অসমত বিজেপিৰ ভৱিষ্যত

1662
  • ৰতন ব্ৰহ্ম

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


Without social union, political unity is difficult to be achieved. If achieved, it would be as precarious as a summer sapling, liable to be uprooted by the gust of a hostile wind. With mere political unity, India may be a State. But to be a State is not to be a nation and a State, which is not a nation, has small prospects of survival in the struggle for existence. The danger to a mixed and composite state, therefore, lies not so much in external aggression as in the internal resurgance of nationalities …. B R Ambedkar
সামাজিক একতা  অবিহনে, ৰাজনৈতিক একতা  প্ৰাপ্ত কৰা কঠিন। যদি প্ৰাপ্ত কৰা, ই গ্ৰীষ্মকালৰ অসুৰক্ষিত  গছপুলিৰ দৰে বিপদজনক হ’ব, প্ৰতিকূল বতাহৰ দ্বাৰা নিশ্চিত উৎখাতৰ  সন্মুখিন হ’ব । কেৱল ৰাজনৈতিক ঐক্যৰ  দ্বাৰা ৰাষ্ট্ৰ গঠন সম্পুৰ্ণ নহয় । এখন দেশ ৰাষ্ট্ৰ হ’ব নোৱাৰিলে দেশখন অস্তিত্বৰ সংগ্ৰামত জীয়াই থকাৰ  ক্ষীণ সম্ভাৱনা থাকে। এক মিশ্ৰিত আৰু মিশ্ৰিত অৱস্থাৰ দেশে বিদেশী ৰাষ্ট্ৰৰ পৰা পোৱা বিপদতকৈ আভ্যন্তৰিণ বিপদৰ হে সন্মুখিন হয় ।
If unity is to be of an abiding character, it must be founded on a sense of kinship, in the feeling of being kindred. In short, it must be spiritual. Judged in the light of these considerations, the unity between Pakistan and Hindustan is a myth. Indeed, there is more spiritual unity between Hindustan and Burma than there is between Pakistan and Hindustan….B R Ambedkar
যদি একতা এক স্থায়ী চৰিত্ৰ হ’ব লাগে,তেন্তে ইয়াক  প্ৰতিষ্ঠা কৰিব লাগিব আত্মীয়তাৰ অনুভূতি আৰু সামাজিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি । চমুকৈ, ই  হ’ব লাগিব আধ্যাত্মিক।এই বিবেচনাবোৰৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ লগত হিন্দুস্তানৰ ঐক্যতাৰ সম্পৰ্ক অবাস্তৱ আৰু কাল্পনিক । দৰাচলতে,  হিন্দুস্তান আৰু বাৰ্মাৰ মাজত অধিক আধ্যাত্মিক ঐক্য আছে পাকিস্তান আৰু হিন্দুস্তানৰ তুলনাত ।
২০১৬ চনত অসমত পোন প্ৰথম বাৰৰ বাবে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰে । ২৫-৩০ বছৰ বিজেপি দল কৰা নেতা-কৰ্মী সকলেও এই ঘটনাক নাভূত নাশ্ৰুত বুলি সংবাদ মাধ্যমত বাৰে বাৰে কোৱা আমি শুনো । যি সকল নেতাই ২০১৬ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাটোক আচৰিত বুলি কয় , তেওঁলোৰ এই প্ৰতিক্ৰিয়া অন্ধতা নে মুৰ্খতা ?অকংগ্ৰেছী চৰকাৰ অসমত নতুন কথা নহয় । শৰৎ চন্দ্ৰ সিংহ , প্ৰফুল্ল মহন্ত , গোলাপ বৰবৰাৰ দৰে অকংগ্ৰেছী নেতা অসমৰ মুখ্যমন্ত্ৰী হৈছে । তেন্তে বিজেপিয়ে চৰকাৰ গঠন কৰাত কি আচৰিত হ’ব লগা আছে ? সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা অসম আন্দোলনৰ পিছত গঠন হোৱা অগপই ১৯৮৫ চনত চৰকাৰ গঠন কৰোত অগপই একক সংখ্যা গৰিষ্ঠতা  পোৱা নাছিল । কাৰ্বি আংলং পৃথক ৰাজ্য দাবী কৰা এ এচদি চি , বৰ্তমানৰ বিটিআৰ এলেকাত থকা বিএচিত বড়োভাষীক জাতীয়তাবাদী দল পিটিচিৰ উত্থান হৈছিল । কিন্তু অগপৰ বিপুল জনসমৰ্থনৰ ছবি খন কিমান আচল আছিল ? সেই সময়তে কংগ্ৰেছে জয়ী হৈছিল ২৫ টা সমষ্টিত আৰু ইউনাইটেদ মাইন’ৰিটি ফ্ৰন্ট ( ইউএম এফ) ৰ ১৭ জন প্ৰাৰ্থী ব্ৰহ্মপুত্ৰ উপত্যকাত জয়ী হৈছিল । একেদৰে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছে ১৯৯১ চনত চৰকাৰ গঠন কৰাৰ সময়তো অগপ , অগপৰ বিদ্ৰোহী গোট নঅগপ , আৰু বিজেপি দলৰ প্ৰাৰ্থী জয়ী হৈছিল ৩৪ টা সমষ্টিত । আনহাতে কাৰ্বি আংলং , বড়ো এটোনমাচ কাউন্সিলত প্ৰায় ১৫ জন প্ৰাৰ্থীয়ে পিটিচি , এ এচদিচিৰ পৰা জয়ী হৈছিল ।২০০১ চনৰ পৰা ২০১৬ চনৈ একেৰাহে ১৫ বছৰ কংগ্ৰেছ ক্ষমতাত থকাৰ অংক আছিল আন দলৰ মাজত ভোট
বিভাজন ।  আলি আৰু কুলিৰ ভোটৰে কংগ্ৰেছে চৰকাৰ গঠন কৰা সমীকৰণক অসমৰ বিৰোধী নেতা সকলে উপলব্ধি কৰা নাছিল আৰু একাংশই উপলব্ধি কৰিছিল যদিও ব্যক্তিগত স্বাৰ্থ পুৰণৰ বাবে কংগ্ৰেছৰ সমীকৰণক সাৰপানী যোগান ধৰি আছিল । কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠনে  বাস্তৱ উপলব্ধি কৰিব নোৱাৰা  অসমৰ কংগ্ৰেছ বিৰোধী সমাজখনক একলগ হবলৈ সুবিধা দিয়ে । সমান্তৰাল ভাবে আলি -কুলিৰ ফৰ্মুলাৰে দুটা দশকৰ অধিক কাল কংগ্ৰেছ দল কৰা হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগ দি বিজেপিৰ সুপ্ত প্ৰতিভাৰ নেতা সকলক বাস্তৱ ৰাজনীতিত ভৰি দিবলৈ পথ প্ৰদৰ্শণ কৰায় । বিজেপিৰ কাৰণে প্ৰথম টাৰ্গেট আছিল চাহ জনগোষ্ঠী সমাজ । হিমন্ত বিশ্ব শৰ্মা বিজেপিত অহাৰ আগতেই চাহ জনগোষ্ঠী সমাজে বিজেপিক সমৰ্থক দিয়া আৰম্ভ কৰিছিল । কামাখ্যা তাচা , ৰামেশ্বৰ টেলীৰ দৰে নেতাৰ জন্ম আছিল বিজেপিৰ বহু দিনীয়া পৰিকল্পনাৰ অংশবিশেষ । আলি সমাজ বুলি কওতে মুছলমান সমাজক বুজাইছিল আৰু কুলিৰ ভোট বুলি কওতে চাহ জনগোষ্ঠী সমাজক বুজাইছিল । জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটিত সভাপতি পদ লাভ কৰা প্ৰথমজন অসমীয়া কংগ্ৰেছী নেতা তথা অসমৰ প্ৰাক্তণ শিক্ষামন্ত্ৰী , বিধান সভাৰ অধ্যক্ষ , প্ৰাক্তণ কেন্দ্ৰীয় মন্ত্ৰী দেৱকান্ত বৰুৱাই আজিৰ পৰা ৫ টা দশক আগতেই ঘোষণা কৰিছিল যে আলি -কুলিৰ ভোট হ’লেই আনবোৰৰ ভোট প্ৰয়োজন নাই । কংগ্ৰেছৰ বেহুৰ পৰা চাহ জনগোষ্ঠী মুক্ত হ’ল বিজেপিৰ ছত্ৰছাঁয়াত আনহাতে মুছলমান ভোটাৰে বিকল্প পথ হিচাপে কংগ্ৰেছক ব্যৱহাৰ কৰি থকাৰ পৰা লাহে লাহে আতৰি আহিব ধৰিছে ।এই ক্ষেত্ৰত জনসংখ্যা বৃদ্ধি হৈছে প্ৰধান কাৰণ । লাহে লাহে বদৰুদ্দিন আজমল শক্তিশালী হৈ আহিছে অসমৰ ৰাজনীতিত আৰু কংগ্ৰেছৰ মুছলামন নেতাসকলেও আজমলৰ বিপক্ষে ভাষণ দিয়াৰ পৰা বিৰত থাকিব লগিয়া হৈছে । কাৰণ পুৰ্ব বংগীয় সমাজে বদৰুদ্দিন আজমলৰ এআই ইউদিএফ দলৰ বিৰুদ্ধাচৰণ কৰা নেতাক কোনোপধ্যেই মানি নলয় । যাৰ ফলশ্ৰুতিত ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ লগত মুক্ত মিত্ৰতা কৰিবলৈ বাধ্য হ’ল । এইবাৰৰ নিৰ্বাচনত এআই ইউদিএফ কণিষ্ঠ সহযোগী আছিল যদিও অচিৰেই সমীকৰণ সলনি হব । জম্মু-কাশ্মীৰত প্ৰথম অৱস্থাত কংগ্ৰেছ মুখ্য ৰাজনৈতিক দল আছিল । আৰু কালক্ৰমত হিন্দু প্ৰধান জম্মু আৰু লাডাখত বিজেপি শক্তিশালী হয় আৰু মুছলমান প্ৰধান কাশ্মীৰ উপত্যকাত ফাৰুক আব্দুল্লাৰ নেচনেল কনফাৰেঞ্চ আৰু মুফটি পৰিয়ালৰ পিদিপি দল শক্তিশালী হ’ল । কংগ্ৰছৰ নেতা আৰু ৰাজ্যৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী গুলাম নবি আজাদে বছৰবছৰ ধৰি আন ৰাজ্যৰ পৰা ৰাজ্যসভাৰ টিকটত নিজৰ ৰাজনীতি কৰি থাকিবলৈ বাধ্য হ’ল । বিজেপিয়ে অসমত ৰাজনৈতিক ভাবে প্ৰাসংগিক হৈ থাকিবলৈ একমাত্ৰ উন্নয়নকেই পথ হিচাপে ল’লে ঠগ খাব । উন্নয়ণৰ সমান্তৰাল ভাবে অসমত বাস কৰা প্ৰতিটো ভাৰতীয় জনগোষ্ঠীৰ মাজত আত্মীয়তা গঢ়ি উঠাত মুখ্য গুৰুত্ব প্ৰদান কৰিব লাগিব ।
এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব ভৱিষ্যত বুৰঞ্জীৰ । হাগ্ৰামা মহিলাৰী নেতৃত্বৰ বিপিএফ , প্ৰমোদ বড়ো নেতৃত্বৰ ইউপিপিএল , হীৰা শৰণীয়া নেতৃত্বৰ গণ মৰ্চা সকলোৱে এখন ৰাষ্ট্ৰবাদী মঞ্চত অৱস্থান লবলৈ বাধ্য । কাৰণ এই তিনিওটা দলেই পুৰ্ব বংগীয় ভোটাৰৰ একচেতীয়া ভোট পৃথক পৃথক সময়ত লাভ কৰিছে । ২০১৪ লোকসভা নিৰ্বাচনত হীৰা শৰণীয়াৰ জয়ৰ মুখ্য হোটা আছিল পুৰ্ব বংগীয় ভোটাৰ । যাৰ ফলত তেওঁ ৩ লাখৰ অধিক ভোটত জয়ী হৈছিল । হীৰা শৰণীয়াই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কঠোৰ স্থিতি নোলোৱা বাবে  বদৰুদ্দিন আজমলে ইউপিপিএলক সমৰ্থন দিলে । লগে লগে হীৰা শৰণীয়াৰ ভোটৰ মাৰ্জিন ৫০ হাজাৰলৈ কমি গ’ল আৰু কথমপি জয়ী হ’ল ২০১৯ ৰ লোকসভা নিৰ্বাচনত । ২০২১ ৰ নিৰ্বাচনত বিপিএফে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰাৰ লগে লগে আজমলে বিপিএফক সমৰ্থন দিলে । তিনিটা সময়ত তিনিটা দলৰ কাষত পুৰ্ব বংগীয় সমাজ থিয় হৈছে । কিন্তু বিৰোধী দল এটাই ___বিজেপি । বিটিচিৰ পুৰ্ব বংগীয় সমাজে যিদৰে তিনিটা দলক তিনিটা পৃথক সময়ত সমৰ্থন দিছে , সেই একেদৰে বিটিচিৰ বাহিৰত তেওঁলোকৰ জনবসতি প্ৰধান সমষ্টিত এআইইউদিএফক সমৰ্থন দিছে ,আন্যহাতে যিবিলাক সমষ্টিত তেওঁলোক সংখ্যা গৰিষ্ঠ নহয় সেই সমুহ সমষ্টিত কংগ্ৰেছক সমৰ্থন দিছে । পুৰ্ব বংগীয় ভোটাৰৰ তুলনাত আন ভোটাৰ জনগোষ্ঠী সমুহ ৰাজনৈতিক ভাবে বিচক্ষণ নহয় । কাৰণ বটদ্ৰবা , থাওৰা , সৰভোগ , ভবানীপুৰ আদি সমষ্টিৰ পৰা কংগ্ৰেছ আৰু এআইইউদিএফৰ টিকটত খিলঞ্জীয়া প্ৰাৰ্থী জয়ী হৈছে । হীৰা শৰণীয়াই প্ৰমোদ বড়োৰ লগত কৰা মিত্ৰতা যিদৰে যুগান্তকাৰী বিবেচিত হ’ব সেই একেদৰে বিপিএফ দল পুনৰ বিজেপিৰ লগত আহি বিটিচি তথা অসমক সুৰক্ষিত কৰাৰ স্বাৰ্থত কাম কৰিব লাগিব । ৰূপজ্যোতি কুৰ্মী যদিও এজন শালীনতাহীন কংগ্ৰেছ নেতা তথাপি খিলঞ্জীয়া ভোটাৰে জয়ী কৰোৱা এজন বিধায়ক তেওঁ । ৰূপজ্যোতি কুৰ্মী , হাগ্ৰামা মহিলাৰী , হীৰা শৰণীয়া , প্ৰমোদ বড়ো , ভুবন পেগুৰ দৰে জনগোষ্ঠীয় নেতা সকল বিজেপিৰ ওচৰ চাপিছে । যিকাৰণতেই নহওক এই সকল ব্যক্তিয়ে এসময়ত অস্পৃশ্য বুলি প্ৰচাৰ কৰা  বিজেপি দলৰ লগ লাগিছে । এই সময়ছোৱাত বিজেপিৰ কাৰণে কাম কি ? বড়ো সমাজখন , অসমীয়া ভাষী বৰ্ণ হিন্দু সমাজখন , ৰাভা সমাজখন , ৰাজবংশী সমাজখন , বঙালী ভাষী সমাজখন, , তথাকথিত হিন্দী ভাষী সমাজ , কাৰ্বি, ডিমাচা , নেপালী আদি বিভিন্ন সমাজৰ মাজত সামাজিক আত্মীয়তা গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগিব বিজেপিয়ে । ৰাজনৈতিক ক্ষেত্ৰখনত অসমৰ ক্ষুদ্ৰ , ক্ষুদ্ৰ জাতি-জনগোষ্ঠী সমুহে বিজেপি দলৰ ছাতিৰ তলত এখন মঞ্চত অৱস্থান স্থায়ী হ’বলৈ আগন্তুক সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতাই গুৰু দায়িত্ব পালন কৰিব লাগিব ।
এফালে হিন্দুত্বৰ আদৰ্শক  প্ৰতিটো সময়ত মনত পেলাই প্ৰতিটো জনগোষ্ঠীক হিন্দুত্বৰ ছত্ৰছায়াৰে উচিত মৰ্য্যদা দিব লাগিব আৰু প্ৰতিটো জনগোষ্ঠীৰ মাজত আত্মীয়তা গঢ়ি অৰাজনৈতিক ভাবে মিত্ৰতাৰ পৰিবেশ তৈয়াৰ কৰিব পাৰিব লাগিব ।  বংগ ভংগ আন্দোলনৰ পৰা আৰম্ভ হোৱা দ্বিজাতি ত্বত্তৰ সফল সমাপ্তি কৰা মুছলীম লীগে চকু মেল খুওৱা স্বত্তেও ভাৰতৰ ৰাজনেতা তথা ইতিহাসবিদ সকলে যোৱা সত্তৰ বছৰে ভাৰতীয় সকলৰ বাবে এক পৰিচয় উদ্ভাৱন কৰিব নোৱাৰিলে । আগন্তুক দিনত অকল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষতেই দ্বীজাতি ত্বত্তই এক সংহাৰী ৰূপ লোৱাৰ পুৰ্ণ সম্ভাৱণা আছে । কাৰণ নাগৰিক হিচাপে একাংশ ভাৰতীয়ই যদি ঔৰংজেৱক আক্ৰমণকাৰী বুলি কব বিচাৰে , একেসময়ত আন একাংশৰ বাবে ঔৰংগজেৱক এজন ইচলাম প্ৰচাৰক হিচাপে সন্মান কৰে । নালন্দা ধ্বংস কৰা খিলজি , বিন কাচিম যদি কাৰোৱাৰ কাৰণে খলনায়ক আৰু আন কাৰোবাৰ বাবে নায়ক । নিজৰ মুখৰ ভাষাৰ পৰিচয় ( গুজৰাটী , বঙালি, পঞ্জাবী , মৰাঠী , অসমীয়া ইত্যাদি ) ক প্ৰথম স্থান দিয়া হিন্দু সকলেই বিচাৰে যে মুছলমান এজনে নিজৰ পৰিচয় ধৰ্মৰে দিয়া অনুচিত ।  এটা গ্ৰেণ্ড নেৰেটিভ সুত্ৰ তৈয়াৰ কৰিব নোৱাৰা ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক স্থিতি লক্ষনীয় হ’ব যেতিয়া জনসংখ্যাৰ অনুপাত সমান সমান হ’ব ।