আলোচনাৰ সফলতা নিৰ্ভৰ কৰিব গোপনীয়তাৰ ওপৰত

1255
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আমাৰ বয়স চল্লিশ । আলফাৰ আনুষ্ঠানিক জন্ম হৈছিল আমাৰ জন্মৰ আগতেই । আলফা ( স্বাধীন) ক আমি ভাব প্ৰকাশৰ সুবিধাৰ বাবে আলফা অৰ্থাৎ সংযুক্ত মুক্তি বাহিনী অসম বুলিয়ে উল্লেখ কৰিম । কাৰণ সাধাৰণ জনতাৰ মনত আলফা ( স্বাধীন) বা আলফা বুলি ক’লে একেখিনি আবেগে সঞ্চাৰ হয় । যদিও আমাৰ বয়স চল্লিশ তথাপি এটা কথা স্পষ্ট যে আমাৰ বয়স দহ বছৰ মানৰ পৰাই আলফা সম্পৰ্কে আমাৰ মনত ধাৰণা কিছুমান জন্ম হবলৈ ধৰিছিল । আলফা – পুলিচৰ মাজত গুলীয়াগুলীৰ বাতৰি যিদৰে শুনিছিলো সেই একে সময়তে আলফা সদস্যৰ দ্বাৰা আয়োজিত ৰাভা দিৱস , শিল্পী দিৱস চোৱাৰ অভিজ্ঞতাও হৈছিল । আমি যিহেতু নলবাৰীত ডাঙৰ হোৱা , পঢ়া শুনা কৰা আৰু শেষত কৰ্মক্ষেত্ৰও নলবাৰীয়েই হ’ল সেয়ে আলফা সন্পৰ্কীয় কিবা লেখিবলৈ হ’লে পেপাৰ কাট বা সমল কিতাপৰ প্ৰয়োজন আমাৰ নহয় । আলফাৰ এম্বুচত সুৰক্ষা বাহিনীৰ লোক শ্বহীদ হোৱা স্থান আৰু সেই ঘটনাৰ  পিছত সৃষ্টি হোৱা  পৰিস্থিতি নিজে দেখিছো , নিজে টিউচনৰ পৰা আধাতে পলাইছো ইত্যাদি  । গুপ্তহত্যা ( ভাতৃঘাটী হত্যা!)ত  একেলগে ডাঙৰ হোৱা বন্ধু হেৰুৱাইছো আৰু দেহত লাহে লাহে শুকাবলৈ ধৰা তেজৰ কলা ৰঙো দেখিছো ।  সন্ধিয়া টিউচন কৰি ঘৰমুৱা হ’ওতে প্ৰাক্তন আলফা বা একাংশ আলফা পৰিয়ালৰ সদস্যৰ  গাৰ গৰমো  সহ্য কৰিছো ।  সেই একে সময়তে দৰাৰ লগত যোৱা বৰযাত্ৰীৰ মাজৰ এজন হৈ পুৱতি নিশালৈ পুলিচৰ নিৰ্দেশত বাচৰ ভিতৰতে বিয়া শেষ কৰাৰ অভিজ্ঞতা আমাৰ আছে ।
বিভিন্ন সময়ত আলফাৰ সৈতে আলোচনাৰ বিষয়টোৱে প্ৰধান বিষয় হিচাপে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত গুৰুত্ব পাইছিল । আলোচনাই জন্ম দিছিল প্ৰাক্তন আলফা গোট , যুদ্ধ বিৰতী গ্ৰুপ ইত্যাদি । বিশেষ একো লাভ নহ’লেও এটা লাভ হৈছিল যে ব্যৱসায় বানিজ্যত অসমীয়া একাংশ যুবকে ভুমুকি মাৰিছিল আৰু জংঘললৈ গৈ মৃত্যু হোৱা যুবকৰ সংখ্যাটো কম হৈছিল । ইয়াক বাদ আলফাৰ ইচ্ছ্যুটোৱে অলপো গতি ন’ললে । ১৯৯২ চনত আলোচনাৰ পক্ষ লোৱা চফল যুবক  অনুপ চেতিয়া আজিৰ সময়ত আলোচনাৰ মেজত বহিছে এজন বয়স্ক ব্যক্তি হৈ । ১৯৯২ চনৰ পৰা ২০২২ চনলৈ সুদীৰ্ঘ ত্ৰিশটা বছৰ আলফাৰ ইচ্ছ্যুটো একেদৰেই থাকিল ।
এসময়ৰ আলফাৰ প্ৰচাৰ সচিব সুনিল নাথ( সিদ্ধাৰ্থ ফুকন) ডাঙৰীয়াই ব্যক্ত কৰা অভিমত অনুসৰি আলফা আৰু চৰকাৰৰ আলোচনাৰ প্ৰধান অন্তৰায় আছিল একো একোজন ব্যক্তি আৰু সংগঠনৰ নেতাৰ ব্যক্তিস্বাৰ্থ আৰু  ৰাজনৈতিক লাভা লাভ । তৰুণ গগৈৰ সময়ত কংগ্ৰেছ কৰা একাংশ নেতা -পালিনেতাক আমি নিজ চকুৰে অগপ কৰা দেখিছিলোঁ , বিহু পতা দেখিছিলোঁ , ফুটবল খেল পতা আৰু  যিসকলে হিতেশ্বৰ শইকীয়া আৰু কংগ্ৰেছ দলক ভিলেইন বুলি কৈছিল । এনেকুৱা ব্যক্তিৰ সমষ্টিয়ে আলোচনাৰ বাবে আলফা ত্যাগ কৰা সকলক দেশদ্ৰোহী বুলি সমাজত প্ৰতিষ্ঠা কৰিছিল । পিছলে তেতিয়াৰ সেই যুবনেতাসকল তৰুন গগৈক বিদ্বেষ কৰি  এতিয়া বিজেপিৰো নেতা  । এসময়ত উদ্দাত্ত ভাষণেৰে যুব সমাজক স্বাধীন অসমৰ সম্ভাৱণীয়তা দেখুওৱা বা স্বশাসনৰ পাঠ পঢ়োৱা  অজিত ভুঞা বদৰুদ্দিন আজমলৰ কৃপাত সাংসদ হ’ল । শ্বহীদ হ’ল সাধাৰণ গাঁৱলীয়া যুবক । এচাম সাহিত্যিক , ক্ৰীড়া সংগঠক , অধ্যাপক ,ব্যৱসায়ী, শিক্ষক আৰু ৰাজনেতাই আলফা ইচ্ছ্যুটো  জীয়াই থকাটো বিচাৰে । কাৰণ আলফাৰ নামত , ভাষীক জাতীয়তাবাদৰ নামত  তেওঁলোকে  ব্লেকমেইল কৰি ক্ষমতাশালী আৰু অৰ্থবান হৈ থকাটো বিচাৰে ।  কংগ্ৰেছ আৰু বিভিন্ন মিত্ৰ দলৰ  চৰকাৰ থকা সেই ৯০’ৰ সময়ছোৱাৰ নেতা সকলৰ চৰিত্ৰ আজি আমি উপলব্ধি কৰিব লাগিব । চিদামবৰম, মুফতি মহম্মদ চৈয়দ , ইন্দ্ৰজিত গুপ্ত , চলমান খুৰচিদৰ দৰে নেতাসকলে গৃহ মন্ত্ৰী বা বৈদেশিক মন্ত্ৰী হৈ থকা সময়ছোৱাত অসমৰ শ্বহীদ প্ৰিয় বুদ্ধিজীবী বিলাক আছিল দিল্লী চৰকাৰৰ একো একো পাত অস্ত্ৰ ; যাৰ ব্যৱহাৰত আলোচনা বন্ধ কৰিব পৰা যায় ।  এতিয়া সময় সলনি হৈছে । কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা , যি দুজন ব্যক্তিয়ে গ্ৰাউণ্ড ৰিয়েলিটি বুজি পায় আৰু অসমীয়া যুবকৰ জীৱনৰ মুল্য বুজি পায় । সমান্তৰাল ভাবে পৰেশ বৰুৱাৰো বয়স হৈ গৈ আছে আৰু অসমখনো ১৯৭৯ চনৰ অসম হৈ থকা নাই । ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হৈছে বিটিআৰ আৰু অন্যান্য স্বায়ত্ত-শাসনৰ নামত , যাৰ ফলত প্ৰতিটো গোষ্ঠীয়ে নিজৰ নিজৰ সুকীয়া পৰিচয়ৰ উত্তোৰণ কৰিবলৈ সক্ষম হৈছে ।  এনেকুৱা সময়ত আমি কি বিচাৰো ?
  • আলোচনা অতি গোপনে চলিব লাগিব ।
  • চৰকাৰ আৰু আলফাৰ মাজত প্ৰত্যক্ষ আলোচনা বা মধ্যস্থতাকাৰীৰ সহায়ত আলোচনা ; যিধৰণেৰে নহওক মিডিয়াই জানিব নালাগিব ।
  • আলোচনা সম্পৰ্কে পৰেশ বৰুৱা আৰু চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কে সম্পুৰ্ণ নিৰৱতা অৱলম্বন কৰিব লাগিব ।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু আলফা প্ৰধান পৰেশ বৰুৱাক সংবাদ মাধ্যমৰ বুদ্ধিজীবী বা কোনো ৰাজনৈতিক দলৰ নেতাই উচতনি বা আলোচনা সম্পৰ্কত সমালোচনা কৰিলেও নিৰৱ হৈ থাকিব লাগিব অসমৰ স্বাৰ্থত ।
  • আলোচনা সম্পৰ্কত একোৱে ফাদিল হব নালাগিব । বুদ্ধিজীবীকে আলোচনা প্ৰক্ৰিয়াত ভাগ লোৱাৰ পৰা আতঁৰত ৰাখিব লাগিব ।