বিজেপি নেতাৰ বিকল্প আহিব , কিন্তু বিজেপি দলৰ বিকল্প ?

1996
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী  , বিধায়ক ,  বিজেপি নেতা , পালিনেতা ,  দলীয় কৰ্মীৰ সৰহসংখ্যকেই প্ৰাক্তন কংগ্ৰেছী , প্ৰাক্তন এজিপি, প্ৰাক্তন সন্ত্ৰাসবাদী , প্ৰাক্তন চান্দাজীবী ইত্যাদি । পাঁচশ টকাৰ নোট , মদ , মাংস প্ৰিয় ভোটাৰৰ সন্মুখত নিকা হৈ থাকি ৰাজনীতি কৰা কঠিন । ৰাজনীতিত সফল হ’বলৈ হ’লে কিছুমান নৈতিকতা নথকা কাম কৰিবলৈ প্ৰস্তুত থাকিব লাগিব । কাৰণ পাঁচশ টকা দি ভোট কিনা দলৰ অভাব নাই । বহু বছৰৰ পৰা  ভোট কিনা বেচা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে । কিন্তু যোৱা কিছুবছৰৰ পৰা বিধায়ক কিনা বেচাৰ নাটক ৰাইজে স্বচক্ষে টিভিত দেখা পালে । বাচত ভৰাই হোটেলে হোটেলে জনপ্ৰতিনিধিক ঘুৰাই লৈ ফুৰা এতিয়া সাধাৰণ দৃশ্য । গৰুৰ ‘ খোৱাৰ ‘ যিদৰে পথাৰত বনোৱা হয় , তেনেদৰে বিধায়কৰ খোৱাৰ হোটেলত বনোৱা  হ’ল ।  পুনৰ আহিছো অসমৰ বিজেপি চৰকাৰ আৰু দলীয় কুচ-কাৱাজলৈ । অকল  পুৰণি বিজেপি নেতা কৰ্মীখিনিৰে চৰকাৰ বনোৱা সম্ভৱ যে নহয় সেইয়া স্পষ্ট কথা । কাৰণ হিমন্ত বিশ্ব শৰ্মা অবিহনে অসমত বিজেপি দলে চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন বুলি ক’বলৈ  যুক্তি নাই ।  নিৰ্বাচনৰ আগে পাছে সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি চন্দ্ৰ পাটোৱাৰী , হিতেন গোস্বামী , পদ্ম হাজৰিকা , জয়ন্ত মল্ল , গৌতম ৰয় আদি অজস্ৰ দল সলনি কৰা নেতাই বিজেপিৰ গেৰুৱা বসন পিন্ধিলে । ছাত্ৰ সংগঠনৰ পৰা তপন , লক্ষ্য , অমিয় ,  মনোজ আহিল । ছালফা নেতা বহুতেই ‘ভাৰত মাতা জয়’ শ্লোগান দি বিজেপি হ’ল । মুঠৰ ওপৰত কোনো বাদ পৰা নাই । সৰু সৰু চহৰত অনুষ্ঠিত কৰা কাৰ্য্যনিৰ্বাহক সভাবোৰত নেতা – পালি নেতাই ইনোভাত বহি আহে । নিয়ম কৰা হয় নেতাসকল কৰ্মীৰ ঘৰত থাকিব লাগিব । পুৰণি কৰ্মীয়ে ইনোভাৰ আগে আগে বাইক চলায় বাট দেখুৱাই লৈ যায় নিশাৰ অন্ধকাৰত । দুই এজনে আকৌ ৰাতি এঘাৰটালৈ ৰৈ থাকি থাকি , শেষত গম পায় যে  নেতাজন গুৱাহাটী পালে । একাংশই ভাৰত মাতা পূজন কৰে , আন একাংশই অৰ্থ পূজন কৰে । একাংশই বৈঠক কৰি পাহাৰ ভৈয়াম ঘুৰে আৰু আন একাংশই মোহময়ী অভিনেত্ৰী লগত লৈ ইউৰোপত মিটিং কৰে ।  একাংশই ইউৰোপত ফুটবল খেল চাব যায় , গলত খেলৰ এচোচিয়েচন – বোৰ্ডৰ চেয়াৰমেনৰ আই – কাৰ্ড আৰু আন একাংশই অনুষ্ঠান পাতিবলৈ এক কিলো চেনী – দাইলৰ মুল্য বিচাৰি হাবাথুৰি খায়  ।  এইবিলাক বাস্তৱ । তথাপি সাধাৰণ মানুহে ইমান বিলাক দেখি শুনিও  নৰেন্দ্ৰ মোদীৰ এটা অনুৰোধত  চিলেণ্ডাৰৰ চাবচিদি এৰি দি দেশৰ উন্নয়নত নিজকে সংপৃক্ত কৰি গৌৰৱবোধ কৰে । অসমত বিজেপি দলৰ নেতাসলক জানো আন দলৰ নেতাতকৈ পৃথক ? মুঠেও পৃথক নহয় । চাকৰি কিনা বেচা এইখন চৰকাৰৰ সময়তো হৈছে , নেতা – পালিনেতাই ৰাতিৰ ভিতৰতেই ঠিকাদাৰ হৈ অট্টালিকা বান্ধিলে ,  নিকায় – বোৰ্ডবোৰত ন – পুৰণি নেতাবোৰক বিষয়বাব দিয়া হ’ল , একোটা ডিপাৰ্টমেন্টত তিনি চাৰিজন বিষয়া , কেবিনেট মন্ত্ৰী থকা স্বত্তেও সংসদীয় সচিব নিযুক্তি দিয়া হ’ল । মুঠতে ৰাজকোষৰ ধনৰ অবাধ খৰছ চলিয়েই থাকিল । মন্ত্ৰী বিধায়কৰ লাইফ ষ্টাইলক সমালোচনা কৰা জনতাই কিন্তু বিহু , পূজা ,  ঈদ মেহফিল , স্কুলৰ সোণালী জয়ন্তী , বাতৰি কাকতৰ বৰ্ষপুৰ্তীত মন্ত্ৰী-বিধায়কক নিমন্ত্ৰণ দিবলৈ পাহৰি নেযায় । হাইস্কুল এখনৰ ৰূপালী জয়ন্তীত মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ দিয়ে , আলোচনীত মন্ত্ৰীৰ শুভেচ্ছাবাণী ছপায় । মন্ত্ৰী আহিলে তেলৰ খৰছ , লগত অহা বিষয়াৰ বিভিন্ন বানচ , চিকিউৰিটিৰ খোৱাবোৱা সকলো ৰাজকোষৰ পৰা খৰছ হয় বুলি ৰাইজে পাহৰি পেলায় ।

অসমৰ ক্ষুদ্ৰ জনগোষ্ঠীসকলে অগপক বিশ্বাসত নলয় । কাৰণ বুৰঞ্জীয়ে উপেন ব্ৰহ্ম কাহিনী পাহৰি নেযায় । অসমীয়াভাষী শিক্ষিত ডেকাই চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ’লেও আত্ম বিশ্বাসেৰে কাম কৰিবলৈ সুযোগ পাইছে । গুপ্তহত্যাৰ ভয়ে গাওঁ এখন নিদ্ৰাহীন কৰি থকা নাই । ব্যৱসায়ীজনে উগ্ৰপন্থীৰ সংগ্ৰামী শুভেচ্ছাক ভয় কৰি পইচা দিব লগা হোৱা নাই ,  নিবনুৱাজনে কোম্পানীৰ এজেন্ট হৈ ৰাতি দুপৰলৈ  বাইকত ঘুৰি কাম কৰিবলৈ সাহস পাইছে , চহৰৰ মাজমজিয়াৰ বেচৰকাৰী হস্পিতলখনত মৌলবাদীয়ে ডাক্তৰক প্ৰহাৰ কৰাৰ আগত এশবাৰ চিন্তা কৰিব লগা হৈছে , আৰক্ষীয়ে আত্মসন্মান সহকাৰে কাম কৰিবলৈ পৰিবেশ পাইছে , স্বাধীনতাৰ ৬০ বছৰলৈ চৰকাৰী মাটি এচপৰাও নপৰা গাওঁৰ ৰাস্তাবোৰ ব্লক ৰাস্তা হ’ল । এইবিলাক পৰিৱৰ্তন ৰাইজে দেখিলে মাত্ৰ পাঁচ – ছয় বছৰত । কংগ্ৰেছৰ আমোলত নতুন নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল । আজি সেই সংগঠনবিলাকৰ অস্তিত্ব একমাত্ৰ টিভিৰ পৰ্দাত । অসমীয়াভাষী , বড়ো , ৰাভা , কাৰ্বি ,গড়ীয়া , দেশী , মিঞা , হিন্দু , মুছলমান, চাওতাল , আদিবাসী কোনো মানুহে নিজৰ সন্তানক অকালতে হেৰুৱাব নোখোজে এতিয়া । সকলো বুজিছে সংঘৰ্ষৰ আঁৰত ৰাজনীতি আৰু আৰ্থিক লেনদেন ।  পেপাৰত পঢ়িবলৈ পোৱা কিছুমান ঘটনা বহুতে সৌসিদিনালৈ নিজৰ জীৱনকালত দেখাটো অসম্ভৱ বুলি  ধৰি লৈছিল । কাশ্মীৰৰ ধাৰা ৩৭০ , অযোধ্যা বিবাদৰ নিস্পত্তি , তিনি তালাক আদি  জলন্ত সমস্যা সমুহ মোদীয়ে সমাধান কৰিলে । এইবিলাক ঘটনাৰ মাইলেজ বা প্ৰতিবাদ দেখা পোৱা নগ’ল । কাৰোবাৰ যদি কিবা মতবিৰোধো আছে তথাপি সকলোৱে সন্তুষ্টি ব্যক্ত কৰিছে আৰু ৰাষ্ট্ৰ সৰ্বোপৰি নীতিত নিজকে সমৰ্পণ কৰিছে ।  অটলৰ পিছত মোদী অহিল , মোদীৰ পিছত অমিত এনেদৰে সময় গৈ থাকিব , কিন্তু বিজেপিক নিয়ন্ত্ৰণ কৰা সংঘই নিজৰ ৰাষ্ট্ৰহিতৰ ৰাষ্ট্ৰনীতিত অপৰিৱৰ্তিত থকালৈ বিদেশী ৰাষ্ট্ৰৰ সীমাত থকা মিনি এছিয়া  অসম ৰাজ্যৰ  ৰাজনৈতিক , সামাজিক  পৰিবেশে যে অতীতৰ ৰূপ নলয় সেইটো সিংহভাগ জনতাই বিশ্বাস কৰে ।