বেদখলকাৰীৰ বিৰূদ্ধে আৰক্ষীৰ সাহসী পদক্ষেপ

1203
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


গৰুখুটিত বেদখলকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান চলিছে তাক ৰাজনীতিৰ উৰ্ধত চিন্তা কৰা প্ৰতিজন ব্যক্তিয়ে আদৰণী জনাইছে । অযথা বিৰ্তক কৰি চৰকাৰৰ এই কাৰ্য্যত বাধা দিয়া মানেই অসমৰ হিতৰ বিপৰীতে চিন্তা কৰা । দৰংৰ আৰক্ষী অধীক্ষকৰ দৰে সাহসী আৰক্ষীক আদৰণী জনালে মহাভাৰত অশুদ্ধ হৈ নাযায় ৷ এই গৰুখুটিত সংঘতিত ১৯৮৩ চনৰ ২৯ জানুৱাৰীৰ সেই নৃশংস ঘটনা  আজিৰ প্ৰজন্মই নাজানিলে ভুল হ’ব আৰু পুৰণি সকলেও পাহৰি গলে ভুল হ’ব৷ যত নৃশংস ভাবে হত্যা কৰা হৈছিল ভবানী গোস্বামী, যতিন চহৰীয়া, ডিম্বেশ্বৰ দাস , দয়া শৰ্মাৰ দৰে তেজাল অসমীয়া৷ জয়নাথ শৰ্মাৰ ভাতৃ দয়া শৰ্মাক এই গৰুখুটিতে মাছ মৰা জালেৰে মেৰিয়াই অতি নিষ্ঠুৰ ভাবে হত্যা কৰা হৈছিল৷  বেদখল কৰীয়ে চৰকাৰী বাহিনীক মাৰিবলৈ দা- কুঠাৰ  লৈ আক্ৰমণ কৰিবলৈ ক’ত সাহস পালে৷ মানবতাৰ দিশটো কেবল একপক্ষীয় হলে ভুল হ’ব৷ অৱশ্যে ফটো সাংবাদিক এজনে আঘাতপ্ৰাপ্ত এজন ব্যক্তিৰ ওপৰত  জপিওৱা কাৰ্য গৰিহনাৰ যোগ্য৷ এই মূহূৰ্তত সকলো খিলঞ্জীয়া ঐক্যবদ্ধ হওক আৰু খিলঞ্জীয়াৰ সুৰক্ষা কবচৰ দাবী জনাওক৷ বেদখলকাৰীক ধৰ্ম -ভাষা ইত্যাদিৰ ভিত্তিত চিনাক্ত নকৰিব৷ বেদখলকাৰী হৈ সহানুভূতি প্ৰদৰ্শন কৰিলে কাইলৈ অস্তিত্বহীনতাত ভুগিব লাগিব মানব জাতি । কংগ্ৰেছ বা এআইইউদিএফ দলৰ নেতা-কৰ্মী সকল বেদখলকাৰীৰ পক্ষত থিয় দিয়াটো তেওঁলোকৰ কৰ্তব্য । কিন্তু তাৎপৰ্য্যপুৰ্ণ কথাটো হ’ল অজাপৰ লুৰিণ জ্যোতি গগৈয়ে উচ্চেদ অভিযানক বিৰোধ কৰিছে । লুৰিণ জ্যোতি গগৈৰ দলকো বাংলাদেশ মুলৰ ইছলাম সংখ্যালঘু ভোটাৰৰ ভোট লাগে ।