ফাকেচ পালৰ সৈতে মুখামুখি

4151

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • হৃষিকেশ মামা 

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


” ইমান গৰম গুৱাহাটীত আগতে কেতিয়াও পৰা নাছিল, বুজিছে ভুঞাঁ ।
অলপ ওপৰৰ পিনে ভাঙি দিয়ক।” ফাকেচে ঘামচি ভাঙি থকা মানুহজনক ক’লে । 
___” আপোনাৰ ইয়াত এচি নাই  নেকি ? ” 
__” আছিল , কিন্তু কি কৰিব ? আপোনালোকৰ মিডিয়াবোৰে মোৰ ভাল সহ্য কৰিব নোৱাৰে । মোৰ এই বিচনীখনৰ নালটো ভাঙি আছে । নতুন বিচনীৰ চাপ্লাই নাই । নহ’লে আপোনাক ঘামচি ভাঙিব দিওঁনে ?  সৌ সিদিনা অসৎ তালুকদাৰৰ ৰুমৰ ফেন খনো বিজুলী ঢেৰেকনীত বেয়া হ’ল , কিন্তু আজিলৈকে থিক কৰি দিয়া নাই । এয়াই নেকি নতুন চৰকাৰৰ পৰিৱৰ্তন ? ” 
___” সেই বাবেই মই  আপোনাক মৰেল চাপোৰ্ট দিছো । “
__”সেই  জন্যে মই আপোনাক ইনটাৰভিউ দিবলৈ সংকোচ কৰা নাই  । ” 
 
কটনু ভুঞাঁ  : পোন প্ৰথমে আপোনাক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ  জনালো  । আমাৰ পোন পতিয়া প্ৰশ্ন জেলত থকি আপুনি কি অনুভব কৰিছে ? 
ফাকেচ পাল : বেয়া লগা নাই । ইয়াৰ পৰিবেশ ভালেই । চিনাকী মানুহ বহু লগ পাইছো । মই আৰু অসৎ তালুকদাৰ দুয়ো সদায় ৰাতিপুৱা খোজ কাঢ়ো । গধুলি যোগা কৰো । যিটো কাম ব্যস্ততাৰ বাবে হয়তো ঘৰত কৰা অসম্ভৱ  আছিল । এতিয়াহে বুজিছো দেহাই বেহা । 
কটনু ভুঞাঁ: আপুনি জামিন পোৱা নাই ।  ইয়াৰ কাৰণ কি বুলি ভাবে ? 
ফাকেচ পাল : মই নিজে জামিন লব বিচৰা নাই। বাহিৰত refund  বিচাৰি লাইন লাগি যাব।
কটনু ভুঞাঁ:  আপুনি নিজক দোষী বুলি ভাবেনে ?
ফাকেচ পাল : মই গ্ৰেপ্তাৰ হোৱাৰ ২ সপ্তাহ পিছলৈ গম পোৱা নাছিলো মোৰ দোষ কি? কোনোবাই কলে যে মেধাৰ ভিত্তিতহে হেনো নিযুক্তি দিব লাগে। মইতো জনা নাছিলো। মই কেনেকৈ দোষী হম?
কটনু ভুঞাঁ: আপুনি ৰাজসাক্ষী হম বুলি ভাবিছে নেকি ? 
ফাকেচ পাল : মই কোনো কাম এনেই নকৰো। চৰকাৰৰ লগত deal হ’লে হ’ব পাৰো।
কটনু ভুঞাঁ: অভিযোগ উঠিছে পৰীক্ষাৰ বহীবিলাক আপুনি আপোনাৰ ভাতৃৰ প্ৰেছত ছপাইছিল আৰু বহীবিলাকত প্ৰাৰ্থীৰ হাতৰ আখৰ অমিল হৈছে । কি ক’ব ? 
ফাকেচ পাল : এইটো কি মোৰ দোষ ? গোটেই শিক্ষা ব্যৱস্থাটো জগৰীয়া হ’ব লাগিব । একোজন  বি এ – এম এ পাছ কৰা ল’ৰাই কিয় ইংৰাজীত এটা বাক্য লিখিব নোৱাৰে ? তদন্ত হ’ব লাগে ছেবাৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যন্ত । মই  ক’ম __ ইয়াৰ বাবে জগৰীয়া আমাৰ শিক্ষাব্যৱস্থা ।
কটনু ভুঞাঁ: স্বাধীনতা দিবস আপুনি জেলত পালন কৰিলে । আপোনাৰ অনুভৱ  ? 
ফাকেচ পাল : এইবাৰ স্বাধীনতা দিবসত মই পৰাধীন । কিন্তু ভাল লাগিল বহু বছৰ মুৰত সকলোৱে লগ লাগি এখন চিনেমা চালো ।  ‘ সঞ্জু ‘ আমাৰ ৠষি কাপুৰৰ ল’ৰাজনৰ, ভাল অভিনয় কৰিছে । 
কটনু ভুঞাঁ:  আপুনি অসমীয়া চিনেমা চাই নে ? 
ফাকেচ পাল : নুন্না আহমেদৰ চিনেমা এখন চাইছিলো। তাৰ পিছত চোন অসমীয়া চিনেমা চাবলৈ ইচ্ছা যোৱা নাই। বাংলা চাই থাকো মাজে মাজে, তাতো আমাৰ জুবনে প্ৰায়ে গান গায়। দুখ লাগে দৰ্শকৰ অভাবত অসমীয়া চিনেমাৰ উদ্যোগটো বেয়া হৈ গৈছে । 
কটনু ভুঞাঁ:  অসমীয়া চিনেমাকলৈ আপুনি কিবা ভাবিছে নেকি ? 
ফাকেচ পাল : ভাবিছো মানে , আপোনাকলৈ মই এটা পৰিকল্পনা কৰিছো । মই এখন ফিল্ম প্ৰডিউচ কৰিম আৰু বাকী খিনি কাম আপুনি চাই দিব লাগিব । সঞ্জয় দত্তৰ বাইঅ’পিকৰ দৰে মোৰ নিজৰ  বাইঅ’পিক ফিল্ম এখন বনাম । 
কটনু ভুঞাঁ:  আপোনাৰ কিয় মন গৈছে বাইঅ’পিক চিনেমা বনাবলৈ ? ৰাইজে জানিব বিচাৰিব । 
ফাকেচ পাল : সঞ্জয় দত্তই  মুন্নাভাইৰ দ্বাৰা ৰাইজৰ চিমপেথি পাইছিল । ‘সঞ্জু’ চোৱাৰ পিছত  দত্ত ডাঙৰীয়া এতিয়া বহুতৰ ৰ’ল মডেল হ’ল । সেয়ে মই এখন চিনেমা বনাম ‘মুন্নাভাই এছিএচ ‘ । ফিল্মখন অকল মোৰ বাবেই নহয় এইখনে অসমীয়া চলচিত্ৰ উদ্যোগটোক পুনৰ উজ্জিবিত কৰাটো সহায় কৰিব ।
কটনু ভুঞাঁ:  অতি সজ কথা চিন্তা কৰিছে আপুনি । ইয়াৰ আৰঁৰ ব্যক্তি কোন ? 
ফাকেচ পাল :  আৰঁৰ ব্যক্তি বুলি ক’লে সঞ্জয় দত্ত বুলিয়েই ক’ব লাগিব । কাৰণ ৰাজু হিৰাণীয়ে দত্ত ডাঙৰীয়াৰ চিনেমা বনাই দত্তক সাধু সজাঁলে । তেন্তে মই কিয় নোৱাৰো । মইটো কোনো ৰাষ্ট্ৰদোহী কাম কৰা নাই । এইবাৰ মই হ’ম সঞ্জয় পাল  আৰু আপুনি কটনু হিৰাণী  হ’ব লাগিব । 
কটনু ভুঞাঁ:  শেষত পুনৰবাৰ  ধন্যবাদ জনালো আৰু আপোনাৰ  সুস্বাস্থ্য কামনা কৰিলো ।
ফাকেচ পাল :  ধন্যবাদ আপোনাকো । আপুনি আহি থাকিব , মই অসৎ তালুকদাৰৰ লগত কথা পাতিম , তেখেতেও এখন  তথ্যচিত্ৰ বনাব বুলি ভাবিছে কাজিৰঙাৰ গড়ৰ ওপৰত । মই খৱৰ দিম আপোনাক ।