প্ৰাক্তন মুখ্যমন্ত্রীৰ সৈতে কিছু সময়

1932
  • হেমন্ত কুমাৰ দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


১৯৭৬ চনৰ অক্টোবৰ মাহ। ব্যক্তিগত কাম এটিৰ বাবে ৰাজধানী পালোগৈ। তাত কেইদিনমান সময় হাতত থকাত মনতে ভাবিলো- চণ্ডীগড়লৈ গৈ চাওচোন বাৰু। পঞ্জাৱৰ ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰীক লগ ধৰিবৰ মন গ’ল। ইতিমধ্যে অসমৰ মুখ্যমন্ত্রী পদত থাকি অসমত জনপ্ৰিয় হৈ পৰিছিল এইজন ব্যক্তিয়ে। আমি সৰুৰে পৰা তেখেতৰ নাম পাইছিলো – এজন মন্ত্রী হিচাপে। দুই এখন সভাত তেখেতৰ বক্তৃতা শুনাৰ সৌভাগ্যও ঘটিছিল। কিন্ত্ত ব্যক্তিগতভাৱে নোৰ সৈতে চা চিনাকি নাই। তথাপি সাহ কৰি গ’লো চৌধুৰীদেৱক লগ ধৰিবৰ বাবে। আবেলি প্ৰায় ৪-৩০ বজাত চণ্ডীগড়ত থকা ৰাজভৱনত উঠিলোগৈ। বিনম্ৰভাৱে নিজৰ পৰিচয় দিয়াত তেখেতে বৰ আন্তৰিকতাপূৰ্ণভাৱে মোক বহিবলৈ দিলে আৰু দুই এটা কথা পাতিবলৈ ললে। এনেতে কিছু সময়ৰ পিছত আমাৰ বাবে চাহ আৰু অসমীয়া পিঠা অনা হ’ল। চৌধুৰীদেৱে চাহখিনি সেৱন কৰাৰ বাবে ৰাখি পিঠাখন মোক খাবলৈ দিলে। মই অলপ সংকোচবোধ কৰা দেখি তেখেতে কলে- ‘ আমি এতিয়া বুঢ়া মানুহ -তুহুন ডেকা মানুহ। খাবা পাৰবি দে, খা।’ এইদৰে মোক তই বুলি সম্বোধন কৰি আৰু বৰপেটীয়া ভাষাৰে কথাখিনি কৈ নিমিষতে আপোন কৰি ললে। কিছুসময় এনেদৰে আছো। তাৰ পিছত ক’লে ‘তইতো ইয়াতে থাকবাৰ কথা ভাবি আইছা , হ’বদে দুই চাৰিদিন থাকবা পাৰবি। এতিয়া আমি অলপ ফুৰু আহু যো। ৰাজভৱনৰ গাতে এটা lake  আছে । lake ৰ পাৰতে ফুৰি আহু যো।’
    তেখেতৰ কথাখিনিত মই পৰম আশ্বস হ’লো। তাৰ পিছত তেখেতে ৰখিয়া এজনক মোৰ বেগটো লৈ যাবলৈ ইংগিত দিলে আৰু সেইমতে সি লৈ গৈ এটা নিৰ্দিষ্ট কোঠাত থলেগৈ। ৰাজ্যপাল চৌধুৰীদেৱ থিয় হ’ল আৰু মইও তেখেতৰ পিছে পিছে খোজ ললো। দুজন চন্তৰীয়ে আমাৰ লগতে নিৰাপত্তাৰক্ষী হিচাবে গৈ থাকিল। ৰাজভৱনত থকা চিৰিয়াখানা চাই চাই আহি আছো। এটা সময়ত Lake ৰ পাৰ উঠিলো। চৌধুৰীদেৱে এইদৰে গৈ থাকোতে পঞ্জাৱৰ বিষয়ে আৰু লগতে অসমৰ বিষয়েও কিছু কথা কৈ গৈছিল। মই মাথোন তেখেতৰ কথাত অংশগ্ৰহণ কৰি গৈছিলো। মানুহজনৰ অন্তৰত যে অসমৰ প্ৰতি , অসনৰ ডেকা চামৰ প্ৰতি চিন্তা ভাৱনা গভীৰ ভাৱে শিপাই আছে সেই কথা মই মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো।
  ৰাজভৱনৰ  এটা বিশেষ সা-সুবিধা থকা কোঠাত মোক থাকিব দিয়া হৈছিল। ৰাতিপুৱাৰ জলপান দুপৰীয়াৰ আহাৰ আৰু নৈশ আহাৰ তেখেত আৰু তেখেতৰ পত্নীৰ সৈতে এজেলগে গ্ৰহণ কৰাৰ সুবিধা পাইছিলো। সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক চিদানন্দ দাস ( এতিয়া প্ৰয়াত) তেখেতৰ পত্নী আৰু পুত্রও ৰাজভৱনৰ অন্য এটা কোঠাত অতিথি হৈ আছিল। সকলোটি একেলগে মিলি ডাইনিং ৰুমত আহাৰ গ্ৰহণ কৰিছিলো। খোৱাৰ সময়ত মই মন কৰা কথাটি আছিল যে অসমীয়া মানুহে ভালপোৱা আঞ্জা, তৰকাৰী- যেনে শাক, টেঙা , খাৰ আদি পৰিবেশন কৰা হৈছিল।
  তৃতীয় দিনা মাননীয় ৰাজ্যপালে মোক কলে যে তেখেতক হেনো পাতিয়ালা চহৰৰ এটি গুৰুদ্বাৰ উদ্বোধন কৰিবলৈ নিমন্ত্রন দিছে। মইও যাব পাৰো। তেখেতে উপযাচিয়ে ক’লে। এই প্ৰস্তাৱত মই যথেষ্ট আনন্দিত হৈছিলো। যথাসময়ত মানে আবেলি ৩:৩০ মান বজাত ৰাজ্যপাল গাড়ীত উঠিল।
দ্বিতীয় আৰু শেষ খণ্ড ৰাজনীতি অসমৰ অহা সংখ্যাত…