বিজেপিটো বলিছে কংগ্ৰেছী বতাহ

1271
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এতিয়া ভাবে ভংগীমাই অধিকাংশ নেতা-পালিনেতা ৰূপালী পৰ্দাৰ হিৰোটকৈও গ্লেমাৰাচ । প্ৰতিনিধি বা মন্ত্ৰীৰ লগত সুসম্পৰ্ক থকা এইসকল ব্যক্তিৰ বহুতেই  বিজেপিলৈ অহাৰ আগত ছাত্ৰ সংগঠন বা কংগ্ৰেছ দলত  আছিল।  এই নবিজেপিসকল বিভিন্ন নিকায় , স্পোৰ্টচ এচোচিয়েচন , মাৰ্কেটিং বোৰ্ড ইত্যাদিত সংস্থাপিত কৰা হৈছিল । হাতত  দামী মোবাইল, বগা ইনোভাৰ গাড়ীত ঘুৰি ফুৰা এইসকল নেতাৰ আদব কায়দা আহৰণ কৰিলে একাংশ পুৰণি বিজেপিয়ে ।  মোদী কোট পিন্ধি এতিয়া সকলোবিলাক নৰেন্দ্ৰ মোদী । বিজেপিক সৌসিদিনা লৈ গেৰুৱা বুলি কটাক্ষ কৰা নেতাৰ মুখত মোহন ভাগৱতৰ নাম বৈ থাকে।   ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ জয় জয় ময় হ’ল ।এই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি ২০২১ ত হব লগা বিধান সভা নিৰ্বাচনত বিজেপিৰ আগবাঢ়ি আছে । নব্য গেৰুৱা আদৰ্শবাদী নেতাৰ প্ৰকোপত টিকটক লৈ সংঘাত , বিদ্ৰোহ আৰু নিৰ্লজ্জ খোৱাকামোৰা ৰাইজৰ মাজত স্পষ্ট হৈ দেখা দিছে । ১৯৭৮ চনৰ ১২ মাৰ্চত গোলাপ বৰবাৰ অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । জনতা দল মূলত: ছচিয়েলিষ্ট পাৰ্টী , জনসংঘ আৰু পিপ’লচ ডেম’ক্ৰেটিক দলৰ সৈতে লগ লাগি গঠন হৈছিল ; যদিও দিল্লীত জনতা চৰকাৰ শাসনলৈ অহাৰ লগে লগে আৰু সমান্তৰালভাবে কংগ্ৰেছত চলা বিসম্বাদৰ ফলত বহু কংগ্ৰেছ নেতাই দল ত্যাগ কৰি জনতাত যোগ দিয়ে । সেইয়াই কাল হ’ল জনতা দলৰ । পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত গোটেই নেতাবোৰৰ মাজত প্ৰতিযোগিতা চলিল ।  বৰবৰা , বিশ্বদেৱ গোস্বামী , লক্ষধৰ চৌধুৰী , দুলাল বৰুৱা , গৌৰিশংকৰ ভট্টাচাৰ্য্য ,, সমৰ ব্ৰহ্ম চৌধুৰী , শ্বেখ চান্দ মহম্মদ , চিলভিয়াচ কন্দপান , গোলাম ওচমানী , জেহিৰুল ইছলাম , কেশব গগৈ আদি বিভিন্ন আদৰ্শৰ নেতাৰে জনতা দল ভৰি পৰিল । কোনোবা মন্ত্ৰী হ’ল আৰু কোনোবাই মুখ্যমন্ত্ৰীত্বৰ আশা কৰি থাকোতেই গ’ল । আনকি বহুতেই টিকটেই নেপালে । পৰবৰ্তী সময়ত এইসকল নেতা পুনৰ কংগ্ৰেছ দললৈ আহে আৰু কিছুমানে ৰাজনীতিৰ পৰা সন্যাস লয় । গৌৰিশংকৰ ভট্টাচাৰ্য্য বা গোলাপ বৰবৰা হেৰাই থাকিল । কিন্তু চিলভিয়াচ কন্দপান ,শ্বেখ চান্দ মহম্মদ , গোলাপ ওচমানি আদি নেতাবোৰ পৰৱৰ্তী সময়তো কংগ্ৰেছৰ সাংসদ , বিধায়ক বা অধ্যক্ষ হ’ল ।
মিত্ৰজোঁটৰ চৰকাৰখনৰ যোৱা  বছৰ কেইটাত এটা কথা স্পষ্ট হৈছে । সেইটো হ’ল সংঘৰ দৰ্শনত চলা বিজেপি দলৰ দলীয় মিটিংত ইনোভা , স্কৰপিঅ’ , চাফাৰী , দেহৰক্ষী , মন্ত্ৰী বিধায়কৰ চোলাৰ পাৰফিউম , চকুৰ চশমাৰ বিদেশী কোম্পানীৰ ফ্ৰেমত নেতাৰ প্ৰবেশ ঘটে । সৰু সৰু বিজেপি কৰ্মী আৰু সমৰ্থকে চাহবাগানৰ বগা চাহাবক চোৱা দি এওঁলোকক চাই থাকে । বিভিন্ন ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়বৱীয়া , গুৱাহাটীৰ ধনী মানুহৰ ঘৰৰ সমাজসেবীকাসকলে এতিয়া বিজেপিৰ নীতিনিৰ্ধাৰণ মিটিং শুৱনি কৰে ।
ব্যক্তিৰ মাজত প্ৰতিযোগিতা থাকিবই । ৰাজনীতি বা অৰাজনীতি বুলি কথা নাই । কিন্তু দলৰ মাজতেই যদি আদৰ্শগত ল’বি সৃষ্টি হয় তেন্তে সেয়া ফিৰিঙতিৰ পৰা খান্দব দাহ হ’ব । প্ৰাক্তণ অগপ বিজেপি , প্ৰাক্তন আছু বিজেপি , প্ৰাক্তন কৃষক নেতা বিজেপি , প্ৰাক্তন টাই আহোম ছাত্ৰ বিজেপি, প্ৰাক্তন কেব বিৰোধী উলংগ – অৰ্ধউলংগ বিজেপি এনেকুৱা অজস্ৰ শাখা ল’বি যদি সৃষ্টি হৈছে । টিকটৰ প্ৰতিযোগিতাত বৰ্তমানৰ বিধায়ককো সমালোচনা কৰে টিকটপ্ৰত্যাশী নেতাই । তথাপি অনুশাসন ভংগৰ ব্যৱস্থা নহয় । কংগ্ৰেছত থকা প্ৰতিজন নেতাৰ পৃথক পৃথক লবিত বিজেপিত এতিয়া  দিনে দিনে নতুন নতুন ফেচবুক গ্ৰুপ গঠন হৈ আছে । ৰিপুন লবি , গৌৰৱ লবি ,, দেৱব্ৰত লবি , চি এম লবি , খালেক লবিৰ দৰে অজস্ৰ লবি বিজেপিতো চাবলৈ পাব অনাগত সময়ত ।