পৰেশ বৰুৱা ডাঙৰীয়া : বুদ্ধিজীৱীৰ পৰা সাৱধান

1387
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সংযুক্ত মুক্তি বাহিনী অসম ( স্বাধীন) অৰ্থাৎ আলফা ( স্বাধীন) হৈছে পৰেশ বৰুৱাৰ নেতৃত্বত চলা সংগঠন যাক আমি আলফা বুলিয়েই সম্বোধন কৰিম । কাৰণ পৰেশ বৰুৱা বা অনুপ চেতিয়া দুয়োজনক আমি পৃথক কৰি নাচাও । কাৰণ তেওঁলোকে এটা আবেগক প্ৰতিনিধিত্ব কৰি আছে যোৱা প্ৰায় চাৰি দশক ধৰি । সিদ্ধাৰ্থ ফুকন , মৃণাল হাজৰিকা , শশধৰ চৌধুৰী বা অনুপ চেতিয়াৰ দৰে বিভিন্ন জন আলফা নেতাই চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনাত বহিছে । যদিও বিভিন্ন কাৰণত আলোচনা সমুহৰ সুফল অসমৰ সাধাৰণ ৰাইজে নেদেখিলে । ভাৰতৰ লগত আলফাৰ আলোচনা বুলি ক’লে আমি বুজিব লাগিব যে কেন্দ্ৰত গঠন হোৱা চৰকাৰ এখনৰ লগত আলফাৰ আলোচনা । বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছে আৰু ৰাজনৈতিক দলৰ সমুহৰ নীতিৰ ওপৰত ভিত্তি কৰি আলোচনা প্ৰক্ৰিয়া আগবাঢ়ে । পৰেশ বৰুৱাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘ডাঙৰীয়া ‘ বুলি সম্বোধন কৰিছে আৰু এই তাৎপৰ্যপুৰ্ণ সম্বোধনত নিহিত হৈ আছে আলোচনাৰ প্ৰাৰম্ভিক বাতাবৰণ । আলফাৰ লগত পোন প্ৰথমবাৰ আলোচনা হৈছিল ১৯৯২ চনত । তেতিয়া অসমত আছিল হিতেশ্বৰ শইকীয়াৰ চৰকাৰ ।  বহুজন কেন্দ্ৰীয় নেতাৰ সহাঁৰি স্বত্তেও আলোচনাই গতি ন’ললে । দিল্লীত উপস্থিত হোৱা অনুপ চেতিয়াই পুনৰ আত্মগোপন কৰা বাতৰিবোৰৰ সমান্তৰাল ভাবে অসমত জন্ম হৈছিল আলফা ত্যাগ কৰি অহা এচাম যুবকৰ নতুন গতিপথ । আলফা যদিও ১৯৭৯ চনত জন্ম হৈছিল তথাপি জন্মৰ প্ৰায় চাৰি বছৰ পিছতহে নিজৰ অৱস্থানৰ গুৰুত্ব বুজি উঠিছিল । বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ছোৱাত অসমীয়া ভাষীক জাতীয়তাবাদে আলফাৰ প্ৰাসংগিকতাক ইন্ধন যোগাইছিল । বিশেষকৈ ১৯৮৩ চনৰ নিৰ্বাচনত চৰকাৰৰ বাহিনীৰ দ্বাৰা সাধাৰণ জনতাৰ ওপৰত চলোৱা অত্যাচাৰে আলফাক ইন্ধন প্ৰদান কৰিলে । নিৰ্বাচন বৰ্জন দাবীক সেই সময়ৰ কংগ্ৰেছ চৰকাৰে অকণো গুৰুত্ব প্ৰদান নকৰি জোৰকৈ নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰক্ৰিয়াই সাধাৰণ মানুহৰ এটা বৃহৎ ফৈদক চিআৰপি বিদ্বেষী কৰিছিল আৰু এক সময়ত এই বিদ্বেষে ৰূপ লৈছিল ৰাষ্ট্ৰ বিদ্বেষৰ ।  অসম গণ পৰিষদ আৰু অসম আন্দোলনত সক্ৰিয় ভুমিকা লোৱা অসম সাহিত্য সভাৰ লগত আলফাৰ লক্ষ আৰু উদ্দেশ্যত মতান্তৰ আছিল, তথাপি হিন্দী বলয় আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰভুত্বক প্ৰত্যাহ্বান জনাই নিজৰ নিজৰ প্ৰভুত্ব আৰু অৰ্থনীতি সবল কৰিবলৈ আলফাৰ উপস্থিতিক তেওঁলোকে বিৰোধ কৰা নাছিল । মিজোৰামৰ বিদ্ৰোহী সমস্যা সমাধানত গুৰুত্ব পুৰ্ণ ভুমিকা লোৱা হিতেশ্বৰ শইকীয়া ১৯৯১-৯২ চনত আলফা -চৰকাৰৰ মাজত আলোচনাৰ প্ৰক্ৰিয়াত বিফল হোৱাৰ কাৰণে সুখী হৈছিল তেওঁৰ ৰাজনৈতিক বিৰোধী সকল । কাৰণ আলফা সমস্যা সমাধান হোৱা মানেই আছিল হিতেশ্বৰ শইকীয়াৰ মাইলেজ ।
৯২’ৰ পৰা সময় বাগৰি ২০২১ পালে , তথাপি আলফা সমস্যাৰ সমাধান সু্ত্ৰ নোলাল । একে সময়তে এন চি এন , এন ডি এফ বি , বিএলটি আদি সশষ্ট্ৰ বিদ্ৰোহী সংগঠন সমুহ চৰকাৰৰ লগত আলোচনাৰ মাজেৰে ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰত আস্থা ভাজন হৈ অস্ত্ৰ ত্যাগ কৰিলে । মুইভা , গোবিন্দ বসুমতাৰী , ৰঞ্জন দেমাৰী , সংবিজিৎ আদি বহুজন বি্দ্ৰোহী নেতাই এতিয়া ভাৰতকে আপোন কৰি লৈছে । স্পষ্ট কৈ ক’ব গলে আলফাৰ বহু কেইজন নেতাই ১৯৯২ বা ১৯৯৬ চনত একাংশ বুদ্ধিজীবীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’ব নোৱাৰিলে আৰু এইচাম বুদ্ধিজীৱীয়ে বাতৰি কাকতক মাধ্যম হিচাপে গ্ৰহণ কৰি আলোচনা বিৰোধী পৰিবেশ ৰচনা কৰি থাকিল । আলোচনাৰ মেজত বহা সকলক অসমীয়া জাতি দ্ৰোহী সজাই সমাজৰ আগত খলনায়ক কৰি তুলিছিল ।

প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বৰ দ্বিতীয় কাৰ্যকালত আলফাৰ কাৰণে অতি অনুকুল সময় আছিল । চৰকাৰ গঠন কৰাৰ পিছতেই বহু কেইজন আলফা কাৰাবন্দীক চৰকাৰে জামিনত মুক্তি দিছিল । কিন্তু এই সময়ছোৱাত আলফাই চৰকাৰৰ সহনশীল নীতিক দুৰ্বলতা জ্ঞান কৰি ঠায়ে ঠায়ে সমান্তৰাল প্ৰশাসন চলালে থিক ১৯৮৭-৮৮ ৰ দৰে ।
আলফাৰ মুক্ত বিচৰণ আৰু আচৰণে কেন্দ্ৰক আলফা বিৰোধী স্থিতি লবলৈ বাধ্য কৰায় ; অগপ চৰকাৰ আৰু আলফাৰ মাজত প্ৰত্যক্ষ সংঘাত ইয়াৰ পৰাই আৰম্ভ হয় । পৰৱৰ্তী সময়ছোৱাত গুপ্তহত্যাই পৰিবেশ আৰু অধিক বেয়া কৰায় । প্ৰফুল্ল মহন্তৰ ওপৰত আক্ৰমণ , নগেন শৰ্মা হত্যা আদি বিভিন্ন ঘটনাৰ ফলত অসমৰ জাতীয়তাবাদী এই দুই শিবিৰৰ মাজত বিভেদ সৃষ্টি হয় আৰু অসমীয়া জাতীয়তাবাদে তেতিয়াৰ পৰাই মুৰ তুলিব পৰা নাই । তৰুণ গগৈৰ সময়ছোৱাত অস্ত্ৰ বিৰতি নীতিৰ সহায়ত আলফাৰ বুজন সংখ্যক নেতা , কেডাৰে মুকলি আকাশৰ তললৈ আহিবলৈ সুযোগ পালে আৰু অসমীয়া এইসকল যুবকে ব্যৱসায় , কৃষিৰ মাজেৰে সমাজত প্ৰতিষ্ঠা হবলৈ সুযোগ পালে । তথাপি পৰেশ বৰুৱা বিহীন আলোচনা বাস্তৱ ক্ষেত্ৰত আত্মা বিহীন এটা সুঠাম দেহ । ২০০৪ চনত বিএলটিৰ অস্ত্ৰ  সম্বৰণ , ২০২০ চনত এনডিএফবিৰ প্ৰতিটো গোটৰ দ্বাৰা শান্তি চুক্তিত স্বাক্ষৰ , নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন এচ চি এনৰ লগত ভাৰত চৰকাৰৰ শান্তি চুক্তিত স্বাক্ষৰ আদি ঘটনাৰ লগত প্ৰতিবাৰেই বিজেপি দলৰ চৰকাৰ জড়িত হৈ আছে । বৰ্তমান সময়ত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপিৰ চৰকাৰ । লগতে অসমত বিজেপিৰ এজন দক্ষ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰত অসমীয়াক সন্মান কৰা  মোদী -শ্বাহ যুগলবন্দীৰ এই সুবৰ্ণ যোগত পৰেশ বৰুৱা আৰু কেন্দ্ৰ চৰকাৰৰ মাজত প্ৰত্যক্ষ আলোচনা অসমীয়াৰ কাম্য । মধ্যস্থতাকাৰী হিচাপে অসম চৰকাৰ দায়িত্ব ল’ব লাগিব । কাৰণ ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখন জৱাবদাহী হৈ থাকিব ।বুদ্বিজীবী ধৰণৰ কোনো ব্যক্তিক বা তথাকথিত জাতীয় সংগঠনৰ নেতৃত্বক মধ্যস্থতাকাৰীৰ দায়িত্ব ল’ব দিয়া অনুচিত । আলফা -চৰকাৰৰ আলোচনাত এসময়ত পিচিজিক মধ্যস্থতাৰ দায়িত্ব দিয়াৰ ফলশ্ৰুতি অসমৰ মানুহৰ মনত আছে । আৰু পৰেশ বৰুৱা নেতৃত্বাধীন আলফাইও জীৱনত থানাৰ চৌহদ নেদেখা, চৌধ্য পুৰুষত লাঠীৰ কোব খাই নোপোৱা শিক্ষাবিদ সকলক লগত লৈ জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰা অনুচিত হ’ব ।এনডিএফবি, বিএলটি এ আলফাৰ দৰে জাতীয় অভিৱৰ্তন পাতি সিদ্ধান্ত লোৱা নাছিল । ১৯৯২ বা ১৯৯৬ বা ২০০৬ চনৰ ঘটনা বিলাক পিছলৈ ৰাখি নতুন আশাৰে আলোচনা আগবাঢ়িব লাগিব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰীয়ে ইতিমধ্যে এনডিএফবিৰ ক্ষেত্ৰত বিশাল মনৰ পৰিচয় দিছে ,আনহাতে পৰেশ বৰুৱাইও যুদ্ধ বিৰতি ঘোষণা কৰি আশাৰ সঞ্চাৰ  কৰিছে । আলফা আৰু চৰকাৰৰ মাজত আলোচনা গোপন হ’ব লাগিব । নিউজ চেনেলত আলোচনাৰ আপদেট দিয়াটো দুয়োপক্ষই বন্ধ কৰিব লাগিব । জনতাই বিচাৰে চাৰি দশক চলা সংগ্ৰামৰ এটা সন্মানজনক সমাধান ওলাওক । আশী-নব্বৈৰ দশকত নিজৰ সন্তানক দিল্লীত পঢ়োৱা এচাম ব্যক্তি এইবাৰো ওলাব যিসকলে আলোচনাৰ প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ চেষ্টা কৰিব । এই সকল ব্যক্তিক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব লব লাগিব স্বয়ং হিমন্ত বিশ্ব শৰ্মাই । আগন্তুক তিনিটা বছৰত আলফা আৰু ভাৰত চৰকাৰৰ মাজত আলোচনা বিষয়ক সকলো অগ্ৰগতিৰ ওপৰত ৰাইজৰ নজৰ ৰাখিব আৰু ৰাইজে নজৰত ৰাখিব কেইগৰাকীমান বুদ্ধিজীৱীয়ে পৰেশ বৰুৱা সম্পৰ্কে কি প্ৰতিক্ৰিয়া দিয়ে। হিৰেণ গোঁহাই , অজিত ভুঞা , প্ৰশান্ত ৰাজগুৰু, ময়ূৰ বৰা ,জয়ন্ত বৰুৱা  প্ৰমুখ্যে একাংশ বাওঁপন্থী ব্যক্তিসকলৰ ভাষণ  ৰাইজৰ নজৰত থাকিব ।