন কিতাপ লেখে। ইয়াত তেওঁ প্ৰমোদ মাহাজনৰ ওপৰত বিজেপি দলৰ পুঁজি হেৰফেৰ কৰা আৰু অন্য মহিলাৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগ আনে। পত্নীৰ অসুখৰ সময়ত প্ৰবীন মাহাজনে পেৰোল লাভ কৰে। পেৰোলৰ অন্তিম দিন ব্ৰেইন হেমাৰেজ হৈ প্ৰবীনৰ মৃত্যু হয়। প্ৰবীনৰ মৃত্যুৰ লগে লগে প্ৰমোদ মাহাজনৰ মৃত্যুৰ ৰহস্যও চিৰদিনৰ বাবে সমাধিস্থ হ’ল। বহু লোকে প্ৰমোদ মাহাজনক বাজপেয়ী- আদৱানীৰ উত্তৰাধিকাৰী আৰু ভাৰতৰ ভাবী প্ৰধানমন্ত্রী বুলি ধৰি লৈছিল। মাহাজনৰ অকাল মৃত্যুই দলটোক বহু ক্ষতি কৰিলে।