বগৰীলতাৰ উচুপনি

2545

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

চবিন বসুমতাৰী

অবশেষত বহু জল্পনা কল্পনাৰ অন্ততঃ বহু প্ৰতিক্ষিত মন্ত্রীসভাৰ সম্প্ৰসাৰণ হ’ল । নতুন মন্ত্রীসকলৰ মুখত হাঁহি বিৰিঙিল।মন্ত্রী হ’ম বুলি কাপোৰ চিলাই থোৱা যিসকলৰ ভাগ্য উদয় নহল , সেইসকলক দুখ, খং, বেদনাই ভাৰাক্ৰান্ত কৰিলে। বহু চিন্তা কৰি এই বিধায়ক সকলে বিমন্ত বিশ্ব ডাঙৰীয়াক লগ কৰাৰ সিদ্ধান্ত ল’লে। কথা মতেই কাম। সকলো বিধায়ক একেলগে গৈ বিমন্ত বিশ্বৰ কাৰ্য্যালয় পালেগৈ। বিমন্ত বিশ্বই এজন এজনকৈ সকলোকে ভিতৰলৈ মাতিলে।

অশান্ত ফুকন: মই তিনি বাৰৰ বিধায়ক। অন্ততঃ মোৰ নামটো কাটিব নালাগিছিল।
বিমন্ত বিশ্ব: গীতাত লিখা আছে ‘আপুনি যেনে কাম কৰিব তেনে ফল পাব’।
অশান্ত ফুকন: ভালকে বুজা নাই কি কব খুজিছে।
বিমন্ত বিশ্ব: ২০১৪ ৰাজ্যসভা নিৰ্বাচনত কি কৰিছিল?
অশান্ত ফুকন: সেইটো আপোনাৰ কথামতে কৰিছিলো নেকি…..
বিমন্ত বিশ্ব: এতিয়া মোক দোষ দি লাভ নাই। মইটো ২০১৬ ৰ পৰা গীতা পঢ়া আৰম্ভ কৰিছো, আপোনিটো বহু বছৰৰ পৰা পঢ়ি আছে।
অশান্ত ফুকন: ভূল হৈছিল। যাওঁ দিয়ক।

বগৰীলতাঃ দাদা! মহিলাক কিয় ঠগিলে? মইটো মন্ত্ৰী হ’ম বুলি পাটৰ কাপোৰো কিনিছিলো।
বিমন্ত বিশ্ব: প্ৰথমতে কন্দা কটা খন বন্ধ কৰাচোন বগৰী। মহিলাক ময়ো সন্মান কৰো। মোৰ মা,মোৰ পত্নীয়ো মহিলা। কিন্তু মহিলা হ’ল বুলিয়ে আমি যাকে তাকে মন্ত্রী দিব নোৱাৰো নহয়। মন্ত্রী হবলৈ কিছুমান প্ৰাথমিক জ্ঞানৰো দৰকাৰ।
বগৰীলতাঃ কিন্তু মুডী ডাঙৰীয়াই যে কৈ থাকে ‘বেটি বচাও বেটি পঢ়াও’
বিমন্ত বিশ্ব: মুডী ডাঙৰীয়াোই বেটি বচাও বুলিহে কৈছে। বেটি মন্ত্রী বনাও বুলিটো কোৱা নাই।
বগৰীঃ ছিঃ মই সুদৰ্শন দাদাৰ কেম্পত থাকিলেই ভাল আছিল।
বিমন্তঃ সেইটোৱে তোমাৰ সমস্যা। তুমি কোনটো কেম্পৰ কোনেও নাজানে। মই তুমাৰ নামটো কাটিলো দাদাৰ কেম্পৰ বুলি ভাবি। দাদাই কাটিলে মোৰ কেম্পৰ বুলি ভাবি। এতিয়া ঘৰত গৈ বৰগীত গাই শুই থাকা।

লমাকান্ত দেউৰীঃ মোকটো মন্ত্ৰী দিম বুলি দলত চামিল কৰিছিল।
বিমন্ত বিশ্ব: সেইটো হয়। কিন্তু এজনো মহিলা নাথাকিলে মন্ত্রীসভা খন বেয়া নেদেখাব নেকি?
লমাকান্ত দেউৰীঃ কিয়, ৰমিলা বাইদেউ দেখোন আছেই।
বিমন্ত বিশ্ব: আপুনি থাকিলে কোনো মহিলাই মন্ত্রী পদ লবলৈ ইচ্ছা কৰা নাই। ৰমিলা বাইদেউও পদত্যাগ কৰিম বুলি কৈছে।
লমাকান্ত দেউৰীঃ মোক আপোনালোকে ইমৰান হাচমি বনাই দিলে। ইয়াৰ প্ৰতিবাদ হ’ব। মই যাওঁ, অসম বন্ধৰ বাবে সাজু থাকক।

কামিনুল ইছলামঃ আপোনালোকে যে কৈ থাকে ‘সবকা সাথ সবকা বিকাশ’ পাহৰিলে নেকি? ৩৫%মানুহে কিন্তু অহা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।
বিমন্ত বিশ্ব: আপোনাক মন্ত্রী দিলে সংখ্যালঘু সমষ্টিত আমাক জিকাব পাৰিব?
কামিনুল ইছলামঃ নিশ্চয় পাৰিম। আমাৰ ৰাইজে আমাৰ দলক হিয়া উজাৰি ভোট দিব।
বিমন্ত বিশ্ব: এটা মন্ত্রীপদ এতিয়াও খালি আছে। এই কাগজ খনত লিখিত ভাবে দিয়ক যে আপুনি ধুবুৰী লোকসভাত দলক জিকাব পাৰিব। তাৰ পিছত আপোনাৰ মন্ত্ৰিত্ব খাটাং ।
কামিনুলঃ দাদা মই কলমটো লৈ কেইদিনমান পিছত আহি আছো।

নিলাদিত্য দেৱ: আমাৰ সংগে কেন এইৰকম কৰলেন? এই দেৱকে আপনি উপেক্ষা কৰলেন?
বিমন্তঃ একটা দেৱকো ত্রিপুৰা মে মুখ্যমন্ত্রী বনাকে আমি প্ৰেচাৰ কা টেবলেট খা ৰহা হে। আৰু তুমাকে বনালে আমি পাগলা হৈ যাব।
নিলাদিত্যঃ কিন্তু বাঙালী যে কেউ নেই।
বিমন্ত: পুৰিমল কি নেপালী?
নিলাদিত্য: কিন্তু উনি তো বৰাকেৰ।
বিমন্তঃ আৰে বাবা এনেকে যদি মন্ত্রী দিব লাগে তেন্তে আমি ৫০জনক মন্ত্রী দিব লাগিব। এইবাৰ তুমাৰ হবে না।
নিলাদিত্যঃ কি বোলচেন? আমি সুদৰ্শন দাদাৰ কাচে যাবো।
বিমন্তঃ All the best. মোক জনাবা কি কি গালি দিয়ে।

বিমন্ত বিশ্ব: মন্ত্রী পতাটো মুখ্যমন্ত্রীৰ বিশেষ অধিকাৰ।মোৰ ওচৰলৈ আহি এনেই সময় নষ্ট কৰিছে।
পতুল বৰাঃ বাঃ মোৰ বেলিকা মুখ্যমন্ত্রী। বাকী সকলক দেখো গীতা-কোৰানৰ জ্ঞান দি পঠাইছে।
বিমন্ত বিশ্ব: আপোনাক বুজাইও কিবা লাভ আছে জানো?
পতুল বৰাঃ পাহৰি নাযাব , মই এক লাখ ভোটত জিকোছো।
বিমন্ত বিশ্ব: তাৰ আগতে যে তিনিবাৰ হাৰিছিল মনত পৰেনে?
পতুল বৰাঃ মইটো শিক্ষক নহয় যে আপুনি অপমান কৰি যাব আৰু মই শুনি যাম। মই বিষ্ফোৰন কৰিম।
বিমন্ত বিশ্ব: বিষ্ফোৰন পিছত কৰিব। আগতে অহাবাৰ টিকট পাইনে চিন্তা কৰক। জয়ন্তই খুব লাগি আছে।
পতুল বৰাঃ মই ধেমালিহে কৰিছিলো। মই জইন কৰা সময়তে কৈছিলো যে এই দল কেতিয়াও নেৰো। আপুনি লিখা কিতাপ দুখনো মই পঢ়িছো। বঢ়িয়া হৈছে।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com