বিৰোধীৰ দুৰ্বলতা বনাম মোদীৰ সফলতা

1754

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী নেতৃতাধীন বিজেপিৰ বৃহৎ বিজয়ৰ পিছত আমি এই জয়ৰ কাৰণ বিচাৰি ৰাইজৰ ওচৰ চাপিছিলো। জুন ২০১৯ খণ্ডৰ ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত আমাৰ প্ৰথম প্ৰশ্ন আছিলঃ
২০১৯ লোকসভা নিৰ্বাচনত মোদীৰ সফলতাৰ কাৰণ কি?
  • সৰ্বাধিক ৩১.৭% লোকৰ মতে বিৰোধী দলৰ দুৰ্বলতাৰ বাবে মোদীৰ এই বিজয় সম্ভব হৈছে।
  • ২৪.৪% ৰাইজে শক্তিশালী ৰাষ্ট্ৰীয়তাবাদৰ সপক্ষে ৰায়দান কৰিছে।
  • চৰকাৰৰ উন্নয়নমূলক কামে নৰেন্দ্ৰ মোদীৰ বিজয়ৰ প্ৰধান কাৰণ বুলি ভাবে ১৯.৫% ৰাইজে।
  • ১২.৫% ৰ মতে অন্য বিকল্পৰ অভাবৰ বাবে মোদীৰ বিজয় হৈছে।
আমাৰ অ’পিনিয়ন প’লৰ দ্বিতীয় প্ৰশ্ন আছিল
অনাগত দিনত কোনে মোদীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব?
আমাৰ এই তালিকাত নাম আছিল ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মমতা বেনাৰ্জী, মায়াবতী, অখিলেশ আৰু অৰৱিন্দ কেজৰীৱালৰ নাম।
  • ৫৩.৭ % ৰাইজৰ মতে এই তালিকাত থকা এজনো নেতাই মোদীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ’ব।
  • ২৪.৪ % ই প্ৰিয়ংকা গান্ধীৰ সপক্ষে ভোটদান কৰে।
  • ৰাহুল গান্ধী, মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰীৱাল আতাইকেজনে লাভ কৰে ৭.৩% ভোট।