মই অক্ষয় কুমাৰক কৈছিলো ‘I thank you on behalf of entire Assam’ _ বৰ্ণালী দেউৰী

1918

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত গায়িকা বৰ্ণালী দেউৰী

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ সাৰথি দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসমঃ আপোনাক কপিল শৰ্মা শ্বো’ত গোটেই ভাৰতবৰ্ষই দেখিছে। আপোনাৰ পৰিচয়তো  অলপ বহলাই ক’ব নেকি?
বৰ্ণালী দেউৰীঃ মোৰ Biodata দিঘলীয়া। যোৰহাটত স্কুলিং কৰি , জে.বি কলেজৰ পৰা আহি গুৱাহাটী পালো। এয়াৰ হোষ্টেছৰ এবছৰীয়া কোৰ্ছ কৰিলো। তাৰ পিছত এয়াৰ হোষ্টেছৰ চাকৰি পাই ২০০৭ ত মুম্বাই গুছি গৈছিলো। তেতিয়াৰ পৰাই মই মুম্বাইত আছো।  মুম্বাইত মই ইভেন্ট মেনেজমেন্টৰ ক’ৰ্ছো কৰিলো। পিছত এয়াৰ হ’ষ্টেছৰ চাকৰি বাদ দি প্ৰডাক্টছন হাউছবিলাকত কাম কৰিবলৈ লওঁ  । গানত সৰুৰে পৰা ৰাপ আছে। বৰ্তমান মই এগৰাকী professional singer.
ৰাজনীতি অসমঃ কোন কেইটা প্ৰডাকছন হাউছৰ লগত কাম কৰাৰ অভিজ্ঞতা আছে?
বৰ্ণালী দেউৰীঃ চা.ৰে.গা.মা.পা, দি আই দি লিটিল চেম্পছ, জি চিনে এৱাৰ্ডছ আদিৰ ক্ৰিয়েটিভ টিমৰ হৈ কাম কৰিছিলো। তাৰ মাজে সংগীতৰ সাধনা চলি আছিল। মই বলিউদ চিনেমাত গান গোৱাৰ সুযোগ পাইছিলো। গো গোৱা গন চিনেমাৰ বাবাজী কি বুটিত মই কন্ঠদান কৰিছিলো।
ৰাজনীতি অসমঃ আপুনি বলিউদত গান গোৱা খবৰটো অসমত প্ৰচাৰ হোৱা নাই তাৰ কাৰণটো কি বুলি ভাবে?
বৰ্ণালী দেউৰীঃ ইয়াৰ কাৰণটো হ’ল যে মই সংগীতক চিৰিয়াছলি লোৱাই নাছিলো। গাব মাতিলে বাবে গাই দিলো, বছ ইমানেই। সদ্যহতে মই অসমীয়া ভাষাৰ এলবাম, দেউৰী এলবামটো কন্ঠদান কৰিছো। মোৰ ইউ টিউব চেনেলত মই গোৱা গাণ কিছুমান শুনিব পাৰিব। মই গোৱা জুবিন দাৰ দুৰে দুৰে গাণটো ৰাইজে খুব ভাল পাইছে।
ৰাজনীতি অসমঃ অসমৰ বানপানীৰ সমস্যাৰ কথা আপুনি ভাৰতৰ সকলোতকৈ জনপ্ৰিয় কপিল শৰ্মা শ্বোত কৈছে?আপুনি অক্ষয় কুমাৰক ২ কৌটি টকা দিয়া বাবে ধন্যবাদ জনাইছে। এই আইদিয়া টো অপোনাৰ মনলৈ কেনেকৈ আহিল?
বৰ্ণালী দেউৰীঃ মই নিজে সৰুতে বহু বাৰ বানপানী দেখিছো। মই মিচিং গাওঁত ডাঙৰ হোৱা। সেই গাওঁখন ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষত আছিল। বানপানীত মই নিজে ভেল চলাই আইতাহতৰ গাওঁলৈ গৈছিলো। এই বছৰৰ বানপানীৰ সময়ত মই অসমতে আছিলো। মানুহৰ দুখ দুৰ্দশা টিভিত দেখি খুব বেয়‍া লাগিছিল। মোৰ বন্ধু কেইজনমানে চোনী টিভিত কাম কৰে। সিহতৰ পৰা গম পালো যে পৰবৰ্তী এপিচোডত কপিল শৰ্মা showত অক্ষয় কুমাৰ আহিব। তেতিয়া মই ভাবিলো মই showত যাম। অক্ষয় কুমাৰে আমাৰ অসমৰ বানপানীৰ বাবে যি সাহায্য দিছে তাৰ বাবে নিজৰ তথা অসমৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাম। মোৰ চোনী টিভিত কাম কৰা বন্ধুকেইজনৰ সহায়ত মই showত নিমন্ত্ৰণ পালো।
ৰাজনীতি অসমঃ কপিল শৰ্মাৰ showত ৰেফাৰেন্সৰ বাহিৰে যোগদান কৰাৰ আন উপায় নাই নেকি?
বৰ্ণালী দেউৰীঃ  কপিল শৰ্মা showৰ অফিছিয়েল ইনছটাগ্ৰাম বা ইমেইলত যোগাযোগ কৰিলে অংশ লোৱাৰ সুযোগ পাব পাৰে।
ৰাজনীতি অসমঃ কপিল শৰ্মাৰ show টিভিত প্ৰায় ১ ঘন্টা ১৫ মিনিটৰ বাবে telecast হয়। আচল শ্বুটিংত কিমান সময় লাগে?
বৰ্ণালী দেউৰীঃ অক্ষয় কুমাৰ অহাৰ দিনা প্ৰায় তিনি ঘন্টা চলিছিল।
ৰাজনীতি অসমঃ কপিল শৰ্মা showত প্ৰশ্নকৰ্তা বিলাক আগৰ পৰাই ঠিক হৈ থাকে নেকি?
বৰ্ণালী দেউৰীঃ  হয় ঠিক হৈ থাকে, নহ’লে উপায় নাই। কাৰণ ইমান ডাঙৰ show এটাত ইমান ডাঙৰ অভিনেতাক ঘপককৈ যিকোনো প্ৰশ্ন সুধিলে অসুবিধা হ’ব। মোৰ প্ৰশ্নটো তেওঁলোকৰ খুব ভাল লাগিছিল আৰু মোক আগতীয়াকৈ অনুমতি দিছিল।
ৰাজনীতি অসমঃ অক্ষয় কুমাৰ বা কপিল শৰ্মাই আপোনাক অফলাইন কিবা কৈছিল নেকি ?
বৰ্ণালী দেউৰীঃ মোৰ কথাখিনি সিমান এডিটিং কৰা নাই। আপোনালোকে হয়তো দেখিছিল মোক চিছকা এল.ই.দি গিফ্ট দিয়াটো আৰু তাৰ পিছত ষ্টেজত গান গোৱাটো। মই অক্ষয় কুমাৰক কৈছিলো “I thank you on behalf of entire Assam”.
ৰাজনীতি অসমঃ  অসমৰ বানপানী সম্পৰ্কে মুম্বাইত ধাৰণা কি?
বৰ্ণালী দেউৰীঃ সকলোৱে দুখ কৰে। এনেকুৱা হ’ব নালাগে।
ৰাজনীতি অসমঃ ইয়াৰ বাবে কাক দায়ী বুলি ভাবে।
বৰ্ণালী দেউৰীঃ চৰকাৰে এই সমস্যা সমাধানত অধিক মনোযোগ দিব লাগে। মথ‍াউৰি বিলাক ভালকৈ পৰিদৰ্শন কৰি মেৰামতিৰ ব্যবস্হা  কৰিব লাগে। কাজিৰঙাখনো প্ৰত্যেক বছৰে বানপানীত ডুব যায়।
ৰাজনীতি অসমঃ আপোনাক ধন্যবাদ জনাইছো। আপোনাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছো।
বৰ্ণালী দেউৰীঃ ধন্যবাদ