বাতৰি কাকতৰ ৰোষৰ বলি হোৱা এগৰাকী অকৃত্ৰিম দেশপ্ৰেমীক

4266

 


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এডভান্টেজ অসম ,নমামি ,তাজ হোটেল , জিনজাৰ নে গিনজাৰ , দিনদয়াল আচঁনি , লুইত পৰীয়া সমাবেশ আদি অজশ্ৰ শব্দৰ প্ৰয়োগত ‘মাহীআইৰ চকু ‘ কথাফাঁকি বাতৰি কাকতৰ পৰা নোহোৱা হৈ গ’ল । গোপীনাথ বৰদলৈৰ পিছত মিডিয়াই ঢুকি পোৱা আধুনিক অসমত বুৰঞ্জীৰ প্ৰাক্তন অধ্যাপক এজনৰ দুৰদৃষ্টি আৰু কৌশলী ৰাজনীতিবীদ এজনে বিজেপি অহাৰ বহু আগেয়ে অসম ভুখণ্ডত ৰাষ্ট্ৰীয়তাবাদৰ উত্তৰণ ঘটাইছিল । যদিও বৰ্তমান সময়ছোৱাত ৰাষ্ট্ৰীয়তাবাদ বুলিলে সংঘ , বিজেপি , গেৰুৱা বাহিনী আদি শব্দৰ উচ্চাৰণ হয় , কিন্তু ৮০’ ৰ দশকতে এজন ৰাজনীতিবীদে অসমত ৰাষ্ট্ৰীয়তাবাদৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল । সেইজন আছিল প্ৰয়াত হিতেশ্বৰ শইকীয়া , অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল । ৰাজনৈতিক বিচক্ষনতা আৰু দুৰদৃষ্টি সম্পন্ন হিতেশ্বৰ শইকীয়া আছিল এজন অবিসম্বাদী নেতা । জুইয়ে পোৰা তিৰাশীৰ সেই নিৰ্বাচনৰ পিছৰ সন্ধিক্ষনৰে পৰিপুৰ্ণ সময়ছোৱাত ইন্দিৰা গান্ধীয়ে হিতেশ্বৰ শইকীয়াৰ বিচক্ষনতাক ভৰষা কৰি চৰকাৰৰ নেতৃত্ব ল’বলৈ দায়িত্ব অৰ্পন কৰে ।
  আজি সৰ্বত্ৰে উচ্চাৰিত ‘অসম চুক্তি ‘ ।  সাক্ষৰকাৰী আছু নেতৃত্বক আলোচনাৰ টেবুললৈ অনা মূল ব্যক্তিজন  আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া  । শইকীয়াৰ পাৰদৰ্শীতাত মুগ্ধ হৈ ৰাজীৱ গান্ধীয়ে ১৯৮৫ ৰ নিৰ্বাচনৰ  পিছতেই মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি তেওঁক দিয়ে । মিজোৰামতো সেই সময়ছোৱাত অসমৰ দৰে অশান্ত পৰিবেশ চলি আছিল । কেন্দ্ৰৰ বিৰুদ্ধে মিজোৰামত প্ৰবল জনমত গঢ়ি উঠিছিল ।  সন্ত্ৰাসবাদী সংগঠন আৰু কেন্দ্ৰৰ মাজত সম্পাদিত ‘মিজো চুক্তি ‘ত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰি ৰাজীৱ গান্ধীক আপ্লুত কৰিব পাৰিছিল  ।
‘অসম আন্দোলনে ‘ অসমীয়া জাতিয়তাবাদক যিদৰে চুড়ান্ত সীমাত উপনীত কৰাইছিল , সেই একেদৰে অসম ৰাজ্যত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা সমুহক বৃহত্তৰ অসমীয়া সমাজখনৰ পৰা আতৰি যোৱাত সহায় কৰিছিল । সৰু সৰু জনগোষ্ঠীসমুহে আত্মনিয়ন্ত্ৰনৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে । অহিংস আন্দোলন এটাই যেতিয়া ঠাইয়ে ঠাইয়ে হিংসাত্মক ৰূপ লৈছিল তেতিয়া খিলঞ্জীয়া মানুহৰ মাজতেই বিভেদ আৰু অবিশ্বাসৰ ভাব ৰোপন হ’ল । অসমলৈ সোতঁ বলে দিল্লীৰ নেতা অৰুণ শ্বোৰী , যশবন্ত সিং ৰ লগতে আন বহু নেতাৰ । বহিৰাগতৰ ঠাইত বিদেশী শব্দৰ উচ্চাৰণ বেছিকৈ হ’বলৈ আৰম্ভ কৰিলে । তিৰাশীৰ নিৰ্বাচনী হিংসাই চুড়ান্ত পৰ্য্যায় পালে । চিআৰপি  বাহিনী আৰু  একাংশ আন্দোলনকাৰীৰ কাৰুকাৰ্য্যত অসমত মানৱতা হেৰাই গ’ল । এইখিনি সময়তে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বৰ কৌশলী বাহিনীয়ে আছু নেতৃত্বত থকা মুছলমান নেতাসকলৰ মাজত সন্দেহৰ বীজ ৰোপন কৰিছিল । বাৰে বাৰে সোৱঁৰাই দিয়া হৈছিল নেলীৰ হত্যাকাণ্ড । একেদৰে আন আন খিলঞ্জীয়া জাতি যেনে বড়ো, আদিবাসী , চাহ জনগোষ্ঠীৰ নেতা সমুহৰ আন্দোলনৰ ফলাফলকলৈ অবিশ্বাসৰ মনোভাব বৃদ্ধি হৈছিল । জন্ম হৈছিল উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দৰে নেতাৰ । ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা সমুহে অসম আন্দোলনক  বৰ্ণ হিন্দু অসমীয়াৰ কাৰণে আৰু বৰ্ণহিন্দু উচ্চ জাতৰ অসমীয়াৰ দ্বাৰা কৰা আন্দোলন বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰিলে । এনেকুৱা  এক সন্ধিক্ষনৰ সময়ত আছু নেতৃত্বই বাধ্য হৈছিল চৰকাৰ লগত আলোচনাত বহিবলৈ ।
১৯৯১ ৰ অসম নিৰ্বাচন । কংগ্ৰেছৰ নেতৃত্বত আকৌ এবাৰ হিতেশ্বৰ শইকীয়া । আলফা তেতিয়া অগপৰ সমৰ্থনত নাই । প্ৰায় সম্পুৰ্ণ নিৰপেক্ষ ভুমিকাত আলফা । শইকীয়াৰ নেতৃত্বত গাওঁ – নগৰ -চহৰ সকলোতে কংগ্ৰেছৰ জোৰদাৰ প্ৰচাৰ । অগপ নেতৃত্বই হতাশ কৰা বড়োসকলে পুনৰ কংগ্ৰেছৰ ওপৰত আস্থা পোষন কৰা আৰু কংগ্ৰেছৰ আলি- কুলি ভোট বেংকৰ ৰাজনীতিত অগপ দিশহাৰা ।  ৮৫’ৰ ঢৌত ৩২.৫% ভোটেৰে ৬৪ খন আসন পোৱা অগপৰ প্ৰধান বিৰোধী আছিল অসম চুক্তিৰ বিৰুদ্ধে জন্ম লোৱা ইউএমএফ দল । ইউএমফ জয়ী হৈছিল ১৭ টা বিধান সভা সমষ্টিত । গোষ্ঠী ৰাজনীতিত অগপই ৯১’ৰ নিৰ্বাচনত মুখ থেকেচা খালে আৰু পুনৰবাৰ কংগ্ৰেছৰ চৰকাৰ হ’ল ।
১৯৯১ চনৰ পৰা আজিলৈকে প্ৰতিখন ৰাজ্য চৰকাৰে আলফা সমস্যাটো  নিজা নিজা পন্থাৰে মোকাবিলা কৰি আছে । ২০১৬ নিৰ্বাচনৰ বাহিৰে যোৱা দুটা দশকৰ প্ৰতিটো বিধানসভা নিৰ্বাচনতেই আলফা ফেক্টৰ হৈ আহিছে । কেতিয়াবা যদি সমস্যা সমাধানৰ নামত ছালফাৰ সৃষ্টি হৈছিল ,কেতিয়াবা আকৌ চিজফায়াৰ সৃষ্টি হ’ল । কেতিয়াবা যদি অপাৰেচন ৰাইনো আহিছিল কেতিয়াবা আকৌ ইউনিফাইড কামাণ্ড আহিল । বজৰং , গুপ্তহত্যা, অলক্লিয়াৰৰ পৰা আলোচনাৰ মেজলৈ কুৰিটা বাট সমস্যা সমাধানৰ । কিন্তু পোন প্ৰথমেই এই সন্ধিৰ বাহঁ বুদ্ধিৰে কাটিছিল হিতেশ্বৰ শইকীয়াই ১৯৯১ চনত । অসমীয়া সংবাদ মাধ্যমৰ ৰোষত পৰিছিল তেওঁ । অসমীয়াৰ জনতাক সংবাদ দিয়া আৰু জনমত গঠন কৰা সংবাদ মাধ্যম সীমিত আছিল এখন বা দুখন অসমীয়া বাতৰি কাকতৰ ওপৰত । সেইয়াই কাল হ’ল । তেতিয়া টিআৰপি শব্দই অভিধানত স্থান পোৱাই নাই । বাতৰি কাকতৰ শিৰোনমাই ব্যক্তিৰ চৰিত্ৰ গঠন । আলফা সমস্যা সমাধানৰ কল্পনা সপোন হৈ ৰ’ল হিতেশ্বৰ শইকীয়াৰ । ১৯৯৬ ৰ ২২ এপ্ৰিল তাৰিখে অসমৰ নিৰ্বাচনী বতাহৰ মাজতেই তেওঁৰ মৃত্যু হ’ল । অসমাপ্ত হৈ ৰ’ল আলফা সমস্যা সমমাধানৰ তেওঁৰ কৌশল । মিজো চুক্তিৰ দৰে হয়তো আলফা সমস্যাও সমাধান হ’লহেতেঁন এখন সাৰ্থক চুক্তিৰ দ্বাৰা ।
বি.দ্ৰ: ফটো ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে