ভাৰতৰ পৰৱৰ্তী বিত্ত মন্ত্ৰী অসমৰ পৰা !

5965

পাৰ্থ প্ৰতিম লহকৰ


অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল । নতুন মন্ত্ৰী আহিল আৰু পুৰণি বহু মন্ত্ৰীৰ দপ্তৰ সলনি হ’ল । বিধায়কবিলাকৰ এচামে  যেনেকৈ আনন্দত   থাকিব আৰু আন এচামে  ক্ষোভত থাকিব । প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ যুজঁখন একেবাৰে সাধাৰণ । গণতান্ত্ৰীক ব্যৱস্থাটোত এনেকুৱা কথা আগতেও আছিল , এতিয়াও আছে আৰু আগলৈও থাকিব । সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অন্তৰ্ভুক্তিয়ে যেনেকৈ অসমৰ ৰাইজক সুখৰ অনুভুতি দিছে তেনেকৈ পিযুস হাজৰিকাৰ অন্তৰ্ভুক্তিয়ে বিৰোধীক প্ৰশ্ন কৰাৰ সমলো দিছে । গণতন্ত্ৰ , ক্ষমতা,  অংক এই তিনিওটাত এনেকুৱা কথাও অস্বাভাবিক নহয় । কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল অসম চৰকাৰৰ সৰ্বাধিক জনপ্ৰিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগকে ধৰি বহু কেইটা বিভাগ এৰি দিছে । যদিও কাগজে কলমে মন্ত্ৰীসভা গঠন সম্পুৰ্ণ মুখ্যমন্ত্ৰীৰ ক্ষমতাৰ আওতাত থাকে তথাপি  অসম তথা ভাৰতৰ কোনো এজন মানুহেই বিশ্বাসত নল’ব যে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিভাগখিনি কমাই দিছে । এইয়া একমাত্ৰ হৈছে হিমন্ত বিশ্বৰ স্বইচ্ছাত । স্বাস্থ্য বিভাগৰ সহযোগী মন্ত্ৰী হিচাপে ৰাখিছে পিযুস হাজৰিকাক আৰু শিক্ষা বিভাগৰ দাযিত্ব দিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক । যোৱা বহু কেইটা  বছৰে শিক্ষা বিভাগৰ দায়িত্বলৈ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষাবিভাগ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছিল । যোৱা বাজেটত শিক্ষা বিভাগৰ বিভিন্ন অভিলাষী আচঁনি ঘোষনা কৰি শিক্ষা বিভাগৰ পৰা আতৰি যোৱাটো অতি আচৰিত কথা । যদিও তেওঁ কৈছে যে শিক্ষা বিভাগটো এজন অতি যোগ্য মানুহৰ হাতত গতাইছে তথাপি তেওঁ মন্ত্ৰী এৰাৰ পিছতেই বহু অধ্যাপক,  শিক্ষক , শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে শান্তিৰ নিশ্বাস লোৱাটো প্ৰত্যক্ষ হৈছে আৰু ইয়ে কি সুচাঁই সাধাৰণ ৰাইজ আৰু অভিভাবকে বুজিবলৈ বাকী নাই । নেডাৰ আহ্বায়ক আৰু উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ বিজয় নিচান উৰোৱা হিমন্ত বিশ্ব শৰ্মাৰ এইয়া ‘২০১৯ লোকসভা’ৰ নিৰ্বাচনী যুজঁৰ  নিৰৱ আৰম্ভনী নেকি ? গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা ?  এইবিলাক বহু প্ৰশ্নৰ উত্তৰ বিচাৰি নিজাৱবিয়াকৈ অতীত আৰু বৰ্তমানৰ বিভিন্ন ঘটনাৰাজীক সমল কৰি অনুসন্ধান চলালো।

অহা লোকসভা নিৰ্বাচনত বিজেপি দলৰ  শক্তিশালী ৰাজ্য  উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ফলাফল পুৰ্বতকৈ কিছু দুৰ্বল হ’ব পাৰে কাৰণ যোৱাবাৰ এই দুখন ৰাজ্যত বিজেপিয়ে অভিলেখ সংখ্যক আসন পাইছিল । কিন্তু বৰ্তমানৰ সময়ৰ ৰাজনৈতিক বাতাবৰণ চালে ইয়াৰ পুণবৃত্তি হোৱা অতি কঠিন । কাৰণ ৰাজস্থানত বসুন্ধৰা ৰাজেৰ জনপ্ৰিয়তা হ্ৰাস, দলীয় কৰ্মীৰ মাজত অন্তৰ কলহ আৰু শেষত প্ৰতিস্থান বিৰোধী ঢৌ । ইফালে উত্তৰ প্ৰদেশত  সমাজবাদী দল  আৰু বহুজন সমাজ পাৰ্টীৰ গোটবন্ধন যদি অটুত থাকে তেন্তে ৪০ % ৰ পৰা ৪৫ % ভোট যৌথ ভাবে গোটাই বিজেপিক শলথেকত পেলোৱাটো খাটাং।
তেনেস্থলত এইদুখন ৰাজ্যৰ লোকচানক যদি অন্য ৰাজ্যৰ লাভেৰে নিয়ন্ত্ৰণ কৰিব লগা হয় তেন্তে অমিত শ্বাহক দলৰ মজিয়াত আৰু এজন চানক্যৰ প্ৰয়োজন হ’ব ।  এই চানক্যজন কোন হ’ব ?  কৰ্নাটকৰ চৰকাৰৰ আস্থাৰ ভোটৰ নাটকখনে প্ৰমাণ কৰিলে যে মেঘালয় , মনিপুৰ,  অৰুণাচল,  গোৱা আদিত যিটো সম্ভৱ আছিল সেয়া কৰ্নাটকত বাস্তৱ হৈ নুঠিল । গুজৰাটত ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়টো আহমদ পেটেলক বিজেপিয়ে পৰাস্ত কৰিব নোৱাৰিলে । এই সমগ্ৰ ঘটনাৰাজী লক্ষ্য কৰিলে দেখা যায় যে বিজেপি য’ত বিফল তাত বিজেপিৰ নেতৃত্বৰ লগত অনুপস্থিত আছিল এজন ব্যক্তি আৰু তেওঁ হ’ল হিমন্ত বিশ্ব শৰ্মা । দেশৰ আগশাৰী সংবাদ মাধ্যমবোৰে  কোৱাৰ দৰে  পুৰ্বতকৈ পৃথক ভোটৰ বিন্যাসত ২০১৯ ত পুনৰ বিজেপি চৰকাৰ যদি গঠন  হয় তেন্তে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী লোকসভা সমষ্টিৰ  পৰা জয়লাভ কৰি মাত্ৰ এজন সাংসদ হৈয়ে থাকিব নেকি  ? অসমৰ প্ৰতিনধি এজনে কেন্দ্ৰীয় চৰকাৰত গুৰুত্বপুৰ্ণ পদবী পোৱাটো অসমৰ কাৰণে উল্লেখযোগ্য কথা । যেতিয়া হিতেশ্বৰ শইকিয়াই মনমোহন সিংক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমলৈ আনিছিল তেতিয়া বহু দল সংগঠনে বিৰোধীতা কৰিছিল । কিন্তু পিছলৈ প্ৰমাণ হৈছিল যে হিতেশ্বৰ শইকীয়াৰ সিদ্ধান্ত কিমান যুক্তিসংগত আছিল যেতিয়া মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী দেশৰ হৈছিল । হিমন্ত বিশ্ব শৰ্মা কিয় আগন্তুক কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী প্ৰবল দাবীদাৰ তাক আবেগেৰে নহয় , যুক্তিৰে বিশ্লেষণ কৰিম ।

১/  ভৱিষ্যত ধাৰণা কৰাৰ আগতে অতীতক জুখিব লাগিব । ২০১৪ লোকসভা নিৰ্বাচনত পৰাজিত হৈও অৰুণ জেটলি কিয় দেশৰ বিত্ত মন্ত্ৰী হৈছিল ?  তেওঁতকৈ বিজেপিত জেষ্ঠ নেতা নাছিল নেকি ?  ২০১৪ ত যেনেকৈ মেধা আৰু ভৱিষ্যতৰ ভাৰতক উপলব্ধি কৰা মানুহৰ সংখ্যা মন্ত্ৰীসভাত কম আছিল তেনেকৈ আজিৰ সময়তো সেই অভাব দুৰ হোৱা নাই । কাৰণ জেটলিৰ  অসুস্থতাৰ পিছত ৰেলমন্ত্ৰী  পিযুস গোৱেলক বিত্ত মন্ত্ৰীৰ দায়িত্ব দিয়া হয় । দুটা গুৰুত্বপুৰ্ণ দায়িত্ব এজন ব্যক্তিক দিছে । ৰাজনাথ সিংক বিত্তৰ দায়িত্ব মোদীয়ে দিয়া নাছিল কাৰণ বিত্ত বিভাগ চলাবলৈ যিমান দক্ষ হ’ব লাগে সেইখিনি মোদীৰ চকুত পৰা নাছিল ।  নিতীন গাডকাৰী আৰু সুষমা স্বৰাজ দুইজনেই  দক্ষ আৰু অভিজ্ঞ । কিন্তু মোদীৰ নিৰ্ভৰযোগ্য ব্যক্তিৰ তালিকাত দুইজনৰেই স্থান বহু তলত। সফল সংগঠক আৰু সফল অধিবক্তা ৰবি শংকৰ প্ৰসাদ মোদী কেবিনেটৰ এজন বুদ্ধিদীপ্ত ব্যক্তি । কিন্তু তেওঁৰ গাম্ভিৰ্য্যতাৰ দিশৰ পৰা দেশৰ অৰ্থনৈতিক প্ৰতিষ্ঠান সমুহৰ লগত কিমান সুসম্পৰ্ক কৰিব পাৰিব সেয়া সন্দেহ থকা হেতুকেই নৰেন্দ্ৰ মোদীয়ে বাচি লৈছিল অৰুন জেটলিক । মনোহৰ পাৰিকাৰ আৰু জেটলি দুয়োজনেই অসুস্থ , তেনেস্থলত নৰেন্দ্ৰ মোদীৰ হাতত বিকল্প নাই ।

বৰ্তমান সময়ত ভাৰতৰ ভিতৰত প্ৰথম জিএছটি কাৰ্য্যকৰী কৰা ৰাজ্য হ’ল অসম আৰু প্ৰথম ৰাজ্যৰ বিত্ত মন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা । উত্তৰ পুৱত অমিত শ্বাহৰ আটাইতকৈ বিশ্বস্ত ব্যক্তি হ’ল হিমন্ত বিশ্ব শৰ্মা  যিজনে উত্তৰ পুৱত বিজেপিৰ মানচিত্ৰ সলনি কৰি দিছিল । প্ৰথম অৱস্থাত যদিও ক্ষমতা কেন্দ্ৰীক যুজঁৰ ফলত তেওঁ কংগ্ৰেছৰ পৰা আতৰি আহিছিল বুলি ধাৰণা হৈছিল সেই ধাৰণা তেওঁ ভুল বুলি প্ৰতিয়মান কৰিছে । তেওঁৰ কংগ্ৰেছ ত্যাগ আদৰ্শগত কাৰণত আছিল বুলি বিজেপিৰ ভিতৰে বাহিৰে প্ৰতিয়মান । তেওঁৰ বংশজ  অসমৰ যিটো অঞ্চলৰ পৰা  প্ৰতিনধিত্ব কৰে  সেই অঞ্চলটোৰ মানুহৰ নাম এটা আছে যে আদৰ্শৰ অমিল হ’লে কাৰো সন্মুখতেই সেওঁ নামানে , যিটো  লাভ- লোকচানৰ অংকৰ উৰ্ধত ।  তেওঁ ৰাহুল গান্ধীক বিৰোধ কৰি প্ৰমাণ কৰিলে । ইয়াৰ আগতে মেঘালয়ৰ পি এ চাংমাই ছোনিয়া গান্ধীক বিৰোধ কৰি কংগ্ৰেছ দল ত্যগ কৰিছিল । কিন্তু সেই বিৰোধ চাংমা আৰু ছোনীয়া গান্ধীৰ মাজত মত পাৰ্থক্যৰ ফলশ্ৰুতি আছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধীৰ বিৰোধ ব্যক্তিস্বাৰ্থৰ উৰ্ধত আছিল । হিমন্ত বিশ্ব শৰ্মাই মিডিয়াৰ যুগত সমগ্ৰ ভাৰতবৰ্ষতে ৰাহুল গান্ধীৰ নীতি আৰু আদৰ্শক প্ৰশ্ন কৰিলে ।  অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী যিহেতু এটা মনৰ দুজন ব্যক্তি সেয়ে মোদীৰ বিশ্বাসৰ তুলাচনীত হিমন্ত বিশ্ব ওজন কম বুলি ভবা ভুল কৰা হ’ব ।

২/ অসম বা উত্তৰ পুৰ্বাঞ্চল মিনি ভাৰত নহয় , মিনি এছিয়া । উত্তৰ পুবৰ ছয় খন ৰাজ্যত বিজেপিৰ চৰকাৰ হ’ল । গণতন্ত্ৰত চৰকাৰ আহে চৰকাৰ যায় । কিন্তু উত্তৰ পুবৰ সমষ্ট নেতাক লগ লগাই এখন উমহৈতিয়া মঞ্চ দিলে য’ত প্ৰকৃতাৰ্থত বৰ অসমৰ পৰা ভাগ ভাগহৈ যোৱা মানুহখিনিক লগ লগালে । অসমৰ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ মাধ্যম হৈ পৰিল । হাগ্ৰামা মহিলাৰিৰ বিপিএফ দলে কংগ্ৰেছ দলৰ লগত অসমত চৰকাৰ কৰিছিল আৰু এতিয়া বিজেপিৰ লগত কৰিছে । ভৱিষ্যতত হয়তো আকৌ পৰিৱৰ্তন হ’ব পাৰে । কিন্তু বড়ো -অবড়ো  বা জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ চিঙি যোৱা ৰচীডাল  কিন্তু এইবাৰ সুদৃঢ় হ’ল । চৰকাৰ আহিব যাব ডাঙৰ কথা নহয় কিন্তু ভাতৃত্ব বৰ্তী থাকিব । ৰাজনীতিৰ স্বাৰ্থতেই হওঁক বা বিজেপিৰ স্বাৰ্থতেই হওঁক মানুহৰ মাজত বৈৰ ভাবৰ অৱসান অসম তথা উত্তৰ পুৱৰ কাৰণে এটা ঐতিহাসিক ঘটনা ।

‘ ইণ্ডিয়া টুডে ‘গ্ৰুপে হিমন্তক বিশ্বক দেশৰ দহজন প্ৰভাবশালী ৰাজনৈতিক নেতাৰ তালিকা খনত ১০ নম্বৰত ৰাখিছে আৰু ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপে দেশৰ প্ৰভাবশালী ব্যক্তিৰ ভিতৰত ২৬ নম্বৰত ৰাখিছে ।  উল্লেখযোগ্য কথা এই ইণ্ডিয়া টুডে গ্ৰুপে জিএছটি কাৰ্য্যকাৰী কৰা কালছোৱাত দেশৰ হিমন্ত বিশ্ব শৰ্মাই উপ বিত্ত মন্ত্ৰীৰ দৰে ভুমিকা লোৱা বুলি মন্তব্য আগবঢ়াইছে ।

আটাইতকৈ ডাঙৰ কথাটো হ’ল যে উত্তৰ পুৰ্বাঞ্চল হ’ল ব্যৱসায় আৰু বিনিয়োগৰ প্ৰবল সম্ভাবণাৰ ঠাই । স্বাধীনতাৰ পিছৰ কালছোৱাত বিভিন্ন অস্থিৰ কাৰ্য্যকলাপে নিয়োগ, বিনিয়োগ আৰু ব্যৱসায়ৰ বজাৰখন সীমিত কৰি পেলাইছিল । সেয়ে দেশৰ পুঁজিপতি আৰু বিনিয়োগকাৰীৰ কাৰণে বৰ্তমান সময়ত  হিমন্ত বিশ্ব শৰ্মাতকৈ সুবিধাজনক বিকল্প নাই ।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com