বিপিএফ , অগপ পুনৰবাৰ লোকসভাত সাংসদ শূন্য হব ?

4576

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৯ ৰ নিৰ্বাচনৰ ফলাফলে যিদৰে দেশৰ ৰাজনৈতিক পৰিবেশ সলনি কৰিব , সেই একেদৰে আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ ফলাফলৰো এটা চমু আভাস দি যাব । এইবাৰ আমি আলোচনা কৰিম মাত্ৰ আগন্তুক  ২০১৯ লোকসভা নিৰ্বাচনৰ বিষয়ে । অসমত বিজেপিৰ লগত বিপিএফ , অগপ আৰু কিছুমান সৰু সৰু দলৰ মাজত মিত্ৰতাৰ সম্ভাৱনা আছে । কিন্তু কথা হ’ল বাকী দল বিলাক বিজেপিৰ লগত মিত্ৰহৈ থকাটো খাটাং যদিও অগপ দলৰ লগত মিত্ৰতাৰ ছবি খন স্পষ্ট হোৱা নাই । হয়তো সম্ভাৱনা ক্ষীন । যদি অগপই বিজেপিৰ লগত মিত্ৰতা কৰি লোকসভা নিৰ্বাচনত অবতীৰ্ণ হয় তেন্তে অগপক কিমানটা সমষ্টি এৰি দিব ?  কাৰণ মিত্ৰতাৰ কথা স্পষ্ট নহওঁতেই  হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বিজেপিয়ে কমেও অসমৰ পৰা ৯ খন আসন পাব । বাকী ৫ খন যেনে কলিয়াবৰ , বৰপেটা , ধুবুৰি , কৰিমগঞ্জ আৰু কোকৰাঝাৰ তেওঁ হয়টো এতিয়ালৈ ধৰা নাই । কৰিমগঞ্জ আৰু কোকৰাঝাৰত অগপৰ গণভিত্তি অতি সীমিত । বাকী থকা  তিনিখনৰ কলিয়াবৰত গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী  যিদলেই নেথাকক তেওঁ পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনাই অধিক বা গৌৰৱ গগৈ তীব্ৰ চাপত পেলাবলৈ একমাত্ৰ প্ৰাৰ্থী হ’ব লাগিব প্ৰফুল্ল কুমাৰ মহন্ত । কিন্তু প্ৰফুল্ল কুমাৰ মহন্তই খন্তি মৰা ৰাজনীতিত ইমান ৰিস্ক ল’ব বুলি আশাও কৰিব নোৱাৰি । তেনেস্থলত ধৰ্মীয় সংখ্যালঘু সংখ্যাগৰিষ্ঠ সমষ্টি দুটা যদি বিজেপিয়ে অগপক এৰিও দিয়ে , তথাপি জয়ী হোৱা অসম্ভৱ । কাৰণ জনীয়া , বাঘবৰক উদাহৰণ দি ভাষণ দিয়া হিমন্ত বিশ্ব শৰ্মাই অগপৰ হৈ প্ৰচাৰ কৰিব যোৱা মানেই সৰ্বনাশ । তেন্তে অগপৰ বিকল্প দুটা আছে __ একক ভাবে নিৰ্বাচন খেলা নাইবা কংগ্ৰেছৰ লগত মিত্ৰতা কৰা । একক ভাবে নিৰ্বাচন খেলিবলৈ অগপৰ ধন -জনৰ অভাব হব আৰু নিৰ্বাচনত জয়ী হোৱাৰ জোখাৰে আজিৰ জনবিন্যাসে সহায়ো নকৰিব । তেনেস্থলত কংগ্ৰেছৰ লগত মিত্ৰতা কৰি যদি অগপই কমেও দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে ফলাফল অগপৰ সপক্ষে যাব বুলি আজিৰ তাৰিখত ধাৰণা হয় । বৰপেটাত অগপই ধৰ্মীয় সংখ্যালঘু ( বংগীয় মূলৰ হ’লে বেছি ভাল ) নেতা এজনক যদি থিয় কৰায় তেন্তে বৰপেটা সমষ্টিত আজমল ভাতৃৰ কাৰণে বিপদ ঘন্টা বাজিব  বুলি আশা কৰিব পাৰি । কংগ্ৰেছে অগপৰ সন্মান ৰক্ষা কৰি আৰু উজনিৰ অসমীয়া ভাষী ভোটাৰৰ কথা চিন্তা কৰি আৰু  এটা সমষ্টি যদি এৰি দিব খোজে তেন্তে সেইটো গুৱাহাটী সমষ্টি হ’লেও আচৰিত হ’ব লগা নেথাকে । কাৰণ গুৱাহাটী বিজেপিৰ কাৰণে আটাইতকৈ সুৰক্ষিত সমষ্টি , য’ত আন দলৰ জয় প্ৰায় অসম্ভৱ । গুৱাহাটীত পৰাজিত হ’লেও অগপই কমচে কম সংসদত নিজৰ সাংসদ এজন বৰপেটাৰ জড়িয়তে পাব পাৰে ।
এতিয়া আহিছো বিজেপিৰ আজিৰ দিনৰ  বিশ্বাসী বন্ধু দল বিপিএফ। বৰ্তমানৰ মংগলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকাই অলপতে স্পষ্ট ভাবেই জনাইছে যে বিপিএফে বিজেপিক মংগলদৈত সমৰ্থন দিব আৰু সমৰ্থন দিয়া মানেই বিজেপিয়ে সমষ্টিটোত হেট্ৰিক মাৰিব পাৰিব ২০১৯ ত । বিশ্বজিৎ দৈমাৰী লগত থাকোতে ৰমেন ডেকাৰ এই মন্তব্যই মংগলদৈ সমষ্টিৰ ছবি খন প্ৰায় স্পষ্ট কৰিলে । অন্যহাতে বিপিএফৰ কাৰণে সন্মানীয় আসন খন হৈছে কোকৰাঝাৰ । যিখনত যোৱা লোকসভা নিৰ্বাচনত বিপিএফ পৰাজিত হৈছে । এসময়ত সংসদত ৰণদংকা বজাই থকা কোকৰাঝাৰৰ  প্ৰাক্তণ সাংসদ চাংচুমা বিচমুতিআৰীক মানুহে পাহৰি পেলাইছে । যোৱাবাৰ বিপুল ভোটত জয়ী হৈছিল নব কুমাৰ শৰণীয়া । বিধান সভা বা বিটিচি কাউন্সিলৰ নিৰ্বাচনত নব শৰণীয়াৰ প্ৰভাব যদিও সীমিত তথাপি লোকসভা নিৰ্বাচনত ছবি খন সম্পুৰ্ণ সলনি হৈ যায় ।নিৰ্বানৰ ইচ্ছ্যু বিলাক আন সমষ্টিৰ লগত কোকৰাঝাৰৰ পাৰ্থক্য থকা বুলি বহুতেই দাবী কৰে ।  তেনেস্থলত অহা লোকসভা নিৰ্বাচনত পুনৰ নব কুমাৰ শৰণীয়া জয়ী হ’লেও আচৰিত হব লগা নাই । এই ক্ষেত্ৰত নিৰ্বাচনৰ ৬ মাহ আগৰ পৰাই  বিভিন্ন সংগঠনৰ দ্বাৰা পৃথক ৰাজ্যৰ দাবী কৰি আন্দোলন তীব্ৰতৰ কৰা পৰিস্থিতি এটাইও লোকসভা নিৰ্বাচনত ভোটাৰক প্ৰভাবিত কৰিব বুলি ধৰিব পাৰি । অৰ্থাৎ আজিৰ তাৰিখত কোকৰাঝাৰ সমষ্টি পুনৰ উদ্ধাৰ বিপিএফৰ কাৰণে প্ৰত্যাহ্বান । যদি এই প্ৰত্যাহ্বানত বিপিএফে শেষ হাঁহি মাৰিব নোৱাৰে তেন্তে ২০১৯ ত কেন্দ্ৰত যি দলৰেই চৰকাৰ নহওঁক , সংসদৰ ভিতৰত বিপিএফ শুণ্য ।
অগপৰ কাৰণে যিদৰে বৰপেটা নিৰাপদ , একেদৰে কংগ্ৰেছ আৰু বিজেপিৰ কাৰণে নিৰাপদ  ক্ৰমে কলিয়াবৰ আৰু গুৱাহাটী , আনহাতে বিপিএফৰ কাৰণে নিৰাপদ মংগলদৈ ( য’ত বিপিএফ দখলত চাৰিটা বিধান সভা সমষ্টি আছে ) ।নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত অগপ আৰু বিপিএফৰ মুল অংক হব প্ৰাৰ্থী বাচনি ।বিজেপিৰ লগত মিত্ৰতা হ’লেও দিপক দাস ,ফনীভুষণ চৌধুৰী ৰ দৰে নেতা যদি পুনৰ নিৰ্বাচনত নামে তেন্তে ফলাফল ভাল হোৱাৰ আশা ক্ষীন । একেদৰে বিপিএফে যদি কোকৰাঝাৰত বড়ো – অবড়ো মানুহৰ মাজত কাম কৰা নেতাক প্ৰাৰ্থীত্ব দিয়ে তেন্তে নিৰ্বাচনী যুজখন আকৰ্ষণীয় হব।