বকখালিৰ অলপ অভিজ্ঞতা

1187
  • প্ৰদীপ কুমাৰ পাটোৱাৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ পৰা কলিকতালৈ গ’লে আৰু বঙ্গোপ সাগৰৰ কাষৰীয়া ঠাই এডোখৰত দুই এদিন ফুৰি আহিবলৈ মন কৰিলে বাচি লব পাৰে মন্দাৰমনি আৰু দীঘা অথবা বকখালি সাগৰৰ পাৰ। মই আজি বকখালিৰ অলপ কথা আৰু অভিজ্ঞতাৰ কথা লিখিবলৈ ওলাইছো;  দীঘা – মন্দাৰমনিৰ কথা পিছলৈ ৰাখিলোঁ।
            কলিকতা মহানগৰীৰ ব্যস্ততাৰ পৰা আতৰি দুই এদিন সাগৰৰ পাৰৰ নিৰিবিলি অঞ্চল  এটিত ফুৰি আহিবলৈ মন কৰিলে বাচি লব পাৰে – বকখালি । সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য্যৰে  ভৰপূৰ বৃহত্তৰ সুন্দৰবন  এলেকাৰ অন্তৰ্ভুক্ত আৰু মেনগ্ৰোভেৰে ( Mangroves ) ভৰপূৰ বঙ্গোপসাগৰ পাৰৰ হুগলি   নদীৰ এটি ডাঙৰ ডাঙৰ সুতিৰ আৰু আন দুটা নদীৰ মোহনাৰ একেবাৰে দক্ষিণৰ ঠাই- – বকখালি বা Bakkhali নামৰ মাছমৰীয়া গাওঁ ।
        পশ্চিম বংগ ৰাজ্যৰ দক্ষিণ ২৪ পৰগণা জিলাৰ একেবাৰে দক্ষিণে জোঙা হৈ বহুভূমি বঙ্গোপসাগৰৰ মাজলৈ ওলাই গৈছে , সাগৰ তীৰৰ  তেনেই এটি সৰু মাছ মৰিয়া অঞ্চল ( আজিকালি সৰু চহৰ বুলিও কোৱা হয় ) বকখালি,  সাগৰ তীৰৰ গ্ৰামাঞ্চল , পৰ্য্যটকৰ কাৰণে সাধাৰণ প্ৰয়াস চলোৱা সৰু অঞ্চল এটা। কেইবছৰমান আগতে মূল ভূখণ্ডৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা  ডাঙৰ নাওঁৰে নদী পাৰ হৈ যাব লাগিছিল , এতিয়া নামখানা নামৰ ঠাইত হাটানিয়া-দাওনিয়াদলং নিৰ্মাণ হোৱাৰ পিছত কলিকতাৰ পৰা যাতায়তৰ সু-ব্যৱস্থা হৈছে , ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। এচপ্লেনেদ বা ধৰ্মতলাৰ পৰা বাছেৰে বা সৰু গাড়ীৰে যাব পাৰি । ৰাষ্ট্ৰীয় ঘাইপথ যদিও দ্বি-বিভক্ত ৰাস্তা নহয়, মাজত ভিভাজক বা ডিভাইদাৰ নাই কাৰণে আৰু যানবাহন বেছি হোৱাৰ ফলত গাড়ীৰ গতিবেগত কিছু সমস্যা হয় । মহানগৰীৰ মাজৰ পৰা তিনি চাৰি ঘণ্টা মানৰ প্ৰায় ১৩০ কি: মি: মান দূৰত্ব। ধৰ্মতলা বা এচপ্লেনেদৰ চাহিদ মিনাৰ বা পিয়াৰলেচ বিল্ডিঙৰ ওচৰৰ পৰা সকলো সময়তে যাতায়তৰ সু-ব্যৱস্থা আছে- বাতানুকুল বাছেৰে আগতীয়াকৈ টিকট কাটি গ’লে ভাল , বৰ্তমান ভাড়া ২৫০/- টকা ( Redbus website- Rs 250/-), সৰু গাড়ীৰে কম সময় লাগে, ৰাতিপুৱাতে গৈ ঘুৰি আহিবও পাৰি।
          কলিকতা মহানগৰী পাৰ হলে ৰাস্তাৰ দুয়োকাষে গাঁৱৰ সেউজীয়া পৰিবেশ , মাজে মাজে ধানৰ খেতি, নাৰিকল , আম , চজিনাৰ গছ , গাওঁ আৰু সৰু সৰু চহৰ। আৰু ঠাইয়ে ঠাইয়ে মাছৰ পুখুৰী আৰু বাৰিষাত জলাশয় দেখিবলৈ পোৱা যায়।
       বকখালিত পৰ্য্যটকৰ কাৰণে থকা মেলাৰ হোটেল আৰু পশ্চিম বংগ চৰকাৰৰ অতিথিশালা আছে । এদিন এৰাতি সাগৰৰ পাৰৰ সৰু ঠাই এডোখৰত  নিৰিবিলি নিৰ্মল বাতাবৰণত কটায় মনপ্ৰান ভাল লগাই আহিব পাৰি। ইয়াত সৰু সৰু কেবাটাও সাগৰ পাৰ বা সি-বিচ্ আছে , সন্ধিয়া বা ৰাতিলৈ বহি কটাব পৰা বিচ খনেই হ’ল- বকখালি ( Bakkhali Beach) , ইয়াৰ দৈৰ্ঘ্য প্ৰায় সাত কি: মি:। দিনৰ ভাগত ভূমি ভাগৰ পৰা সাগৰ বহু দূৰত ( প্ৰায় ৫০০ মিটাৰ মান ) যেন লাগে , বহুদূৰলৈ সেমেকা বালিৰ সমতল, কিন্তু সন্ধিয়া হৈ অহাৰ লগে লগে আৰু সাগৰৰ জোৱাৰ-ভাটাৰ কাৰণে সাগৰৰ ঢৌ আৰু পানী পাৰৰ দোকান পোহাৰৰ প্ৰায় ওচৰলৈ আহিবলৈ ধৰে। ইয়াৰ সাগৰৰ পাৰত সূৰ্যাস্তৰ সময়ত ফুৰিবলৈ , সময় ভালদৰে কটাবলৈ ভাল লাগে । সাগৰ তীৰত ( ঘন্টাত ১০ টকাকৈ ভাৰা কৰা ) চকীত সন্ধিয়া বহি জুৰ মলয়াৰ আমেজ লৈ কল্লোলিত সাগৰৰ ঢৌ আৰু দূৰৰ পৰা অহা জাহাজৰ পোহৰে  সাগৰৰ লগত কৰা জলকেলিৰ নান্দনিক দৃশ্য উপভোগ কৰি মনপ্ৰান আনন্দৰে ভৰাই তুলিব পাৰে । সন্ধিয়াৰ সময়কণ ভালদৰে কটাবলৈ পুষ্কা , পাওঁ ভাজি , আইচক্ৰীম , মূৰীমচলাৰ ( জালমুড়ী ) পৰা , সাগৰীয় মাছৰ বহুতো সৰু সৰু দোকান আছে । আৰু আছে শঙ্খ , পাৰ্ল , মনিমুক্তাৰ বহুতো দোকান , আন ঠাইতকৈ দাম কম , ঠগ বাজি নাই যেন লাগে। ইয়াৰ সাগৰীয় মাছৰ সোৱাদ অতুলনীয় । মাছৰ দোকানত ধুনীয়া কৈ সজাই থোৱা থাকে কেঁচা সাগৰীয় মাছ  বা কেঁকোৰা আদি । নিজৰ পচন্দ মতে দেখুৱাই দিব লাগে আৰু লগে লগে কাটি বাচি গৰম গৰম ভাজি বা পকোৰা আদি চাফ চিকুনকৈ বনাই দিয়ে – যেনেকৈ খাব খোজে – এনেয়ে ভজা, বেচনত ভজা , পিয়াঁজী (কচ্চা) , কাচুন্দী দিয়া , সৰিয়হত দিয়া , নানান সুস্বাদু ভাবে বনোৱা , বেছি সময়ো নালাগে। ইয়াত উৰিষ্যাৰ পুৰীৰ সাগৰৰ পাৰত আগতীয়াকৈ বনাই থোৱাৰ দৰে ভজা মাছ দোকান বোৰত দেখা নাপালোঁ। আন ঠাইতকৈ সস্তা , চাফ চিকুন।  সকলোবোৰ মাছৰ নাম মনত নাই যদিও , ইলিচ , পাভ (পাভ্ দা), ডাঙৰ শিঙৰা , সৰু ডাঙৰ মিচামাছ ( শিংৰী) ,  টাইগাৰ প্ৰন , স্টিংৰে , পাৰ্চে , স্কুইদ, টপচী , লৱস্টাৰ , পমফ্ৰেট , ভেটকি , অক্টোপাচ,  ইত্যাদি। জুৰ মলয়াত ভজা মাছৰ সোৱাদ লৈ থাকোঁতে কেতিয়াওনো সাগৰৰ ঢৌ আহি ওচৰ পালেহি ধৰিবই নোৱাৰিলোঁ।
         সৰু চহৰ হ’লেও ভাত-মাছ আদিৰ বহুতো দোকান , হোটেল আদি আছে। মাজে মাজে ইয়াৰ বিখ্যাত ভজা মাছ আৰু সাগৰীয় মাছৰ সোৱাদ লৈ পেট পুৰাই খাবলৈ হোটেল, ৰেষ্টোৰেন্ট বোৰত সোমাব পাৰি , আন ঠাইতকৈ কম দামৰ , চাফ চিকুন ,  সোৱাদ ও ।  অথবা নিজৰ থকা হোটৈলত কৈ আহিলে খোৱা লোৱাৰ ব্যৱস্থা কৰি ৰাখে ।
           চহৰৰ মাজমজিয়াত আছে সৰু চিৰিয়াখানা বা হৰিণা গৃহ ( Deer Park ), য’ত আছে হৰিণা (Spotted Deer) আৰু ঘৰিয়ালৰ ( Crocodile Breeding centre) প্ৰাকৃতিক ভাবে বংশবৃদ্ধি কৰিব পৰা সুব্যৱস্থা , কম সময়ৰ ভিতৰতে, দহ টকাৰ টিকট কাটি চাই আহিব পাৰি । এই আটাইবোৰ ফ্ৰেচাৰগঞ্জ ব্লকৰ ইকো টুৰিজিমৰ অন্তৰ্গত আৰু কোষ্ট গাৰ্ডৰ ৰক্ষণশীল অঞ্চল।
          চহৰৰ পৰা প্ৰায়  ছয় কিলোমিটাৰ মান দূৰত্বত -হেনৰি দ্বীপ , ই-ৰিক্সাৰে যাব পাৰি (চহৰৰ গোটেই ৫ খন চাবলগীয়া ঠাইৰ বাবে ৩ ঘন্টা সময় লাগে আৰু ভাড়া ২০০ টকা মাত্ৰ , ৪ জন যাত্ৰীৰ ) । এই এলেকাও সামুদ্ৰিক পুলিচ বা কোষ্ট গাৰ্ডৰ ৰক্ষণশীল অঞ্চল।। কোনোবা হেনৰি নামৰ ইংৰাজ চাহাব এজনে প্ৰথমে বসবাস কৰিছিল বাবে এই সৰু দ্বীপ টোৰ নাম হেনৰি দ্বীপ , প্ৰধান ভূখণ্ডৰ পৰা কাঠৰ সৰু দলং খোজ কাঢ়ি পাৰ হৈ যাব লাগে। সাগৰৰ পানীত আধা বুৰ গৈ থকা হেনৰিৰ ঘৰ এতিয়াও বিদ্যামান- যাৰ দ্বাৰা অনুমান কৰিব পাৰি যে সাগৰৰ পানীৰ উচ্চতা কেনেকৈ বাঢ়ি যাবলৈ ধৰিছে আৰু নিত্য নতুন সাগৰৰ উপকূলীয় অঞ্চল বুৰাই পেলাইছে । পৃথিৱীৰ প্ৰাকৃতিক বাতাবৰণ গৰম ( Global warming & Arctic ice melting) হৈ বাঢ়ি যোৱাৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰীয় উপকুল ক্ষয় ক্ষতিৰ ইয়াৰ পৰাই গম পোৱা যায়।  ইয়াতো দূৰ দূৰণিলৈ চাব পৰা ওৱাট্চ টাৱাৰৰ ( ওখ ঘৰ ) ব্যৱস্থা আছে, ৫ টকাৰ টিকট। ইয়াত সাগৰ বৰ উত্তাল, সাৱধানতাৰ বাণী লিখা আছে , স্নান কৰাৰ অনুপযোগী , ৰাতিপুৱা ০৮৩০ বজাৰ পৰা সন্ধিয়া ০৫৩০ বজালৈ সোমোৱাৰ অনুমতি দিয়ে। হেনৰি দ্বীপৰ ৰেন্জ অফিচৰ আৱাসিক এলেকাতও থকা মেলাৰ বাবে ব্যৱস্থা আছে।  ইয়াৰ সাগৰৰ নাতিদূৰত সাগৰৰ মাজত জাম্বোদ্বীপ, বছৰৰ বেছি ভাগ সময় পানীৰ তলত বুৰ গৈ থাকে , মানুহৰ বসতি নাই । ৰাষ্টাৰ দাঁতিত বাৰিষাত মিছামাছ পোহা, অক্সিজেনৰ যোগান ধৰিবৰ বাবে ব্যবস্থা থকা বহুতো জলাশয়, পুখুৰী , উইন্দমিল দেখা পোৱা যায়। সাগৰৰ লুণীয়া পানীত মিছামাছ নাথাকে হেনো, পুখুৰীৰ পানীত পোহা হয় মানে বৰষুণ বা মিঠা পানীত ( Fresh water ponds) মিছামাছৰ ব্যৱসায় ভাল হয়। দূৰৰ পৰাই ফ্ৰেচাৰগঞ্জ অঞ্চলৰ উইন্দ মিল কিছুমান দেখিবলৈ পাইছিলো। ইচ্ছা কৰিলে পূৰণি হিন্দু ধৰ্মাৱলম্বীৰ লক্ষ্মীমন্দিৰ চাই আহিব পাৰি।
          সাগৰৰ সৰু জাহাজ বা মাছমৰীয়া নাওঁৰ ঘাট বেনফিচ মাছ বজাৰ – ফ্ৰেজাৰগঞ্জ ফিসিং হাৰবাৰ- চৰকাৰৰ অধীন , সাগৰীয় মাছ কিনাবেছা কেন্দ্ৰ , য’ত মাছমৰীয়াৰ নাওঁ বোৰ সাগৰৰ মাছ মৰাৰ অন্তত ঘাটলৈ আহে আৰু পাইকাৰী হাৰত মাছ বিক্ৰী কৰে, ইয়াতো ১০ টকাৰ টিকট কাটি  সাগৰৰ ধৰি অনা মাছৰ পয়োভৰ আৰু প্ৰজাতি চাব পাৰি , ৰাতিপুৱা গ’লে ভাল। বাটত আহোতে কাৰগিল নামৰ চি বিচ্ – বা সাগৰৰ পাৰ চাই ভাল লাগে।
( প্ৰদীপ কুমাৰ পাটোৱাৰী ,
  কলিকতা, ২৯/০৯/২০১৯)
# ভুল বোৰ শুধৰাই লব/দিব #