বৰাকত কংগ্ৰেছ- আজমলৰ যাদু

6571

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমত বিজেপিয়ে প্ৰবেশ কৰিছিল বৰাকৰ দ্বাৰেৰে। ৰাম মন্দিৰ আন্দোলনৰ প্ৰভাব অসমত পৰিছিল একমাত্র বৰাক অঞ্চলত। বৰাকৰ তিনিখন জিলাত হিন্দু-মুছলমানৰ সংখ্যা প্ৰায় ৫০-৫০। অপ্ৰিয় হ’লেও সত্য যে হিন্দু-মুছলমানৰ ৰাজনীতি বৰাকত বহু বছৰৰ পৰা চলি আহিছে। ১৯৯১ত অগপ, কংগ্ৰেছ , বাওঁ দলৰ মাজত মুছলমানৰ ভোট বিভক্ত হোৱাৰ পূৰ্ণ সুযোগ লাভ কৰি বিজেপিয়ে বৰাকৰ ৯খন বিধানসভা আৰু দুখন লোকসভাৰ আসন দখল কৰিছিল। কৰিমগঞ্জ দক্ষিণ আৰু হাইলাকান্দি বিধানসভা যত ৬০%তকৈ বেছি মুছলমান আছে তেনে সমষ্টিও বিজেপিৰ হাতলৈ গৈছিল। ২০১১ত এ.আই.ইউ.দি.এফৰ উত্থান তথা তৰুণ গগৈ দেৱৰ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ আশ্বাসৰ পিছত কংগ্ৰেছে বৰাক ছুইপ কৰিছিল। সেইবাৰ বিজেপিয়ে এখনো আসন নাপালে। ২০১৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰত্যাবৰ্তন ঘটে আৰু ১৫খনৰ ভিতৰত ৮খন আসন দখল কৰিবলৈ সক্ষম হয়। এতিয়া আহো ২০২১ৰ নিৰ্বাচনী পৰ্যালোচনালৈ। কংগ্ৰেছ- এ.আই.ইউ.দি.এফৰ মিত্রতাৰ সুফল কংগ্ৰেছে বৰাকত লাভ কৰিব। শিলচৰ আৰু কৰিমগঞ্জ লোকসভাৰ অন্তৰ্গত ১৫টা বিধানসভা সমষ্টিকলৈ আমাৰ এক প্ৰতিবেদনঃ
কৰিমগঞ্জ
হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক সামৰি কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভিতৰত আছে ৮টা বিধানসভা সমষ্টি। ১ নম্বৰ ৰাতাবাৰী অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। ইয়াত মুখ্য প্ৰতিদ্বন্দ্বিতা বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকৰ আৰু কংগ্ৰেছ প্ৰাৰ্থী শম্ভু সিং মাল্লাৰ মাজত হৈছে । শম্ভু সিং বিজেপিৰ টিকটত ২০০৬ চনত জয়ী হৈছিল কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত আন কেইবাজনো বিধায়কৰ লগত কংগ্ৰেছত যোগদান কৰে। ২০১১ চনত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই ৫৯, ৩৭৫ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ অখিল ৰঞ্জন তালুকদাৰে পাইছিল ২৯,৪৪৯ টা ভোট। ২০১৯ৰ লোকসভা নিৰ্বাচনত এই বিধানসভা সমষ্টিত বিজেপিৰ ভোট আছিল ৭৭,২৩৪ , কংগ্ৰেছৰ ১১,৮২৪ আৰু এ.আই.ইউ.দি.এফৰ ৩৪,৪২১। কৃপানাথ মাল্লা সংসদলৈ যোৱাৰ পিছত হোৱা উপ নিৰ্বাচনত এ.আই.ইউ.দি.এফে প্ৰাৰ্থী দিয়া নাছিল। সেইবাৰ বিজেপিৰ বিজয় মালাকৰে ৬৮,৪৫৫ আৰু কংগ্ৰেছৰ কেশৱ ৰজকে পায় ৪৪,৪৫৪ ভোট। এই সমষ্টিত চাহ জনগোষ্ঠীৰ ভোট যঠেষ্ট আছে আৰু বিজেপিয়ে তেওঁলোকৰ মাজত প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ-আজমলৰ যৌথ শক্তিয়েও ইয়াত বিজেপিক প্ৰতিহত কৰা কঠিন আছে।
   ২ নম্বৰ পাথাৰকান্দিত বিজেপিৰ বৰ্তমান বিধায়ক কৃঞ্চেন্দু পাল আৰু কংগ্ৰেছৰ শচীন চাহুৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। ইয়াত বঙালী ভোটাৰৰ লগতে শৰণীয়া মনিপুৰী আৰু চাহ বাগিছা ভোটাৰৰ প্ৰাধান্য আছে। ২০১৬ ত বিজেপি , এ.আই.ইউ.দি.এফ আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমান আছিল ক্ৰমে ৪৬৫৪৪, ৩৭২৭৬ আৰু ৩২০৪৮। ২০১৯ লোকসভাত এই ভোট আছিল ক্ৰমে ৭৫৩২৩, ৪৫৩৬৪, ১৩১১৬। কংগ্ৰেছ আৰু আজমলৰ মিত্রতাৰ পিছত সংখ্যালঘুৰ ভোট যিদৰে একত্রিত হ’ব তেনেদৰে সংখ্যাগুৰুৰো হ’ব। অগপই ইয়াৰ পৰা এজন মুছলমান প্ৰাৰ্থী দিছে যিয়ে বিজেপিক সহায় কৰিব। ইয়াত বৰ্তমানলৈ বিজেপি আগবাঢ়ি আছে।
   ৩নং কৰিমগঞ্জ উত্তৰত বৰ্তমান কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়ষ্ঠ আৰু বিজেপিৰ ড° মানস দাসৰ মাজত প্ৰতিদ্বন্দ্বিতা সিমাবদ্ধ থাকিব। ২০১৬ত কমলাক্ষই বিজেপিৰ মিছন ৰঞ্জন দাসক ৪৬৪ টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। সংখ্যালঘুৰ আধিপত্য থকা এই সমষ্টিত মুছলমান ভোট বিভাজনে বিজেপিক বিজয়ৰ কাষ চপাই নিছিল। ২০১৬ত কমলাক্ষই ৪৫,২৮৯ ভোট পোৱাৰ বিপৰীতে বিজেপিৰ মিছন ৰঞ্জন দাসে পাইছিল ৪৪,৮২১ টা ভোট। দাস আছিল এই সমষ্টিৰ চাৰিবাৰৰ বিধায়ক। কংগ্ৰেছৰ বাবে চিন্তাৰ বিষয় যে ২০১৬ত ৩৪২০৭ টা ভোট পাই তৃতীয় স্থানত থকা চাহাবুল ইছলাম চৌধুৰীয়ে এইবাৰ এ.আই.ইউ.দি.এফৰ টিকট নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০১৯ লোকসভাত ইয়াৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে ভোট পাইছিল ক্ৰমে ৬২১৫০, ২৮৮৮৬ আৰু ৪৭৪১০। চাহাবুলে কংগ্ৰেছৰ ভোট কিছু কাটিব যদিও কমলাক্ষ এজন শক্তিশালী প্ৰাৰ্থী। মুছলমানৰ লগতে বঙালী হিন্দুৰ মাজতো তেওঁৰ জনপ্ৰিয়তা আছে। ইয়াত কংগ্ৰেছেই আগবাঢ়ি আছে।
   ৪নং কৰিমগঞ্জ দক্ষিণ আসনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী চিদ্দিক আহমেদে প্ৰতিদ্বন্দ্বিতা কৰিছে। মহাজোঁটৰ মিত্রতা সূত্রে আহমেদে আসনখন লাভ কৰিছে। ২০১৬ চনত আহমেদে ৫৩,৬৪৪ টা ভোট পাই এ.আই.ইউ.দি এফৰ আজিজ আহমেদ খানৰ হাতত পৰাজিত হৈছিল ৪৪১৬টা ভোটৰ ব্যবধানত। ২০১৯ লোকসভাত ইয়াত বিজেপিয়ে পাইছিল ৪৫,৫৭৬ টা ভোট। কংগ্ৰেছে  ৩১,৪০৩ আৰু   এ.আই.ইউ.দি.এফে পাইছিল ৫৯,৭০১টা ভোট। বৰ্তমানৰ বিধায়ক আজিজ আহমেদ খানে নিজৰ দলৰ টিকট নাপাই যোগদান কৰিছে অগপত। প্ৰায় ৬৫% মুছলমান ভোট থকা এই সমষ্টিত কংগ্ৰেছৰ চিদ্দিক আহমেদৰ জয় নিশ্চিত। ইয়াত কোনো প্ৰতিদ্বন্দ্বিতা নাই।
   ৫ নম্বৰ বদৰপুৰ বিধানসভা সমষ্টিত ২০১৬ চনত কংগ্ৰেছৰ জামাল উদ্দিন আহমেদে ৩৮,২৬৬ টা ভোট পাই বিজয়ী হৈছিল। দ্বিতীয় স্থানত আছিল এ.আই.ইউ.দি.এফৰ আব্দুল আজিজ। তেওঁ ভোট পাইছিল ৩৬,১৭৮। ব্যবধান আছিল মাত্র ২০৪৪। বিজেপিৰ দীপক দেৱে পাইছিল৩৫,৬৯৪টা ভোট। প্ৰায় ৭০% মুছলমান বসতি থকা বদৰপুৰত যোৱাবাৰ কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মাজত সংখ্যালঘু ভোটৰ উলম্ব বিভাজনৰ পিছতো বিজেপি জিকিব নোৱাৰিলে। জামালুদ্দিনৰ আকস্মিক মৃত্যুৰ পিছত যোৱাবাৰৰ ৰানাৰ্ছ আপ আব্দুল আজিজ মিত্রজোঁটৰ প্ৰাৰ্থী। আব্দুল আজিজ এইবাৰ বিধায়ক হোৱাটো প্ৰায় নিশ্চিত। ২০১৯ লোকসভাত বিজেপি,কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে লাভ কৰা ভোট আছিল ক্ৰমে ৪৫২৯৭, ১২০৭৯ আৰু ৬৩৮৭৫। বিজেপিৰ প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্য্যক তেওঁ বিশাল ভোটৰ ব্যবধানত পৰাজিত কৰাৰ সম্ভাবনা আছে।
     ৬নং হাইলাকান্দিত প্ৰতিদ্বন্দ্বিতা হ’ব এ.আই.ইউ.দি.এফৰ জাকিৰ হুছেইন লস্কৰ আৰু বিজেপিৰ মিলন দাসৰ মাজত। ২০১৬ বিধানসভা নিৰ্বাচনত এ.আই.ইউ.দি.এফৰ আনোৱাৰ হুছেইন লস্কৰে বিজেপিৰ সৌম্যজিত দত্ত চৌধুৰীক ২৬০৮টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। লস্কৰে পাইছিল ৪১,৬৪৭ তথা দত্ত চৌধুৰীয়ে পাইছিল ৩৯,০৩৯। কংগ্ৰেছৰ আনামুদ্দিন লস্কৰে ৯২৮৭ আৰু নিৰ্দলীয় জাকিৰ হুছেইন লস্কৰে পাইছিল ১৫,৬৩৩ টা ভোট। সংখ্যালঘুৰ ভোট বিভাজনৰ ফলত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা অগবঢ়াব পাৰিছিল। ২০১৬ত তিনি নম্বৰত থকা জাকিৰ হুছেইন লস্কেৰ এইবাৰ এ.আই.ইউ.দি.এফৰ টিকট পাইছে। ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪৮১৭৩, কংগ্ৰেছে ৬২৯৬ আৰু এ.আই.ইউ.দি.এফে ৬২০৯৯টা ভোট লাভ কৰিছিল। প্ৰায় ৬০% মুছলমান ভোট থকা সমষ্টিটোত আজমলৰ প্ৰাৰ্থী যঠেষ্ট আগবাঢ়ি আছে আৰু জয় প্ৰায় নিশ্চিত।
   ৭ নম্বৰ কাটলিছেৰাত প্ৰতিদ্বন্দ্বিতা বিজেপিৰ সুব্ৰত নাথ আৰু এ.আই.ইউ.দি.এফৰ সুজামউদ্দিন লস্কৰৰ মাজত। ২০১৬ চনত সুজামে কংগ্ৰেছৰ সেইসময়ৰ মন্ত্রী গৌতম ৰয়ক ১৫,০৮৪টা ভোটাৰ ব্যবধানত পৰাজিত কৰিছিল। সুজামে ৫০,৬৭৬ , ৰয়ে ৩৫, ৫৯২ আৰু বিজেপিৰ ৰাজকুমাৰ দাসে ৩২,১৬৪টা ভোট লাভ কৰে। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৬১,০২৬, কংগ্ৰেছে ৭২৭৯ আৰু এ.আই.ইউ.দি.এফে ৬১০২৬টা ভোট লাভ কৰিছিল। হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত ইয়াতে বিজেপিয়ে সামান্য প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও এ.আই.ইউ.দি.এফ বৰ্তমানলৈ আগবাঢ়ি আছে।
    ৮নম্বৰ আলগাপুৰত মুল প্ৰতিদ্বন্দ্বিতা হ’ব অগপৰ আপতাবুদ্দিন লস্কৰ আৰু এ.আই.ইউ.দি.এফৰ নিজামুদ্দিন চৌধুৰীৰ মাজত। ২০১৬ত নিজামে ৫০,৫৩১ টা ভোট পোৱাৰ বিপৰীতে বিজেপিৰ কৌশিক ৰায়ে ৩২৩৭৭ আৰু কংগ্ৰেছৰ ৰাহুল ৰয়ে ২৫৯২৭টা ভোট লাভ কৰিছিল। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৫৩৪১৫, কংগ্ৰেছে ৯৪১০ অাৰু এ.আই.ইউ.দি.এফে ৬০৬২৩টা ভোট লাভ কৰিছিল। প্ৰায় ৬০% মুছলমান ভোটাৰ থকা সমষ্টিটো নিজৰ হাতত ৰখাৰ বাবে এ.আই.ইউ.দি.এফে বেছি কষ্ট কৰিবলগীয়া হোৱা নাই।
 শিলচৰ
কাচাৰ জিলাৰ ৭টা বিধানসভা সমষ্টিৰে গঠিত শিলচৰ লোকসভা সমষ্টি। ২০১৯ত শিলচৰ লোকসভাত এ.আই.ইউ.দি.এফে প্ৰাৰ্থী দিয়া নাছিল। ২০২১ত ৯ নম্বৰ শিলচৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হ’ব বিজেপিৰ দ্বিপায়ন চক্ৰবৰ্তী আৰু  কংগ্ৰেছৰ তমাল কান্তি বানিকৰ মাজত। টিকট বঞ্চিত হৈ দিলীপ পালে নিৰ্দলীয় খেলিছে যদিও তেওঁ নিৰ্বাচনৰ ফলাফলক প্ৰভাবিত কৰাৰ সম্ভাবনা ক্ষীণ। শিলচৰত হিন্দু ভোটাৰ প্ৰায় ৭০%। যোৱা বিধানসভাত বিজেপিৰ দিলীপ পালে ৯৪,৭৮৭ টা ভোট আৰু কংগ্ৰেছৰ বিথিকা দেবে ৫৪,৮৬৭টা ভোট পাইছিল। ২০১৯ লোকসভাত বিজেপিৰ ভোট বৃদ্ধি হয় ১,০৬,৯০৪ টালৈ আৰু কংগ্ৰেছে পায় ৫৭,৯৬৮টা ভোট। দিলীপ পালে কিমান ভোট কাটিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিজেপিৰ জয়ৰ ব্যবধান কিন্তু বিজেপিৰ জয় নিশ্চিত।
  ১০ নম্বৰ সোনাইত বিজেপিৰ বৰ্তমানৰ বিধায়ক আমিনুল হক লস্কৰক প্ৰত্যহ্বান জনাইছে কংগ্ৰেছৰ কৰিমুদ্দিন বৰভূঞাই। ২০১৬ত লস্কৰে কংগ্ৰেছৰ এনামুল হকক ৭৫৫৩টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। লস্কৰে ৪৪,২৩৬ , এনামুলে ৩৬,৬৮৩ আৰু এ.আই.ইউ.দি.এফৰ কৰিমুদ্দিনে পাইছিল ৩২,১০৯টা ভোট। ২০১৬ত ৬০% মুছলমান ভোট থকা সোনাইত কংগ্ৰেছ ,এ.আই.ইউ.দি.এফৰ ভোট বিভাজনৰ সুযোগত জয়ী হৈছিল লস্কৰ। ইয়াৰ উপৰিও মুছলমান সম্প্ৰদায়ৰ ভেন্সাৰ স্কুলৰ শিক্ষক বিলাকেও প্ৰাদেশীকৰণৰ আশাত বিজেপিক সহায় কৰিছিল। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৫৬,১৬৯ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৭৫,৯২৪ ভোট। এইবাৰ মিত্রজোঁটৰ প্ৰাৰ্থীহৈ অতি উৎসাহী হৈ পৰিছে কৰিমুদ্দিন। তেওঁৰ মতে বিজেপিৰ লগত তেওঁৰ প্ৰতিদ্বন্দ্বিতা নহয়; হ’ব নিৰ্দলীয়ৰ সৈতে। কিবা চমৎকাৰ নহ’লে কৰিমুদ্দিনৰ জয় ১০০% নিশ্চিত।
    ১১ নম্বৰ ধলাইত প্ৰতিদ্বন্দ্বিতা নাই। হিন্দু বসতি প্ৰধান আসনখনত বিজেপিৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ জয় নিশ্চিত। যোৱাবাৰ শুক্লবৈদ্যই ৬৮৬৯৪টা ভোট পাই কংগ্ৰেছৰ গিৰিন্দ্ৰ মাল্লিক পৰাভূত কৰিছিল। মল্লিকে পাইছিল ৪১,৮৫৭টা ভোট।  ২০১৯ লোকসভাত বিজেপিয়ে ৮২,৪১৬ট ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৫১,৮৩৬। এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ মালা। কিন্তু তেওঁ শুক্লবৈদ্যক পঞ্চম বাৰৰ বাবে বিধানসভাত প্ৰবেশ কৰাৰ পথত হেঙাৰ হ’ব নোৱাৰে।
   ১২ নম্বৰ উদৰবন্দত একেৰাহে ৪ বাৰ বিজয়ী হোৱাৰ পিছত অজিত সিং যোৱাবাৰ পৰাজিত হৈছিল। অজিত সিং এ লাভ কৰিছিল ৪৫,৫৯৮টা ভোট।  ৫৪,২০৪টা ভোট পাই বিজয়ী হৈছিল বিজেপিৰ মিহিৰ কান্তি সোম। এ.আই.ইউ.দি.এফৰ লিয়াকত আলি লস্কৰে পাইছিল ৮,৭১৫টা ভোট। ২০১৯ লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে লাভ কৰা ভোট আছিল ক্ৰমে ৬৮,০৩৩ আৰু ৫০,৩৮৯। হিন্দু সংখ্যাগৰিষ্ঠ উদৰবন্দত পুনৰবাৰ সমুখসমৰত মিহিৰ কান্তি সোম আৰু অজিত সিং । ইয়াত প্ৰতিদ্বন্দ্বিতা তীব্ৰ হ’ব যদিও বিজেপিৰ জয়ৰ সম্ভাবনা অধিক।
   ১৩ নম্বৰ লক্ষীপুৰ বিধানসভা সমষ্টি ১৯৮৩ চনৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে গোৱালা পৰিয়ালে। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী দীনেশ প্ৰসাদ গোৱালাই ২০১১ চনলৈ আৰু তাৰ পিছত তেওৰ পুত্র ৰাজদ্বীপ গোৱালা ইয়াৰ পৰা বিধায়ক হৈছে। ২০১৬ চনত ৰাজদ্বীপে বিজেপিৰ থৈবা সিংক ২৪,৩৬৭টা ভোটৰ বিশাল ব্যবধানত পৰাজিত কৰে। লক্ষীপুৰত বঙালী হিন্দুৰ লগতে আছে চাহ জনগোষ্ঠী আৰু মণিপুৰী ভোটাৰৰ প্ৰাধান্য। ২০১৬ চনৰ পিছত ইয়াত বিজেপিয়ে ব্যাপক ভাবে সাংগঠনিক বিস্তাৰ কৰে। দলে ইয়াৰ ফল লাভ কৰে ২০১৯ লোকসভা নিৰ্বাচনত। প্ৰথমবাৰৰ বাবে বিজেপিয়ে ইয়াত কংগ্ৰেছক পিছ পেলাবলৈ সক্ষম হয়। বিজেপিয়ে ৬১২১৬টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পায় ৪৯,৭৪৫। বিপদৰ উমান পাই ৰাজদ্বীপে বিজেপিত যোগদান কৰে যদিও বিজেপিয়ে তেওঁক টিকট নিদিলে। বংশবাদৰ ৰাজনীতিক প্ৰশ্ৰয় দিব নোখোজা বিজেপিয়ে আনকি কবীন্দ্ৰ পুৰকায়স্থৰ পুত্র কৰ্ণাদকো টিকট নিদিলে। কৰ্ণাদ শিলচৰৰ টিকটৰ দাবীদাৰ আছিল। লক্ষীপুৰৰ পৰা টিকট পালে বিজেপিৰ কাচাৰ জিলা সভাপতি কৌশিক ৰয়ে। কৌশিকক প্ৰত্যাহ্বান জনাব কংগ্ৰেছৰ মুকেছ পাণ্ডেই। ৰাজদ্বীপে টিকট নাপাই বিদ্ৰোহ কৰা নাই আৰু সেইবাবে বিজেপি বৰ্তমানলৈ আগবাঢ়ি আছে।
   ১৪ নম্বৰ বৰখোলাত ২০১৬ত বিজেপিৰ কিশোৰ নাথ জয়ী হৈছিল মাত্র ৪৮টা ভোটত। দ্বিতীয় স্থানত আছিল নিৰ্দলীয় মিছবাহুল ইছলাম লস্কৰ। কংগ্ৰেছৰ ৰুমী নাথ ২১,৯৪৬টা ভোট পাই তৃতীয় স্থানত আছিল। মিছবাহুল এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী। আগতে দুবাৰ কংগ্ৰেছৰ পৰা বিধায়ক হোৱা মিছবাহুলে দলৰ টিকট নাপাই দুবাৰ নিৰ্দলীয় হৈ খেলিছিল। প্ৰায় ৫৫% মুছলমান থকা সমষ্টিটোত ২০১৯ৰ লোকসভাত কংগ্ৰেছে পাইছিল ৫৬,৮৪৪ আৰু বিজেপিয়ে পাইছিল ৫৪,৩৫৪টা ভোট। বিজেপিয়ে বিধায়ক কিশোৰ নাথৰ টিকট কাটি প্ৰাৰ্থীত্ব দিছে অমলেন্দু দাসক। কংগ্ৰেছৰ মিছবাহুল ইয়াৰ পৰা জয়ী হোৱাৰ পূৰ্ণ সম্ভাবনা আছে।
১৫ নম্বৰ কাটিগড়াত বিজেপিৰ টিকট পাইছে এসময়ৰ কংগ্ৰেছৰ প্ৰবল প্ৰতাপী মন্ত্রী গৌতম ৰয়ে। গৌতমক প্ৰত্যহ্বান জনাবলৈ সাজু কংগ্ৰেছৰ খলিল উদ্দিন মজুমদাৰ। ২০১৬ত ইয়াৰ পৰা জয়ী হৈছিল বিজেপিৰ অমৰ চান্দ জৈন। জৈনৰ জয়ৰ মুল কাৰণ আছিল ৫৫% মুছলমান ভোটাৰৰ ভোট বিভাজন। কংগ্ৰেছে ১৬,৪১৬ টা ভোট পোৱাৰ লগতে এ.আই.ইউ.দি.এফে পাইছিল ৫০,৯৫৬টা ভোট। বিজেপিৰ জৈনে পাইছিল ৫৯,৭৬৪। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৬৭,১৪৩ আৰু কংগ্ৰেছে ৭৩,৫২৭টা ভোট লাভ কৰিছিল। যদিও হিমন্ত বিশ্ব শৰ্মাই ইয়াত সভা কৰি ১৫০ কৌটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে তথাপিও বিধানসভাৰ পথ গৌতম ৰয়ৰ বাবে অত্যন্ত কঠিন। ইয়াত ৰয়ক পৰাস্ত কৰি খলিল উদ্দিনৰ দিছপুৰ যাত্রা প্ৰায় নিশ্চিত।
দেখা গ’ল যে বৰাকৰ ১৫ টা সমষ্টিৰ ভিতৰত মাত্র ৬ টা সমষ্টিত বিজেপি আগবাঢ়ি আছে। সমষ্টিকেইটা হ’ল ৰাতাবাৰী, পাথাৰকান্দি, শিলচৰ, ধলাই, উদৰবন্দ আৰু লক্ষীপুৰ। বাকী ৯টা সমষ্টিতে কংগ্ৰেছ মিত্রজোঁটৰ জয়ৰ সম্ভাবনা উজ্জ্বল।

ৰাজনীতি অসম আলোচনীখন সম্পূৰ্ণকৈ পঢ়িবলৈ ক্লিক কৰক: WWW.RAJNITIAXOM.COM