বৰাই নিস্তেজ কৰিলে অখিল বোমা

1052

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


অসমৰ ৬টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ’ব। গোঁসাইগাওঁ আৰু তামুলপুৰৰ বিধায়কৰ আকস্মিক মৃত্যু, দুজন কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান তথা সোণোৱালে কেন্দ্ৰীয় মন্ত্রী পদ পোৱা বাবে মাজুলীতো হ’ব উপ নিৰ্বাচন। ফণী তালুকদাৰো বিজেপিলৈ আহিব । উপনিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু দেখা গৈছে যে উপ নিৰ্বাচনকলৈ সকলোতকৈ চিন্তিত ব্যক্তিজনে হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। তেওঁ বিভিন্ন বিবৃতিৰে কংগ্ৰেছক কিছু বিব্ৰত কৰা দেখা গৈছে। ধাৰাবাহিক ভাবে তেওঁ উপ নিৰ্বাচনকলৈ মন্তব্য কৰি আহিছে। অসমৰ আন কোনো নেতাই উপ নিৰ্বাচনকলৈ ইমান আগ্ৰহ দেখুওৱা নাই। অখিল গগৈৰ মতে সকলো বিৰোধী দল একত্রিত হৈ বিজেপিক পৰাভূত কৰিব লাগে। যদি কংগ্ৰেছে ৰাইজৰ দলৰ লগ নালাগে তেন্তে কংগ্ৰেছে অহা ১০০ বছৰ অসমত ক্ষমতা দখল কৰিব নোৱাৰে_গগৈৰ স্পষ্ট কথা। কিন্তু প্ৰশ্ন হ’ল অখিল গগৈৰ উপ নিৰ্বাচনৰ প্ৰতি ইমান আগ্ৰহ কিয়? প্ৰথমতে জানি লও আহক অখিল গগৈৰ ফৰ্মুলা। অখিল গগৈয়ে ৬ খনৰ ভিতৰত এখন আসন কংগ্ৰেছৰ পৰা বিচাৰিছে। থাওৰাত ৰাইজৰ দলে কংগ্ৰেছৰ সহযোগত প্ৰাৰ্থী দিব বিচাৰে। তাৰ বিনিময়ত মৰিয়ণি, মাজুলী, তামুলপুৰ, গোসাঁইগাওঁ আৰু ভবানীপুৰত তেওঁলোকে কংগ্ৰেছক সমৰ্থন কৰিব। শিৱসাগৰ জিলাৰ থাওৰাত অখিলৰ কিছু প্ৰভাব আছে। আনহাতে মৰিয়নি তেওঁৰ গৃহ সমষ্টি। এই দুয়োটাতে অখিলে কিছু সম্ভাবনা দেখিছে যদিও বৰ্তমান এটাতে সন্তুষ্ট আছে। কিন্তু তেওঁ  ভালকৈ জানে যে কংগ্ৰেছৰ সমৰ্থন অবিহনে বৈতৰণী পাৰ হোৱা অসম্ভব। সেয়েহে কংগ্ৰেছক  মিত্রতা কৰাৰ বাবে সংবাদমেলৰ জড়িয়তে হেচা প্ৰদান কৰিছে। উজনিৰ মানুহৰ মন জয় কৰিবলৈ তেওঁ আনকি এ.আই.ইউ.দি.এফৰ বিষয়ে কটু কথা কবলৈ কুন্ঠাবোধ কৰা নাই। অখিল গগৈৰ উদ্দেশ্য আচলতে এখন বা দুখন আসন নহয়, তেওঁ ২০২৪ লোকসভা নিৰ্বাচনৰ পিছত মমতা বেনাৰ্জীক প্ৰধানমন্ত্রী পদত অধিষ্ঠিত কৰি কেন্দ্ৰীয় মন্ত্রী হ’ব বিচাৰে। যদি উপনিৰ্বাচনত অখিলে এখনো আসন পায় তেন্তে মমতাৰ সন্মুখত অখিলৰ দাম বৃদ্ধি পাব।
এতিয়া আহো কংগ্ৰেছৰ কথালৈ। কংগ্ৰেছ নিশ্চিত যে তেওঁলোকে কোনোপধ্যে তামুলপুৰ বা গোসাঁইগাওঁ দখল কৰিব নোৱাৰে। বিটিআৰত কংগ্ৰেছ তেনেই নিশকতীয়া। ভবানীপুৰ কংগ্ৰেেছ আজমলক এৰি দিব লাগিব এৰি নিদিলে ভোট বিভাজন হৈ বিজেপি জয়ী হ’ব। মাজুলীত কিছু প্ৰতিদ্বন্দ্বিতা হ’ব যদিও প্ৰাক্তন মুখ্যমন্ত্রীৰ সমষ্টি কাৰণে বিজেপি বহু আগত আছে। মৰিয়নি আৰু থাওৰাত কংগ্ৰেছে দুজন শক্তিশালী সৈনিক হেৰুৱালে। উজনিত বিজেপিৰ প্ৰচণ্ড ঢৌ সত্বেও কেৱল নিজা প্ৰচেষ্টাত জয়ী হৈছিল সুশান্ত আৰু ৰূপজ্যোতি। বিজেপিৰ টিকটত নিৰ্বাচন খেলিলেও এই দুজন নেতাক পৰাভূত কৰাটো সহজ নহ’ব। ৰাইজৰ দলৰ পৃথক ভাবে প্ৰাৰ্থী দিলে এই যুঁজ আৰু অধিক কঠিন হ’ব। কিন্তু অখিলৰ ওচৰত ভূপেন বৰাই আত্মসমৰ্পন কৰিব খোজা নাই। বৰাই ভালকৈ জানে যে এবাৰ অখিলক ভৰিৰ তলৰ মাটি এৰি দিলে পিছত সেই অখিলেই কংগ্ৰেছৰ কাৰণে বিপদ মাতি আনিব পাৰে। আজি কংগ্ৰেছ অসমৰ প্ৰধান বিৰোধী দল। অখিলে এজন বিধায়কৰ পৰা ৫ বছৰত নিজা শক্তিৰে চৰকাৰ গঠন কৰিব নোৱাৰে। কিন্তু অখিলৰ পৰিকল্পনা কংগ্ৰেছক আতৰাই ৰাইজৰ দলক মুখ্য বিৰোধী দল ৰূপে অসমত প্ৰতিষ্ঠা কৰা। অবশ্যে ভূপেন বৰাই অখিলৰ পৰিকল্পনা সঠিকভাবে বুজি পাইছে। পৰাজিত হ’লেও বৰাই কোনোপদ্ধে অখিলক আসন এৰি নিদিয়ে। সদ্যহতে বৰাই নিস্তেজ কৰিলে অখিল বোমা। কংগ্ৰেছৰ এই পদক্ষেপৰ পিছত অখিলে কি নতুন কৌশল অবলম্বন কৰে সেয়া হ’ব লক্ষণীয়।