বৰ্তমান এলাগী হোৱা নেতাবোৰ

2310
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এনে কিছুমান ৰাজনৈতিক নেতা আছে যাৰ কান্ধত উঠিয়েই সেই দলবোৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল!এতিয়া সেই দলবোৰত তেওঁলোক একপ্ৰকাৰ এলাগী হৈ পৰিছে মতৰ বিভিন্নতাৰ বাবে।এটা সময়ত তেওঁলোকে দেশৰ শাসনভাৰ চলোৱা চৰকাৰৰ বাবে সম্পদ আছিল আৰু এতিয়া ঘৰৰ চুকত পৰি থকা এলাগী জাৱৰ-যোথৰ সদৃশ হৈ পৰিছে।আহক তেনে কিছু নেতাৰ জীৱন পৰিক্ৰমাৰ মাজত এভুমুকি মাৰো..
লালকৃষ্ণ আদৱানী: ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী সৰ্বাধিক চৰ্চিত ব্যক্তি হ’ল  আদৱানী দেৱ।কি নাছিল তেওঁ-ভাৰতীয় জন সংঘৰ সভাপতি,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি,সাধাৰণ সম্পাদক,৮ বাৰৰ বাবে লোকসভাৰ সাংসদ,৪ বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ, ৰাজ্যসভাত বিৰোধী দলপতি। আৰু মন্ত্ৰীত্বৰ ফালে যদি চাবলৈ যাওঁ তেওঁ আছিল বাজপেয়ী চৰকাৰৰ প্ৰথম উপ প্ৰধান মন্ত্ৰী(২০০২-২০০৪),কেন্দ্ৰীয় গৃহ মন্ত্ৰী(১৯৯৯-২০০৪),কয়লা আৰু খনি মন্ত্ৰী(২০০২),পেঞ্চন আৰু পাব্লিক গ্ৰীভেনচ মন্ত্ৰী(২০০৩-২০০৪)। আইনৰ স্নাতক, ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্ম-বিভূষণ”ৰ দ্বাৰা বিভূষিত আদৱানী দেবে বিজেপিৰ বাবে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে।ৰাম জনমভূমি আন্দোলনৰ খনিকৰ আদৱানীদেৱক ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে বাবৰি মছজিদ ধ্বংসৰ বাবেও দোষাৰোপ কৰিছে,যদিওবা এতিয়ালৈকে তাৰ নিষ্পত্তি হোৱা নাই।ৰাম ৰথ যাত্ৰা,ভাৰত সুৰক্ষা যাত্ৰা,জন চেতনা যাত্ৰা ইত্যাদি যাত্ৰাবোৰৰ মূল খনিকৰ তেৱেঁই আছিল।বিজেপিৰ পিতামহ স্বৰূপ আদৱানীদেৱক বৰ্তমানৰ চৰকাৰখন আৰু দলৰ দ্বাৰা উপেক্ষিত আৰু এলাগী কৰা বুলি দেশৰ জনসাধাৰণৰ মাজত চৰ্চিত হৈ আছে যিহেতু তেওঁ এতিয়াও প্ৰত্যক্ষ ৰাজনীতিৰ পৰা সৈন্যাস লোৱা নাই!
মুৰলী মনোহৰ যোশী: একালৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি যোশী ডাঙৰীয়া বৰ্তমান কানপুৰৰ পৰা নিৰ্বাচিত লোকসভাৰ সাংসদ।এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত পি এইছ ডি ডিগ্ৰী ধাৰী যোশী ডাঙৰীয়াও ভাৰত চৰকাৰৰ দ্বাৰা “পদ্ম-বিভূষণ” সন্মানেৰে বিভূষিত হৈছে। এন দি এ চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ মন্ত্ৰী আছিল তেওঁ ।বিজেপিৰ থিংক-টেংকৰ অন্যতম যোশী ডাঙৰীয়াকো “বাবৰি মছজিদ” গোচৰত সৰ্বোচ্চ ন্যায়ালয়ে জগৰীয়া কৰিছে যদিও কোনো সাক্ষ্য প্ৰমাণ পোৱা নাই!”ৰণবিৰ সেনা” নামৰ সংগঠন এটাৰ কৰ্ম-কাণ্ডৰ বাবে একাংশই তেওঁকো জগৰীয়া কৰিবলৈ চেষ্টা চলাই আছে!বৰ্তমানৰ দল বা চৰকাৰখনত তেওঁৰ অস্তিত্ব প্ৰায় বিপন্ন হৈ পৰিছে,এক কথাত তেওঁ ও এলাগী হৈ পৰিছে।
যশবন্ত সিনহা: চন্দ্ৰশেখৰৰ জনতা দলৰ বিত্তমন্ত্ৰী(১৯৯০-১৯৯১) সিনহা ডাঙৰীয়া বাজপেয়ী চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আছিল(২০০২-২০০৪)।বিজেপিৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্বৰ লগত ঘটা মতবিৰোধৰ বাবে তেওঁ ২০১৮ চনৰ ২১ এপ্ৰিলত বিজেপি ত্যাগ কৰে কিন্তু তেওঁৰ লৰা জয়ন্ত সিনহা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ খনৰ অসামৰিক বিমান পৰিবহন ৰাজ্যিক মন্ত্ৰী।দেশৰ বিভিন্ন প্ৰান্তত এতিয়া তেওঁ মোদী বিৰোধী ভাষনেৰে ৰাইজৰ সমৰ্থন পাবলৈ বুলি আশা পালি আছে।২০১৫ চনত তেওঁক ফ্ৰান্স চৰকাৰে দেশৰ সৰ্বোচ্চ সামৰিক সন্মানেৰে বিভূষিত কৰে তেওঁৰ কাৰ্যকালত ফ্ৰান্সৰ লগত সুসম্পৰ্ক স্থাপনৰ বাবে।ইউ টি আই স্কেম আৰু বিহাৰৰ তেতিয়াৰ এম পি পাপ্পু যাদৱে অভিযোগ উত্থাপিত কৰিছিল যে সিনহা ডাঙৰীয়াই ২০১১ চনত ৰাজ্যসভাৰ তিনিজন সাংসদক এন দি এ লৈ আনিবৰ বাবে বৃহৎ অংকৰ ধনৰ লেনদেন কৰিছিল।যিকি নহওঁক বিজেপিৰ উত্থানত তেওঁৰ অৱদান কোনেও উলাই কৰিব নোৱাৰে যদিও এতিয়া তেওঁ এলাগীয়েই হৈ পৰিছে।
মুলায়ম সিং যাদৱ: উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যাদৱ ডাঙৰীয়া তিনি বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল(১৯৮৯-১৯৯১,১৯৯৩-১৯৯৫ আৰু ২০০৩-২০০৭) লৈকে।এইছ দি দেৱগৌৰা আৰু ইন্দ্ৰ কুমাৰ গুজৰালৰ ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীও আছিল(১৯৯৬-১৯৯৮)।তেওঁৰ দলত তেওঁৰেই পুত্ৰ অখিলেশ যাদবৰ লগত হোৱা মনোমালিন্যৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে আদিত্য নাথ যোগীৰ নেতৃত্বত দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত চৰকাৰ গঠন কৰে।শুনিবলৈ পোৱা গৈছে ২০১৯ৰ সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ নৰেন্দ্ৰ মোদীকেই প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে।তেওঁৰ দল আৰু তেওঁৰ পুত্ৰৰ দ্বাৰা এলাগী হোৱা যাদৱ ডাঙৰীয়া বৰ্তমান আজমগড় সমষ্টিৰ লোকসভাৰ সাংসদ।দিল্লীত হোৱা গণ ধৰ্ষণৰ বাবে কৰা বিৰূপ মন্তব্যই তেওঁক দেশ তথা দেশৰ বাহিৰতো নিন্দাৰ পাত্ৰ হবলগীয়া হৈছিল।তেওঁ তেতিয়া কৈছিল-“Boys are boys,boys do mistakes”!তেওঁৰ বয়স আৰু দল আৰু পুত্ৰৰ লগত হোৱা মতবিৰোধে তেওঁকো এলাগী কৰি পেলাইছে।
দিগ্বিজয় সিং: মধ্যপ্ৰদেশৰ ১৪ নং জন মুখ্যমন্ত্ৰী সিং ডাঙৰীয়া যিজনে ১৯৯৩-২০০৩ পৰ্যন্ত দুৱাৰৰ বাবে মধ্যপ্ৰদেশৰ শাসনভাৰ চলাইছিল তেওঁক কংগ্ৰেছৰ এজন বর্ষিয়ান বহুবল্কী নেতা আৰু “দিগ্গী ৰাজা” বুলিও জনা যায়।বৰ্তমান কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক সিং ডাঙৰীয়াৰ বলিষ্ঠ দিকদৰ্শনৰ বাবে অসম আৰু কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল যদিও এতিয়া তেওঁক কেৱল মধ্যপ্ৰদেশৰ সদ্যহতে হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ বাবে সৰু পদ এটা দি সন্তুষ্ট  কৰিছিল।তেওঁৰ বহুবল্কী স্বভাৱৰ বাবে ২০১৩ চনত কংগ্ৰেছৰ এম পি মিনাক্ষী নটৰাজনক “চাও ট্যুচ মাল” বুলি কৈ শীৰ্ষ নেতৃত্বৰ দ্বাৰা সৱধানবাণী শুনিব লগীয়া হৈছিল।তেওঁৰ মতে সেয়া নটৰাজন ডাঙৰীয়ানীক “শুদ্ধ সোন অথবা পিওৰ গোল্ড” বুলি বুজাবলৈকেহে তেনেকৈ কৈছিল।২০১১ চনত আমেৰিকাই বিশ্ব ত্ৰাশ সন্ত্ৰাসবাদী ওছামা বিন লাদেনক সাগৰত সমাধিস্থ কৰাত ও আপত্তি দৰ্শাই সমালোচনাৰ সন্মুখীন হৈছিল।২০১৪ চনত কি কাৰণত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকিল সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয়।কংগ্ৰেছৰ বহু বেয়া দিনত ঘাই শিপাডাল জোৰকৈ খামুচি থকা সিং ডাঙৰীয়া এতিয়া কংগ্ৰেছতেই এলাগী যেন হৈ পৰিছে।
যশৱন্ত সিং: অৱসৰপ্ৰাপ্ত আৰ্মী অফিচাৰ,৫ বাৰৰ বাবে লোকসভাৰ সাংসদ,৪ বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ তথা  বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী(১৯৯৮-২০০২),প্ৰতিৰক্ষা মন্ত্ৰী(২০০০-২০০১),বিত্তমন্ত্ৰী(২০০২-২০০৪) সিং ডাঙৰীয়া বিজেপিৰ প্ৰতিষ্ঠা কালৰে এজন অন্যতম নেতা।২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাজস্থানৰ বাৰমেৰ সমষ্টিৰ পৰা টিকট বিচাৰি বিজেপিৰ দ্বাৰা উপেক্ষিত হৈ তেওঁ নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীৰ হাতত পৰাজয় বৰণ কৰে।বিজেপিৰ মতৰ বিৰুদ্ধে যোৱা আৰু বিজেপিৰে প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ২০১৪ চনৰ ২৯ মাৰ্চত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়।অৰ্থাৎ তেওঁ বিজেপিৰ বাবে এলাগী হৈ পৰিল।
শেষ কথা:
“একালৰ বৃন্দাবন একালত পৰে ছন” -কথা শাৰীৰ যথাৰ্থতা এওঁলোকৰ ক্ষেত্ৰত এশ শতাংশই প্ৰযোজ্য হৈছে।গতিকে বৰ্তমান কেন্দ্ৰৰ অথবা দেশৰ তথা আমাৰ ৰাজ্যৰ মন্ত্ৰী, বিধায়ক বা সাংসদ সকলে এই কথা শাৰী মনত ৰাখি ৰাইজৰ কাম কৰি গলেহে দলে মনত নাৰাখিলেও অথবা দলে এলাগী কৰিলেও ৰাইজ বা দেশৰ জনতাই বুকুৰ আপোন কৰি হৃদয়ত স্থান দিব!