ফুটবল , ফাউল আৰু জন গণ মন …….

2600
  • দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ৱৰ্ল্ডকাপ ফুটবল চাই থাকিলে বহু কথাই মনলৈ আহি থাকে, শৈশৱ-কৈশোৰৰ….
খেল এখন চলি আছে। এটা দলৰ এজনে আনটো দলৰ এজনক বেয়াকৈ ফাউল কৰিলে। আনজন তিনি-চাৰিবাৰমান ঘূৰি ঘূৰি এটা সময়ত ভৰিখন হাতেৰে সাবটি বাগৰি পৰিল। ৰেফাৰীজনে দীঘলীয়াকৈ হুচেইল বজাই দৌৰি আহিছে ফাউল কৰাজনৰ ওচৰলৈ। তেতিয়া সেইজনৰ অৱস্থা চাবলগীয়া হয়। হাতযোৰ কৰি কুঁজা হৈ এক নিস্পাপ শিশুৰ দৰে মুখখন কৰি ৰেফাৰীজনলৈ আগবাঢ়ি যোৱা দৃশ্যটো দেখিলেই মোৰ মনত পৰে হাইস্কুলত পঢ়ি থকা দিনলৈ। গাৰ্লছ স্কুললৈ ক্লাছ নাইনত নতুনকৈ অহা ছোৱালীজনীৰ নাম ৰুপালী নে ভূপালী শেষৰ বেঞ্চত বহি আলোচনা কৰি থকাৰ সময়তে হেডছাৰে ইয়াণ্ডাবু সন্ধি কোন চনত সোধোতে নোৱাৰাত ছাৰে বেটডাল জোঁকাৰি জোঁকাৰি মৃণালহঁতৰ কাষলৈ যাওঁতে সিহঁতেও তেনে এক দৃশ্যৰে সৃষ্টি কৰিছিল!

খেল চলি আছে। এটি দল আগ বাঢ়ি আছে ১-০ গ’লত। ৯০ মিনিট পাৰ হৈ ‘এক্সট্ৰা টাইম’ চাৰি বা পাঁচমিনিট বঢ়াই দিয়াৰ লগে লগে পিছ পৰি থকা দলটোৰ হঠাতে যেন শক্তি বৃদ্ধি পায়। সেই চাৰি-পাঁচমিনিটত আগৰ নব্বৈমিনিটতকৈও যেন দুগুণ উদ্যমেৰে জঁপিয়াই পৰে। সেই চাই মনত পৰে মোৰ স্কুলৰ পৰীক্ষাৰ দিনকেইটালৈ। দহমিনিট আগত ‘ৱাৰ্ণিং বেল’টো বাজি উঠাৰ লগে লগে আৰম্ভ হৈ যায় দৌৰা-দৌৰি। মগজুৰ সিৰা-উপসিৰা হঠাতে সক্ৰিয় হৈ উঠে। ৰচনাখন শেষ হোৱা নাই, দুটামান বাক্যৰচনা পিছত লিখিম বুলি থৈ দিয়া হৈছে। ৰঘূনাথ চৌধাৰীৰ জন্মচনটো সন্মুখৰজনক সুধি লিখিবলৈ বাকী আছেই….বিৰাট এক দৌৰাদৌৰি, ঠিক সেই ‘এক্সট্ৰা টাইম’ত দৌৰা-দৌৰি লগোৱা খেলুৱৈকেইজনৰ দৰেই!

খেল আৰম্ভ হোৱাৰ সময় হ’লেই আমাৰ হোষ্টেলৰ অশোক নামৰ এগৰাকীলৈ খুউব মনত পৰে। ৱৰ্ল্ড কাপ-২০০২, জাপান-কোৰিয়াত হৈছে খেল। তেতিয়া ভাৰতীয় সময়মতে দুপৰীয়াতে হৈছিল। ক্লাছ কৰি গা ধুবলৈ সোমালোঁ। অশোকক কৈ গ’লো-‘খেল আৰম্ভ হওঁ হওঁ হ’লেই চিঞৰ এটা মাৰি দিবি টিভি ৰুমৰ পৰা’।
অলপ পৰ পিছত অশোকে চিঞৰিলে -‘ঐ আহি যা, ‘জন গন মন’ আৰম্ভ হ’লেই…’। মই লগে লগেই বুজি পালোঁ বোধকৰোঁ দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত বজাবলৈ লৈছে। কৰ্ণ ফ্লেক্সৰ পেকেটৰ ওপৰত লিখা ‘৯৯% ফেট ফ্ৰী’ৰ ফ্ৰীৰ পেকেটটো বিচাৰি দোকানীক নগুৰ-নাকটি কৰা অশোকে যে ‘জন গন মন’ই ক’ব, ভালকৈয়ে বুজিছিলোঁ!


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views