বিপিএফে পাব নে মঙ্গলদৈ?

2744

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


শক্তি অবিহনে মিত্ৰ নাই । ৰাজনীতিৰ শক্তি হৈছে আসন , ভোট আৰু সমৰ্থন ।২০১৯ ৰ কেন্দ্ৰীয় চৰকাৰ গঠন প্ৰক্ৰিয়া নিৰ্ভৰ হ’ব কংগ্ৰেছ আৰু ভাজপাৰ সমৰ্থক দলবিলাকৰ নিৰ্বাচনী ফলাফলৰ ওপৰত । নিৰ্বাচনত জয় -পৰাজয়ৰ হিচাপ  এতিয়াও ভাৰতীয় গণতন্ত্ৰত সম্ভৱ হৈ উঠা নাই কাৰণ নিৰ্বাচনত জয় -পৰাজয় নিৰ্ভৰ কৰে জনতাৰ আবেগৰ ওপৰত , চৰকাৰ এখনৰ উন্নয়ন মুলক কামকাজৰ  ওপৰত নহয় । অসমতো ৰাজনৈতিক শিবিৰ বিভক্ত হৈ আছে ভাজপা আৰু কংগ্ৰেছৰ মাজত । প্ৰাক নিৰ্বাচনী মিত্ৰতা বিজেপি -বিপিএফ -অগপ আৰু নিৰ্বাচনৰ পিছত মিত্ৰতাৰ অংক চলিব কংগ্ৰেছ আৰু এআইউডিএফৰ মাজত । ২০১৯ লোকসভা নিৰ্বাচনৰ ছবিখন যিহেতু স্পষ্ট হোৱা নাই , সেয়ে প্ৰতিটো দলৰে মুল উদ্দেশ্য হ’ব লোকসভাত নিজৰ আসন বৃদ্ধি কৰা । কংগ্ৰেছ আৰু এআইউডিএফৰ মাজত বুজাপৰা হ’ব সমষ্টি বিশেষে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ  আৰু যিটো কাম বিসম্বাদ অবিহনে বদৰুদ্দিন আজমলে নিয়ন্ত্ৰণ কৰিব পাৰিব ।
আনহাতে বিজেপি -বিপিএফ – অগপৰ মিত্ৰজোঁটৰ অংকটো সিমান সহজ হৈ থকা নাই । আমাৰ ওচৰত অহা খৱৰ অনুসৰি  বিজেপিৰ নেতৃত্বই মুছলমান ভোটাৰ অধ্যুষিত সমষ্টি কেইটাত অগপ আৰু কোকৰাঝাৰ সমষ্টি বিপিএফক এৰি দিবলৈ প্ৰস্তুত  । এইমাহৰ সংখ্যাত আমি আলোচনা কৰিম মিত্ৰজোঁটত বিপিএফৰ প্ৰভাব আৰু ভুমিকাৰ ওপৰত ।
২০১৬ নিৰ্বাচনত বিপিএফে ভাজপাৰ লগত মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে নিৰ্বাচনত অৱতীৰ্ন হৈছিল ।  বিজেপি -অগপৰ নিৰ্বাচনী মিত্ৰতা আৰু বিজেপি-বিপিএফ মিত্ৰতা সম্পুৰ্ণ বেলেগ । কংগ্ৰেছৰ লগত বিপিএফ থকাৰ সময়তো বিপিএফৰ জহতে বিটিছিৰ অন্তৰ্গত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দলীয় চিহ্নই আকাশ দেখিছিল আৰু ২০১৬ নিৰ্বাচনৰ সময়ছোৱাটো বিটিচি  এলেকাৰ বিধানসভা সমষ্টিবিলাকত বিপিএফৰ কাৰণেই  হাতী আৰু ফুলে চৰ্চাত স্থান পাইছিল । অন্যহাতে  বিটিচি এলেকাৰ বাহিৰৰ বহু কেইটা বিধান সভা সমষ্টিৰ নিৰ্বাচনী ফলাফল চুইং কৰিব পাৰে হাগ্ৰামা মহিলাৰীয়ে । ২০১৪ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত  বিজেপি -বিপিএফ – অগপৰ   মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰাজিত হৈছে । এখন আসন বিজেপিৰ মিত্ৰজোঁটে হেৰুৱাটো অমিত শ্বাহৰ কাৰণে বিশেষ একো ক্ষতি নহ’ল কিন্তু বিস্তৰ ক্ষতি হ’ল বিপিএফৰ । কাৰণ লোকসভাত বিপিএফ শুণ্য  । কিন্তু একেটা নিৰ্বাচনতে  মঙ্গলদৈ লোকসভা সমষ্টিত ৰমেন ডেকা  আৰু  তেজপুৰত ৰাম প্ৰসাদ শৰ্মাৰ জয়ত নিৰ্ণায়ক ভুমিকা লৈছিল বিপিএফে । ধুবুৰী , বৰপেটা ,লক্ষিমপুৰ ,নগাওঁ  আৰু গুৱাহটী লোকসভা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থীক ব্লক হিচাপত ভোট  সৃষ্টি কৰাত নিৰ্ণায়ক ভুমিকা  বিপিএফে লৈছে । এই ক্ষেত্ৰত আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফে কোকৰাঝাৰৰ উপৰিও মঙ্গলদৈ সমষ্টিটো বিচাৰিব বুলি দলৰ ভিতৰচৰাঁত চিন্তা চৰ্চা তুংগত আছে বুলি জানিব পৰা গৈছে।বৰ্তমানৰ মংঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই দুটাকৈ কাৰ্য্যকাল সাংসদ হৈ থকা স্বত্তেও সংসদৰ ভিতৰে বাহিৰে বাহিৰে বিশেষ প্ৰভাব দেখুৱাবলৈ সক্ষম হোৱা নাই ।তাতে আকৌ নাগৰিকত্ব বিধেয়ক ২০১৬ ৰ জেপিচিৰ সদস্য হিচাপেও তেওঁ চৰ্চাত আহিছে। সেইবাবেই সমষ্টিটোত বিজেপিৰ জয় অক্ষত ৰখাৰ স্বাৰ্থত  বিজেপিৰ এচামে ৰমেন ডেকাৰ পৰিৱৰ্তে নতুন মুখক প্ৰাৰ্থিত্ব দিয়াৰ কথাও চিন্তা চৰ্চা কৰি থকা বুলি জানিব পৰা গৈছে । কিন্তু ৰমেন ডেকাৰ দৰে চিনিয়ৰ নেতা এজনৰ টিকত  কাটি অান নেতাক টিকত দিলে দলীয় কৰ্মীৰ মাজত বিসম্বাদ নিশ্চিত ।  মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত কলাইগাওঁ , মাজবাট , পানেৰী , ওডালগুৰী বিধানসভা সমষ্টিত বিপিএফৰ বিধায়ক আছে  । আনহাতে দলগাওঁৰ বাহিৰে  বাকী কেইটা বিধানসভা সমষ্টি ৰঙিয়া ,নলবাৰী, কমলপুৰ , ছিপাঝাৰ , মঙ্গলদৈ  সমষ্টিত  বিজেপিৰ বিধায়ক আছে যদিও বিপিএফৰ প্ৰভাৱ শক্তিশালী । তাৎপৰ্য্যপুৰ্ণ কথাটো হ’ল ধৰ্মীয় সংখ্যালঘু অধ্যুষিত দলগাওঁ সমষ্টিটোত বিজেপিৰ প্ৰভাব সীমিত   আৰু ১৯৯৬ আৰু ২০০১ বিধানসভাত অগপৰ দখলত থকা সমষ্টিটোত বৰ্তমান সময়ত অগপৰ প্ৰভাব বহুখিনি সীমিত হৈ পৰিছে । অৰ্থাৎ সাম্ভাব্য মিত্ৰজোঁটৰ তিনিওটা দলৰ শক্তি দলগাওঁত সীমিত । বিধায়কৰ সংখ্যাৰ ভিত্তিত  বিপিএফ আৰু বিজেপি সমানত থাকিলেও বিজেপি প্ৰাৰ্থীৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপি দলৰ গ্ৰহণযোগ্যতা আৰু নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ তুলনাত হাগ্ৰামা মহিলাৰী অধিক জনপ্ৰিয়। সেইবাবেই ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিতকৈ  বিপিএফ প্ৰাৰ্থী হ’ব মিত্ৰজোঁটৰ নিৰাপদ প্ৰক্ষেপ । ২০১৬ বিধান সভাত যিদৰে বিপিএফ আৰু অগপৰ ভোট বিজেপিলৈ ৯৯ % ট্ৰেন্সফাৰ হৈছিল ,  মঙ্গলদৈত মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকিবলৈ হ’লে অগপ – বিজেপিৰ ভোট বিপিএফলৈ ট্ৰেন্সফাৰ হ’ব লাগিব থিক ২০১৬ ৰ দৰেই ।