পৰম বীৰ আব্দুল হামিদ

1756

■ নীলোৎপল গগৈ


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


কবুল হেই, কবুল হেই, কবুল হেই৷ কথা আছিল মৃত্যুলৈকে একেলগে থকাৰ, কথা আছিল ঘৰৰ চাঁদত একেলগে শুই আকাশৰ তৰা হিচাপ কৰাৰ, কথা আছিল হাতত হাত থৈ সুন্দৰ আবেলিবোৰ একেলগে উপভোগ কৰাৰ৷ বহু কথা আছিল…! বহু কথা দিছিল নিজৰ মানুহজনীক৷ কিন্তু কোম্পেনী কোৱাৰ্টাৰ মাষ্টাৰ হাৱিলদাৰ আব্দুল হামিদে তাতকৈ বহু ডাঙৰ কথা দি থৈ দিছিল নিজৰ জনমভূমিক, দেশখনক! কবুল কৰিছিল দেশপ্ৰেমক, কবুল কৰিছিল নিস্বাৰ্থতাক, কবুল কৰিছিল ভাৰতীয় সেনাবাহিনীৰ ঐতিহ্যমণ্ডিত ইতিহাসক…! পৰিয়াল, গাওঁখন, মৰমৰ বান্ধোনে ধৰি ৰাখিব নোৱাৰা পৰম বীৰ আছিল তেওঁ৷

     ১৯৩৩ চনৰ ১ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ ধামুপুৰ নামৰ সৰু গাওঁ এখনত জন্ম হৈছিল তেওঁৰ৷ মাক চাকিনা বেগম, আব্বাৰ নাম মহম্মদ উচমান৷ পেশাত দৰ্জী৷ মাক-দেউতাকে ভাৱিছিল হামিদ ডাঙৰ হৈ দৰ্জীয়েই হ’ব৷ ঘৰৰে ব্যৱসায়, ঘৰৰ ল’ৰা ঘৰতে থাকিব, বুঢ়া বয়সত মাক-বাপেকৰ সাৰথি হ’ব৷ কিন্তু হামিদৰ কাপোৰ চিলোৱা কামত মুঠেও ৰাপ নাই; সৰুৰে পৰা মাথো ফৌজত যাম, ফৌজত যাম৷ মাক-দেউতাকৰ অশান্তি৷ ভাবিলে নিকাহ পঢ়ুয়াই দিয়া যাওক হামিদক৷ লগ এগৰাকী হ’লে ফৌজৰ চিন্তা মূৰৰ পৰা নোহোৱা হ’ব! বিয়া হ’ল, কিন্তু মনৰ পৰিবৰ্তন নহ’ল৷ সন্তান-সম্ভৱা পত্নীক এৰি এদিন সচাঁকৈয়ে গুছি গ’ল ফৌজত! ধুমুহাক কোনে ধৰি ৰাখিব পাৰে!
     ১৯৫৪ চনৰ ২৭ ডিচেম্বৰত আব্দুল হামিদে ভাৰতীয় সেনাবাহিনীৰ গ্ৰেনেডিয়াৰ ৰেজিমেন্টত যোগদান কৰে৷ সেই ৰেজিমেন্টৰে চতুৰ্থ বেটেলিয়ানত পিছত তেওঁক স্থায়ী ভাৱে নিযুক্তি লাভ কৰে৷ পৰবৰ্ত্তী সময়ত চতুৰ্থ বেটেলিয়ানৰ সৈতে আগ্ৰা, অমৃতসৰ, জন্মু-কাশ্মীৰ, উত্তৰ-পূৱ আদি বিভিন্ন ঠাইত তেওঁ সেৱা আগবঢ়ায়৷ ইতিমধ্যে ১৯৬২ চনত চীনে ভাৰতক আক্ৰমন কৰে৷ সেই সময়ত চতুৰ্থ বেটেলিয়ন নামকা-চুত চীনৰ লগত সমুখ-সমৰত অৱতীৰ্ণ হয়৷ চীনা সৈন্যই চাৰিওফালৰ পৰা আগুৰি ধৰা এই যুদ্ধত আব্দুল হামিদে নিজৰ প্ৰায় সকলো সংগীকে হেৰুৱাই পেলায়৷ হেৰুৱাই নিজৰ আটাইতকৈ প্ৰিয়বন্ধুকো! প্ৰায় অকলেই যুদ্ধ কৰি তেওঁ এই হত্যাৰ প্ৰতিশোধ লয় আৰু চীনা সৈন্যৰ চকুত ধুলি মাৰি শোকে-আঘাটে জৰ্জৰিত হৈ সোতৰ কিলোমিটাৰ অকলেই খোজকাঢ়ি নিজৰ বেছ-কেম্পত আহি উপস্থিত হয়হি৷
     ১৯৬৫ চনত ভাৰত পাকিস্তানৰ আক্ৰমনৰ বলি হ’ব লগা হয়৷ তেতিয়ালৈ আব্দুল হামিদে হাৱিলদাৰ ৰেংকলৈ পদোন্নতি লাভ কৰিছে৷ ৫ ৰ পৰা ১০ আগষ্টৰ ভিতৰত ভাৰতীয় সেনাই পাকিস্তানে জন্মু-কাশ্মীৰত কৰা কেইবাটাও ব্যৰ্থ আক্ৰমন প্ৰতিহত কৰে৷ এইকেইটা আক্ৰমনৰ সময়ত বন্দী হোৱা যুদ্ধবন্দীৰ পৰা পাকিস্তানৰ ভীষণ ষড়যন্ত্ৰৰ উমান পোৱা গ’ল! ৩০,০০০ পাকিস্তানীক ইতিমধ্যেই ভাৰতৰ সৈতে গেৰিলা যুদ্ধৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে! এইখিনি সময়তেই ছেগা-চোৰোকাকৈ পাকিস্তানে কেইবাটাও আক্ৰমন কৰে৷ বাদ পৰি নাযায় অমৃতসৰত থকা ভাৰতীয় বায়ু সেনাৰ বিমান বন্দৰো৷ এই আক্ৰমন প্ৰতিহত কৰিবলৈ ভাৰতে গোটেই আন্তৰাস্ট্ৰীয় সীমাতে খোপনি পোতে৷ আব্দুল হামিদৰ চতুৰ্থ গ্ৰেনেডিয়াৰ্চ চীমা নামৰ সৰু গাওঁ এখনত অৱস্থিত হয়৷ ৭ আৰু ৮ ছেপ্টেম্বৰৰ ৰাতি ইয়াত উপস্থিত হৈ  চতুৰ্থ গ্ৰেনেডিয়াৰ্চে ৰাতিপুৱালৈকে কেইবাটাও বাংকাৰ তৈয়াৰ কৰি পেলায়৷ ৰাতিপুৱা চাৰে সাত বজাত তিনিখন টেংকৰ সৈতে চীমাত আক্ৰমন আৰম্ভ কৰে৷ প্লেটুন কমাণ্ডাৰৰ দায়িত্ব চম্ভালি হাৱিলদাৰ আব্দুল হামিদে নিজেই টেংক-প্ৰতিৰোধী বন্দুকেৰে সজ্জিত জীপত জপিয়াই উঠে৷ হামিদৰ বন্দুকৰ গুলিত ধ্বংস হয় আটাইতকৈ আগত থকা প্ৰথমখন টেংক৷ কি হৈছে চম্ভালিব নোৱাৰি আন দুখন টেংক পলায়ন কৰে৷ কিন্তু হামিদৰ নেতৃত্বত ভাৰতীয় সেনাই খেদি গৈ আন এখন টেংকো উৰুৱাই দিয়ে৷ পিছদিনা আকৌ আৰম্ভ হয় পাকিস্তানীৰ আক্ৰমন৷ এইবাৰ শক্তি বেছি৷ কিন্তু সেইদিনাও হামিদে আগভাগ লৈ সন্ধিয়া লৈকে প্ৰতিপক্ষৰ আৰু চাৰিখন টেংকৰ যতি পেলায়৷ তেতিয়ালৈকে সমগ্ৰ এলেকাটোত চতুৰ্থ গ্ৰেনেডিয়াৰ্চে পাকিস্তানৰ সৰ্ব্বমূঠ তেৰখন টেংক ধ্বংস কৰিছে৷ শত্ৰু আকৌ পলায়ন কৰে৷ পিছদিনা ১০ ছেপ্টেম্বৰ৷ ৰাতিপুৱা আঠ বজাত প্ৰথম আক্ৰমন আৰম্ভ হয় তিনিখন টেংকৰ দ্বাৰা৷ তেতিয়ালৈকে পাকিস্তানে গমেই পোৱা নাই যে সিহঁত আৰু ভাৰতৰ মাজত প্ৰাচীৰৰ দৰে আছে আব্দুল হামিদৰ দৰে শক্তিশালী বহুতো বীৰ৷ হামিদৰ বীৰত্বৰ আগত তিস্তিব পাৰিব জানো? সেইয়াই হ’ল৷ প্ৰথম টেংকখন উৰিল৷ হাৰ নামানি আৰু এক ঘন্টাৰ পিছত পূৰা টেংক ৰেজিমেন্ট আহি গ’ল৷ হামিদৰ বন্দুকত উৰিল এইবাৰ দ্বিতীয়খন টেংক৷ বন্দুকৰ সৈতে খোলা জীপত থকা আব্দুল হামিদৰ ওপৰত সমষ্ট টেংক ৰেজিমেন্টৰ দৃষ্টি কেন্দ্ৰিভূত হ’ল৷ হামিদে গুলি চলালে, কিন্তু অকলশৰীয়াকৈ খোলা জীপৰ ওপৰৰ পৰা কিমান সময়লৈকে শত্ৰুৰ চকুত ধুলি মাৰি থাকিব! হামিদৰ গুলিত টেংকখন ধ্বংস হ’ল, কিন্তু সেইখন টেংকৰ পৰা অহা গুলিৰ আঘাটতে হামিদ সেই ঠাইতেই শ্বহীদ হ’ল৷ আমাৰ বীৰ যোদ্ধা আব্দুল হামিদ আৰু নাথাকিল! হামিদ আৰু তেওঁৰ  চতুৰ্থ গ্ৰেনেডিয়াৰ্চৰ অসম্ভৱ সাহসিকতাৰ ফলতে সেই যুদ্ধত ভাৰত জয়ী হ’ল৷ কিন্তু জয়ৰ সোৱাদ লবলৈ পৰম বীৰ আব্দুল হামিদ নাছিল!
      ভাৰতীয় সেনাবাহিনীৰ উচ্চতম নিদৰ্শনৰ পৰিচয় দি, যুদ্ধত অভূতপূৰ্ব সাহসিকতাৰে দেশমাতৃক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰা বাবে  কোম্পেনী কোৱাৰ্টাৰ মাষ্টাৰ হাৱিলদাৰ আব্দুল হামিদক পৰবৰ্ত্তী সময়ত মৰনোত্তৰ ভাৱে ভাৰতৰ সৰ্ব্বোচ সামৰিক সন্মান ’পৰম বীৰ চক্ৰৰে’ সন্মানিত কৰা হয়৷ কথা আছিল চাঁদত বহি তৰা হিচাপ কৰাৰ৷ কিন্তু স্বাধীন ভাৰতৰ আকাশত আব্দুল হামিদ আজি নিজেই এক ভোটাতৰা হৈ জিলিকি আছে৷ দেশবাসীয়ে এইজন বীৰপুত্ৰক সদায়েই সন্মান আৰু কৃতজ্ঞতাৰে সুঁৱৰি থাকিব৷ জয়হিন্দ৷ জয় ভাৰতীয় সেনা৷
(বি. দ্ৰ. এই লেখাতো প্ৰস্তুত কৰোঁতে কেইবাখনো কিতাপ, ইউটিউবত উপলব্ধ কেইবাটাও ভিডিঅ’, ৱিকিপেডিয়া আৰু ইন্টাৰনেটৰ সহায় লোৱা হৈছে৷)