বাঘ হাজৰিকা: এটা কাল্পনিক চৰিত্র

1498
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বখতিয়াৰ খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি লক্ষ লক্ষ পুথি জ্বলাই দিছিল। দহ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন লৈছিল, সেই খিলজীৰ নামেৰে বিহাৰত আছে এখন সম্পূৰ্ণ চহৰ। নাম বখতিয়াৰপুৰ। সেই খিলজীক খেদি পঠিওৱা কামৰূপ নৃপতি পৃথুৰ বিষয়ে নিশ্চুপ প্ৰায় ইতিহাস। কোনে লিখিছে ভাৰতবৰ্ষৰ অসমাপ্ত অৰ্ধসত্য বুৰঞ্জী?
লাচিত দিৱস হওক বা অন্যৰ ৰাষ্ট্ৰহিতৈষী সভাৰ ভাষণত বক্তাই সময় দীৰ্ঘতাৰ সলনি ইতিহাস পৰিচয় সুস্পষ্ট আৰু সহজবোধ্যকৈ To the point ক’লে বুজিব ভাল।
ঔৰংগজেৱ নামৰ স্ব পিতৃহন্তা শোষণকাৰী চৰিত্ৰৰ ক্ষমতালোভী মোগল ৰাজদণ্ডধাৰীৰ সৈণ্যই ৰামসিংহৰ নেতৃত্বত তাহানিৰ বৰ অসম তথা তদানীন্তন উত্তৰপূৱ ভাৰত আক্ৰমণ কৰিছিল। লাচিত বৰফুকণ আছিল প্ৰথম ৰাষ্ট্ৰবাদী ভাৰতীয় সেনাপতি যি উত্তৰপূৱ ভাৰতৰ সভ্যতা সংস্কৃতিক আগ্ৰাসী মোগলৰ পৰা নৰীয়া গাৰে যুঁজিও ৰক্ষা কৰিছিল। ভাৰতবৰ্ষ সিন্ধু নদীৰ পাৰৰ সভ্যতাৰে পৰিপুষ্ট। এই সভ্যতাই হিন্দু সভ্যতা। গতিকে প্ৰতিজন ভাৰতীয় সভ্যতা-সংস্কাৰ শৈলী হিন্দু সভ্যতা সংপৃক্ত। এই সত্য অনস্বীকাৰ্য কৰিব কেনেকৈ?
বাঘ হাজৰিকাক বিচাৰিলে সমগ্ৰ আহোমবুৰঞ্জীত তথ্যৰ অভাৱ!ইছমাইল ছিদ্দিকী সম্পৰ্কে আলোচনা হ’লেই “বাঘ হাজৰিকা”ৰ সম্ভ্ৰভ ৰক্ষা কৰিবলৈ আহে অনেকে! আচলতে এই বাঘ হাজৰিকাৰ সৃষ্টি সুচতুৰ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। লাচিতক হিন্দু বীৰ বুলিলে অসুবিধা থকা সকলেই পিছে বিৰাট হৰফেৰে কয় ইছলামধৰ্মী বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীও আছিল হাজাৰ আহোমসৈন্যৰ ওপৰত দলপতি যি যুঁজিছিল আগ্ৰাসী মোগলৰ বিৰুদ্ধে হাজৰিকাৰ মৰ্যাদাৰে। পিছে “বাঘ” উপনামটো লাগিল অথবা লগাইছিল কোনে? বহুকেইজন আহোম সৈণ্যদলৰ হাজৰিকাই যুঁজিছিল লাচিত বৰফুকনৰ নেতৃত্বত বীৰ বিক্ৰমেৰে তেন্তে যিকোনো এজন হাজৰিকালৈ বিশেষ ধৰ্মৰ ভিত্তিত ইতিহাসকাৰৰ বিশেষ দৰদ কিয়?কেৱল লাচিতৰ নাম থকাত আপত্তি থকা কোনো সুচতুৰ বুৰঞ্জীকাৰে পুননিৰ্মাণ কৰা ইতিহাসৰ সৃষ্টি নামে ধামে”বাঘ হাজৰিকা।” বাঘ হাজৰিকাৰ প্ৰসংগ যিমানে হাইলাইট হয় তাৰ বিপৰীতে আমাৰ স্বদেশ বীক্ষণৰ দৃষ্টিকোণেৰে জনা অনিবাৰ্য মহাবীৰ ৰজা পৃথু আদি বীৰক কোনো প্ৰপ’গাণ্ডাৰ আধাৰত পৰিকল্পিত ভাবে অতীজতে এৰাই চলিলে ইতিহাসকাৰ সকলে। কিন্তু কাৰ ইছাৰাত আৰু কিয়? এইসকল ৰজাৰ বীৰত্ব গাঁথা জনা মানুহৰ সংখ্যা নগণ্য। বখতিয়াৰ খিলজীৰ দৰে পৈশাচিক মোগল চৰ্দাৰক ঘাটে ঘাটে পানী খুৱাই সীমাৰ বাহিৰলৈ থেলি দিয়া ৰজা পৃথুও কিন্তু কোনোগুণে কম বীৰ নাছিল।(দীঘলীয়াকৈ লিখিম!)।তেন্তে কাল্পনিক ভাৱে বহুকেইগৰাকী আহোম সৈন্য দলৰ মাজৰে যিকোনো এজন হাজৰিকাক ইছলামধৰ্মী নাম এটাৰে মহাবীৰ সাজি লাচিতৰে সনাপোটোকা কৰাৰ আৰত তথাকথিত ছেকুলাৰ ৰাজনৈতিক প্ৰেক্ষাপটত সুবিধাবাদী পণ্ডিতসকলৰ সুবিধা অনুযায়ী ইতিহাস পুননিৰ্মাণৰ প্ৰৱণতা। তাৰ ফলতেই আজি “মহাৰাজ পৃথুৰ”বীৰত্ব বুৰঞ্জীত অৱহেলিত অথচ বাঘ হাজৰিকাৰ কাল্পনিক চৰিত্ৰক লৈ বিতৰ্কই বুটলিছে টি আৰ পি।