প্ৰশান্ত কিশোৰৰ অবসৰ?

1104
  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কৰোনাৰ দ্বিতীয় ঢৌ অহাৰ আগলৈকে সংবাদ মাধ্যমত সকলোতকৈ চৰ্চিত বিষয় আছিল যে পশ্চিম বংগত কাৰ চৰকাৰ আহিব? তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত নিৰ্বাচনী হিংসাত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহু লোকে।  ২০১৯ লোকসভাত ৪২খন লোকসভাৰ ভিতৰত ১৮খন দখল কৰি বিজেপিয়ে নিজৰ শক্তিৰ পৰিচয় দিছিল। বিজেপিয়ে প্ৰমাণ কৰিছিল যে বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’ব বিজেপি। বিপদৰ উমান পাই মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে মাতি আনিলে ৰাজনীতি জগতত চানক্য ৰূপে খ্যাত প্ৰশান্ত কিশোৰক। নকলেও হ’ব যে আজিলৈকে প্ৰশান্ত কিশোৰে উত্তৰ প্ৰদেশক বাদ দি আন সকলোতে যাক সহায় কৰিছে তাৰেই চৰকাৰ হৈছে। ২০১৪ত মোদী, ২০১৫ত নিতিশ, ২০১৯ত জগন  সকলোৰে বিজয়ত মুখ্য ভূমিকা লৈছিল প্ৰশান্ত কিশোৰে। তেওঁৰ তালিকাত আছে কেজৰিৱাল আৰু কেপ্তেইন অমৰিন্দৰ সিং আদিও। প্ৰশান্তে মমতা বেনাৰ্জীৰ নিৰ্বাচনৰ দায়িত্ব লৈয়ে বিভিন্ন পন্থাৰে তৃণমূলৰ হেৰোৱা সমৰ্থন উদ্ধাৰৰ চেষ্টা কৰিছে। তেওঁৰ প্ৰথম পৰিকল্পনা হ’ল মমতাক স্থানীয় আৰু মোদী-শ্বাহক বাহিৰাগত বুলি কৈ ৰাইজৰ মনত জাতীয় চেতনা যগোৱা। বিহাৰত প্ৰশান্তৰ ‘বিহাৰী বনাম বাহাৰী’ শ্লোগানে নিতিশ কুমাৰৰ জয়ৰ পথ সুনিশ্চিত কৰিছিল। প্ৰশান্ত কিশোৰ মমতাৰ জয়ক লৈ নিশ্চিত। তেওঁ আনকি ইয়াকো কৈছে যে বিজেপিয়ে ১০০ৰ ঘৰ অতিক্ৰম কৰিলে তেওঁ নিজৰ পেচাৰ পৰা অবসৰ ল’ব।
ৰাজনৈতিক বিশ্লেষক সকল পশ্চিমবংগ নিৰ্বাচনৰ ফলাফলক লৈ ১০০% নিশ্চিত নহয়। সৰহভাগে নিৰ্বাচনৰ আগলৈকে তৃণমূলক অগ্ৰাধিকাৰ দিছিল। আনহাতে পিপলছ পালছ নামৰ সংস্হা এটাই পশ্চিমবংগত নিৰ্বাচনৰ আগে আগে চাৰ্ভে কৰিছিল। তেওঁলোকৰ মতে তাত বিজেপিৰ চৰকাৰ হোৱাতো নিশ্চিত। ইয়াৰ কাৰণ তেওঁলোকে এনেদৰে ব্যাখ্যা কৰিছিলঃ
১) পঞ্চায়ত নিৰ্বাচনত তৃণমূলে ৩৫% আসনত বিৰোধীক মনোনয়ন দাখিল কৰিব নিদিলে। ফলত ৰাইজ নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ল। ইয়াৰ ফলত মানুহৰ মাজত তৃণমূলৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ আছে।
২) তৃণমূলৰ হিংসাৰ চিকাৰ হৈছে বাওঁ দলৰ কৰ্মকৰ্তা। নিৰাপত্তাৰ খাতিৰত তেওঁলোকে আশ্ৰয় লৈছে বিজেপিৰ। তেওঁলোকে জানে যে তৃণমূল এগৰাকী মাত্র নেত্রীৰ প্ৰচেষ্টাত জন্ম পোৱা এটা দল। এইবাৰ নিৰ্বাচন হাৰিলে তৃণমূল এনেও নিশেষ হৈ যাব। সেয়েহে বাম দলৰ কৰ্মীয়ে এইবাৰ বিজেপিক শাসনলৈ আনি ২০২৬ত শাসন দখল কৰিবলৈ নিৰ্বাচন খেলিব। পশ্চিমবংগত জনপ্ৰিয় হোৱা শ্লোগান ‘এইবাৰ ৰাম, পৰেৰ বাৰ বাম’।
৩) তৃণমূলৰ নেতাসকলৰ অবাধ দুৰ্নীতিয়ে মানুহৰ চকু কপালত তুলিছে। বাওঁ দলৰ দিনটো দুৰ্নীতি হৈছিল যদিও দিনত পোহৰত দেখ দেখকৈ এনে দুৰ্নীতি আগতে ৰাইজে কেতিয়াও দেখা নাছিল।
৪) সুভেন্দু অধিকাৰীকে ধৰি বহু ৰথী-মহাৰথীয়ে তৃণমূল ত্যাগ কৰি বিজেপিলৈ গমন কৰিছে। তেওঁলোকে অনুধাবন কৰিব পাৰিছে যে তৃণমূল এইবাৰ পৰাজিত হ’ব।
৫) বিজেপিয়ে মতুৱা আৰু ৰাজবংশী সম্প্ৰদায়ক আকৰ্ষন কৰিবলৈ বহু পন্থা অবলম্বন কৰিছে যিয়ে উত্তৰ বংগত বিজেপিক সহায় কৰিছে।
পিপলছ পালছৰ এই সমীক্ষা সত্য প্ৰমানিত হ’লে এইবাৰ বংগত পদুম ফুলাটো নিশ্চিত। আনহাতে প্ৰশান্ত কিশোৰে কৈছে যে বিজেপিয়ে মুছলমানক বাদ দি ৭০% হিন্দুৰ সমৰ্থন আদায়ৰ চেষ্টা  কৰিছে। ইয়াৰ বিপৰীতে তৃণমূলে ১০০% ৰাইজৰ কাষ চাপিছে। সেয়েহে বিজেপি ক্ষমতালৈ আহিবলৈ ৮০%ৰ অধিক ষ্ট্ৰাইক ৰেট লাগিব যিটো অসম্ভব। তেওঁৰ মতে বিজেপিয়ে কোনোপধ্যে ৪০%ৰ বেছি ভোট তথা ১০০ৰ অধিক আসন নাপায়। বিজেপিয়ে পশ্চিম বংগত ২৯৪ৰ ভিতৰত ১৪৭খন আসন পায়নে নাপায় সেয়ালৈ ভিন্ন মত থাকিলেও বিশ্লেষক সকলে একেমুখে স্বীকাৰ কৰে যে বিজেপিয়ে ১০০ৰ অধিক আসন পোৱাটো নিশ্চিত। তেনে হ’লে ২ মেৰ দিনা প্ৰশান্ত কিশোৰে ৰাজনৈতিক মন্ত্রনাকাৰ ৰূপে অবসৰ লোৱাটো নিশ্চিত। অনাগত দিনত তেওঁ কি কেৰিয়াৰ বাচি লয় তাৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।