পৰিবৰ্তন, শুনিবলৈ ভাল,হৈছে….!!

1822
  • বুবুল ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


সমগ্ৰ অসম বাসীৰ বহু আশা আকাংক্ষাৰ ফল স্বৰূপে ক্ষমতালৈ আহিছিল বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বি জে পি চৰকাৰ খন। কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰি অহা চৰকাৰ খনৰ মূল মন্ত্ৰ আছিল সকলোতে “পৰিৱৰ্তন”!কিন্তু কাৰ্য ক্ষেত্ৰত হ’লনে আমি বিচৰা পৰিৱৰ্তন?চাওঁ আহক চোন।।
#নৰেন্দ্ৰ মোদীৰ উদ্দাত্ত ভাষণ-না খাউংগে,না খানে দেংগে!বাঃ ৰে বাঃ, কি সুন্দৰ ডায়েলগ।অসমতো আওৰোৱা হ’ল একেই কথা।কিন্তু হ’ল কি অলপতে হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বহু সংখ্যক চাকৰিত নেতাৰ অঙহী বঙহীয়ে চাকৰি পালে,নিবনুৱা তেনেকৈয়েই থাকিল। মেধা থাকিও বঞ্চিত হ’ল আৰু ইংৰাজীত এখন দৰ্খাস্ত লিখিব নোৱাৰা জনেও পঞ্চায়তৰ সচিব হ’ল।প্ৰমাণ দিয়া হ’ল দুৰ্নীতিৰ, কিন্তু সকলো ফুটুকাৰ ফেন হৈ পৰিল।সৰ্বানন্দ সোণোৱাল যেন সকলোৰে আনন্দ নহৈ সকলোৰে নিৰানন্দ হৈ হে পৰিল। দুৰ্নীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন শূণ্য!
#শিক্ষা বিভাগৰ পয়ালগা ছবি খনৰ বিষয়ে কিনো ক’ম?পুতৌ জন্মা হৈছে বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীৰ কৰ্ম কাণ্ড,বিবৃতি, ঘোষণা ইত্যাদিক লৈ।তেওঁ আজি কিবা এটা কয় আৰু কাইলৈ কিবা এটা কৰে।সদ্যহতে পাতিবলগীয়া টেট পৰীক্ষাৰ যোগ্যতাৰ মাপকাঠি হিচাপে ডি এল এড ৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰিলে,পিছত এডমিছনৰ ৰিচিপ্ট দেখালেও হোৱা হ’ল।কেতিয়াবা কয় নহলেও হ’ব ইত্যাদি। আগৰ জনে পতা গুণোৎসৱ এবাৰ এওঁ ও পাতিলে,এইবাৰ ক’লে গুণোৎসৱৰ সলনি স্ব-গুণোৎসৱ হ’ব। নাই পুনৰ পৰিৱৰ্তন-আগৰ দৰেই গুণোৎসৱ হ’ব। বাকী নিয়োগ,বিদ্যালয়, মহাবিদ্যালয়ৰ আন্তঃগাঁঠনি, ইউনিফৰ্ম,মধ্যাহ্ন ভোজন ইত্যাদিত একুৰী এটা অভিযোগ। দিল্লীৰ কেজৰীৱাল চৰকাৰে শিক্ষকক বিদেশলৈ পঠাই উন্নত প্ৰশিক্ষণৰ বাবে আৰু দিল্লীৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ অভূতপূৰ্ব উত্থান হৈছে একমাত্ৰ চৰকাৰৰ সদিচ্ছা আৰু শিক্ষকক দিয়া মৰম আৰু শ্ৰদ্ধাৰ বাবে।আমাৰ অসমত আমোলাক পঠাই বিদেশলৈ আৰু অসমলৈ আহি সেইবোৰৰ নামত কোনফালেৰে পকেট গৰম কৰিব পাৰি সেই চিন্তাত নিমগ্ন হয়।লাখে লাখে নিবনুৱাৰ সৃষ্টি কৰা শিক্ষা বিভাগে চৰকাৰী শিক্ষানীতিৰ লগতে ছিলেবাছৰ সলনি নঘটালে একো পৰিবৰ্তন আশা কৰিব নোৱাৰি।
প্ৰতিটো অফিচত ঘোচ নহ’লে কাম নচলা শিক্ষা বিভাগত ও পৰিবৰ্তন শূণ্য!
#এ পি এছ চি ৰ দুৰ্নীতিয়ে বিজেপি ৰ গালৈ ও শিপাইছে। এজন প্ৰাক্তন এম পি আৰু এজন বৰ্তমানৰ বিধায়কৰ গালৈ এ পি এছ চি ৰ বোকা চিটিকি পৰিছে।যিটো কথা ভাবিলে আমাৰ হাঁহি উঠে!কংগ্ৰেছৰ শাসনত ঘটা এই দুৰ্নীতিৰ তদন্তত বহু কেইজন ৰঙা ঘৰৰ আলহী হৈছে ৰাকেশ পালৰ আশীৰ্বাদত।কিন্তু ওপৰোক্ত নেতা দুজনৰ গাৰ নোম এডালো নলৰিল আজিলৈকে।গ তিকে এই ক্ষেত্ৰত পৰিবৰ্তন এটা মাত্ৰ গণিতৰ ভাষাত  নাল ছেট(ৰিক্ত সংহতি)!
#”এডভান্টেজ আছাম” পাতি কোটি কোটি খৰছ কৰি বিনিয়োগ কৰ্তা আনিব বিচাৰিছিল।ফলাফল ৰাইজে দেখিছে কিমানটা উদ্যোগ স্থাপন হ’ল,কিমান জনে নিযুক্তি পালে!যি দুটা এটা হ’ল তাতো কেৱল শ্ৰমিক শ্ৰেণীহে স্থানীয় বাকী বহিৰাগত!ৰাইজৰ কৃষি ভূমি পানীৰ দৰত কিনি এচাম মাৰোৱাৰী বিদেশত ধন বিনিয়োগ কৰিব পাৰিছে আৰু অসমীয়া সৰ্বহাৰা হৈছে।এয়াই পৰিবৰ্তন।
#নমামী ব্ৰহ্মপুত্ৰ পাতি কোটি কোটি খৰছ কৰা হ’ল কিন্তু বানত ডুব যোৱা অসমীয়াক বচাবলৈ চৰকাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ বাবে আহ্বান দিব লগীয়া হ’ল।হায় ৰে পৰিৱৰ্তন।বৰষুণ গ’লে জাপি লোৱা সদৃশ চৰকাৰ খনে বাৰিষা মাথাউৰী বান্ধিবলৈ ইখন সিখন লগাই আৰু শেষত খেতি,মাটি,ভেটি হেৰুৱাই খিলঞ্জীয়াই!এয়াই চৰকাৰৰ বিলাসী পৰিবৰ্তন!
অৱশেষত কওঁ ৰাস্তা-ঘাটৰ কিছু পৰিৱৰ্তন নোহোৱা নহয়,আগতকৈ ভালে খিনি উন্নতি হৈছে যদিও এতিয়াও অসমৰ ভালে খিনি ৰাস্তা-ঘাট,দলঙৰ কাম কৰিবলৈ বাকী আছে।
সময়ত এইবোৰ কাম নকৰিলে জনতাই গোৰ মাৰোতে বেছি পৰ নালাগে। মুঠৰ ওপৰত পৰিবৰ্তনৰ বতাহ জাকে সোণোৱাল চৰকাৰক ভালকৈ এছাটি দিলেহে যদি আমি আৰু ভাল ফল দেখিব পাৰোঁ নহলে পুনৰাই সেই আগৰ দিনলৈকে উভতি যাব লাগিব।লিখিব লগীয়া বহু আছিল,যিবোৰ শেষ কৰিব নোৱাৰি,কেতিয়াবা পিছলৈ লিখাৰ প্ৰয়াস কৰিম।