বিটিছি নিৰ্বাচনঃ হিমন্ত বিশ্বৰ প্ৰচেষ্টাত দহকৰ ঘৰত বিজেপি

1196

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


দুসপ্তাহ পিছত বি.টি.ছিৰ নিৰ্বাচন। ইতিমধ্যে বড়োভুমিৰ  আকাশ বতাহত শুনা গৈছে ৰাজনৈতিক বাকযুদ্ধ। গাণ নাচৰ সমাহৰ, জন্তু – জানোৱাৰৰ সৈতে তুলনা আদিৰে জমি উঠিছে নিৰ্বাচনী সমৰ। আকস্মিক ভাবে বিজেপিৰ আগমন আৰু আগ্ৰাসনে নিৰ্বাচনক আৰু অধিক আকৰ্ষনীয় কৰি তুলিছে।  এতিয়া প্ৰশ্ন হ’ল কোকৰাঝাৰত ডিচেম্বৰত কাৰ চৰকাৰ হ’ব? বিটিচিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি আৰু বিভিন্ন ৰাইজৰ লগত কথা পাতি আমি যুগুত কৰি উলিয়াওছো এক সমীক্ষা।
বড়োভুমিৰ মুঠ আসনৰ সংখ্যা হ’ল ৪০। ইয়াত বিভিন্ন জনগোষ্ঠীয়ে নিৰ্ণয় কৰিব পৰা সমষ্টিৰ সংখ্যা এনে ধৰণৰঃ
বড়ো- ১৪
মুছলমান – ১১
বঙালী হিন্দু- ৬
আদিবাসী- ৫
অন্যান্য – ৪
বড়োসকলৰ মাজত একপ্ৰকাৰ নিজৰ সপক্ষে বতাহ সৃষ্ঠি কৰিবলৈ সক্ষম হৈছে প্ৰমোদ বড়ো। প্ৰমোদ বড়োৰ সভাবিলাকত দেখা গৈছে জনসমুদ্ৰ। বড়োসকলে নিৰ্ণয় কৰিবলগীয়া সৰহ সংখ্যক আসনতে প্ৰমোদ বড়ো আগবাঢ়ি আছিল। মুছলমান সকলৰ ভোট ২০১৯ লোকসভাত ইউ.পি.পি.এল আৰু নৱ শৰণীয়াৰ মাজত বিভাজন হৈছিল। ইয়াৰ কাৰণ আছিল আজমলৰ ইউ.পি.পি.এলৰ মিত্রতা। এইবাৰ মুছলমানসকল সকোলতকৈ বেছি কনফিউজ। হিমন্ত বিশ্বই হাগ্ৰামাক গালি পৰাৰ লগে লগে বিপিএফৰ প্ৰতি তেওঁলোকৰ সহানুভূতি বাঢ়িছে। আজমল-কংগ্ৰেছ মিলি প্ৰাৰ্থী দিছে বাবে তেওঁলোককো কিছুমানে সমৰ্থন কৰিছে। নৱ শৰণীয়াৰ প্ৰতিও কিছুমানৰ সমৰ্থন আছে। মুঠৰ ওপৰত মুছলমানৰ ভোটৰ হব উলম্ব বিভাজন। বিজেপিক বাদ দি আন  ৪টা গোটে পাব কিছু ভোট। বঙালী হিন্দুৰ মাজত কোনো কনফিউজন নাই। তেওঁলোক বিজেপিৰ লগত আছে। ৯টা সমষ্টিৰ ফলাফল নিৰ্ণয় কৰিব আদিবাসী, কোচ ৰাজবংশী তথা মুল সুতিৰ অসমীয়াই। ইয়াৰে সৰহ সংখ্যক ভোট যাব বিজেপিৰ পক্ষে। বিজেপিয়ে এওলোকৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ সভাবোৰো হৈছে মুলতঃ বঙালী হিন্দু, আদিবাসী আৰু অন্যান্যই নিয়ন্ত্ৰণ কৰা ১৫টা সমষ্টিত। সকলো দিশৰ এক বিজ্ঞানসন্মত বিশ্লেষণ কৰি ২০২০ চনৰ বড়োভুমিৰ আসনকলৈ আমাৰ এক পূৰ্বানুমানঃ
ইউ.পি.পি.এল : ১৪ ৰ পৰা ১৮
বিজেপি:  ১২ৰ পৰা ১৫
বিপিএফ-: ৫ ৰ পৰা ৮
কংগ্ৰেছ – এ.আই.ইউ.দি.এফ : ২ৰ পৰা ৫
নৱ শৰণীয়া: ১ ৰ পৰা ৩
আমাৰ সমীক্ষাৰ পৰা স্পষ্ট যে বি.টি.চিত এইবাৰ ইউ.পি.পি.এলৰ চৰকাৰ হ’ব পাৰে। প্ৰমোদ বড়ো আৰু বিশ্বজিত দৈমাৰীৰ নেতৃত্বত ল’ব পাৰে নতুন চৰকাৰে শপত।প্ৰমোদ বড়ো চিফ হ’লে বিশ্বজিত দৈমাৰী তেওঁৰ সহকাৰী ৰূপে নতুন চৰকাৰত মনোনীত হোৱাৰ সম্ভাবনা আছে। বি.টি.চি নিৰ্বাচনত সকলোতকৈ বেছি ক্ষতিগ্ৰস্হ হ’ব পৰা হাগ্ৰামা মহিলাৰী আৰু নৱ শৰণীয়াই আগন্তুক দিনত হাত মিলালেও আচৰিত হ’বলগীয়া নাই।