বিজেপিয়ে ভয় আৰু ভাবুকিৰ ৰাজনীতি কৰে : দেবব্ৰত শইকীয়া

7699

সাক্ষাৎকাৰ  দেবব্ৰত শইকীয়াৰ সৈতে

সাক্ষাৎকাৰ গ্ৰহণ কৰে  পাৰ্থ প্ৰতিম  লহকৰ আৰু সুৰেশ কলিতাই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: বৰ্তমান সময়ত অসমত কংগ্ৰেছ দলৰ স্থিতি কি ?

দেবব্ৰত শইকীয়া: যোৱা তিনিটা টাৰ্মত ১৫ বছৰে কংগ্ৰেছ দলে অসমত চৰকাৰ কৰিছিল । বহু ভাল কাম  কৰিছিল কংগ্ৰেছ চৰকাৰে । ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰায় আশী শতাংশ সম্পুৰ্ণ কৰিব পাৰিছিল আমাৰ চৰকাৰে । কিন্তু শেষৰ কিছুবছৰত বিভিন্ন কাৰণত ৰাইজে বিচৰা ধৰণে কাম হোৱা নাছিল । সেয়ে ৰাইজে কংগ্ৰেছক বিৰোধীৰ আসনত বহুৱালে আৰু ৰাইজৰ নিৰ্দেশ আৰু আশা কৰা মতেই কংগ্ৰেছে গঠনমূলক বিৰোধীৰ দায়িত্ব পালন কৰিলে ।

ৰাজনীতি অসম: বৰ্তমান অসমত কংগ্ৰেছ বহু কেইটা ভাগত বিভক্ত বুলি শুণা যায় । কথাটো কিমানদূৰ সত্য ?

দেবব্ৰত শইকীয়া: কথাটো একেবাৰেই সচাঁ নহয় । কংগ্ৰেছ দলত অতীজৰে পৰা  যিহেতু বহু দক্ষ, গুণী ,জ্ঞনী,  দক্ষ  ব্যক্তি আছে সেয়ে দল আৰু ৰাইজৰ স্বাৰ্থত সকলোৰে নিজা নিজা মত থকাটো অস্বাভাবিক কথা নহয় । দলৰ মজিয়াত  যিকোনো এটা সিদ্ধান্ত লোৱাৰ সময়ত সকলোৰে মতক গুৰুত্ব দিয়া হয় আৰু আলোচনাৰ মাজেৰে সৰ্বসন্মত সিদ্ধান্ত লোৱা হয় । সকলো সিদ্ধান্ত মুকলিকৈ আৰু সম্পুৰ্ণ গণতান্ত্ৰীক প্ৰক্ৰিয়াৰ দ্বাৰা লোৱা হয় । যিহেতু দলীয় নেতা বা কৰ্মীসকলে মুকলিকৈ কথাবিলাক উপস্থাপন কৰে সেয়ে বাতৰি কাকত সমুহে কেতিয়াবা ভূল বাখ্যা কৰা দেখা যায় । কিন্তু সেয়া সম্পুৰ্ণ অসত্য ।

ৰাজনীতি অসম: পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছ অনেক সময়ত সমালোচিত হৈছে। গান্ধী পৰিয়ালৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতাই আপোনালোকক অপকাৰ কৰিছে নেকি?

দেবব্ৰত শইকীয়া: একেবাৰে মিছা । বুৰঞ্জী চালে আপোনালোকে দেখিবযে মতিলাল নেহেৰু , জৱাহৰলাল নেহেৰু , ইন্দিৰা প্ৰিয়দৰ্শীনি গান্ধী এইসকল ব্যক্তিৰ ভাৰতৰ স্বাধীনতা আন্দোলনত অৱদান কিমান অপৰিসীম আছিল । স্বইচ্ছাৰে তেওঁলোকে কেতিয়াও দলত পদ লবলৈ অহা নাই । প্ৰতিবাৰেই দলে তেওঁলোকক দায়িত্ব দিছে । কংগ্ৰেছ দলৰ সংবিধানখন সম্পুৰ্ণ গণতান্ত্ৰীক । ইয়াত পৰিয়াল কেন্দ্ৰীক কথা একো নাই । ইন্দিৰা গান্ধী , ৰাজীৱ গান্ধীয়ে দেশৰ স্বাৰ্থত নিজকে বলিদান দিলে । তেওঁলোকৰ কৰ্মৰাজীয়ে অকল কংগ্ৰেছ দলকেই নহয় ভাৰতৰ জনগণক প্ৰেৰণা দিয়ে । কংগ্ৰেছ দলে নেহেৰু পৰিয়ালৰ পৰা প্ৰেৰণা পায় , সহায় সহযোগীতা পায় আৰু বিপদৰ সময়ত মুৰ তুলি থিয়  হৈ থাকিবলৈ শক্তি পায় ।

ৰাজনীতি অসম: নাগৰিকত্ব সংশোধনী বিধায়ক খনৰ ওপৰতে অপোনাৰ দলত বিভাজন স্পষ্ট  হৈছে। এই ক্ষেত্ৰত আপুনি কি কব ?

দেবব্ৰত শইকীয়া: দলৰ মাজত কোনো দ্বিমত নাই । অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তিবৰ্ষ মতে বিদেশী বহিষ্কাৰ হ’ব   লাগিব । সংখ্যাগৰিষ্ঠ চৰকাৰ এখনে বিভিন্ন সময়ত সংবিধানৰ নিয়ম অনুসৰী সংশোধনী প্ৰক্ৰিয়া আনে । কিন্তু আমাৰ কথা হ’ল অসমৰ অসমীয়া সমাজখন ধৰ্মৰ নামত অাধাৰিত নহয় । অসমীয়া সমাজখন ভাষা আৰু সংস্কৃতিৰ ওপৰত আধাৰিত । এই বিধেয়কখন অসাংবিধানিক বুলি ক’ব খোজা নাই , কিন্তু ই অসমীয়া জাতিৰ পৰিপন্থী । বৰাক বা অসমৰ বিভিন্ন অঞ্চলত ১৯৭‍১ ৰ ভিত্তি বৰ্ষৰ আগতেই অহা বহু মানুহেই নাগৰিকত্ব পোৱা নাই । বহু স্বাধীনতা সংগ্ৰামীৰ নামো ডিভোটাৰ হিচাপে আছে । পুৰণিখিনিৰ সমস্যা সমাধান নোহোৱাকে আকৌ নতুন আনিব বিচৰাটো যুক্তি সংগত নহয় । নৰেন্দ্ৰ মোদী ডাঙৰীয়াই   নিৰ্বাচনী ভাষনত বাংলাদেশীক খেদি পঠোৱাৰ কথা উল্লেখ কৰিছিল । কিন্তু আজি আমি তাৰ এখন ওলোটা ছবিহে দেখিবলৈ পাইছো ।

ৰাজনীতি অসম: সুস্মিতা দেৱৰ স্থিতি কি ?

দেবব্ৰত শইকীয়া: তেওঁ নিজৰ মতামত দিয়া নাই । জেপিচি ৰ সদস্য হিচাপে তেওঁ সাক্ষ্য গ্ৰহণত জেপিচিক সংগ দিছে ।

ৰাজনীতি অসম: সংবিধানৰ নিয়মত নাগৰিকত্ব বিষয়টো কেন্দ্ৰৰ ওপৰত ন্যস্ত থাকে । তেনেস্থলত অসম আৰু মেঘালয়  ৰাজ্য দুখনলৈ জেপিচি অহাটো অলপ আশ্বৰ্য্যকৰ অনুভৱ হয় । জেপিছি আহিল আৰু জেপিছি গ’ল , হয়তো পিছতো একো সিদ্ধান্ত   নল’বও পাৰে । কিন্তু  জেপিছিৰ আগমন আৰু পিছৰ ঘটনাৰাজীয়ে বৰাক উপত্যকাত আপোনালোকৰ কংগ্ৰেছ দলক শলঠেকত পেলাব নেকি ? 

দেবব্ৰত শইকীয়া: বিজেপি দল ভাৰতবৰ্ষই  স্বাধীনতা পোৱাৰ  বহু পিছত গঠন হৈছে । স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ কোনো অৱদান নাই । বিজেপিয়ে ভয় আৰু ভাবুকিৰ ৰাজনীতি কৰে । উন্নয়নত বিফল হোৱা বাবে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰে । যিহেতু যোৱা নিৰ্বাচনত অসমীয়া মানুহৰ সমৰ্থনত তেওঁলোকে চৰকাৰ কৰিলে সেয়ে অসমীয়াক ক্ষতি কৰিব লগিয়া কাম তেওঁলোকে হাতত লব নালাগিছিল । সেয়ে এই বিধেয়ক খনে বিজপি দলকহে শলঠেকত পেলাব বা শলঠেকত পৰা উচিত । আচলতে বিজেপিৰ পুৰ্বসুৰীসকলে স্বাধীনতা সংগ্ৰামত বৃটিছক সমৰ্থন কৰিছিল । তেওঁলোকে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ বনোৱাৰ পোষকতা কৰিছিল । বৰ্তমান সময়ত মই ভাবো ৰাইজে  বিজেপিৰ হিন্দুত্ববাদক সমৰ্থন নিদিয়ে আৰু প্ৰকত ইচ্ছু যেনে মুল্যবৃদ্ধি , নিবনুৱা সমস্যা আদিক প্ৰাধান্য দিব । এতিয়াও বিভিন্ন মহলত চৰ্চা হোৱা দেখা যায় যে বৰ্তমানৰ ইৰাণ , আফগানিস্থান আদি দেশ পুৰ্বৰ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত আছিল । আজিৰ সময়ত সেইবিলাক কথা বিচাৰ কৰি থকা উচিত  নহয় ।  আধুনিক যুগত ইংৰাজৰ পৰা ভাৰত স্বাধীন হোৱাৰ পিছত যিখন ভাৰত আমি পাইছো সেইখনৰ ভাৰতৰ ইচ্ছুবিলাতহে আমি গুৰুত্ব দিয়া উচিত ।

ৰাজনীতি অসম: আপুনি কোৱাৰ দৰে বিজেপিৰ হিন্দুত্ব বাদে অসমৰ ৰাজনীতিত কিবা প্ৰভাব পেলাব নেকি ?

দেবব্ৰত শইকীয়া: একো প্ৰভাব পেলাব নোৱাৰে । কাৰণ অসমৰ হিন্দু মানুহ আৰু ভাৰত অন্য ৰাজ্যৰ হিন্দু মানুহৰ মাজত পাৰ্থক্য আছে । কাৰণ অসমীয়া সমাজত শংকৰদেৱৰ প্ৰভাব সুস্পষ্ট ।  অসমীয়া জাতিয়ে শংকৰদেৱৰ আদৰ্শক বিশ্বাস কৰে ।

ৰাজনীতি অসম: ২০১৯ত অসমৰ পৰা কেইখন আসন পাব?

দেবব্ৰত শইকীয়া: এইবাৰ অসমত লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে । বিধেয়ক খনকলৈ ৰাইজ অসন্তুষ্ট । অসমৰ সকলো জনগণ একগোট হ’লে কংগ্ৰেছে ভাল ফল দেখুৱাব । আসনৰ কথা এতিয়াই কোৱা উচিত নহ’ব । কিন্ত যোৱাবাৰতকৈ বহুত ভাল প্ৰদৰ্শন কৰিব ।

ৰাজনীতি অসম: সৰ্বানন্দ সোনোৱাল চৰকাৰখনে দুবছৰ সম্পূৰ্ণ কৰিলে।এই দুবছৰত চৰকাৰখন কিমান সফল হোৱা বুলি ভাবে?

দেবব্ৰত শইকীয়া: কেন্দ্ৰই হওঁক বা ৰাজ্য চৰকাৰখনেই হওঁক জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি বিলাক পালন কৰাত চৰকাৰ ব্যৰ্থ হৈছে । দুৰ্ণীতি প্ৰতি শুণ্য সহনশীল কথাষাৰ মিছা প্ৰমাণিত হৈছে । যোৱা কিছুদিন আগত হৈ যোৱা পঞ্চায়তৰ পৰীক্ষাত সকলো স্পষ্টহৈ গ’ল ।

ৰাজনীতি অসম: মোডিক প্ৰতিহত কৰিবলৈ সকলো বিৰোধী দল একলগ হৈছে  । অসমত অবিজেপি মিত্ৰজোঁট কিমান সম্ভৱ ?

দেবব্ৰত শইকীয়া: কংগ্ৰেছ দলে ভাৰতৰ বিভিন্ন ৰাজ্যত বাওঁপন্থীৰ লগত মিত্ৰজোঁটত আছে । অসমটো অসম্ভৱ নহয় । সকলো ধৰ্মনিৰপেক্ষ দলক লগত লৈ কংগ্ৰেছ আগবাঢ়ি যাবলৈ প্ৰস্তুত ।

ৰাজনীতি অসম: আগতে যেতিয়া গোৱা , মনিপুৰত বিজেপিয়ে সংখ্যাগৰিষ্ঠ দল নোহোৱাকৈ চৰকাৰ গঠন কৰিছিল তেতিয়া তাক কংগ্ৰেছ দলে গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি মন্তব্য দিছিল । কিন্তু কৰ্ণাটকত কংগ্ৰেছে জেদি(এছ) ৰ লগত মিত্ৰতা কৰি চৰকাৰ কৰিলে । বিজেপিয়ে নিজৰ আসনৰ সংখ্যা ৪০ ৰ পৰা ১০৪ লৈ বৃদ্ধি  কৰিবলৈ সমৰ্থ হৈছে । কি পাৰ্থক্য থাকিল আপোনাৰ দলৰ আৰু বিজেপিৰ ?

দেবব্ৰত শইকীয়া: কংগ্ৰেছে কৰ্ণাটকত বিজেপিৰ তুলনাত কম আসন পাইছে  , সেয়া সত্য । কিন্তু ভোটৰ চেয়াৰ বিজেপিতকৈ কংগ্ৰেছৰ বেছি । ইয়াৰ অৰ্থ এইযে কংগ্ৰেছক বেছি মানুহে সমৰ্থন কৰিছে । পাৰ্থক্য এইখিনি ।

ৰাজনীতি অসম: ১৯৮৫ ত অসমত কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ এখনে পদত্যগ কৰিছিল আপোনালোকৰ দলৰ হাইকামান্দৰ নিৰ্দেশমৰ্মে । যাতে নতুনকৈ নিৰ্বাচন হয় । কিন্তু এতিয়া কৰ্নাটকত আপোনালকে চৰকাৰ গঠন কৰা প্ৰক্ৰিয়া সম্পুৰ্ণ কৰিলে । সম্পুৰ্ণ  ওলোটা দুটা ঘটনা ?  এনেকুৱা ৰাজনৈতিক খেলে ভৱিষ্যত সময়ত আপোনালোকক ক্ষতি কৰিব নেকি ?

দেবব্ৰত শইকীয়া: অমিল একো নাই । সকলোবিলাক ৰাইজে বিচৰা ধৰণে হৈছে । ১৯৮৫ ত অসম চুক্তি সাক্ষৰকাৰী সকলে বিচাৰিছিল নতুনকৈ নিৰ্বাচন পাতিব লাগে আৰু ৰাইজেও চুক্তি সাক্ষৰকাৰী নেতৃত্বক সমৰ্থন দিছিল । সেয়ে তেতিয়াৰ মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকিয়া দেৱে পদত্যগ কৰিছিল । কৰ্ণাটকতো একেই কথা । জনতাই বিজেপিক সংখ্যাগৰিষ্ঠতা দিয়া নাই । দিছে কংগ্ৰেছ আৰু জেদি (এছ) ক সন্মিলিত ভাবে । সেয়ে চৰকাৰ বনোৱাটো সম্পুৰ্ণ গণতান্ত্ৰীক ।

ৰাজনীতি অসম: মুখ্যমন্ত্রী হোৱাৰ হেপাহ আছেনে ?

দেবব্ৰত শইকীয়া: কংগ্ৰেছ দল ৰজনীকান্ত বা কমল হাচানৰ দল নহয় । কংগ্ৰেছত নেতৃত্ব দিব পৰা ব্যক্তি বহুত থাকে । দলে কোনো এখন প্ৰদেশৰ নিৰ্বাচনত অৱতীৰ্ণ হয় দলৰ সভাপতিৰ নেতৃত্বত । মই কংগ্ৰেছৰ  বিধায়নী দলৰহে নেতা । কংগ্ৰেছৰ বিধায়ক সকলে মোক নিৰ্বাচন কৰিছে । কিন্তু মুখ্যমন্ত্ৰীত্বৰ কথাটো সুকীয়া । দলৰ হাইকামাণ্ড আছে , দলৰ বিধায়কৰ মতামতৰ কথা আছে । এই সকলোবিলাক বিচাৰ কৰিহে মুখ্যমন্ত্ৰীজনৰ সিদ্ধান্ত লোৱা হয় । মই এজন দলৰ কৰ্মী ।দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰাটোহে প্ৰথম কৰ্তব্য ।

ৰাজনীতি অসম:  বাতৰি কাকতত প্ৰকাশ পোৱা মতে কংগ্ৰেছ দল অৰ্থনৈতিক ভাবে বহু দুৰ্বল হৈছে। আপোনালোকে কেনেকৈ বিজেপিৰ লগত প্ৰচাৰৰ ক্ষেত্রত ফেৰ মাৰিব পাৰিব?

দেবব্ৰত শইকীয়া: পইচাই যদি নিৰ্বাচনৰ জয় পৰাজয় নিৰ্ভৰ কৰে তেন্তে টাটা, বিৰলা, আম্বানী,  আদানি ধনবান লোকসকলে প্ৰধানমন্ত্ৰী নহলেওঁ মুখ্যমন্ত্ৰী হ’ব পাৰিলেহেতঁন । নিৰ্বাচনৰ জয় পৰাজয় নিৰ্ভৰ কৰে দলৰ নীতি – আদৰ্শ , তৃণমুল কৰ্মীৰ সহযোগীতা , নেতা আৰু ৰাইজৰ মাজত যোগাযোগ আদি বহু কাৰণত ।

ৰাজনীতি অসম: আপোনাৰ প্ৰতিদন্দী কোন সৰ্বানন্দ সোনোৱালনে হিমন্ত বিশ্ব শৰ্মা ?

দেবব্ৰত শইকীয়া: মোৰ ব্যক্তিগত প্ৰতিদ্বন্দ্বী কোনো নহয় । কাৰণ তেওঁলোকৰ প্ৰত্যেকজনেই দলৰহৈ নিজৰ নিজৰ দলৰ দায়িত্ব পালন কৰি আছে । ৰাজনীতিত প্ৰতিদ্বন্দ্বী ব্যক্তি নহয় ,প্ৰতিদ্বন্দ্বী হয়  নীতি ।

ৰাজনীতি অসম: মেট্ৰীকৰ ফলাফল চালে চকুত পৰিব যে চৰকাৰী বিদ্যালয়ৰ পৰা স্থান পোৱা পৰীক্ষাৰ্থী মাত্ৰ ৪- ৫ জন । সৰহ সংখ্যকে ব্যক্তিগত মাধ্যমৰ ইংৰাজী বিদ্যালয়ৰ পৰা স্থান পাইছে । দিনক দিনে চৰকাৰী স্কুল বন্ধহৈ গৈ আছে । ফেল কৰা পৰীক্ষাৰ্থীৰ সংখ্যা চৰকাৰী স্কুলত বহুত । এইয়া অকল এই বছৰটোতে নহয় । যোৱা কিছুবছৰৰ পৰা এনেকুৱা ফলাফল প্ৰায় ধাৰাবাহিক । কি প্ৰক্ৰিয়াৰ দ্বাৰা চৰকাৰী স্কুলৰ সুদিন ঘুৰি আহিব বুলি আপুনি ভাবে ?

দেবব্ৰত শইকীয়া: মই দেখিছো একেবাৰে ভিতৰৰ গাওঁত বাস কৰা সাধাৰণ মানুহ এজনেও নিজৰ ল’ৰা ছোৱালীক চৰকাৰী স্কুলত পঢ়াবলৈ টান পায় বা নপঢ়ায় । কিন্তু কিছুবছৰৰ পৰা চৰকাৰী স্কুলৰ আন্ত:গাঠনিৰ বহুখিনি পৰিৱৰ্তন হৈছে । কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে আগৰ শিক্ষামন্ত্ৰীক শিক্ষা বিভাগৰ পৰা আতঁৰাব নেলাগিছিল  । কিন্তু ডাঙৰ কথাটো এইযে যদি চৰকাৰী চাকৰী কৰা প্ৰতিজন মানুহৰ পৰা আৰম্ভ কৰি বিষয়া, মন্ত্ৰী- বিধায়কলৈ সকলোৱে নিজৰ ল’ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়োৱাটো বাঞ্চনীয় হোৱাকৈ এখন আইন যদি প্ৰস্তুত কৰা হয় তেন্তে চৰকাৰী স্কুলৰ মাণদণ্ড অতি উন্নত হৈ যাব । মই এই বিষয়টো  গুৰুত্ব সহকাৰে চাম  ।

ৰাজনীতি অসম: ২০১৬ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ কাৰণ কি বুলি ভাবে ?

দেবব্ৰত শইকীয়া: ১৫ বছৰ কংগ্ৰেছ শাসনত আছিল । প্ৰতিখন চৰকাৰে ৰাইজৰ আশা , ৰাজ্যৰ উন্নয়নত গুৰুত্ব দিছিল । কিন্তু শেষৰ কেইবছৰ মানত  বিভিন্ন কাৰণত কংগ্ৰেছ চৰকাৰখনে ৰাইজৰ আশা পুৰণত ব্যৰ্থ হয় । সেইসময়ত বিজেপি দলে নিৰ্বাচনী প্ৰচাৰত বিভিন্ন প্ৰতিশ্ৰুতি দিছিল । সেয়ে অসমৰ জনতাই আমাক বিৰোধীৰ ভুমিকা ল’বলৈ মত  দিয়ে  ।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com