প্ৰয়োজন সাপেক্ষে এআইইউডিএফৰ সৈতে মিত্রতা কৰিলে আপত্তি নাই

3353
ৰাজনীতি অসমৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী ভুমিধৰ বৰ্মন
সাক্ষাৎকাৰ গ্ৰহণ কৰে গণেশ বৰ্মন আৰু দেবজিত দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসমঃ আপুনি চিকিৎসা সেৱা এৰি কেনেদৰে ৰাজনীতিত সোমাই পৰিল এই বিষয়ে অলপ জনাব নেকি?
ভুমিধৰ বৰ্মনঃ মই ছাত্র অবস্থাৰ পৰা ৰাজনীতি কৰিছিলো। কটনটো কৰিছিলো। মেডিকেল পঢ়া সময়ত অলপ বাদ পৰিছিল। দুইবছৰমান চাকৰি কৰিলো। ১৯৬৭ চনত তেতিয়াৰ বিধায়ক প্ৰফুল্ল গোস্বামী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অসন্মত হ’ল। তেখেতে মোক নিৰ্বাচন খেলিবলৈ অনুৰোধ কৰিলে।  মই প্ৰথম অৱস্থাত সন্মত হোৱা নাছিলো। কিন্তু তেখেতে বাৰাম্বাৰ অনুৰোধ কৰাৰ পিছত মান্তি হলো। ৰাইজেও বিচাৰিলে মই নিৰ্বাচনত উঠাটো। ফকৰুদ্দিন চাহাবও মান্তি হ’ল।
ৰাজনীতি অসমঃ বৰক্ষেত্রীৰ পৰা আপুনি প্ৰায় ৩০ বছৰ বিধায়ক আছিল। কংগ্ৰেছৰ বৰ্তমান অবস্থাৰ বিষয়ে কি ক’ব?
ভুমিধৰ বৰ্মনঃ আমি এতিয়া বিজেপিৰ তুলনাত দুৰ্বল সেয়া স্বীকাৰ কৰিবই লাগিব। কিন্তু কথা হ’ল বিজেপিৰ বিকল্প কি? গণতন্ত্ৰত শক্তিশালী বিৰোধী দল লাগিব। আজিৰ দিনটো  কংগ্ৰেছ ভাৰতৰ দুই নম্বৰ দল। বিজেপিৰ জনপ্ৰিয়তা কিছুমান ঠাইত ম্লান হৈছে। শক্তিশালী গণতন্ত্ৰৰ স্বাৰ্থত কংগ্ৰেছ থাকিব লাগিব।
ৰাজনীতি অসমঃ দেশত কংগ্ৰেছৰ এনে অবস্থা হোৱাৰ কাৰণ কি? বংশবাদ নেকি?
ভুমিধৰ বৰ্মনঃ দলৰ ভিতৰত আভ্যন্তৰিণ গণতন্ত্ৰ থকা দৰকাৰ। সেই বস্তুটো আজিকালি কমি গৈছে। তাৰ ফলত মানুহৰ ক্ষোভ হয়। নেতাসকলে সকলোকে লগত লৈ চলা উচিত। কংগ্ৰেছ দলত আভ্যন্তৰিণ গণতন্ত্ৰ কমিছে। অন্য দলৰো এইটো সমস্যা। বিজেপিয়ো দুজন ব্যক্তিয়ে চলাই আছে।
ৰাজনীতি অসমঃ ২০২১ত কেনেকৈ কংগ্ৰেছ ঘূৰি আহিব পাৰিব?
ভুমিধৰ বৰ্মনঃ  হাই কামাণ্ডে সভাপতি নিৰ্বাচন কৰিব। মই বিচাৰো সকলোৱে আলোচনা কৰি সভাপতি নিৰ্বাচন কৰক। ২০২১ত যদি চৰকাৰ আনিব লাগে তেন্তে প্ৰয়োজন সাপেক্ষে অন্য দলৰ লগত মিত্রতাও কৰিব লাগিব। মহাৰাষ্ট্ৰত আমি শিৱসেনাৰো লগ লাগিছো। মোৰ ৰাজনৈতিক জীৱনত দেখা এইটো এটা ডাঙৰ ঘটনা।
ৰাজনীতি অসমঃ কংগ্ৰেছ -শিৱসেনাৰ দৰে বিপৰীত মেৰুৰ দলৰ মাজত মিত্রতা কেনেকৈ সম্ভব হ’ল?
ভুমিধৰ বৰ্মনঃ ৰাজনীতিত কম শত্ৰুৰ লগ হৈ সবল শত্ৰুক প্ৰতিহত কৰিব লাগে। আমাৰ প্ৰধান শত্ৰু  বিজেপিহে শিৱসেনা নহয়।
ৰাজনীতি অসমঃ কংগ্ৰেছ দলৰ লগত শিৱসেনাৰ দৰে দলৰ  মিত্ৰতাই আগন্তুক ৰাজনীতিত কিবা প্ৰভাব পেলাব বুলি ভাবেনে ?
ভুমিধৰ বৰ্মনঃ আজিৰ দিনৰ ৰাজনীতিত সকলোৱে বিচাৰে ক্ষমতা। মই ভাবো কংগ্ৰেছ জোঁট বন্ধনৰ দ্বাৰা শক্তিশালী হ’ব  আৰু বিজেপি দুৰ্বল হ’ল। মহাৰাষ্ট্ৰৰ নিচিনা ধনী ৰাজ্যত বিজেপিৰ চৰকাৰৰ পতনৰ ফলত বিজেপি মানসিক ভাবে দুৰ্বল হ’ব। ইয়াৰ প্ৰভাব অনাগত ঝাৰখণ্ড আৰু বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত পৰিব।
ৰাজনীতি অসমঃ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্রতা পোষকতা কৰে নেকি?
ভুমিধৰ বৰ্মনঃ ইতিমধ্যে তৰুণ গগৈ ডাঙৰীয়াই প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ লগত মিত্রতাৰ কথা কৈছে। প্ৰয়োজন সাপেক্ষে মিত্রতা কৰিলে আমাৰ আপত্তি নাই। কিন্তু দলৰ নীতি আৰু দেশৰ স্বাৰ্থক আগত ৰাখিব লাগিব।
ৰাজনীতি অসমঃ   ‘ কেব’ ক লৈ আপোনাৰ স্থিতি কি?
ভুমিধৰ বৰ্মনঃ সদনত তেওঁলোকৰ সংখ্যা আছে, পাছ কৰিব পাৰিব কিন্তু ৰাইজে ইয়াক সমৰ্থন কৰা নাই।
ৰাজনীতি অসমঃ আপোনাৰ পুত্ৰ  নিৰ্বাচনত কিয় হাৰিল? নাৰায়ণ ডেকাক ২০২১ত কেনেকৈ হৰুৱাব?
ভুমিধৰ বৰ্মনঃ ২০১৬ত বিজেপিৰ ঢৌ আছিল। এতিয়া সেই পৰিস্থিতি নাই। বিজেপিৰ মিছা প্ৰতিশ্ৰুতিত ভোল গৈ ৰাইজে ভোট দিছিল। বিজেপি চৰকাৰে সকলো ব্যক্তিগতকৰণ কৰিবলৈ আৰম্ভ কৰিছে। কাগজকল উদ্ধাৰ কৰিবও নোৱাৰিলে। দুৰ্নীতিমুক্ত কৰাৰ কথা কোৱা বিজেপিয়ে চাৰিদিনত অজিত পাৱাৰৰ  দুৰ্নীতিৰ ফাইল বন্ধ কৰি দিলে। অসমত কয়লা চিণ্ডিকেটৰ কথাটো ওলায়ে আছে। তেওঁলোকৰ বিধায়কেও আনকি অভিযোগ আনিছে। ইয়াৰ তদন্ত হ’ব লাগিছিল। তেওঁলোকে এটা প্ৰতিশ্ৰুতিও ৰক্ষা কৰিব নোৱাৰিলে।
ৰাজনীতি অসমঃ সৰ্বানন্দ সোণোৱালক কিমান সফল বুলি ভাবে?
ভুমিধৰ বৰ্মনঃ তেওঁৰ ব্যক্তিগত ছবিখন বেয়া নহয়। বহুতে ধাৰ্মিক বুলিও ভাবে। আজিৰ দিনত অসমবাসীৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আস্থা বেছিকৈ কমিছে। বানপানীতো আমাক টকা নিদিয়ে।
ৰাজনীতি অসমঃ চৰকাৰে ফ্লিমফেয়াৰ পতাটো কিমান যুক্তি সংগত হৈছে?
ভুমিধৰ বৰ্মনঃ আগতে ৰাইজৰ পেটৰ ভোক নাইকিয়া কৰক , তাৰ পিছত উৎসৱ পাতক।
ৰাজনীতি অসমঃ আপোনাৰ ওপৰত বহুবাৰ উগ্ৰপন্থীৰ আক্ৰমন হৈছিল কিন্তু আপোনাৰ কোনো ক্ষতি হোৱা নাছিল। আপোনাৰ কিবা এটা জীন থকা বুলি খবৰ ওলাইছিল। এই বিষয়ে কিবা ক’ব খোজে নেকি?
ভুমিধৰ বৰ্মনঃ আগতে এইবিলাক মই বিশ্বাস কৰা নাছিলো। মোক এজনে দেখুৱাই দিয়াৰ পিছত বিশ্বাস হ’ল। কোৰাণতো লিখা আছে জুইৰ পৰা জীন হয়। জীনক আহিবলৈ সৰু ছিদ্ৰ  এটা লাগে। আনকি অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰক মই দুটা জীন দেখাইছো। মিশ্ৰই জীনক বজাৰৰ পৰা দুটা আপেল আনিবলৈ টকা দিছিল। জীনে আপেল লৈ আহিল। জীনে ইচ্ছা কৰিলে আপোনাক সহায় কৰিব পাৰে। বন্দুক নুফুটা কৰি দিব পাৰে। জীনক নোচোৱাকৈ মন্তব্য দি লাভ নাই। মই বিজ্ঞানৰ ছাত্র , মইটো মূৰ্খ নহয় এইবিলাক এনেয়ে বিশ্বাস কৰিবলৈ। মোৰ পিএচও জনেও বিশ্বাস কৰা নাছিল। বেলশৰত তাক দেখালো , সিদিনা বিশ্বাস কৰিলে।
ৰাজনীতি অসমঃ জীন আপোনাৰ লগত এনেকৈ সদায় থাকক। আপুনি সুস্থ হৈ থাকক। তাৰেই কামনা কৰিলো ।
ভুমিধৰ বৰ্মনঃ ৰাইজৰ আশীৰ্বাদ আছে। ভগবানে কৰ্ম অনুসৰি ফল দিয়ে। গীতাত লিখা আছে। শংকৰদেৱেও কৈছে; মাধবদেৱেও কৈছে।