ভাগ্য যাৰ জয় তাৰ : পল্লৱৰ পৰা সুস্মিতালৈ

1858

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


নিৰ্বাচনী যুঁজত জয়ী হবলৈ যোগ্যতাৰ লগতে ভাগ্যয়ো লগ দিব লাগিব। ভাগ্যদেৱী সুপ্ৰসন্ন নোহোৱা বাবে আদৱানীৰ নিচিনা নেতা ভাৰতৰ প্ৰধানমন্ত্রী হ’ব নোৱাৰিলে। যোগ্যতা থকাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রীৰ চকীখনৰ পৰা এতিয়াও বহু দূৰত। আজি আমি আলোচনা কৰিম অসমত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সকলৰ ভাগ্যৰ বিষয়ে ___
১) পল্লৱলোচন দাসঃ   অসমৰ সকলোতকৈ ভাগ্যবান নেতাসকলৰ ভিতৰত প্ৰথম স্হানত আছে তেজপুৰৰ প্ৰাৰ্থী পল্লৱলোচন দাস। ২০১১ চনত খুব কম বয়সতে বিহালী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল দাস। ২০১৬ত সমষ্টি সলনি কৰিবলগীয়া হোৱাত ৰঙাপাৰা পালে। ৰঙাপাৰাৰ পৰা জয়ী হোৱাই নহয় মন্ত্রীপদো পালে তেওঁ। ২০১৯ত আকৌ লোকসভাৰ টিকট। যিসময়ত সতীৰ্থ জয়ন্ত মল্ল বৰুৱা আৰু ৰাজেন বৰঠাকুৰে টিকটৰ বাবে হাবাথুৰি খাইছে সেই সময়ত দাসে  বিধানসভা ,লোকসভাৰ টিকট পোৱাৰ লগতে মন্ত্রীত্বৰ সোৱাদো পাইছে। ভাগ্যই অনপৰতে লগত থকা পল্লৱক তেজপুৰৰ পৰা সাংসদ হোৱাত সহায় কৰিব পাৰে।
২) গৌৰৱ গগৈঃ পিতৃ মুখ্যমন্ত্রী থকাৰ সুবাদতে গৌৰৱ গগৈয়ে অসমত কংগ্ৰেছৰ বাবে সকলোতকৈ সহজ  কলিয়াবৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাইছিল। মোদী ঢৌৰ মাজতো গৌৰৱ জয়ী হ’ল । ২০১৪ ত কংগ্ৰেছৰ সাংসদৰ সংখ্যা আছিল মুঠ ৪৭ জন । সেইবাবে যুৱনেতা গৌৰৱ গগৈয়ে দিল্লীত যঠেষ্ট সুযোগ পালে । ২০১৯ ত নিৰ্বাচনী যুঁজত নাই এ.আই.ইউ.দি.এফ । সেইফালৰ পৰা চাব গ’লে ভাগ্য গৌৰৱৰ লগত থকা যেন অনুমান হয় ।
৩) সুস্মিতা দেৱঃ শিলচৰ বিধানসভা নিৰ্বাচনত ২০১১ চনত ডাঃ ৰাজদ্বীপ ৰয়ক পৰাজিত কৰিছিল সুস্মিতাই । তাৰ পিছত ২০১৪ ত লোকসভাৰ টিকট । প্ৰচণ্ড মোদী ঢৌত বিজেপিৰ বৰ্ষীয়ান নেতা কবীন্দ্ৰ পুৰকায়স্হক পৰাজিত কৰিছিল আইনৰ স্নাতক সুস্মিতাই।  মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্রীৰ আসনত বহাৰ সুযোগ পালে সন্তোষমোহন দেৱৰ দুহিতাই।কংগ্ৰেছৰ কেব বিৰোধী স্থিতি স্বত্তেও এইজন মহিলা নেত্ৰীৰ স্থিতি ভাল বুলি ধাৰণা হয় । প্ৰিয়ংকা গান্ধীৰ ৰোড শ্বোৰ বলত নিশ্চিত পৰাজয়ৰ পৰা সুস্মিতাই ৰক্ষা পৰিলে বুলি কব পাৰি । ভাগ্য সুস্মিতাৰ লগত ।
৪) প্ৰদান বৰুৱাঃ  এনেয়ে বুঢ়ী নাচনী তাতে আৰু নাতিয়েকৰ বিয়া । ২০১৯ ত কংগ্ৰেছে বৰুৱাৰ বিপক্ষে দিলে দুৰ্বল প্ৰাৰ্থী । ভাগ্য আৰু প্ৰদান বৰুৱা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি।
 ৫) ৰামেশ্বৰ তেলীঃ যেতিয়া বিজেপিৰ অসমত কোনো ভাল স্হিতি নাছিল তেনে সময়ত ৰামেশ্বৰ তেলী ২০০১ আৰু ২০০৬ চনত দুলীয়াজান সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈছিল । ২০১১ চনত অবশ্যে পৰাজিত হৈছিল তেলী । কিন্তু ২০১৪ চনত লোকসভাৰ নিৰ্বাচনত পৱন সিং ঘাটোৱাৰক পৰাজিত কৰি ডিব্ৰুগড় লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায় তেলীয়ে। ৫ বছৰ বিশেষ কোনো কাম নকৰিলেও এইবাৰো এদভান্টেজ তেলী । তেলীৰ সন্মুখত একেৰাহে দুটা নিৰ্বাচনত পৰাজিত হোৱা পৱন সিং ঘাটোৱাৰ  । সহজে অনুমান কৰিব পাৰি ভাগ্য কাৰ লগত আছে।
৬) তপন গগৈঃ অসমৰ বিখ্যাত যুতি শংকৰ-তপন একেলগে যোগদান কৰিছিল বিজেপিত । তিনিবছৰ পিছত বিখ্যাত দিৱাৰ চিনেমাৰ দৰে তপনে শংকৰক ক’ব পাৰে , ‘ আজি মোৰ লগত বিধায়ক পদ আছে, মন্ত্রিত্ব আছে, লোকসভাৰ টিকট আছে ; তোমাৰ লগত কি আছে ?’   ভাগ্যই সলনি কৰি দিব পাৰে সকলো । মন্ত্রী তপন গগৈ  ভাগ্যবান। কিন্তু তেওঁৰ সন্মুখত আছে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। ভাগ্য চালে তপন গগৈ জয়ী হোৱাৰ সম্ভাবনা প্ৰবল। অবশ্যে হাৰিলেও দুখ কৰিবলগীয়া একো নাই । কাৰণ মন্ত্ৰীটো হয়েই ।