বিমুদ্ৰাকৰণঃ মোডী চৰকাৰৰ মহাভুল নে মিথ্যাচাৰ?

2540
  • গণেশ বৰ্মন

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


“To break the grip of corruption and black money we have decided that the 500 rupee and 1000 rupee currency notes presently in use will no longer be legal tender from midnight tonight “
৮ নবেম্বৰ ২০১৬ৰ দিনা ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ৰাষ্ট্ৰক সম্বোধন কৰি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ঘোষণা কৰে । প্ৰধানত: ক’লা ধন, দুৰ্নীতি আৰু সন্ত্রাসবাদ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দি ৰাইজক বিমুদ্ৰাকৰণৰ মহান উদ্দেশ্যক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায় । এই কাৰ্য্যই ৰাইজ , বিৰোধী পক্ষ, সংবাদ মাধ্যম তথা নিজ দলকো হতবাক কৰে । ইমান ডাঙৰ এটা সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ ৰাইজৰ সহায় সহযোগীতাৰ নিতান্তই প্ৰয়োজন। ৰাইজে মোডী ডাঙৰীয়াক নিৰাশ নকৰিলে। ভাৰতৰ দেশপ্ৰেমী ৰাইজে কিবা ভাল হোৱাৰ আশাত হাঁহি মুখে বেংকৰ সন্মুখত শাৰী পাতিলে। নিৰ্বাচনতো বিজেপিৰ লাভ হ’ল। উত্তৰ প্ৰদেশৰ নিৰ্বাচন ফলাফলৰ পিছত ক্ৰিকেটাৰ বীৰেন্দ্ৰ চেহৱাগে টুইট কৰিলে যে যিজনে তেওঁলোকক বেংকৰ লাইনত থিয়  কৰাইছিল, সেইজনৰ বাবে তেওঁলোক ভোটগ্ৰহণ কেন্দ্ৰৰ লাইনত থিয়  হ’ল।
যোৱা মাহত বিমুদ্ৰাকৰণৰ দ্বিতীয় বৰ্ষ পাৰ হ’ল। বেংকৰ লাইনত থিয়  হোৱা সেই জনতাই আজি তেওঁলোকৰ কষ্ট সাৰ্থক হ’ল নে নাই সেই বিষয়ে প্ৰশ্ন কৰিছে।
১) ক’লাধনৰ প্ৰচলন কমিলনে ? যদি কমিল তেন্তে কিমান কমিল ?
২) দুৰ্নীতি কিমান কমিল ?
৩) সন্ত্রাসবাদ কিমান কমিল ?
বিমুদ্ৰাকৰণৰ দ্বিতীয় বৰ্ষপুতিৰ দিনা অৰুণ জেটলী আৰু মোডী ডাঙৰীয়াই ৰিপৰ্ট কাৰ্ড লৈ জনতাক কব পাৰিব লাগিছিল যে বিমুদ্ৰাকৰণৰ ফলত কিমান পৰিমাণৰ কলাধন বাজেয়াপ্ত হ’ল বা শতকৰা কিমান দুৰ্নীতি আৰু শতকৰা কিমান সন্ত্রাসবাদী কাৰ্য্যকলাপ কমিল। ইয়াৰ বিপৰীতে অৰুণ জেটলী মহোদয়ে ক’লে যে বিমুদ্ৰাকৰণৰ ফলত ভাৰতত ফৰমেল ইকোনোমী হ’ল। ৰাইজে বেছি কঁৰ দিছে, সেই টকাৰে চৰকাৰে ৰাস্তা, ঘৰ, শৌচালয় আদি নিৰ্মাণ কৰিছে।
কিন্তু ৰাইজক যি প্ৰতিশ্ৰুতি দি বিমুদ্ৰাকৰণৰ অগ্নিপৰীক্ষা লোৱা হৈছিল চৰকাৰে তাক পূৰণ কৰাত ব্যৰ্থ হৈছে। ক’লাধন, দুৰ্নীতি আৰু সন্ত্রাসবাদ কমাৰ কোনো প্ৰমাণ চৰকাৰে ৰাইজক দিব পৰা নাই। বিমুদ্ৰাকৰণৰ ফলত অসংগঠিত ক্ষেত্রৰ কৰ্মচাৰী আৰু ক্ষুদ্ৰ ব্যবসায়ীৰ মুৰত যি ৰাম টাঙোন পৰিল সেয়া একেবাৰে অপ্ৰয়োজনীয় আছিল । কাশ্মীৰত সন্ত্রাসবাদ দিনক দিনে বৃদ্ধি পাইছে, নোটৰ প্ৰচলন ভাৰতত এই বছৰ ২২% বৃদ্ধি হৈছে, ক’লাধন জমা ৰখা কোনো লোকৰ পৰা চৰকাৰে আজিলৈকে টকা বাজেয়াপ্ত কৰিব নাই, ৯৯.৩০% অচল নোট বেংকলৈ ঘুৰি আহিছে । তেন্তে বিমুদ্ৰাকৰণৰ ফলত দেশৰ কি উপকাৰ হ’ল ? কাৰ দুঃসাহসৰ বাবে বেংকৰ লাইনত থিয় হৈ ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱালে ? কিয় হাজাৰ হাজাৰ লোকে চাকৰি হেৰুৱালে আৰু ব্যবসায় বন্ধ কৰিব লগীয়া হ’ল ? বিজেপিৰ নেতাসকলেও ইয়াক ভালকৈ বুজিছে , সেইবাবে উৎসৱ উদযাপন কৰি ভালপোৱা নেতা-কৰ্মী আজি নিমাত। কেবল পৰিসংখ্যাৰ চমকেৰে অৰুণ জেটলীয়ে চৰকাৰৰ নাক বচাবলৈ চেষ্টা কৰিছে। বিমুদ্ৰাকৰণৰ দ্বাৰা ভাৰতক ফৰমেল ইক’নমী কৰিব বিচৰা জেটলীয়ে তাতো একো সফলতাৰ চিন দিব পৰা নাই। আয়কৰ ফাইল কৰা লোক প্ৰত্যেক বছৰে বাঢ়ে। বিমুদ্ৰাকৰণৰ ফলত যদি কিবা অস্বাভাবিক ভাবে বৃদ্ধি পালেহেতেন তেন্তে কথা বেলেগ আছিল। আয়কৰ বিভাগে কিছুমান লোকক ক’লাধন ৰখাৰ সন্দেহ কৰি জাননী পঠাইছে কিন্তু আজি দুবছৰে এটা টকাও ৰাজকোষলৈ আনিবলৈ সক্ষম হোৱা নাই।
তেন্তে কিয় এনে এটা হঠকাৰী সিদ্ধান্ত লোৱা হ’ল? উৰহীৰ ওঁৰ এতিয়া লাহে লাহে ওঁলাব ধৰিছে। দৰাচলতে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত এই প্ৰস্তাব তেতিয়াৰ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনক দিয়া হৈছিল। আৰু ৰাজনে সেই প্ৰস্তাব নাকচ কৰিছিল। খবৰ অনুসৰি ৰঘুৰাম ৰাজনে ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহতে দেশৰ কেইবাটাও বৃহৎ কৰ্পৰেট প্ৰতিষ্ঠানৰ এখন তালিকা প্ৰধানমন্ত্রী কাৰ্য্যালয়লৈ প্ৰেৰণ কৰিছিল যিয়ে সমুদায় কেইবা লাখ কৌটি টকা বেংক সমূহত আদায় দিবলৈ আছিল। এই বৃহৎ কৰ্পৰেট প্ৰতিষ্ঠান সমূহে পৰিসোধ নকৰা ‘Bad Loan’ ৰ ফলতে ভাৰতীয় বেংকবিলাকত নগদ টকাৰ অভাবে দেখা দিছিল। কিন্তু প্ৰধানমন্ত্রীৰ কাৰ্য্যালয়ে সেই কৰ্পৰেট গোষ্ঠী সমূহৰ বিৰুদ্ধে কোনো ব্যবস্হা গ্ৰহণ নকৰিলে। ২০১৬ চনৰ চেপ্তেম্বৰ মাহত ৰঘুৰাম ৰাজন ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ পদৰ পৰা আতৰি যোৱাৰ দুমাহৰ ভিতৰতে অৰ্থাৎ ২০১৬ চনৰ নবেম্বৰ মাহৰ ৮ তাৰিখে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ঘোষণা কৰিলে বিমুদ্ৰাকৰণ। ভবা হৈছিল কেইবাটাও বেংকত দেখা দিয়া  cash crunch  নোহোৱা হ’ব। কিন্তু ৰাইজক জনোৱা হ’ল বিমুদ্ৰাকৰণে ক’লা ধন, দুৰ্নীতি আৰু সন্ত্রাসবাদ নিৰ্মূল কৰিব। কিন্তু বিমুদ্ৰাকৰণৰ দুবছৰ পিছতো কাৰ্য্যত তেনে হোৱা দেখা নগ’ল। সঘনাই বিমুদ্ৰাকৰণৰ লক্ষ্য আৰু উদ্দেশ্য সলনি হৈছে। Goal post  সলনি হৈ আছে।
বিমুদ্ৰাকৰণৰ ইংৰাজীত Demonetisation বুলি কয়  আৰু আজি সেই Demonetisaton ক আমি কেবল তাৰ প্ৰথম পাঁচটা আখৰেৰে নামাকৰণ কৰিব বিচাৰিছো। বিমুদ্ৰাকৰণ= Demonetisation= Demon
শেহতীয়াভাবে ৰঘুৰাম ৰাজনে প্ৰধানমন্ত্রীৰ কাৰ্য্যালয়লৈ পঠোৱা তালিকাখনে পুনৰ বাতৰিৰ শিৰোনামা দখল কৰিছে। কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্রীৰ কাৰ্য্যালয় আৰু ৰিজাৰ্ভ বেংকক ৰঘুৰাম ৰাজনৰ তালিকাখন প্ৰকাশ কৰিবলৈ দৃঢ় ভাবে আদেশ দিয়ে। কিন্তু বিভিন্ন অজুহাত দেখুৱাই আজি পৰ্য্যন্ত তালিকাখন প্ৰকাশৰ পৰা বিৰত আছে প্ৰধানমন্ত্রীৰ কাৰ্য্যালয় আৰু ৰিজাৰ্ভ বেংক। এটা ৬৬ পৃষ্ঠাৰ নিৰ্দেশত তথ্য আয়ুক্ত শ্ৰীধৰ আচাৰয়ুলুই কয় ” If there is any objection based on any exception , the PMO should have pleaded and justify their denial” তেওঁ পুনৰ কলেঃ “The PMO refused to comply with the direction of disclosure of action on Rajan’s letter on grounds which are not legal which is unfortunate” ৰঘুৰাম ৰাজনৰ তালিকাখন প্ৰকাশ নকৰি কাৰ কি স্বাৰ্থ সিদ্ধি হ’ব বুজাজনে নিশ্চয় বুজিছে। লক্ষণীয় হ’ব কি অজুহাতত আৰু কেতিয়ালৈ প্ৰধানমন্ত্রীৰ কাৰ্য্যালয়ে সেই বহুচৰ্চিত তালিকাখন প্ৰকাশ নকৰাকৈ থাকিব। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত কিছুদিন পূৰ্বে দিয়া এটা বক্তিতাত ৰঘুৰাম ৰাজনে কয় যে বিমুদ্ৰাকৰণ আৰু খৰখেদাকৈ ৰুপায়ণ কৰা জি.এছ.টিয়ে ভাৰতীয় অৰ্থনীতিৰ বিকাশত ব্যাঘাত জন্মাইছে। ৰাজনে কয় ” what happened in 2017 is that even as the world picked up, India went down.That reflects the fact that these blows ( demonetisation and GST) have really been hard blows. ..because of these headwinds we have been held back”