বিৰোধীৰ সন্মুখত আন এক প্ৰত্যাহ্বান !

2478
  • অগ্নিভ দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ঐতিহাসিক ভাবে ৰাজনীতিত এটা কথা প্ৰমাণ হৈ আহিছে যে বিৰোধী দল এটাক ভালপোৱাৰ বাবেহে কেৱল নিৰ্বাচনত বিৰোধী দলক জিকাইছে তেনে নহয় ৷ চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈ বিৰোধীক ভাল নাপায়ো নিৰ্বাচনত বিৰোধীক নিৰ্বাচনত জয়ী কৰাইছে ৷ইতিহাস ইয়াৰ সাক্ষী বিভিন্ন সময়ত ৷ বেছিদিন আগলৈ যাব নালাগে,২০১৪ ৰ নিৰ্বাচনলৈ এবাৰ ভুমুকি মাৰিলেই হ’ল ৷ বিজেপি বা নৰেন্দ্ৰ মোডীক মানুহে যিমান ভাল পাইছিল তাৰ বিপৰীতে কংগ্ৰেছক মানুহে ইমান বেয়া পাবলৈ লৈছিল যে তাৰ ফলাফল ১৬মে ২০১৪ তাৰিখে দেখা পোৱা গৈছিল ৷ কংগ্ৰেছৰ বেপেৰুৱা আচৰণ আছিল তাৰ বাবে অন্যতম কাৰণ ৷ জনসাধাৰণৰ আশা আকাংক্ষাক মুঠেও গুৰুত্ব নিদি সম্পূৰ্ণ বেপেৰুৱা হৈ পৰিছিল কংগ্ৰেছ ৷ শাসনৰ নামত আৰম্ভ হৈছিল দুৰ্নীতিৰ বাহাৰ ৷এটাৰ পাছত এটাকৈ আৰম্ভ হৈছিল বৃহৎ দুৰ্নীতিৰ অভিযোগ ৷ ২ জি স্কেম, কয়লাৰ ব্লক বিতৰণৰ দুৰ্নীতি, কমনৱেলথ গেমৰ দুৰ্নীতি, আগষ্ট স্কেম, সত্যম, আদৰ্শ স্কেম আদিৰ দৰে বৃহৎ বৃহৎ দুৰ্নীতি অভিযোগেৰে ভৰি পৰিছিল গোটেইখন ৷ অথচ বেপেৰুৱা কংগ্ৰেছে সেইবোৰলৈ পিঠি দি দম্ভেৰে জনসাধাৰণক বুঢ়া আঙুলি দেখুৱাইছিল ৷ হয়তো সেইবোৰ কাৰণেই কংগ্ৰেছৰ ওপৰত মানুহৰ ক্ষোভ ইমানেই বাঢ়িছিল যে দলটোক বিৰোধী দলৰ মৰ্য্যদা দিবলৈও জনসাধাৰণ অপৰাগ আছিল সেইবাৰৰ নিৰ্বাচনত ৷ ২০১৪ চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডী যেতিয়া প্ৰধান মন্ত্ৰী প্ৰাৰ্থী হৈ পৰিল, জনসাধাৰণৰ মাজত এক আশাৰ সঞ্চাৰ হ’ল ৷ মোডীৰ কেইবাটাও ৰূপে আচলতে মানুহক বেলেগ বেলেগকৈ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ এটা হ’ল ডেভেলপমেন্ট মাষ্টাৰ, শক্তিশালী নেতা আৰু লগতে হিন্দুত্ববাদী ৷ উল্লেখযোগ্য যে মুছলমান তোষনকাৰীৰ ভিন্ন ৰূপ দেখি দেখি মানুহ অতিষ্ঠ হৈ পৰিছিল ৷ গতিকে মোডীক এই তিনিটা বিশেষ ৰূপত মানুহে দেখি মোডীৰ সপক্ষে এক ঢৌৰ সৃষ্টি হব ধৰিছিল ৷ আৰু সেই ঢৌৱেই চুনামীৰ ৰূপ লৈ কংগ্ৰেছকে আদি কৰি সকলোকে তচনচ কৰি কেন্দ্ৰত বিজেপিৰ নেতৃত্বক এন ডি এৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈ পৰিল ৷ ২০১৪ চনত গঠন কৰা চৰকাৰে চাৰিটা বছৰ অতিক্ৰম কৰিলে ৷ চৰকাৰখনৰ দোষ ক্ৰুতি থাকিলেও এই চাৰিটা বছৰ চৰকাৰখনে এটা কথা দেখুৱাই দিলে কিদৰে দুৰ্নীতি মুক্ত চৰকাৰ এখন চলাব পৰা যায় ৷ এই চাৰিটা বছৰত চৰকাৰৰ ফালে আঙুলি টোৱাব পৰাকৈ কোনো দুৰ্নীতিৰ অভিযোগ নাই ৷ ৰাফেল বিমান ক্ৰয়ৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ ওপৰত তাৰ দোষ জাপিবলৈ চেষ্টা কৰা হৈছে যদিও বিৰোধীয়ে বাৰে বাৰে উজুটি খাব ধৰিছে ৷ ফ্ৰান্সৰ চৰকাৰেও বিভিন্ন সময়ত ঘোষণা কৰিছে এইয়া দুখন দেশৰ মাজত হোৱা চুক্তি ৷ গতিকে বিৰোধীৰ অভিযোগবোৰৰ চোক লাহে লাহে কমি আহিব ধৰিছে ৷ এতিয়া আহো প্ৰথম কথাখিনিলৈ ৷ চৰকাৰখনৰ ওপৰত ৰাইজৰ কি ধৰণৰ মনোভাৱ হব পাৰে ৷ বিৰোধী পক্ষই ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ চৰকাৰৰ ওপৰত আক্ৰমণ কৰাৰ যথেষ্ট চেষ্টা কৰা দেখা গৈছে ৷ এই আক্ৰমণ কিমান ফলপ্ৰসু হব সন্দেহ ৷ মোডী চৰকাৰৰ ওপৰত সাধাৰণ জনসাধাৰণৰ ক্ষোভ আছেনে ? ২০১৪ চনৰ দৰে ২০১৯ চনৰ নিৰ্বাচনটো ছছিয়েল মিডিয়াই কিমান গুৰুত্ব পাব, এইবোৰ কথাৰ উত্তৰ সময়ত পোৱা যাব ৷ এতিয়া কথা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি পোৱা স্বতেও কিন্তু মোডী চৰকাৰে অত্যাৱশকীয় সামগ্ৰী সমুহ যেনে চাউল,ডাইল, আলু পিয়াজ আদিকে ধৰি সকলোধৰণৰ সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি নিয়ন্ত্ৰীত ৷ গতিকে সাধাৰণ মানুহখিনি ক্ষোভিত হোৱা এতিয়াও দেখা পোৱা নাই ৷ তাৰোপৰি মোডী চৰকাৰে যোৱা চাৰিটা বছৰত কৰা বিভিন্ন কামবোৰ হ’ল এনেধৰণৰ:

১ কোটি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ, ৭ কোটি টয়লেট, ১০ কোটি LPG সংযোগ,  ৪ কোটি BPL পৰিয়াল লৈ বিনামূলীয়া LPG সংযোগ, ১১ কোটি মুদ্রা লোণ, ১২ কোটি চইল হেলথ কাৰ্ড বিতৰণ, ৯ কোটি শিশুৰ টিকাকৰণ , ১৮ কোটি লোকৰ সামাজিক সুৰক্ষাৰ বীমাকৰণ, প্ৰধান মন্ত্ৰী ধন জন যোজনাৰ যোগেদি ৩১ কোটিৰো অধিক বেংক একাউন্ট নতুনকৈ খোলা, আয়ুস্মান ভাৰতৰ যোগেদি ১০ কোটিৰো ওপৰ কম উপাৰ্জন কৰা পৰিয়াললৈ ৫ লাখ টকাৰ বীমা উপলদ্ধ কৰা হয় ৷ তাৰোপৰি প্ৰায় ১০০ কোটি LED বাল্ব বিতৰণ, ১.৮ কোটি শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় জলপানীৰ দ্বাৰা লাভান্বিত ইত্যাদিবোৰ উল্লেখযোগ্য ৷ ইয়াৰ লগে লগে ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থা আৰু অৱস্থাক সলনি কৰাৰ লগে লগে সবল কৰিবলৈ যোৱা চাৰিটা বছৰত প্ৰায় ১০ খন আঁচনি আৰু আইন সাহসেৰে সংশোধন গ্ৰহণ কৰি চৰকাৰে নিজৰ স্থিতি দৃঢ়তাৰে ৰাইজৰ আগত ডাঙি ধৰিবলৈ সক্ষম হৈছে । এইসকলোবোৰেই ইংগিত দিয়ে মোডী চৰকাৰৰ দৃষ্টি নিবদ্ধ কোনফালে ৷এইবোৰেই হয়তো মোডী চৰকাৰৰ আগন্তুক দিনবোৰত শক্তি ৷ বিৰোধী শক্তিয়ে ছছিয়েল মিডিয়া আদিত চিঞৰ বাখৰ কৰি থকাৰ সময়ত মোডী চৰকাৰে ৰুৰেল ভাৰতৰ মাজত হয়তো এক সবল দৃঢ় স্থিতি গঢ়ি তুলিলে আৰু আগন্তুক দিনবোৰত হয়তো বিজেপিৰ সাধাৰণতে ভোট বেংক বুলি পৰিচিত আৰবান ভোটৰ লগতে এইখিনিৰ সংযোগেৰে মোডীক হয়তো আন এক শক্তিশালী স্থিতিত উপনীত কৰাব ৷ সময়ে নিশ্চয় ইয়াৰ উত্তৰ দিব ৷