বিহাৰত বিক্ৰম- বেতাল

465

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


এইছা কোই চগা নেই যিচকো মেনে ঠগা নেহি। যোৱা মাহত বিজেপিৰ লগত সম্বন্ধ চেদ কৰাৰ পিছতে নীতিশ কুমাৰে আৰু এটা নতুন ইনিংছ আৰম্ভ কৰিলে। প্ৰথমতে বিজেপিক বাদ দি লালুৰ হাতত ধৰিলে। তাৰ পিছত লালুক বাদ দি বিজেপিৰ তাত উভতি আহিল। এইবাৰ পুনৰ বিজেপিক বাদ দি লালু পুত্রৰ লগ লাগিল। গোটেই ভাৰততে এনে উদাহৰণ খুব বিৰল। ‍আচলতে বিহাৰত জনতা দলটো চলি আছে একমাত্র নীতিশৰ ভৰষাত। দলৰ সংগঠন বুলি একো নাই। ইয়াৰ প্ৰমাণ পোৱা যায় ২০১৪ লোকসভা নিৰ্বাচনত যত নীতিশ কুমাৰে অকলে নিৰ্বাচন খেলি শোচনীয় পৰাজয় বৰণ কৰে। পিছত প্ৰশান্ত কিশোৰক সহযোগত লালুৰ লগত মহাজোঁট কৰি বিধানসভাৰ নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হয়। কিন্তু লালুৰ দুই পুত্রৰ দুৰ্নীতিত অতিস্ত হৈ বিজেপিৰ ওচৰ চাপে। ২০২০ৰ নিৰ্বাচনত নীতিশৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ প্ৰমাণ স্পষ্ট হয়। বিহাৰ বিধানসভাত তিনি নম্বৰত থাকে হয় জনতা দল( সংযুক্ত)। বিজেপিয়েও সুযোগ বুজি নীতিশক চাপত ৰখাৰ চেষ্টা কৰে। প্ৰথমতে নীতিশৰ পৰম বিশ্বাসভাজন উপ মুখ্যমন্ত্রী সুশীল মোদীক আতৰ কৰে। তাৰ পিছত বিহাৰ বিধানসভাৰ অধ্যক্ষৰ লগত নীতিশৰ মতানৈক্য হয়। আনফালে দিল্লীত নিতীশৰ পিছতে দলৰ দ্বিতীয় শক্তিশালী চেহেৰা আৰ.চি.পি সিংক মন্ত্রীত্ব দিয়ে। সিংৰ লগত অমিত শ্বাহৰ ভাল সম্বন্ধ গঢ়ি উঠে। মহাৰাষ্ট্ৰত হোৱা ঘটনা প্ৰবাহে নীতিশক চিন্তিত কৰি তোলে। নীতিশে আৰ.চি.পি সিংক দ্বিতীয় একনাথ সিন্ধে হোৱাৰ সুযোগ নিদিলে। নিজেও দ্বিতীয় উদ্ধব থাকৰে হব নিবিচাৰিলে। নীতিশৰ সিদ্ধান্ত তেওঁৰ ৰাজনৈতিক পৰিপক্বতাৰ উমান দিয়ে। যদিও বহুতে তেওঁক পল্টুৰাম আদি নামেৰে অভিহিত কৰিছে তথাপিও ক’ব লাগিব যে এই সিদ্ধান্তৰ ফলত নীতিশ কুমাৰে নিজৰ ওপৰত থকা প্ৰতিষ্ঠান বিৰোধী ঢৌ বহু পৰিমানে শাম কটালে। এতিয়া অমিত শ্বাহ আৰু কুমাৰৰ যুঁজখন লক্ষণীয় হ’ব। ইতিমধ্যে আৰ.জে.দিৰ মন্ত্রী-বিধায়কৰ বিৰূদ্ধে চি.বি.আয়ে কাম আৰম্ভ কৰিছে। দেখা যাওক লালু তনয় আৰু চিবিআইৰ মাজত কিমান দিন লুকা ভাকু চলে। আনফালে নীতিশক বহুতে বেতালৰ লগত তুলনা কৰিছে। বেতালে ৰজা বিক্ৰমৰ পিঠিত উঠিছিল। নিতীশে এবাৰ বিজেপি আৰু এবাৰ আৰ.জে.দিৰ পিঠিত উঠি বেতালৰ বুদ্ধিকো চেৰ পেলাইছে।