এখন বিশেষ ফুটবল খেলেই কাল হ’ল ইটালিৰ

1489
  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ফেব্ৰুৱাৰী ১৯ তাৰিখ , চেম্পিয়নচ লীগ ফুটবলৰ গুৰুত্ব পুৰ্ণ খেল । স্থান শ্বান ছিৰো ষ্টেডিয়াম , বাৰগামো চহৰ । স্পেইনৰ দল ভেলেঞ্চিয়া বিপক্ষে বাৰগামোৰ স্থানীয় দল আটলান্টা । বাৰগামোৰ প্ৰায় এক তৃতীয়াংশ মানুহে ষ্টেডিয়ামত খেল উপভোগ কৰে আৰু স্পেইনৰ পৰাও প্ৰায় ২৫ শ মানুহ ইটালীৰ বাৰগামো চহৰ পায় । বাৰগামোৰ গোটেই চহৰ খনেই উত্ৰাবল হৈ পৰে । বহু বছৰ মুৰত স্থানীয় দলে চেম্পিয়নচ লীগত ঘৰুৱা মাটিত অংশ লয় । ৪-১ ব্যৱধানত আটলান্টা জয়ী হয় । ষ্টেডিয়ামৰ ভিতৰত থকা ৪০ হাজাৰ দৰ্শক আৰু চহৰত থকা প্ৰায় ১ লাখ মানুহে গোটেই নিশা ঘৰে বাহিৰে পাৰ্টী কৰে । মাত্ৰ দুদিন পিছতেই ইটালীত কৰ’ণা ভাইৰাছৰ প্ৰথম জন ৰোগী চিনাক্ত হয় । ৰোগী জন বাৰগামোৰ আৰু ১৮ তাৰিখে ফুটবল খেল উপভোগ কৰা এজন দৰ্শক । থিক একেসময়তে স্পেইনত কৰ’ণাৰ দ্বিতীয় জন ৰোগী চিনাক্ত হয় । এজন ক্ৰীড়া সাংবাদিক আৰু চেম্পিয়নচ লীগৰ খেল খনত উপস্থিত আছিল । কিছু ঘন্টা পিছত খৱৰ আহে আটলান্টা দলৰ গলৰক্ষক জনো কৰ’ণাত আক্ৰান্ত হৈছে । লগে লগে ভেলিঞ্চিয়‍াই পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে আৰু দলৰ ৭-৮ জন খেলুৱৈ কৰ’ণাত আক্ৰান্ত হৈছে । ফেব্ৰুাৱৰী ১৯ তাৰিখৰ পৰা মাৰ্চৰ ১৯ তাৰিখলৈ প্ৰায় ১ হাজৰ মানুহৰ মৃত্যু হৈছে বাৰগামো চহৰত আৰু ৭ হাজাৰৰ ওপৰত ৰোগী চিনাক্ত হৈছে। ইটালীত এতিয়ালৈ ৯ হাজাৰ অধিক মানুহৰ   মৃত্যু হ’ল আৰু প্ৰায় ৯০ হাজৰ মানুহৰ দেহত কৰ’ণা ভাইৰাছ পোৱা গৈছে । কিন্তু খেল চাব যোৱা ৪০ হাজৰ মানুহৰ কিমান সংক্ৰমণ কৰিলে বা কৰি আছে সেই ফলাফল আৰু অধিক ভয়াবহ হ’ব । আটলান্টাৰ কেপ্তেইন এলজেন্দ্ৰো গোমেজে নিজেই কৈছে যে , ” খেল খনৰ অভিজ্ঞতা অতি ভয়াবহ হ’ল ।” মাত্ৰ ১ লাখ ২০ হাজৰ জনসংখ্যাৰ চহৰ বাৰগামোৰ ৪০ হাজৰ মানুহে খেল চাব গৈছিল । এতিয়া প্ৰশ্ন হয় চহৰ খনৰ ভৱিষ্যত কি ?