দেশৰ ৮০% হিন্দুৱেই ভাৰতভূমিত আৰু বিশ্বদৰবাৰত হিন্দুত্বৰ ধ্বজাবাহক: ডা: উৎসৱ ডেকা

1896
  • ডা: উৎসৱ ডেকা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰতবৰ্ষ ঋষি-মুনিৰ দেশ। স্বৰ্গীয় জ্ঞান আৰু গুণ-গৰিমাৰে স্ব-মহিমামন্বিত। দেশ আৰু জাতিৰ সঁচা ইতিহাস, কৃষ্টি-সংস্কৃতি, ঐতিহ্য ৰক্ষা আৰু পুনঃ প্ৰতিষ্ঠাৰ দায়িত্ব আজিৰ যুৱ প্ৰজন্মৰ কান্ধত। সাধু সন্তৰ ভূমি হিন্দুস্থানত হিন্দুত্ব  প্ৰত্যাহ্বানৰ কাঠগাৰত। ভগবান শিৱই ভস্মাসুৰ সৃষ্টি কৰি নিজেই শলঠেকত পৰাৰ লেখীয়া বৰ্তমান ভাৰতবৰ্ষৰ খিলঞ্জীয়া হিন্দু মৃত্যু ভয়ত ত্রস্তমান হোৱাৰ পৰ্যায় পাইছেগৈ। মোগল আৰু ইংৰাজে হিন্দুত্বৰ পুলিপোখা উভালি , আমাৰ সংস্কাৰৰ ৰাজহাড় ভাঙি যি পংগুত্ব আৰু গোলামিৰ সচঁ সিচিলে , তাৰপৰা মুক্ত হ’বৰ কাৰণে আজিও আমি আহোপুৰুষাৰ্থ চেষ্টা কৰিব লগা হৈছে। দেশৰ বৰ্তমান প্ৰজন্মই নিজক বেদ, উপনিষদ, গীতা, ৰামায়ণ , মহাভাৰত, পুৰাণৰ জ্ঞান  আৰু ভগৱান বুদ্ধ , স্বামী বিবেকানন্দৰ শিক্ষা-দীক্ষাৰে উদ্বুদ্ধ হৈ নিজক স্বমহীয়ান কৰি মাতৃভুমিৰ স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হ’ব লাগিব। আমি গুণানুকীৰ্তন কৰিব লাগিব আমাৰ পূৰ্বপূৰুষৰ প্ৰজ্ঞা-মেধাৰ জ্যোতিৰে জ্যোতিস্মান স্বমহীয়ানসকলৰ , বহিৰাগত জনৰ আৰু আমদানিকৃত সংস্কৃতিৰ নহয়।
সনাতন ধৰ্মৰ আধাৰত প্ৰতিষ্ঠিত হিন্দু সভ্যতা সংস্কৃতি  , ইতিহাস হাজাৰ হাজাৰ বছৰৰ। অত্যাচাৰী আক্ৰমণকাৰীৰ খতিয়ান মাত্র এঘাৰটা শতাব্দীৰহে। শৰণাৰ্থী, আশ্ৰয়প্ৰাৰ্থী, অত্যাচাৰী আক্ৰমনকাৰী আৰু বৈধ-অবৈধ বিদেশী কোনোজনকে আমি হিন্দুত্বক আঘাত হানিব দিব নোৱাৰো।  এই দেশ হিন্দুত্বৰ আদিভূমি আৰু সম্প্ৰতি একমাত্র স্হল। বৌদ্ধ, জৈন আৰু শিখঃ এই ভূমিতে সৃষ্ট, আমাৰ পৰিয়ালৰ , বাহিৰাগত বা বৈদেশিক নহয়। আমাৰ সভ্যতাৰ সোণালী অতীত খোদিত হ’ব লাগিব দেশৰ ইতিহাসৰ প্ৰতিটো পাতত। বিজয়নগৰ, হাম্পি, অজন্তা-ইলোৰা, শিৱাজী মহাৰাজ, মহাৰাজা প্ৰতাপ সিং, যাঞ্চি ৰাণী , আহোম সাম্ৰাজ্য , লাচিত বৰফুকন; আক্ৰমণকাৰী, নৃসংশ হত্যাকাৰী, চোৰ ডকাইটৰ বৰ্ণনা নহয়; আধুনিক সাহিত্য আৰু বিজ্ঞানীৰ চকুতো চমৎকাৰিতা সৃষ্টি কৰিব পৰা আমাৰ ৰচনাৰাজি আৰু দেশ বিদেশত প্ৰতিষ্ঠিত অলেখ মঠ মন্দিৰৰ বিতং তথ্য, কাৰুকাৰ্যৰ বিষয়হে; আমাৰ মন্দিৰ , ভাস্কৰ্য ভাঙি বনোৱা বিদেশীৰ তৰল তুলুঙা ধৰ্মীয়কৰণৰ চিহ্নৰে নহয়।
ৰজাঘৰীয়া সকল দেশৰ স্বাধীনতা আৰু অখণ্ডতা ৰক্ষাৰ দায়িত্বত দেশৰ বিদ্য সমাজ বিফল। আমাৰ নিজস্ব সৎ, শুভ গুনৰ ভাণ্ডাৰেৰে সৰ্বসাধাৰণক শিক্ষিত কৰি , উদ্বুদ্ধ কৰি দেশ আৰু জাতিৰ হিত আৰু উন্নতি সাধনৰ ক্ষেত্রত জ্ঞানীসকলে , বিদ্বান সমাজে দেশবাসীৰ সন্মুখত প্ৰকৃত সত্য উন্মোচিত কৰিব লাগিব, দেশৰ জনগণৰ সন্মুখত ৰুঢ় বাস্তৱ উন্মোচিত কৰাব লাগিব আৰু প্ৰতিজন হিন্দুস্থানীক নিজৰ কৰ্তব্যৰ প্ৰতি ধাবমান কৰাব পাৰিব লাগিব।

এই দেশৰ প্ৰতিজন অহিন্দু নাগৰিক হয় বহিৰাগত প্ৰৱজনকাৰী, আক্ৰমণকাৰী অথবা হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত। তিতা হলেও এইটো ধ্ৰুবসত্য । তেন্তে হিন্দুত্বৰ ধ্বজাবাহক পবিত্ৰ ভাৰতভুমিত আজি সাধু-সন্তৰ  নিষ্ঠুৰ নৃশংস হত্যাই  প্ৰতিজন সঁচা ভাৰতীয়ৰ অন্তৰআত্মা কঁপাই যোৱাটোৱেই স্বাভাৱিক। দেশত সাধু বধ, অইনফালে অসাধু পালন।জ্ঞানীসকলে দেশবাসীক সত্যৰ শিক্ষা দিয়াটো অপৰিহাৰ্য হৈ পৰিছে।

দেশৰ ৮০% হিন্দুৱেই ভাৰতভূমিত আৰু বিশ্বদৰবাৰত হিন্দুত্বৰ ধ্বজাবাহক। আমিয়েই হিন্দুত্ব পুনঃ প্ৰতিষ্ঠা আৰু ৰক্ষা কৰিব লাগিব, গত্যন্তৰ নাই।