ভগৎ সিং আৰু সাৱৰকৰৰ অন্তিম সাক্ষাৎ

1601
  • পুলক উপাধ্যায়

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


১৯২১ চনত আন্দামানৰ কালাপানীৰ পৰা সাৱৰকৰক মুক্তি দিয়া হ’ল আৰু কালাপানীৰ পৰা আনি ভাৰতৰ বিভিন্ন জেলত তিনিবছৰ ৰখাৰ পিছত সম্পুৰ্ণ ৰূপে জেলৰ পৰা মুক্তি পায় ।
জেলৰ পৰা মুক্তি দিয়া হৈছিল যদিও সাৱৰকৰক সভা – সমিতিত অংশগ্ৰহণ আৰু ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি মুম্বাইৰ পৰা বহু নিলগৰ ৰত্নাগিৰী চহৰলৈ স্থানান্তৰ কৰা হয় । দুটা বিশেষ চৰ্ত আৰোপ কৰা হ’ল____

১/ কোনো ৰাজনৈতিক সভা বা কাম কাজত অংশ গ্ৰহণ কৰিব নোৱাৰিব ।
২/ ৰত্নাগিৰি ( মুম্বাইৰ পৰা প্ৰায় দুইশ মাইল দুৰৰ এখন ৰিমোট গাওঁ )ত পাঁচ বছৰ স্থায়ী থাকিব লাগিব ।

ৰত্নাগিৰিৰ যাতায়ত ব্যৱস্থা অতি বেয়া আছিল আৰু টেলিফোন ব্যৱস্থাও নাছিল ।
১৯২৪ চনৰ জানুৱাৰী মাহত ৰত্নাগিৰি লৈ সাৱৰকৰক নিয়া হয় । প্ৰত্যক্ষ ভাবে ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰা সাৱৰকৰৰ কাৰণে বিকল্প কাম আছিল সামাজিক উন্নয়ন । সেই সময়ত সমাজত চলি থকা প্ৰধান কুকৰ্মটো আছিল জাত- পাতৰ ভেদা ভেদ আৰু অস্পৃশ্যতা । সাৱৰকৰে উপলব্ধি কৰিছিল যে স্বাধীনতা যিমান প্ৰয়োজন , সিমানেই প্ৰয়োজন ভাৰতীয় সমাজৰ সামাজিক উত্তৰণ । সাৱৰকৰে লিখি উলিয়াই ‘ MY TRANSPORTSTION FOR LIFE ‘ __ইংৰাজী আৰু মাৰাঠী দুইটা ভাষাতে । আন্দামানৰ চেলুলাৰ জেলত জাত – পাতৰ কুপ্ৰথাৰ সুযোগ ইংৰাজ আৰু পাঠান সকলে গ্ৰহণ কৰি বহু হিন্দু কয়দীক হিন্দুৰ পৰা ধৰ্মান্তৰিত কৰি খ্ৰীষ্টান আৰু মুছলমান কৰিছিল । সেই অভিজ্ঞতাৰে পৰিপুষ্ট সাৱৰকৰে পুনৰ একে খিনি ঘটনাক লৈয়ে আৰম্ভ কৰিছিল শুদ্ধি আন্দোলন । নিজেই এজন ব্ৰাহ্মণ পৰিয়ালৰ সন্তান হৈ অস্পৃশ্যত বিৰোধ কৰিছিল আৰু আনকো এই কু প্ৰথাৰ বিষয়ে অৱগত কৰিছিল । হিন্দুৰ ধৰ্মৰ মানুহৰ মাজত প্ৰচলিত জাতিভেদ প্ৰথাই হিন্দুৰ ভুমি আৰু স্থিতি সংকুচিত কৰি হিন্দু ধৰ্মৰ বিনাশ কাৰণ যে হ’ব পাৰে সেই কথা সাৱৰকৰে ৰত্নাগিৰিত অধিক উপলব্ধি কৰিলে । জাতিভেদৰ বিৰুদ্ধে তেওঁ সুষ্ঠিৰ পৰিকল্পনাৰ ৰচনা কৰে । আইন -কানুন , স্থানীয় প্ৰশাসনৰ সহায়  সহযোগিতা সামৰি তেওঁ হিন্দু ৰক্ষাৰ বিনিময়ত জাতিভেদৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । সাৱৰকৰৰ প্ৰথম অসুবিধা আছিল তেওঁ ধনৰ অভাব । বৃটিছ চৰকাৰে সাৱৰকৰৰ আইনৰ ডিগ্ৰী কাঢ়ি লৈছিল ইংলণ্ডত থকা সময়ছোৱাত । সেয়ে ডিগ্ৰীটো ঘুৰাই দিবলৈ চৰকাৰক আৰ্জী দিয়ে । চৰকাৰ অমান্তি হয় , ইয়াৰ পিছত সাৱৰকৰে চৰকাৰৰ পৰা এশ টকা বিচাৰে প্ৰতি মাহত । চৰকাৰে ৬০ টকা প্ৰতিমাহে দিবলৈ মান্তি হয় । ১৯২৪ চন , ৰত্নাগিৰিত থকাৰ ছয় মাহত পিছত ভয়ানক প্লেগ মহামাৰী দেখা দিয়ে । সংক্ৰমণ ৰোধৰ আঁচনি হিচাপে চৰকাৰে আক্ৰান্ত মানুহক একাশৰীয়া কৰে আৰু ভাল মানুহখিনিক স্থানান্তৰ কৰে । সৱৰকৰ নাশিক পায় । নাশিকত আৰম্ভ কৰিলে  অস্পৃশ্যতা বিৰোধী সংগ্ৰাম । সাৱৰকৰক আদৰিবলৈ আয়োজন কৰা সভাত অংশ ল’বলৈ যাওতে সমাজত অস্পৃশ্য বুলি ধৰা পৰিয়ালৰ এটাৰ ঘৰত চাহ -জলপান খাই আৰম্ভ কৰে অভিযান । নিজে এজন তথাকথিত উচ্চ জাতৰ ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা সাৱৰকৰৰ ভাষণ শুনি নাশিকৰ মানুহৰ মনত নতুন ভাবৰ উদগিৰণ হয় । নাশিকত কিছুমাহ থকাৰ পিছত ইংৰাজে তেওঁক পুনৰ ৰত্নাগিৰিলৈ লৈ আহে । শুদ্ধি আন্দোলনক কংগ্ৰেছ আৰু বিভিন্ন মুছলমান নেতাই বিৰোধ কৰিছিল । নাশিকৰ পৰা ৰত্নাগিৰি লৈ আহোতে মুম্বাইত এসপ্তাহৰ বাবে থাকে । মুম্বাইত অনুষ্ঠিত এখন জনসভাত ভাষণ দিয়ে , ” যদি মুছলমানে খিলাফত আন্দোলনত অংশগ্ৰহণ কৰিও কংগ্ৰেছ হৈ থাকিব পাৰে তেন্তে হিন্দুৱে কিয় হিন্দু একতাৰ অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ হৈ থাকিব নোৱাৰে ? কংগ্ৰেছে হিন্দুক হিন্দু একতাৰ কাৰণে কাম কৰিবলৈ অনুমতি দিব লাগে । ”
খিলাফৎ আন্দোলনৰ নেতা চৌকত আলিয়ে সাৱৰকৰক মু্ম্বাইত সাক্ষাত কৰে । মুছলমান নেতা জনে সাৱৰকৰৰ দেশপ্ৰেমক প্ৰশংসা কৰে ; কিন্তু সাৱৰকৰে চলোৱা হিন্দু একতা কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰে । সাৱৰকৰৰ লগত হোৱা কথোপকথনৰ কিছু অংশ ____

আলি : মই ভাবো আপুনি হিন্দু ঐক্যৰ কাৰ্যসূচী বন্ধ কৰা উচিত ।
সাৱৰকৰ : আপুনি খিলাফত বন্ধ কৰিব ?
আলি : খিলাফত মোৰ জীৱন ।
সাৱৰকৰ : মুছলমান সকল যদি একত্ৰিত হৈ থাকিব পাৰে , তেন্তে হিন্দুৱে কিয় নোৱাৰিব । আপোনালোকে হিন্দুক দাবী ধমকীৰে ধৰ্মান্তৰিত কৰিব আৰু হিন্দুৱে মৌণতা অৱলম্বন কৰি কিয় থাকিব ?
আলি : মুছলমান মানুহ ক্ষুব্ধ হৈছে , ইয়াৰ ফল বেয়া হ’ব ।
সাৱৰকৰ : মই ইংৰাজক ভয় নকৰিলোঁ তেন্তে মুছলমান কিয় ভয় কৰিম ।
আলি : মুছলমান দেশ বহুত আছে , আমাক সকলোৱে আদৰি ল’ব ।
সাৱৰকৰ : কোনে বাধা দিছে , ইচ্ছা থাকিলে যাব পাৰে ।

ভগৎ  সিং ৰত্নাগিৰীত পদাৰ্পণ কৰে সাৱৰকৰক দেখা কৰিবলৈ । ভগৎ সিং এ সাৱৰকৰে লিখা ‘  ইণ্ডিয়ান ৱাৰ অৱ ইনডিপেনদেঞ্চ ‘ পঢ়ি অভিভুত হৈছিল । কাৰণ কিতাপ খনত চিপাহী বিদ্ৰোহৰ আঁৰত  স্বাধীন ভাৰতৰ সপোনৰ কথা তথ্য সহকাৰে উল্লেখ আছিল ; এই সমষ্ট তথ্য সাৱৰকৰে লণ্ডনত থাকোতে সংগ্ৰহ কৰিছিল । ভগৎ সিং এ সাৱৰকৰৰ আন জন ভাতৃ বাবুৰাওক কিতাপ খন পুনৰ ছঁপা কৰাৰ কাৰণে যোগাযোগ কৰিছিল । কিতাপ খন পুনৰ ছঁপা কৰিবলৈ অনুমতি বিচাৰি ভগৎ সিং ৰত্নাগিৰি পায় । সাৱৰকৰৰ অনুমতি সাপেক্ষে প্ৰায় দুই হাজাৰ কপি কিতাপ ছঁপা কৰা হয় আৰু সন্মান সহকাৰে দুটা কপি সাৱৰকৰক প্ৰদান কৰিছিল ।