শক্তিশালী বিটিএডি শক্তিশালী অসম

1607
  • জয় কুমাৰ পাটগিৰি

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ন্যায়ালয়ৰ নিৰ্দেশত ৰঞ্জন দৈমাৰী কাৰাগাৰৰ পৰা চাৰি সপ্তাহৰ কাৰণে ওলায় আহি গুৱাহাটীৰ পৰা দিল্লী পালে ___উদ্দেশ্য এনডিএফবি ৰ লগত চৰকাৰৰ চুক্তি সম্পাদন । এন ডি এফ বি ৰ গোটেই কেইটা গোট তথা আবছুৰ লগত আলোচনা হৈ সম্পাদিত হ’ল নতুন চুক্তি । ১৯৯৩ চনত বিএচি , ২০০৩ ত বিটিচি আৰু ২০২০ ৰ প্ৰথম মাহতে সম্পাদিত হ’ল ‘ মেমোৰেণ্ডাম অৱ চেটেলমেন্ট ‘ ।  ২০০৬ চনত  তৰুণ গগৈৰ মুখত অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম এটা জনপ্ৰিয় ডাইলগ আছিল ‘ হু ইজ বদৰুদ্দিন আজমল ? ‘ । ডাইলগটোৰ পটভুমি আছিল অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছক সংখ্যাগৰিষ্ঠতাৰ বাবে অংকৰ অমিল । দৰকাৰ আছিল আন দলৰ সমৰ্থন ।  আজমলে কংগ্ৰেছক ভিতৰি ভিতৰি জনায় দিলে তৰুণ গগৈৰ বাহিৰে আন নেতাক মুখ্যমন্ত্ৰী পাতিলে তেওঁ সমৰ্থন দিব । হাহাকাৰ লাগিল কংগ্ৰেছৰ অভ্যন্তৰত । এফালে ক্ষমতা আৰু আনফালে বদৰুদ্দিনৰ সন্মুখত আঁঠু লোৱা এটা নাভূত-নাশ্ৰুত ঘটনা । হিমন্ত বিশ্ব শৰ্মাৰ যোগাযোগ চলিল কোকৰাঝাৰৰ লগত । হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে , ” গগৈ চাৰেই হ’ব চি এম । “
হাগ্ৰামা মহিলাৰীয়ে সমৰ্থন নিদিয়া হেঁতেন আজমল কিংমেকাৰ হ’লহেঁতেন । কিন্তু মুল কথা হ’ল হাগ্ৰামা মহিলাৰী কেনেকৈ হ’ব পালে অসমৰ ৰাজনীতিৰ কিং মেকাৰ ___উত্তৰ এটাই অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিটিচি গঠন হৈছিল ২০০৩ চনত বিএলটিৰ লগত হোৱা চুক্তি মৰ্মে ।
২০০৩ ৰ পিছত বিগত ১৬ – ১৭ বছৰ পিছত হাগ্ৰামা মহিলাৰী , প্ৰমোদ বড়ো , ৰঞ্জন দৈমাৰী , ধীৰেণ বড়ো , বিদাই আদি প্ৰতিজন নেতাই বুজি উঠিছে যে বিটিএডি ৰাজনীতিত কিংমেকাৰ কিন্তু  বড়ো , ৰাভা , কোঁচ , ৰাজবংশী , কলিতা কোনো এটা সম্প্ৰদায় নহয় । গণতন্ত্ৰ মানেই নিৰ্বাচন আৰু নিৰ্বাচন মানেই সংখ্যাৰ খেল । সংখ্যাৰ নিয়ন্ত্ৰণ অছে পুৰ্ব বংগীয় মুছলমান সম্প্ৰদায়ৰ হাতত । পৃথক ৰাজ্যৰ দাবী সকলোৱে পৰিত্যাগ কৰি বিটিএডি অঞ্চলক সকলো খিলঞ্জীয়া জাতি – জনগোষ্ঠীৰ কাৰণে সুৰক্ষিত অঞ্চল হিচাপে যদি গঢ়ি তোলা নহয় আগন্তুক ২৫ -৩০ বছৰৰ ভিতৰত বিপিএফ , ইপিপি , বিজেপি , এজিপি সকলোৱে ঢাকাৰ অভিনেতাক ষ্টাৰ কেম্পেইনাৰ কৰি আনিবলৈ বাধ্য হ’ব লাগিব । মুঠৰ ওপৰত প্ৰতিজন খিলঞ্জীয়াৰ কাৰণে ভুমিৰ অধিকাৰ , নিয়োগৰ অধিকাৰ সুৰক্ষিত কৰি সাময়িক সময়ৰ কাৰণে নেতা হোৱাৰ উৰ্ধত চুক্তি ৰূপায়ন কৰিলে বিটিএডিত বাস কৰা জনসাধাৰণৰ সৰ্বাঙ্গিন উন্নতি হ’ব আৰু গোটেই অসমত অসম চুক্তিৰ ৬নং দঁফা কাৰ্যকৰণৰ বাট মুকলি হ’ব ।  গোটেই বিলাক নিৰ্ভৰ কৰিব চুক্তি সাক্ষৰকাৰী নেতাৰ সদিচ্ছা আৰু অনাগত ভৱিষ্যতক উপলব্ধি কৰিব পৰা ক্ষমতা ।
ঐতিহাসিক  বড়ো_শান্তি চুক্তি খনে তলত দিয়া দিশ কেইটা সামৰি লৈছে ——-
* এতিয়াৰ পৰা BTAD ক BTR(বড়োলেণ্ড টেৰিটৰিয়েল ৰি’জন) হিচাপে জনা যাব।
* তিনি বছৰৰ ভিতৰত বিটিচিলৈ ১৫০০ কোটি টকাৰ বিশেষ পেকেজ।
* কেন্দ্ৰীয় চৰকাৰৰ অধীনত মনিটৰিং কমিটী গঠন। কমিটীয়ে কৰিব সকলো নীতি নিৰ্ধাৰণ।
* বড়োসকলৰ সামাজিক, সাংস্কৃতিক আৰু ভাষা সুৰক্ষা কৰা হ’ব।
* সংবিধান সংশোধন কৰি প্ৰদান কৰা হ’ব অধিক বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতা।
* NDFB কেডাৰক সংস্থাপনৰ বাবে বিশেষ ব্যৱস্থা।
* জনজাতিৰ ভুমিৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা।
* BTADৰ বাবে নতুন DIG পদ ঘোষণা অমিত শ্বাহৰ।
* সংবিধানৰ ১২৫ নং  অনুচ্ছেদৰ সংশোধন কৰি বড়োলেণ্ডলৈ এই সুবিধা প্ৰদান।
* বড়োভুমিৰ ক্ষেত্ৰ সম্প্ৰসাৰণকলৈও কৰা হ’ব চিন্তা–চৰ্চা।
* বিটিচিৰ আসন ৬০ খনলৈ বৃদ্ধি।
* বড়ো সংখ্যাগৰিষ্ঠ নোহোৱা গাওঁ বিটিওএডিৰ পৰা হ’ব কৰ্তন।
* বড়ো আন্দোলনত নিহত পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য।
* উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে হ’ব নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।
* অসমত বড়ো হ’ব সহযোগী চৰকাৰী ভাষা।
* BTRত হ’ব নতুন ক্ৰীড়া বিশ্ববিদ্যালয়।
* তামুলপুৰত কেন্সাৰ হস্পাতাল আৰু মেডিকেল কলেজ স্থাপন।
* BTR ত স্থাপন হ’ব ৰে’ল ডবা নিৰ্মাণ কাৰখানা।