ভাৰতীয় সংস্কৃতিৰ কথা কোৱা বিজেপিৰ সংখ্যালঘু শব্দ প্ৰয়োগ কিমান যুক্তিকৰ ?

1501

■নয়ন বৰ্মন


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


বনিয়াৰ দল বিজেপি , সাম্প্ৰদায়িক বিজেপি , হিন্দী বলয়ৰ দল বিজেপি ___আদৱানী – বাজপায়ী যুগতো এই ধাৰণাৰ পৰা মুক্ত নাছিল অসমৰ সৰহসংখ্যক জনতা ।  বিজেপিৰ লগত অগপৰ মিত্ৰতাই প্ৰথমবাৰৰ বাবে বিজেপিৰ প্ৰতি থকা অসমৰ মানুহৰ মনোভাব  পৰিৱৰ্তণ কৰে ।  তৎস্বত্তেও ৪-৫ বছৰ আগলৈ প্ৰতিষ্ঠিত বা চিভিল চোছাইতিৰ মুছলমান ব্যক্তি এজনে বিজেপি দলত যোগ দিবলৈ অলপ টান পাইছিল । এনেকুৱা বহু মানুহক লগ পাইছো যিসকলে নিজৰ ওচৰ চুবুৰীয়া মুছলমান মানুহৰ প্ৰতিক্ৰিয়াৰ কথা চিন্তা কৰি বিজেপিলৈ যোৱা নাছিল । আনকি হিমন্ত বিশ্ব শৰ্মা , পিযুষ হাজৰিকা , জয়ন্ত মল্ল বৰুৱাৰ লগত সুসম্পৰ্ক থকা একাংশ মুছলমান মানুহেও তেতিয়া বিজেপিত যোগ নিদিয়াকৈ কংগ্ৰেছত থাকি গৈছিল । কিন্তু এতিয়া সেই পৰিবেশ নাই । এইক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ ইচ্ছ্যুটোক যিদৰে মোকাবিলা কৰিছে সেই বিষয়টোৱে ভাৰতীয় মুছলমানক নিৰাশ কৰা নাই । বহুতে ভাবিছিল যে একক সংখ্যাগৰিষ্ঠতা থকা বাবে হয়টো নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ আগে আগে ৰাম মন্দিৰ নিৰ্মাণৰ অধ্যাদেশ আনিব । কিন্তু সেইয়া নকৰি উচ্চতম ন্যায়ালয়ক গুৰুত্ব প্ৰদান কৰি বিষয়টো ন্যায়ালয়ৰ দ্বাৰাই সমাপ্তি হোৱাটো বিচাৰে ।  অসমত বিজেপি দলত  মুছলমান সম্প্ৰদায়ৰ মানুহে দলে দলে যোগ দি আছে । এই ক্ষেত্ৰত খিলঞ্জীয়া মুছলমানৰ সংখ্যাই অধিক । ইয়াৰ লগতে আন দলত থকা মুছলমানেই হওঁক বা হিন্দুৱেই হওঁক দলত্যাগত দুটা বিষয় জড়িত থাকে । এটা ক্ষমতা আৰু আনটো সময়ৰ আহ্বান । সেয়ে কোনে কিয় নিজৰ দলত্যাগ কৰি বিজেপিত যোগদান কৰিছে সেয়া ধাৰণা কৰা কঠিন । কিন্তু এজন মুছলমান মানুহে আজিৰ দিনত বিজেপিত যোগদান কৰি কিন্তু নিজৰ সমাজৰ পৰা এঘৰীয়া হোৱা আশংকা এতিয়া নাই । সেয়ে নিজৰ ব্যক্তিগত স্বাৰ্থ যিয়েই নহওঁক , এজন মুছলমান ব্যক্তিয়ে বিজেপিত যোগদান কৰাৰ ফলত সমাজৰ পৰা সন্মান লাঘব হোৱাৰ কথা নাই ।
কিন্তু এটা কথা থিক যে এই মুছলমান মানুহখিনিক সংখ্যালঘু ব্ৰেন্দিং কৰাটো মুঠেই সমীচীন নহয় । কাৰণ ভাৰতৰ সংবিধান আৰু ভাৰতীয় সংস্কৃতিয়ে সংখ্যালঘু আৰু সংখ্যাগুৰু ধাৰণাক প্ৰতিনিধিত্ব  কেতিয়াও নকৰে । যিকোনো এটা পন্থাৰ মানুহ বা ভাষাৰ মানুহ সংখ্যাগত ভাবে আন এটা পন্থাতকৈ কম হ’ব পাৰে , কিন্তু মত প্ৰকাশৰ অধিকাৰ সকলোৰে সমান থাকে । ভাৰতীয় সংস্কৃতিৰ অন্যতম আধাৰ বেদ – উপনিষদ , গীতা- মহাভাৰত ,  ৰামায়ন – পুৰাণ সকলোবিলাকৰ সৃষ্টি হৈছিল প্ৰশ্নোত্তৰ শিতানৰ পৰা । সকলোৰে প্ৰশ্ন কৰাৰ বা বিৰোধ কৰাৰ অধিকাৰ আছে আৰু তাৰ আধাৰত যুক্তি প্ৰদৰ্শন কৰাৰ থল থাকে ।ৰাজীৱ গান্ধীয়ে যেতিয়া ৰেকৰ্ড সংখ্যক আসন দখল কৰি চৰকাৰ গঠন কৰিছিল, তেতিয়া তেওঁৰ দুটা অবিবেচক
সিদ্ধান্তৰ ফলত নিৰ্বাচনসমুহত সাম্প্ৰদায়িক মন্তব্যৰ প্ৰচলন অধিক হ’বলৈ ধৰে । । উচ্চতম ন্যায়ালয়ৰ শ্বাহ বানু ৰায়ক নিষ্ক্ৰিয় কৰি বিধেয়ক আনিছিল । লক্ষ্য আছিল ভোটবেংক শক্তিশালী কৰা ।  এই সিদ্ধান্তৰ বিৰোধ কৰি  ৰাজীৱ গান্ধীৰ মন্ত্ৰীসভাৰ পৰা আৰিফ মহম্মদ খানে পদত্যাগ কৰিছিল ১৯৮৬ ত । ৰাজীৱ গান্ধীৰ এই সিদ্ধান্তক হিন্দু ভোটাৰে সহজে লোৱা নাছিল আৰু হিন্দু ভোটাৰক সন্তুষ্ট কৰিবলৈ ৰাম মন্দিৰ – বাবৰি মছজিদ বিবাদক এক নতুন স্তৰলৈ লৈ গৈ অযোধ্যাৰ ৰাম মন্দিৰৰ বন্ধ হৈ থকা তলা খোলাৰ সিদ্ধান্ত লয় । দু্যোটা সিদ্ধান্তই পুনৰ বাৰ হিন্দু – মুছলমানৰ ভাতৃত্বৰ সমতাক ব্যাঘাত জন্মায় ।
বিজেপিত নতুন নতুন মানুহে যোগদান কৰি আছে আৰু এই সকলো মানুহ ভাৰতীয় । ভাৰতীয় হৈ ভাৰতীয় জনতা পাৰ্টীত যোগ দিছে । সেইফালৰ পৰা কোনো মুছলমান সম্প্ৰদায়ৰ মানুহ সংখ্যালঘু মানুহ বুলি পৰিচয় দিয়াটো অযুক্তিকৰ আৰু সমাজিক ভাবে হীন ভাবৰ সৃষ্টকাৰক । সংবাদ মাধ্যমে মুছলমান  মানুহ বিজেপিত যোগ দিলে সংখ্যালঘু বিশেষণ দিয়ে কিন্তু এজন হিন্দু মানুহক সংখ্যাগুৰু বুলি পৰিচয় কৰি জানো দিয়ে ? সংখ্যালঘু আৰু সংখ্যাগুৰু ৰাজনীতিত দেশ বিভাজন হ’ল  । ৰাজনীতি সলনি কৰাৰ লগে লগে সলনি কৰিলে এক ভাৰতীয়ৰ অনাদিকালৰ পৰিচয়ক । এতিয়া অন্তত: বিজেপি দলে এই ধৰণৰ পৰিচয় ব্যৱহাৰ কৰি ৰাজনীতি কৰিলে পুনৰ সেই নেহেৰু  – ৰাজীৱ গান্ধীৰ পদাংক অনুকৰণ কৰাটো জানো নুবুজাব ?  মৌলবী বুলি পৰিচয় দিয়ক , অমুক জামাত বুলি পৰিচয় দিয়ক , কিন্তু সংখ্যালঘু শব্দ ব্যৱহাৰ কৰি ভাৰতীয় মানুহ এক হ’বলৈ ধৰা পৰিবেশ এটাক লেহেমীয়া নকৰাই ভাল ।