বিশ্বজিৎ দৈমাৰীয়ে চীফ হব পাৰিবনে ?

1207

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিটিচিত হাগ্ৰামা মহিলাৰীৰ পৰাজয়ৰ দিন চমু চাপি আহিছে । বিগত ১৫ বছৰীয়া ক্ষমতাৰ ৰাজনীতিত তেওঁ নিজে ব্যৱহাৰ কৰা সুত্ৰ এইবাৰ বিজেপিয়ে ব্যৱহাৰ কৰিলে । হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ বা বিজেপিৰ লগত কৰা মিত্ৰতাক সদায় সুবিধাবাদী মিত্ৰতা বুলি নিজেই কৈ আহিছে । পুৰ্বতে কংগ্ৰেছৰ লগত বিপিএফে মিত্ৰতা ভংগ কৰিছিল আৰু অসম চৰকাৰত থকা বিপিএফ দলৰ মন্ত্ৰী কেইজনে পদত্যাগ কৰিছিল । বিপিএফে লোৱা সেই সিদ্ধান্ত হাগ্ৰামা মহিলাৰীৰ একপক্ষীয় আছিল বুলি বিভিন্ন সুত্ৰই দাবী কৰে । চন্দন ব্ৰহ্ম বা বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা কথা মিডিয়াৰ যোগেদিহে জানিব পাৰিছিল । বিটিএডি গঠন হোৱাৰ পিছত বিপিএফত প্ৰথম বিসম্বাদ কৰিছিল হিতেশ বসুমতাৰীয়ে । কিন্তু হিতেশ বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীক ক্ষতি কৰিব নোৱাৰিলে । যোৱা কিছু বছৰৰ পৰা বহুজন নেতাৰ লগত হাগ্ৰামা মহিলাৰীৰ সম্পৰ্ক অৱনতি হৈছিল যদিও বিসম্বাদী নেতাসকল সফল হব পৰা নাছিল । এইবাৰ সুযোগ আনি  দিলে প্ৰমোদ বড়োৱে । এনডিএফবিৰ গোটেই কেইটা গোটে আবছুৰ মধ্যস্থতাত বিটিআৰ চুক্তি কৰাৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ স্থিতি দুৰ্বল হয় আৰু এই দুৰ্বলতাৰ সুযোগ ললে বিজেপিয়ে । সৰ্বানন্দ সোনোৱালে পোন প্ৰথমে দহটা সমষ্টিত প্ৰাৰ্থী দিব বিচাৰিছিল যদিও বিপিএফৰ জনপ্ৰিয়তা হ্ৰাসৰ আণ্ডাৰ  কাৰেন্ট লাহে লাহে বিজেপি দলে দেখিলে । এফালে এনডিএফবিৰ পৰোক্ষ সহযোগিতা আৰু আনফালে বড়োভাষী ভোটাৰৰ মাজত বিপিএফৰ জনপ্ৰিয়তা হ্ৰাসে বিজেপিক সুযোগ প্ৰদান কৰিলে । বিজেপিৰ প্ৰবেশে প্ৰথম ক্ষতি কৰিব নব শৰণীয়াৰ গণ সুৰক্ষা দলক । এআইইউডিএফ আৰু নব শৰণীয়াৰ দলে মুঠ ৫ খন আসনৰ অধিক নাপায় । বিজেপি বা ইউপিপিএলে যদি অকলে সংখ্যাগৰিষ্ঠতা নাপায় তেন্তে দুয়োটা দলে লগ লাগি বিটিআৰত চৰকাৰ কৰিব । তেনেস্থলত বিজেপিৰ যদি আসন বেছি হয় তেন্তে বিশ্বজিৎ দৈমাৰীয়ে চীফৰ দায়িত্ব ল’ব  । যদি ইউপিপিএলে বিজেপিতকৈ আসন বেছি পায় তেন্তে প্ৰমোদ বড়ো হব পৰবৰ্তী চীফ ।