বিজেপি ৬৬, মিত্রজোঁট ৮২

1649

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আজি ২৯ এপ্ৰিল। মাত্র ২ দিন পিছত অহা ২ মে তাৰিখে প্ৰকাশ পাব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৰাজনীতি অসমে যোৱা এটা মাহত ৰাজ্যৰ ১২৬টা সমষ্টিৰ বিভিন্ন ভোটাৰ ৰাইজৰ লগত কথা পাতি সাম্ভাব্য ফলাফলৰ বিষয়ে যুগুত কৰিছে এক প্ৰতিবেদন। অসমৰ ১২৬টা সমষ্টিক জনগাঠনিৰ হিচাপত আমি ভাগ কৰিছো ৮টা অঞ্চলত।
১) বৰাক উপত্যকা – ১৫
বৰাকত আছে ১৫খন আসন। অপ্ৰিয় হ’লেও সত্য যে দশক দশক ধৰি তাত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আহিছে। ২০২১ তাৰ ব্যতিক্ৰম নহয়। ইয়াৰ হিন্দু জনবসতি সমষ্টিবোৰ বিজেপিলৈ যোৱাৰ বিপৰীতে মুছলমানৰ প্ৰাধান্য থকা সমষ্টিবোৰ কংগ্ৰেছে দখল কৰিব। ৰাতাবাৰী, পাথাৰকান্দি, শিলচৰ, ধলাই, উদৰবন্দ আৰু লক্ষীপুৰ বিজেপিয়ে পোৱাৰ পূৰ্ণ সম্ভাবনা আছে। ইয়াৰ বিপৰীতে কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিছেৰা, আলগাপুৰ,সোণাই,বৰখোলা আৰু কাটিগড়া কংগ্ৰেছে দখল কৰিব। ১৫টা সমষ্টিৰ মাত্র ৩টাত কিছু প্ৰতিদ্বন্দ্বিতা হ’ব। কৰিমগঞ্জ উত্তৰত কমলাক্ষ দে পুৰকায়ষ্ঠ জয়ী হ’ব যদিও বিজেপিয়ে কিছু যুদ্ধ দিছে। উদৰবন্দত প্ৰাক্তন মন্ত্রী অজিত সিং এ বৰ্তমান বিধায়ক মিহিৰ কান্তি সোমক তীব্ৰ প্ৰত্যহ্বান জনাইছে যদিও তাত বিজেপিৰ জয়ৰ সম্ভাবনা অধিক। কাটিগড়াত পৰাজিত হ’ব পাৰে গৌতম ৰয়। সমষ্টিটো তেওঁৰ বাবে নতুন। ইয়াৰ উপৰিও বুজন সংখ্যক মুছলমান থকা সমষ্টিটোত জয়ী হ’ব পাৰে খলিল উদ্দিন মজুমদাৰ। বৰাকৰ ফাইনেল স্কোৰঃ মিত্রজোঁট – ৬ , মহাঁজোট – ৯
২) কাৰ্বি পাহাৰ- ৫
কাৰ্বি পাহাৰৰ ৫খন আসন বিজেপিয়ে পাব। তুলিৰাম ৰংহাংৰ কাৰ্বি আংলংত যঠেষ্ট প্ৰভাব আছে। ডিফুত মেডিকেল কলেজকে ধৰি আন উন্নয়নমূলক কামত ৰাইজ সন্ত্তষ্ট। কোনো সমষ্টিতে বিজেপিৰ বাবে প্ৰত্যহ্বান নাই।
৩) নামনি অসমঃ ২০
নামনি অসমৰ ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ অধীনত আছে ২০খন আসন। কংগ্ৰেছ -আজমলৰ মিত্রতাৰ ফলত ইয়াত উচন হ’ব বিজেপি। মাত্র তিনিটা হাই প্ৰফাইল সমষ্টি তেওঁলোকে ধৰি ৰাখিব পাৰিছে। বঙাইগাঁওত ফণীভূষণ চৌধুৰীয়ে নিজৰ ৰেকৰ্ড নিজে ভংগ কৰিব। তাৰমানে শংকৰ প্ৰসাদ ৰয়ৰ ক্ৰমাগত দুটা পৰাজয়। পাটাছাৰকুছিত ৰঞ্জিত দাস বহু আগবাঢ়ি আছে। এই সমষ্টিত কোচ-বনাম কলিতাৰ যুঁজ বছৰ বছৰ ধৰি চলি আহিছে। এইবাৰ দাসে সকলো লোকৰ ভোট আদায় কৰিবলৈ সক্ষম হৈছে। পবীন্দ্ৰ ডেকা তৃতীয় স্থানত থাকিব পাৰে। যুৱ নেতা ৰাতুল পাটোৱাৰীয়ে এইবাৰ চন্দ্ৰমোহন পাটোৱাৰীক ধৰ্মপুৰত পৰাস্ত কৰিবলৈ সাজু হৈছিল। শেষত যেনিবা হিমন্ত বিশ্ব শৰ্মা, সৰ্ব‍ানন্দ সোণোৱাল, নীতিন গাদকাৰীয়ে গৈ বিজেপিক চন্দ্ৰগ্ৰহণৰ পৰা ৰক্ষা কৰিলে। এই তিনিখন আসনক বাদ দি আন ১৭ খন আসন মানকাচাৰ, শালমাৰা দক্ষিণ, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা পূৱ, বিলাসীপাৰা পশ্চিম, অভয়াপূৰী উত্তৰ, অভয়াপূৰী দক্ষিণ, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, বৰপেটা, জনিয়া , বাঘবৰ, সৰুক্ষেত্রী আৰু চেঙা মহাজোঁটে পাব। ইয়াৰ বহুততে মিত্রজোঁট প্ৰতিদ্বন্দ্বিতাতে নাই। কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ নিজৰ মাজতে প্ৰতিদ্বন্দ্বিতা হৈছে। গোলকগঞ্জকলৈ বিজেপি আশাবাদী। তাত আবু তাহেৰে নিৰ্দলীয় খেলি কংগ্ৰেছৰ ভোট ভাঙিছে যদিও কংগ্ৰেছ বিজেপিতকৈ কিছু আগবাঢ়ি আছে। সৰুক্ষেত্রীত মিনাক্ষী ৰহমানক পৰাজিত কৰিব জাকিৰ হুছেইন চিকদাৰে।
৪) কোকৰাঝাৰঃ ১০
কোকৰাঝাৰত মিত্রজোঁটে ৮খন আৰু মহাজোঁটে ২ খন আসন পোৱাৰ সম্ভাবনা আছে। বিপিএফৰ বহু বাঘা বাঘা নেতা এইবাৰ ৰণত পৰিব। মাত্র গোসাঁইগাঁও আৰু সৰভোগত মহ‍াজোঁট আগবাঢ়ি আছে। কোকৰাঝাৰ পূব আৰু পশ্চিম, চিদলী, বিজনী, ভবানীপুৰ, তামুলপুৰ, বৰমা আৰু চাপাগুৰি মিত্রজোঁটলৈ যোৱাৰ সম্ভাবনা আছে। প্ৰতিদ্বন্দ্বিতা হৈছে কেবল সৰভোগ আৰু কোকৰাঝাৰ পশ্চিমত। প্ৰমীলা ৰাণী ব্ৰহ্মক পৰাজিত কৰি ইউ.পি.পি.এলৰ লুইছ ইছলাৰী কোকৰাঝাৰ পূৱত জয়ী হোৱা প্ৰায় নিশ্চিত। চিদলীত জয়ন্ত বসুমতাৰীয়ে পৰাজিত কৰিব চন্দন ব্ৰহ্মক। বিজনীত বিজেপিৰ অজয় ৰয় বিজয়ী হ’ব। ভবানীপুৰৰ ফণী তালুকাদৰৰ দিছপুৰ যাত্রা সম্ভব নহ’ব পাৰে।
৫) কামৰূপঃ ২০
গুৱাহাটী আৰু মংগলদৈ লোজসভাৰ অধীনত আছে ২০টা বিধানসভা সমষ্টি। ইয়াৰ ১৪টাত মিত্রজোঁট আৰু ৬টাত মহাজোঁট জয়ী হ’ব। পলাশবাৰী, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূৱ আৰু পশ্চিমৰ ফলাফল ঘোষণ‍া আনুষ্ঠানিকতা মাত্র। ইয়াত বিজেপি-অগপ বিশাল ভোটৰ ব্যৱধানত জয়ী হ’ব। কমলপুৰ, ৰঙিয়া,নলবাৰী আৰু পানেৰী আদি সমষ্টিত বিজেপিৰ জয়ৰ ব্যবধান ৩০ হাজাৰৰ অধিক হ’ব পাৰে। কলাইগাঁও, চিপাঝাৰ, ওদালগুৰি আৰু মাজবাটত কিছু প্ৰত্যহ্বানৰ মাজত মিত্রজোঁট জয়ী হ’ব। হাজোত দুলু আহমেদ আৰু সুমন হৰিপ্ৰিয়াৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। কংগ্ৰেছে মুছলমান প্ৰাৰ্থী দি ভোট বিভাজন কৰা বাবে বিজেপি কিছু আগবাঢ়ি আছে। বকো, ছয়গাঁও, মংগলদৈত কোনো প্ৰতিদ্বন্দ্বিতা নাই। কংগ্ৰেছ বিপুল ভোটত জয়ী হ’ব। বৰক্ষেত্রীত নাৰায়ন ডেকা আৰু দিগন্ত বৰ্মনৰ মাজত কোন জয় হ’ব কোৱা টান যদিও বৰ্মন ২ ৰ পৰা ৫হাজাৰ ভোটত জয়ী হৈ যাব পাৰে। দলগাঁওত এ.আই.ইউ.দি.এফৰ মজিবুৰ ৰহমানে কংগ্ৰেছে ইলিয়াছ আলিক পৰাজিত কৰিব পাৰে।
৬) মধ্য অসমঃ ১৯
মধ্য অসমৰ নগাঁও আৰু কলিয়াবৰ লোকসভাৰ অধীনত আছে ১৯খন বিধানসভাৰ আসন। ইয়াত মিত্রজোঁটে ১২খন আৰু মহাঁজোটে ৭খন আসন পোৱাৰ সম্ভাবনা আছে। জাগীৰোদ, লামডিং, হোজাই, কলিয়াবৰ, বোকাখাত, খুমটাইত বিজেপি-অগপ সহজে জয়ী হ’ব। মৰিগাঁও, নগাঁও, বৰহমপুৰ, সৰুপথাৰ, গোলাঘাট আৰু দেৰগাঁওত কিছু প্ৰতিদ্বন্দ্বিতা হৈছে যদিও মিত্রজোটে এইকেইখন আসন দখল কৰিব। মহাজোঁট বিপুল ভোটত জয়ী হ’ব লাহৰীঘাট, ধিং, বটদ্ৰবা, ৰূপহীহাট, চামগুৰি আৰু জমুনামূখত। ৰহাত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কংগ্ৰেছৰ সম্ভাবনা অধিক।
৭)  উজনি অসমঃ ১৯
যোৰহাট আৰু তেজপুৰ লোকসভাৰ অন্তৰ্গত ১৯খন  বিধানসভা আসনৰ ভিতৰত বিজেপি মিত্রজোঁটে ১৭খন দখল কৰিব। মহাজোঁটৰ হাতলৈ আহিব পাৰে মাত্র দুখন। যোৰহাট, মৰিয়ণি,মাহমৰা, সোনাৰি, মৰাণ, ডিব্ৰুগৰ, লাহোৱাল, দুলিয়াজান, টিংখাং, তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটাত নাই কোনো প্ৰতিদ্বন্দ্বিতা। বিজেপি মিত্রজোঁটে অনায়াসে এই সমষ্টিকেইটা দখল কৰিব। প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্রীৰ সমষ্টি নাজিৰা আৰু তিতাবৰতো কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই দুয়োটা এইবাৰ বিজেপিলৈ যাব পাৰে। টিয়ক আৰু নাহৰকটীয়াত কিছু যুঁজ হৈছে যদিও শেষ হাঁহি মিত্রজোঁটেই মাৰিব। বহু কষ্ট কৰি কংগ্ৰেছে দুখন আসন নিজৰ বাবে ধৰি ৰাখিব পাৰে। অংকিতা দত্ত আৰু সুশান্ত বুঢ়াগোহাঁই ক্ৰমে আমগুৰী আৰু থাওৰাৰ পৰা জয়ী হ’ব পাৰে। যদিও জয়ৰ পথ সিমান মসৃন নহ’ব।
৮) উত্তৰ অসমঃ ১৮
উত্তৰ অসমত আছে ১৮খন আসন। এই আসন কেইখন তেজপুৰ আৰু লখিমপুৰ লোকসভাৰ অন্তৰ্গত। ইয়াত মাত্র ১খন আসন নাওবৈচা কংগ্ৰেছে দখল কৰিব পাৰে। ৪৮% সংখ্যালঘু বসতিপ্ৰধান নাওবৈচাত ভৰন নৰহ জয়ী হৈ ১০বছৰ বিৰতিৰ মুৰত বিধানসভাৰ চৌহদ গছকিব। ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী,গহপুৰ, মাজুলী, জোনাই,চাবুৱা আৰু ডুমডুমাত বিজেপি মিত্রজোটৰ জয়ৰ পথ মসৃন। কিছু প্ৰত্যহ্বানৰ মাজেৰে দলে দখল কৰিব বিহপুৰীয়া, লখিমপুৰ, ঢকুৱাখানা, ধেমাজি আৰু শদিয়া।
এয়া আছিল ১২৬টা সমষ্টিৰ ওপৰত আমাৰ সমীক্ষা। বিজেপিয়ে ৬৬, অগপই ৯ আৰি ইউ.পি.পি.এলে ৭ খন আসন লাভ কৰাৰ সম্ভাবনা আছে। আনহাটে কংগ্ৰেছে পাব পাৰে ২৭, এ.আই.ইউ.দি.এফে ১৫, বি.পি.এফে ১ আৰু চি.পিএমে এখন আসন। সমীক্ষাৰ ওপৰত আমি কৰা এটা ভিডিঅ’ চাব পাৰে তলৰ লিংক ক্লিক কৰি।
https://www.youtube.com/watch?v=-VtxdjcqfYU&t=1139s