বংগত বিজেপিৰ চৰকাৰ : ১৫৫ + আসন

1429
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ মানুহে আন ৰাজ্যত কৈ পশ্চিম বংগৰ ৰাজনৈতিক বাতাবৰণৰ খৱৰ অধিক পায় । অসমৰ বিভিন্ন প্ৰজন্মই বংগক বিভিন্ন দৃষ্টিকোণেৰে মনত ৰাখি আহিছে । স্বাধীনতা যুদ্ধৰ সময়ত বংগক জানিছিল স্বাধীনতা সংগ্ৰামী বীৰৰ দ্বাৰা । সুভাষ বসু , খুদিৰাম বসু , বংকিম চন্দ্ৰ চট্টিপধ্যায় আদি অনেক সংগ্ৰামীৰ কৰ্মভুমি আছিল বংগ । স্বাধীনতাৰ কিছু বছৰ পিছতেই বংগৰ চিনাকী হৈ পৰে বাওঁপন্থীৰ ৰঙা পাতাকা । এনেকুৱা এটা পৰ্য্যায়ো অসমৰ মানুহে দেখিছে য’ত বাওঁপন্থী চীন-ভাৰতৰ যুদ্ধত চীনক সমৰ্থন দিছিল । বাওঁপন্থী ভদ্ৰলোক নেতাৰ নেতৃত্বত গুণ্ডাবাহিনীৰ গুণ্ডামী আছিল বংগৰ সাধাৰণ ছবি । জ্যোতি বসু , বুদ্ধদেৱ ভট্টাচাৰ্য্যৰ সময় উকলিল ।নতুন দলে বংগক নেতৃত্ব দিলে । মমতা বন্দোপধ্যায়ে চিপিএমক ওফৰাই আৰম্ভ কৰিলে মুছলমান তোষামোদৰ ৰাজনীতি । কংগ্ৰেছ দলৰ পৰা কেইৱৱাৰো সাংসদ হৈ মন্ত্ৰী হোৱা মমতাই এটা সময়ত কংগ্ৰেছ দল ত্যাগ কৰি জন্ম দিলে তৃণমূল কংগ্ৰেছ দলক । ১৯৯৭ চন , জ্যোতি বসুৰ বয়স প্ৰায় ৮৩ বছৰ । বংগৰ ৰাজনীতিত খালী ঠাইৰ জন্ম হ’বলৈ গৈ আছিল । কংগ্ৰেছ দলক চিপিএমৰ বি টিম বুলি সমালোচনা কৰি মমতা বন্দোপধ্যায়ে  কংগ্ৰেছ  আৰু জ্যোতি বসু উভয়কে দুৰ্বল কৰাৰ অভিসন্ধী আৰম্ভ কৰিলে ।  কংগ্ৰেছ আৰু চিপিএমৰ লগত যুদ্ধ কৰিবলৈ প্ৰথম অৱস্থাত কিছু কঠিন আছিল বাৱেই বিজেপিৰ লগত লগ লাগিল ।  বিজেপি চৰকাৰত ৰেল মন্ত্ৰী হ’ল আৰু বিজেপিয়ে গমেই নাপালে কেনেকৈ মমতাই ৰেল বিভাগটোক নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুদৃঢ় কৰাত ব্যৱহাৰ কৰিলে । ২০০১ ত বিজেপিক ত্যাগ কৰি পুনৰ কংগ্ৰেছৰ লগত মিত্ৰতা কৰি বংগ বিধানসভাত নিৰ্বাচন খেলি পৰাজিত হ’ল । ইয়াৰ পিছত পুনৰ বিজেপিৰ কাষ চাপে। এনডিএ চৰকাৰত মন্ত্ৰী হ’ল ।  ২০০৪ চনত পুনৰ কংগ্ৰেছ চৰকাৰ কেন্দ্ৰত গঠন হোৱাৰ পিছত কূটনীতি সলনি কৰি আৰু নিজকে অবিজেপি , অকংগ্ৰেছী চিপিএম বিৰোধী বুলি প্ৰতিষ্ঠা কৰাৰ কৌশল আৰম্ভ কৰে । মুছলমান প্ৰধান দেশ ইণ্ডোনেচিয়াৰ চেলিম গ্ৰুপে পশ্চিম বংগৰ চিপিএম চৰকাৰৰ লগত বানিজ্য কৰাৰ সন্ধী কৰে । সেইমৰ্মে হাওৰাৰ চেলিম গ্ৰুপক মাটি দিবলৈ বুদ্ধদেৱ চৰকাৰে সিদ্ধান্ত কৰে । চিংগুৰ  , নন্দিগ্ৰামত চেলিম গ্ৰুপৰ বিৰুদ্ধে প্ৰতিবাদ হয় ।চিপিএম ধ্বংসৰ আৰম্ভণী হ’ল । ইণ্ডনেচিয়াৰ চেলিম গ্ৰুপে চিপিএমক শেষ কৰি মমতা বন্দোপধ্যায়ক চকীত বহুৱাৰ শেষ আখৰা হয় নন্দিগ্ৰামত । ২০০৭ চন ,চেলিম গ্ৰুপক বিৰোধীতা কৰিব যোৱা ১৪ জন কৃষক পুলিচৰ গুলীত নিহত হয় । ২০০৯ চনৰ  লোকসভা নিৰ্বাচনত চিপিএমক কংগ্ৰেছৰ বি টিম বুলি কৈ তৃণমুল গঠন কৰা মমতাই কংগ্ৰেছৰ লগত লগ লাগি নিৰ্বাচন খেলে আৰু মিত্ৰজোঁটে ২৬ খন আসন পায় । থিক দুটা বছৰ পিছত বংগত অনুষ্ঠিত হোৱা বিধান সভা নিৰ্বাচনত তৃণমুলে চৰকাৰ গঠন কৰে আৰু দিদি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে । ৰাজনৈতিক মহলত হয়টো এতিয়ালৈকে চৰ্চিত হোৱা নাই মমতাক মাইলেজ দিয়া চেলিম গ্ৰুপ আৰু চিপিএমৰ বানিজ্যৰ সন্ধিপত্ৰখন । প্ৰশ্ন হয় ইণ্ডোনেচিয়াৰ চেলিম গ্ৰুপে আচলতে মমতা বন্দোধ্যায়ৰ লগত চুক্তি কৰিছিলে নে বংগৰ চিপিএম চৰকাৰৰ লগত ?  ২০০৯ চনৰ লোকসভাত তৃণমুল আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে বংগৰ ২৬ টা লোকসভা সমষ্টি জয়ী হোৱাৰ বিপৰীতে বাওঁদল বিলাক জয়ী হয় ১৫ টা সমষ্টিত । ইয়াৰ থিক দুটা বছত পিছত বংগৰ বিধানসভাত তৃণমুল মিত্ৰজোঁটে ২২৮ টা বিধান সভা সমষ্টি জয়ী হৈ চৰকাৰ গঠন কৰে । ২৯৪ টা সমষ্টি থকা বংগত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ১৪৭ খন আসন । মুছলমান আৰু চিপিএম বিদ্ধেষী ভোটাৰে মমতা বন্দোপধ্যায়ৰ বৃহৎ জয়ত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে । মমতা বন্দোপধ্যায়ৰ দিনত বংগই নতুন চিনাকী পালে । বিখ্যাৎ গায়ক সুমন চট্টোপধ্যায়ে নিজৰ ধৰ্ম সলনি কৰি ইছলাম হয় আৰু নতুন নাম কবিৰ চুমন গ্ৰহণ কৰি তৃণমুলৰ টিকটত সাংসদ হ’ল । কলিকতা বিশ্ব বিদ্যালয়ৰ পৰা ইছলাম ইতিহাস (Islamic History) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱা মমতা বন্দোপধ্যায়ে হিজাব পৰিধান ছবিয়ে বংগৰ পৰিচয় সলনি কৰে । ২০২১ চনত বংগৰ নিৰ্বাচন । মমতা বন্দোপধ্যায়ৰ মুছলমান তোষামোদ ইমানেই বৃদ্ধি পালে যে ইছলাম ধৰ্মগুৰুৱে মমতা চৰকাৰক সকিয়নি দিবলৈ বাধ্য হ’ল । মুছলমান ক্ৰিমিনেলৰ প্ৰতি সমানেই চকু দিবলৈ চৰকাৰক ধৰ্মগুৰুৱে আহ্বান জনাইছে ।  মমতা বেনাৰ্জীৰ মুছলমান সমালোচকৰ সমান্তৰাল ভাবে বিজেপিয়ে খোপনি পুতিছে বংগত । চি এ এ ( নাগৰিকত্ব সংশোধনী বিধেয়ক) ৰ সময়ত মমতা বন্দোপধ্যায়ৰ স্থিতিয়ে বিজেপিক বহু সহায় কৰিলে । সেইসুত্ৰে ২০১৯ লোকসভা নিৰ্বাচন বিজেপি দলে বংগত অভাবনীয় সফলতা পালে। ১৮ টা লোকসভা সমষ্টি বিজেপিয়ে দখল কৰিলে । ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তৃণমুলে পোৱা ২৬ খন আসনত কৈ বিজেপিয়ে মাত্ৰ ৮ টা সমষ্টি কম পাইছে । কিন্তু বিধান সভাত সংখ্যাগৰিষ্ঠতাৰ বাবে লগা ১৪৭ খন আসনতকৈ বিজেপিৰ ষ্ট্ৰাইক ৰেট অধিক । লোকসভাৰ আসনক বিধান সভা সমষ্টিত তুলনা কৰিলে আগন্তুক নিৰ্বাচনত বিজেপিয়ে নিজাকৈ পাব ১৫৫ + টা সমষ্টিত জয়ী হ’ব । ২০১৭ চনত সংবাদ কৰ্মী প্ৰশান্ত ঝাই সংঘ আৰু বিজেপি নেতাৰ সহায় লৈ লিখি উলিওৱা গ্ৰন্থ’ How BJP Wins’ ত অমিত শ্বাহৰ নিৰ্বাচন জয়ী হোৱাৰ কৌশল বৰ্ণনা কৰা হৈছে । অমিত শ্বাহে মমতা বন্দোপধ্যায়ৰ তোষামোদৰ ৰাজনীতিক ভিত্তি কৰি গঠন কৰিছে ৰামধেনু মিত্ৰতা । বঙালী ,বিহাৰী ,আদিবাসী , জনজাতি , ৰাজবংশী আদি ভোটাৰক সামৰি বিজেপিয়ে তৈয়াৰ কৰা নেৰেটিভৰ চিকাৰ হৈছে বিভিন্ন জন তৃণমুল নেতা । আনহাতে বাহুবলৰ কাৰণে বিজেপিয়ে অন্তৰ্ভুক্ত কৰিছে এচাম বিশেষ মানুহক । মমতাৰ গুণ্ডা বাহিনীৰ চিকাৰ হোৱা পুৰ্বৰ চিপিএমৰ গুণ্ডা বাহিনীক গাওঁ অঞ্চলত বিজেপিয়ে নিয়োগ কৰিছে । ২০১৯ ৰ লোকসভা নিৰ্বাচনত তৃণমুল বাহিনীৰ ৰেগিংৰ বাবে বিজেপিৰ ১০-১২ খন কম হোৱা বাবে আগন্তুক নিৰ্বাচনত চিপিএমৰ এই কেডাৰখিনিক বিজেপিয়ে দলত অন্তৰ্ভুক্ত কৰিছে । ২০২১ চনত মমতা বেনাৰ্জীৰ কাৰণে চিন্তাৰ কাৰণ হৈছে ওৱেচি ভাতৃদ্বয় । বিগত ১০ বছৰত মমতাৰ  মুছলমান তোষামোদে মৌলবাদী এটা শ্ৰেণী বংগত তৈয়াৰ কৰিলে । বৰ্ধিত জনসংখ্যা আৰু ৰাজনৈতিক উচ্চাকাংক্ষাই মুছলমানক সম্পুৰ্ণ মুছলমান দল এটাৰ লগত সংপৃক্ত হোৱাৰ পটভুমিত মমতাই নিজেই সৃষ্ট কৰিলে আৰু সেই সাম্প্ৰদায়িকতাৰ চিকাৰ এইবাৰ নিজেই হ’ব । ওৱেচিৰ কমেও ৩০ -৪০ টা সমষ্টিত প্ৰভুত্ব দেখুৱাই মমতা বন্দোপধ্যায়ক দুৰ্বল কৰিব ।আনহাতে বিজেপিয়ে বংগত নিজৰ বলত প্ৰথম বাৰৰ বাবে চৰকাৰ কৰিব ।