বংগ বন্ধু মুজিবুৰ ৰহমানৰ পৰিয়ালক কেনেকৈ হত্যা কৰিছিল!!

1886
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


বংগ বন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী ২০২০ চনৰ মাৰ্চ মাহ । বাংলাদেশ স্বাধীনতাৰ মুখ্য ব্যক্তি আছিল মুজিবুৰ ৰহমান । বংগবন্ধু মুজিবুৰ বিশ্বৰ ইতিহাসত কোনোদিন পাহৰিব নোৱাৰা এটা নাম । কলিকতাৰ ইছলামীয়া কলেজত পঢ়া সময়তে ৰাজনীতিত নামি পৰে । ৰাজনীতিৰ পথাৰ খনত মুজিবুৰ ৰহমানে নিজকে সক্ৰিয় কৰে আৰু অল ইণ্ডিয়া মুছলিম ছাত্ৰ ফেডাৰচনত যোগদান কৰে ১৯৪০ চনত । কলেজ থকা সময়ছোৱাত বিশেষ জনপ্ৰিয়তা অৰ্জনে ৰাজনীতিৰ গ্ৰাফ ডালক ক্ৰমান্বয়ে দীঘল কৰি নিয়ে ।কলিকতাত প্ৰভুত্ব থকা মুছলিম লীগ নেতা হোছেইন চাহিদ শোহৰায়াদীৰ লগত লগ লাগি  পাকিস্তান দাবীক ব্যপক জনপ্ৰিয়তা প্ৰদান  কৰে । পাকিস্তান গঠনৰ প্ৰাক ক্ষণত কলিকতাত হোৱা ‘ডাইৰেক্ট এক্চন  ডে’ ৰ সময়ত মুছলীম লীগৰ কৰ্মীয়ে চলোৱা হত্যালীলাত মুজিবুৰ ৰহমানৰ ৰাজনৈতিক জীৱনৰ মেন্টৰ হোছেইন চাহিদ এ লোৱা সবল নেতৃত্বৰ ফলতেই হোছেইন চাহিদ জিন্নাৰ নিকট ব্যক্তি ৰূপে স্থান লাভ কৰে ।
আৰু পৰৱৰ্তী সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আসনতো বহে ।১৯৪৩ চনত বেংগল মুছলিম লীগত যোগদান কৰি মুছলমানৰ কাৰণে পৃথক দেশ গঠনৰ দাবীত আলি জিন্নাই কৰা অন্দোলনত সক্ৰিয় অংশ লয় । ৪৭ ‘ ত দেশ বিভাজন সফল  হয় আৰু সেই বছৰতেই কলিকতাৰ স্নাতক ডিগ্ৰী লৈ পুব পাকিস্তানত ৰাজনৈতিক জীৱন আৰম্ভ কৰে । ঢাকা বিশ্ববিদ্যালয়ত নামভৰ্তী লৈ গঠন কৰে ‘ পুব পাকিস্তান মুছলিম ছাত্ৰ লীগ ‘ । মুছলমানৰ কাৰণে মুছলমান দেশ গঠনৰ সফলতাৰ পিছতেই আৰম্ভ হয় ৰাজনীতিৰ নতুন মোৰ । ১৯৪৮ চন ,২১ মাৰ্চ মহম্মদ আলি জিন্নাই পুব পাকিস্তান আৰু পশ্চিম পাকিস্তান দুয়োটা অঞ্চলৰ বাবে উৰ্দু ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰে । ইছলামিক মৌলবী আৰু ৰাজনেতা মৌলানা ভাচানীৰ জনপ্ৰিয়তা শীৰ্ষত আছিল সেইসময়ত । অসমক পুব পাকিস্তানৰ লগত যোগ দিয়াত ব্যৰ্থ হ’লেও ভাচানীয়ে চলে বলে কৌশলে ছিলেটক পুব পাকিস্তানৰ লগত সংযুক্ত কৰাত সফল হৈছিল ।মছলীম লীগত ভাছানীৰ সহযোগী অসমৰ (গুৱাহাটী) অসমীয়া ভাষী চৈয়দ ছাদুল্লা বিভাজনৰ পিছত পুব পাকিস্তানত গুছি নগ’ল কিন্তু মৌলানা ভাচানীয়ে পুব পাকিস্তানত মুজিবুৰ ৰহমানৰ লগ হৈ আৰম্ভ কৰে নতুন ৰাজনৈতিক সমীকৰণ ।
উৰ্দুক ৰাষ্ট্ৰীয় ভাষা ঘোষণা কৰাৰ তিনিমাহ পিছত ২৩ জুনত ঢাকাত ভাচানী আৰু ৪৭’ ৰ মুছলীম লীগৰ ‘ ডাইৰেক্ট এক্চন ডে ‘ ৰ নায়ক হোছেইন চাহিদে নতুন ৰাজনৈতিক দল গঠন কৰে ‘পুব পাকিস্তান আৱামী মুছলিম লীগ’। ইয়াৰ পিছতেই শ্বেইখ মুজিবুৰ ৰহমানেও জিন্নাৰ মুছলীম লীগ ত্যাগ কৰি ভাচানীৰ দলত যোগ দিয়ে । লাহে লাহে পুব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত সংঘাত বৃদ্ধি পায় । ভাচানী আৰু হোছেইন চাহিদৰ মৃত্যুৰ পিছত মুজিবুৰ ৰহামানে জন্ম নতুন দল ‘আৱামী লীগ ‘ । ১৯৭০ চনত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগে সংখ্যাগৰিস্থতা পায় যদিও পশ্চিম পাকিস্তানৰ দ্বিতীয় সৰ্ব বৃহৎ দলৰ নেতা জুলফিকৰ আলি
ভুট্টোৱে মুজিবুৰ ৰহমানক প্ৰধানমন্ত্ৰী পদত নবহাবলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি ইয়াহা খানক দাবী কৰে । শেষত মুজিবুৰ ৰহমানৰ প্ৰধানমন্ত্ৰীৰ সপোন চুৰমাৰ হয় আৰু  জুলফিকৰ আলি ভুট্টো পুনৰ প্ৰধানমন্ত্ৰী হয় । কলিকতাত পঢ়ি থকা সময়ছোৱাত পৃথক মুছলমান ৰাষ্ট্ৰৰ দাবীত আন্দোলন কৰা মুজিবুৰ ৰহমানে এইবাৰ পৃথক ৰাষ্ট্ৰৰ আন্দোলন আৰম্ভ কৰে ভাষাৰ ওপৰত ভিত্তি কৰি ।পশ্চিম পাকিস্তানৰ উৰ্দু ভাষীয়ে পুব পাকিস্তানৰ বঙালী ভাষীৰ ওপৰত শোষণ চলায় আৰু সেই শোষণৰ
বিৰুদ্ধে বঙালী ভাষীৰ বাবে পৃথক পুব পাকিস্তান ৰাষ্ট্ৰই একমাত্ৰ সমাধান সুত্ৰ ।
আক্ৰমণ , প্ৰত্যাক্ৰমণ , পাকিস্তানী সেনাবাহিনীৰ দ্বাৰা গণ হত্যা , সেনা বাহিনীত কৰ্মৰত পুব পাকিস্তানৰ সেনাৰ বিদ্ৰোহ ঘোষণা কৰি মুক্তি বাহিনী গঠন , মুক্তি বাহিনীক ভাৰতৰ দ্বাৰা প্ৰশিক্ষণ আৰু সহায় , ১৯৭১ ৰ ভাৰত -পাকিস্তান যুদ্ধ আদি বিভিন্ন ঘটনাৰ পৰিসমাপ্তিত পুব পাকিস্তান স্বাধীন হয় আৰু নতুন ৰাষ্ট্ৰ বাংলাদেশৰ জন্ম হ’ল । স্বাধীনতাৰ আগে আগে পাকিস্তানী সেনা বাহিনীয়ে খাদ্য মজুত ৰখা গুডাম বোৰ জ্বলায় দিয়াৰ ফলত চৰম খাদ্য সংকত দেখা দিয়ে । খাদ্য সংকটৰ লগে মুজিবুৰ ৰহমান বিৰোধী একাংশ ৰাজনৈতিক আৰু সামৰিক নেতাই দেশৰ পৰিস্থিতি অধিক শোচনীয় কৰি তোলে । পৰিস্থিতি মোকাবিলা কৰাৰ উদ্দেশ্য নিজকে ৰাষ্ট্ৰপতি ঘোষণা কৰে আৰু ৰাজনৈতিক দলৰ দ্বাৰা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব নোৱাৰা আইন প্ৰনয়ণ কৰে ।
প্ৰাৰ্থীয়ে ব্যক্তি হিচাপে নিৰ্বাচন খেলিব পাৰিব আৰু ৰাষ্ট্ৰই প্ৰতিজন প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যায় বহন কৰিব । এই ব্যৱস্থাই ৰাজনৈতিক দলৰ অধিকাৰ শেষ কৰা বুলি এচাপ নেতাই প্ৰতিবাদ কৰে আৰু প্ৰতিবাদৰ আঁৰত অবিভক্ত ভাৰতৰ ইতিহাসত ৰচনা এটা
ভয়ংকৰ ঘটনা । ১৯৭৫ চনৰ ১৫ আগষ্ট  ৰোড নং ৩২ ঘৰ নং ৬৭৭ ধানমন্দী , ঢাকা । বংগবন্ধুৰ ব্যক্তিগত সচিব মহিতুল ইছলাম চৰকাৰী আবাসৰ বাৰণ্ডাৰ কাষৰ নিজৰ কোঠাত শুই আছিল , ভিতৰত বংগবন্ধুৰ পৰিয়াল আৰু বাহিৰত নিৰাপত্তাৰক্ষী ।  বাহিৰত পোহৰ হৈছে মাত্ৰ , সময় প্ৰায় ৫ বাজিছিল । ঘৰৰ বাহিৰত গুলীৰ শব্দ । প্ৰথম তলাত থকা  বংগবন্ধুৰ পুত্ৰ কামাল নামি আহিল । সন্মুখত চিনাকী সেনা বিষয়া ।

___” আপোনালোক আহিছে , চাওঁক চোন কোনোবাই গুলীয়া গুলী কৰিছে ”

কথাখিনি শেষ নহওঁতেই সেনাৰ মানুহ কেইজনে একেলেঠাৰিয়ে কেইবা জাঁই গুলী কামালৰ বুকু ভেদ কৰি দিলে । ঘাতক বাহিনীয়ে কামালক হত্যা কৰি আগবাঢ়ি গ’ল । ওপৰ মহলাত মুখা মুখি হ’ল বংগ বন্ধুৰ ।

” তহঁতে কি কৰিব আহিছ ? মোৰ পৰা কি বিচৰা ? ”

মুজিবুৰ ৰহমানে ঘাটকক চিনি পাইছিল । ব্যক্তিগত সচিব মহিতুলে প্ৰত্যক্ষ কৰিছিল মেজৰ বাজলুল হুডাক , যি জনে শ্বেইখ কামালক গুলিয়াইছিল । মেজৰ মইনুদ্দিন আৰু কেইবাজনো সেনা বিষয়াই  মুজিবুৰ ৰহমানক  আগছি ধৰে । তলৰ মহলাত থকা ব্যক্তিগত সচিব মহিতুলে মাত্ৰ শুনিছিল গুলীৰ শব্দ আৰু বংগবন্ধুৰ উচ্চ কন্ঠস্বৰ । তলৰ মহলাত থকা ব্যক্তিগত সচিব মহিতুলে মাত্ৰ শুনিছিল গুলীৰ শব্দ আৰু বংগবন্ধুৰ উচ্চ কন্ঠস্বৰ । মাত্ৰ শুনিছিল আৰ্তনাদ আৰু দেখিছিল প্ৰথম মহলাৰ পৰা চিৰিৰে তেজ বৈ অহা । বংগবন্ধু শ্বেইখ মুজিবুৰ  ৰহমানক হত্যা কৰাৰ পিছত আৰম্ভ হৈছিল আন এক কৰুণ অধ্যায় । সেনা বিষয়া কেইজনে বন্ধ হৈ কোঠা এটাৰ দুৱাৰত ভৰিৰে গুৰিয়াই দিলে । কোঠাটোত সেই সময়ত আছিল মুজিবুৰ ৰহমানৰ পত্নী বেগম ফজিলাটুনেচা মুজিব , পুত্ৰ নাছেৰ , নাতি ৰাছেল । মুজিব পত্নীয়ে দৰ্জা খুলি দিলে । সেনাৰ বিষয়া কেইজনে গোটেই কেইজনক বাহিৰলৈ উলিয়াই আনে । বাহিৰত তেতিয়াও পৰি আছিল বংগবন্ধুৰ প্ৰাণহীন দেহ । বংগবন্ধুক দেখা মাত্ৰকে কান্দিলৈ ধৰে ।

” আমাক ক’ত লৈ গৈ আছা , আমাকো ইয়াতেই মাৰি পেলোৱা ” , মুজিব পত্নীয়ে আহ্বান কৰে । ইয়াৰ লগে লগে ঘাতকে ষ্টেন গানেৰে গুলী চলায় দিয়ে মুজিব পত্নীৰ ওপৰত । ইয়াৰ পিছত পুত্ৰ শ্বেখ জামাল আৰু নব বিবাহিতা পত্নী পাৰবিন জামাল আৰু শ্বেখ কামাল ( বৰপু্ত্ৰ) ৰ পত্নী চুলতানা কামালক হত্যা কৰে । গৃহ কৰ্মী ৰমা ( ৰহমান)ই শিশু ৰাছেলক লৈ গ্ৰাউণ্ড মহলা  পায় । ৰাছেলে কান্দিছিল , ” মাৰ ওচৰত যাম , মাৰ ওচৰত যাম ।”

এজন ঘাতকে ৰাছেলে কান্দি থকা কাষলৈ আহে ।

”ব’ল ইয়াক মাকৰ কাষত লৈ যাওঁ । ”

ঘাতকে ৰাছেলক ওপৰ মহলালৈ লৈ যায় । মাক , দেউতাকৰ মৃতদেহ দেখুৱাই ৰাছেলক গুলী কৰি হত্যা কৰে । বংগবন্ধু মুজিবুৰ ৰহমানৰ বাসগৃহত আক্ৰমণৰ খৱৰ পায় মিলিটাৰী সচিব কৰ্ণেল জামিল বংগবন্ধুৰ ঘৰলৈ ৰাওঁনা হৈছিল যদিও ঘাতকৰ হাতত আধা বাটতে গাড়ীৰ ভিতৰত তেওঁক হ্ত্যা কৰা হয় ।
ইয়াৰ লগে আন এদল সেনাই বংগবন্ধুৰ ভাতৃ  শ্বেইখ মনিক আৰু তেওঁৰ পৰিয়ালৰ গোটেই কেইজনকো হত্যা কৰে । আনহাতে মুজিবুৰ ৰহমানৰ আন এজন ভাতৃ আব্দুৰ ৰৱ চেৰনিবাট ( কৃষি মন্ত্ৰী)ৰ চৰকাৰী বাসগৃহ আক্ৰমণ কৰি জীয়ৰি বেবি( ১৩) , পুত্ৰ আৰিফ(১০) , নাতি সুকান্ত(৪)ৰ লগতে ভতিজা আৰু ভাগিন গোটেই কেইজনক এটা শাৰীত থিয় কৰাই হত্যা কৰে । পুৱতি নিশাটোত বংগবন্ধুৰ পৰিয়ালৰ ২০ জন পুৰুষ -মহিলা -শিশুক  ঘাতকে হ্ত্যা কৰে । বংগবন্ধুৰ দুই কন্যা সন্তান তেতিয়া বিদেশত আছিল আৰু ভাগ্য ক্ৰমে বাচি গৈছিল । আৰু পিছলৈ মৃত্যুৰ পৰা বাচি যোৱা মুজিবুৰ ৰহমানৰ জীয়ৰী শ্বেইখ হাছিনাই প্ৰায় তিনি দশক মুৰত পিতৃ হত্যাৰ বিচাৰ চলায় আৰু ন্যায়ালয়ৰ নিৰ্দেশত দোষীক ফাঁচি দিয়া হয় ।