বাজপেয়ীৰ সমৰ্থনত সুষমা স্বৰাজৰ দুৰ্দান্ত ভাষণ

5892
  • দেবজিত দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


“আমি দেশৰ সেৱাৰ কামত নিয়োজিত হৈ থাকিম। আমি সংখ্যা বলৰ আগত মূৰ নত কৰিছো আৰু আপোনালকক বিশ্বাস দিছো যে যি কাৰ্য্য আমি হাতত লৈছো, সেইটো ৰাষ্ট্ৰ উদ্দেশ্যত যেতিয়ালৈকে পূৰণ কৰিব নোৱাৰো তেতিয়ালৈকে বিশ্ৰাম নলওঁ, আৰাম নলওঁ। অধ্যক্ষ মহোদয় মই নিজৰ পদত্যাগ পত্র ৰাষ্ট্ৰপতিক প্ৰদান কৰিবলৈ গৈ আছো”, এটা ঐতিহাসিক ভাষন সমাপ্ত কৰি এনেদৰে প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সংসদৰ মজিয়াত বিশ্বাস ভোটত নিজৰ পৰাজয় স্বীকাৰ কৰিছিল। কৌটি কৌটি লোকে টেলিভিছনত এই ভাষন প্ৰত্যক্ষ কৰিছিল। ২৭ মে ১৯৯৬ চনৰ বাজপেয়ী ডাঙৰীয়াৰ এই ভাষনে বহু ভাৰতীয়ৰ চকু সেমেকাই তুলিছিল।

১৩ দিনৰ বাজপেয়ী চৰকাৰৰ পতনৰ পিছত যেতিয়া নতুন প্ৰধান মন্ত্রী দেৱগৌড়াই বিশ্বাস মতৰ প্ৰস্তাব ৰাখে তেতিয়া বিজেপিৰ প্ৰধান সেনানী হৈ থিয় দিয়ে এগৰাকী ৪৪ বছৰীয়া মহিলা। এই মহিলা জনীয়ে আছিল বৰ্তমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী সুষমা স্বৰাজ । নিজৰ নেতা অটল বিহাৰী বাজপেয়ীক বিৰোধীয়ে কৰা প্ৰতিটো তিৰস্কাৰৰ প্ৰত্যুত্তৰ দিছিল স্বৰাজে। তেখেতে ভাষন দিয়াৰ সময়ত কাষতে বহি নিৰবে শুনি আছিল বাজপেয়ী মহোদয়ে। তেখেতৰ ৩০ মিনিটৰ ভাষন আছিল আবেগ আৰু হাস্যৰসৰ সংমিশ্ৰণ। নিজৰ দলৰ সাংসদ সকলে প্ৰতিটো পাঞ্চ লাইনৰ পিছত হাত চাপৰি বজাই স্বৰাজ ডাঙৰীয়ানীৰ উৎসাহ বঢ়াইছিল। তেখেতৰ পিছফালে বহি থকা বিজেপিৰ আন এজন সাংসদে নিজৰ আবেগক দমন কৰিব নোৱাৰি বাৰে বাৰে ৰুমালেৰে তেখেতৰ চকু দুটা মছি আছিল। তেখেতৰ সাৰুৱা ভাষনত কি শাসক কি বিৰোধী সকলো ফালৰ পৰা হাঁহিৰ ৰোল উঠিছিল। অধ্যক্ষ পি চাংমাই ধেমালিতে কৈছিল “Don’t make your speech so interesting”.

সুষমা স্বৰাজে অটল বিহাৰী বাজপেয়ীক প্ৰভু ৰামচন্দ্ৰ আৰু যুধিষ্ঠিৰ  লগত তুলনা কৰি কৈছিল যে অতিতৰে পৰা যোগ্যজন ৰাজ্যাধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এগৰাকী মন্হৰা আৰু এজন শকুনিৰ বাবে ৰামচন্দ্ৰ আৰু যুধিষ্ঠিৰৰ দৰে মহাপুৰুষে বনবাস খাতিবলগীয়া হৈছিল , বাজপেয়ীৰ বিৰুদ্ধেতো কিমান শকুনি আৰু কিমান মন্হৰাই কাম কৰি আছে তাৰ হিছাপ নাই। স্বৰাজে কৈছিল “২৮ মে তাৰিখে মাননীয় অটল বিহাৰী বাজপেয়ী প্ৰধান মন্ত্রী পদৰ পৰা পদত্যাগ পত্র দাখিল কৰিছিল। সিদিনাই ভাৰতত ৰামৰাজ্যৰ ভূমিকা তৈয়াৰ হৈ গৈছিল। দূৰদৰ্শনত জীৱন্ত প্ৰচাৰন চাই থকা ভাৰতৰ প্ৰজাই সেইদিন কৈছিল এয়া অন্যায় হৈছে। অন্যায়ে কিন্তু কেতিয়াওঁ এতিটো স্বীকাৰ নকৰে যে তেওঁলোকে অন্যায় কৰিছে, অন্যায়েতো নিজৰ স্বাৰ্থক  সিদ্ধান্তৰ অাবৰণ পিন্ধাই এনেকুৱাকৈ প্ৰস্ত্তত কৰে যেন সকলোতকৈ বেছি ন্যায় তেওঁলোকে কৰিছে। আৰু ঠিক তেনেকুৱাই এই সদনত ঘটিছে। ধৰ্ম-নিৰপেক্ষতাৰ আবৰণ উৰি এই সকলো দল আমাৰ বিপক্ষে একজোট হৈ গ’ল। আমাৰ নেতাই কৈছিল ধৰ্মনিৰপক্ষেতা বনাম সাম্প্ৰদায়িকতাৰ ওঁপৰত ৰাষ্ট্ৰীয় বিতৰ্ক হ’ব লাগে।”

সুষমা স্বৰাজ ডাঙৰীয়ানীয়ে ইয়াৰ পিছত সাম্প্ৰদায়িকতা বনাম ধৰ্ম-নিৰপেক্ষতাৰ ওঁপৰত কথা কৈ কংগ্ৰেছ আৰু অন্য দলক একপ্ৰকাৰ তুলা ধুনা দিয়ে। ডিএমকেৰ মুৰাচলি মাৰানক প্ৰত্যুত্তৰ দি সুষমা স্বৰাজে সংসদৰ মজিয়াত ভাৰতীয়তাৰ সুন্দৰ বাখ্যা ডাঙি ধৰে। ” পশ্চিম বংগত জন্ম লোৱা এন চি চেটাৰ্জীয়ে নিজৰ পুত্রৰ নাম সোমনাথ ৰাখে, এইটোৱে হ’ল এই ভাৰতীয় সংস্কৃতি।” সদনৰ সদস্যসকলে বুজিলে যে তেখেতে জ্যেষ্ঠ নেতা সোমনাথ চেটাৰ্জীৰ নাম কৈছে আৰু লগে লগে সদনত হাত চাপৰি আৰু হাঁহিৰ শব্দ। সুষমা স্বৰাজ ইয়াতে ক্ষান্ত হোৱা নাছিল। তেখেতে বিৰোধীক আক্ৰমন কৰি কয় যে তেওঁলোকে সাম্প্ৰদায়িকতাৰ নামত আচলতে একজোট হোৱা নাই। তেওঁলোকে নিজক বিভিন্ন কেচৰ পৰা বছাবলৈ একলগ হৈছে। কমিউনিষ্ট সকলকো নিজৰ আদৰ্শৰ পৰা ফালৰি কাটি অহাৰ বাবে স্বৰাজে সমালোচনা কৰিছিল। নিজৰ ভাষনৰ শেষৰ ফালে সুষমা স্বৰাজৰ এই বাক্য শাৰীয়ে সদনত সকলোতকৈ বেছি প্ৰশংসা লাভ কৰিছিল ” ৰামবিলাছ পাছোৱান আৰু শৰদ যাদবৰ মতে এই চৰকাৰ চলিব কাৰণ নৰসিংহ ৰাওৱে কথা দিছে । আৰে ভাই, নৰসিংহ ৰাওৱেতো মৌন ব্ৰত ধৰি বহি আছে , ভূমিকা লৈ আছে এইজনে (শৰদ পাৱাৰলৈ আঙুলিয়াই); আৰু এইজনে শৰদ পাৱাৰৰ ভূমিকা লৈ থকা নাই এইজনে ললিতা পাৱাৰৰ ভূমিকা লৈ আছে।” শৰদ পাৱাৰক ৰামায়ণ ধাৰাবাহিকত মন্হৰাৰ চৰিত্রত অভিনয় কৰা ললিতা পাৱাৰৰ লগত তুলনা কৰা ষ্টাইল শুনি যেন সদনত হাঁহিৰ বৰষুন হ’ল। শৰদ পাৱাৰেও নিজৰ হাঁহি ৰখাব পৰা নাছিল। শৰদ পাৱাৰৰ থিক কাষতে বহি থকা প্ৰাক্তন প্ৰধান মন্ত্রী চন্দ্ৰশেখৰে থিয় হৈ ধেমালিতে কলে যে ইয়াত আপত্তি কৰিবলগীয়া একো নাই। “if it is her experience about him why should we object”. ইউনাইটেড ফ্ৰন্টৰ চৰকাৰ বেছিদিন নচলে বুলি কৈ সুষমা স্বৰাজে ভবিষ্যত বাণী কৰিলে “This political orchestra will disparage even before the show begins, they are so used to singing their own tunes “.

তাৰ পিছত কি হ’ল সেয়া ইতিহাস। ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ ১৯৯৭ চনত পতন ঘটিল আৰু ভাৰতৰ জনতাই অটল বিহাৰী বাজপেয়ীক ৬ বছৰৰ বাবে প্ৰধানমন্ত্রীৰ আসনত বহুৱালে। ১৯৯৬ চনত বিজেপিক সাম্প্ৰদায়িক বুলি টেটু ফালি চিঞৰি বাজপেয়ীৰ নিচিনা মহান নেতাৰ চৰকাৰক ১৩ দিনত পতন ঘটোৱাত মুখ্য ভূমিকা লৈছিল ৰামবিলাছ পাছোৱান, শৰদ যাদব, চন্দ্ৰবাবু নাইডু আদিৰ দৰে নেতাই। খুব কম দিনৰ ভিতৰতে এওঁলোকে আকৌ সাম্প্ৰদায়িক(?) বিজেপিৰ লগত মিত্রতা কৰি বাজপেয়ী মন্ত্রীসভাৰ অংশীদাৰো হৈছিল। এয়াই হয়তো ৰাজনীতি।