বেচৰকাৰী খণ্ডত কাম কৰা মানুহক কামৰ মৰ্য্যদা নিদিয়ে

1031
  •  তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


মানুহে কি কৰি খাব বা চলিব সেইয়া একো একোজন মানুহৰ ব্যক্তিগত পচন্দ আৰু সুবিধাৰ ওপৰত নিৰ্ভৰ কৰে ! কোনোবাই চাকৰি কৰিব লগা হয় কিন্তু জীৱনত হয়তো চাকৰি কৰিম বুলি নভবাকৈ, সেইদৰে, কোনোবাই ব্যৱসায় কৰিব লগা হয় অথচ মনে কয় আন কিবাহে । সকলোৰে বাবে মনে ভবাটোও সম্ভৱ হৈ নুঠিব পাৰে, অৱশ্যে মনেৰে যি ভাবে সেইয়াই দিঠকত সম্ভৱ বুলি ক’বলৈ সহজ কথা এষাৰ আছে ।
যি কি নহঁওক, এই কেইদিনমান আগতে টেট পৰীক্ষাৰ ৰিজাল্ট দিওঁতে বহুত কথাৰ মাজত ওলাইছিল, আমাৰ লৰা ছোৱালীৰ সপোন কি কেৱল টেটটেই শেষ নেকি? IAS ,IPS,  বিষয়া, ব্যৱসায়ী হোৱাৰ সপোন কিয় দেখিব নোৱাৰে আমাৰ লৰা, ছোৱালীয়ে ? কোনে ক’য় ডাঙৰ সপোন নেদেখে আমাৰ লৰা ছোৱালীয়ে? সেইবুলি কোনোবাই টেটৰ চাকৰিৰ সপোন দেখাটো ভুল নেকি?
আমাৰ আচল কথাটো হল, আমি হয়তো কোনো কথা কামকেই উপযুক্ত মৰ্য্যদা দিবলৈ টান পাওঁ, সেইকাৰণে কেতিয়াবা টেট শিক্ষকৰ চাকৰিটো সৰু বুলি ভাবো কেতিয়াবা নিজৰ পৰিশ্ৰমেৰে ব্যৱসায় গঢ়ি তুলিব খোজা ব্যৱসায়ীজনক কাম নোহোৱা বুলি ভাবো বা ব্যক্তিগত খণ্ডত চাকৰি কৰি থকাজনক তুচ্ছ জ্ঞান কৰি শান্তি লভো । হয়তো আমাৰ ইয়াত সেই পৰিবেশ এটা এতিয়ালৈ গঢ়ি উঠা নাই যত এই কথা, কামবোৰক মৰ্য্যদা দিবলৈ শিকিব পাৰিম !
সমাজ একোখনত সকলো বস্তুৱেই ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল, কোনোবাই চাকৰি কৰিব, কোনোবাই ব্যৱসায় কৰিব কোনোবাই হয়তো নিজৰ ৰুচি মতে কৰিব, কোনোবাই বাধ্যত কৰিব । কিন্তু কামৰ মৰ্য্যদা দিয়াটো সকলোৰে দায়িত্ব । অকল চাকৰিকে সকলোৱে কৰিলে যিদৰে স্তবিৰ হৈ পৰিব সকলোৱে ব্যৱসায় কৰিলেও চলিব জানো কথা কামবোৰ, গ্ৰাহক বিনে, ব্যৱসায় সম্ভৱ  নহয়,  ব্যৱসায়টোটো কোনোবাই শ্ৰম কৰি চাকৰি নকৰিলে সেই ব্যৱসায়ো স্তবিৰ হৈ পৰিব ।
সেইকাৰণেই সকলোতকৈ ডাঙৰ কথাটো হল কামৰ মৰ্য্যদা । চৰকাৰে নিয়োগ মেলা পাতিলে , চৰকাৰৰ বিজ্ঞাপন প্ৰচাৰ কৰা সকল আৰু নিয়োগ মেলাত যোৱা সকলৰ অধিকাংশৰ মাজত বুজা বুজিৰ অভাব হ’ল । নিয়োগ মেলাত গৈ বেচৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপন দেখি বহুতে খং উজাৰিলে । নিবনুৱা যুবক যুবতীৰ খং কৰাৰ অধিকাৰ আছে , খং কৰিবই । কিন্তু স্বাবলম্বনৰ ডাঙৰ ডাঙৰ ভাষণ দিয়া নিউজ চেনেলৰ বুদ্ধিজীবী সকলে নিবনুৱাৰ খংক ব্যৱহাৰ কৰি চৰকাৰক সমালোচনা কৰাৰ সুযোগ ল’লে । কিন্তু এই সুযোগ গ্ৰহণ কৰি থাকোতে তেওঁলোকৰ স্বৰূপ ওলায় পৰিল যে বুদ্ধিজীবী সকলে বেচৰকাৰী কাম কৰা মানুহক কামৰ মৰ্য্যদা নিদিয়ে । চৰকাৰৰ নিয়োগ বিভাগত জড়িত একাংশ বিষয়াৰ কাণ্ডজ্ঞহীন আচৰণৰ ফলত  নিবনুৱা যুবক যুবতীয়ে নিয়োগ মেলাত গৈ প্ৰতাৰিত হোৱা বুলি যি অনুভৱ ব্যাক্ত  কৰিছে তাকেলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণা কৰাৰ লগতে দোষী বিষয়াক বৰ্খাষ্ট কৰি উচিত পদক্ষেপ গ্ৰহণ কৰিলে । নিয়োগ মেলাই বিশেষ লাভ নকৰিলেও সমাজত ইয়াৰ এটা ডাঙৰ প্ৰভাব থাকি গ’ল । ছাত্ৰ-ছাত্ৰী আৰু অভিভাবক  সকলে মনত স্পষ্ট হৈ গ’ল চাকৰি সৰ্বস্ব চিন্তাধাৰা ক্ষতিকাৰক ।